পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৭৭ ]

 

আনিবলৈ তেওঁবিলাকে পাহৰি আহিল। ইন্দ্ৰে তেওঁবিলাকক বহুত খং কৰি, সেই তিনিওটা বস্তু লঙ্গোৰ হাতত দি পঠালে। লঙ্গোৱে ইন্দ্ৰৰ খঙ্গৰ কথা কৈ কলে, “কাইচেংমুঙ্গক মাৰি তাৰ মঙ্গহখিনি খাব, ঠেঙ্গেৰে মঙ্গল চাব, পাখি পিন্ধিব; মুৰটো আরু ডেউকা দুখন তই খাবি। আরু সিহঁতে যে ইমানতে পাহৰি এৰি গল, সেই বাবে হেংদানখন তোক দিছোঁ। তই যে খেহ দেশখন খুজি আহিছ, সি বৰ দেশ, তেহে তাক বশ কৰিব পাৰিবি।” এই কথা সত্য মানি, খুনলুঙ্গে হেংদান লঙ্গোক দিলে; আৰু কাইচেংমুঙ্গকো মাৰি লঙ্গোৱে কোৱা দৰেই কাম কৰিলে। তেওঁ তাৰ ঠেঙ্গেৰে মঙ্গল চালে। প্ৰথম মঙ্গলত, তেওঁৰ ফালে খোজ কঢ়া, আরু লোকৰ ফালে আল-বঢ়োৱা দেখা গল; দ্বিতীয় মঙ্গলত, তেওঁৰ ফালে সেন আরু লোকৰ ফালে চৰাই হল; তৃতীয় মঙ্গলত পোৱা গল যে, তেওঁ ৰজা হৈ বহি খাব আরু হাতীত উঠি ফুৰিব—লা লিগিৰীৰে ঘৰ ভৰা হব।

 ইয়াকে দেখি খুনলুঙ্গে, আটাইকে বশ কৰিব পাৰিম হেন বুলি, সেই মুংৰিমুংৰামতে নগৰ কৰিবলৈ দুই মন্ত্ৰীক আজ্ঞা কৰিলে। নগৰত আয়ুবৰ বাটবৰ কৰি, খুনলুঙ্গে ঘোষণা কৰি দিলে যে, তেওঁ ৰজা, আরু খুনলাই যুৱৰাজ হল। খুনলায়ে এগছ সোণৰ গুণ কৰালে, আরু কোনেও নজনাকৈ আয়ুবৰৰ শিপাতে পাঁচ মেৰ মেৰালে। পাচে তেওঁ ৰাজপদৰ আৰি কৰি কলে, “আয়ুবৰৰ শিপাত যদি তুমি দিয়া কিবা চিন আছে, তেহে তুমি মূলৰ ৰজা, নতুবা তুমি দুৱলীয়া হে। “খুন্‌লুঙ্গে ভায়েকক সংশয় নকৰি, আৰু মিছা কথাও কব নোৱাৰি কলে