কুলিয়ে কণি উমাই নিজে পোৱালি নজগায়। তাই আন আন চৰাইৰ বাহ, লুকাই কণি পাৰি থয় গৈ। কাউৰীৰ বাহত কুলিয়ে কণি পাৰে বুলি, আমাৰ দেশৰ আটায়ে জানে। যদি কুলিয়ে বাহত আন কণি দেখে, তেনেহলে তাক কুলিয়ে পাৰিছে বুলি ভাব কৰে। সি যেনে হওক, বাহত কুলিৰ পোৱালিক অকলে থকা দেখা যায়; তোলনীয়া মাকে তাক বৰ যত্নেৰে পোহপাল দিয়ে। ডাক্তৰ জেন্নাৰ* চাহাবে এই দৰে কৈছে :—
দেখা গৈছে, যিবিলাক সরু সরু চৰাইৰ বাহত কুলিয়ে কণ পাৰে, তাহাঁতে পাৰোঁতে তিন দিন কি চাৰি দিন কৰে, আৰু যেতিয়া তিনটা কি চাইটা কণি পাৰে, তেনে সমযতে, কুলিয়ে তাইৰ অভিপ্ৰায় সাধে। প্ৰায় কুলিৰ পোৱালি আগে জগে, বাকি কণিবিলাক আরু, থাকিলে, পোৱালিকো বাহৰপৰা গুচাই দিয়া যায়। আচৰিত কথা, এইটো কাম নকৈ জগা পোৱালিটেই কৰে; জগাৰ পাচ দিনাই সি এনে কাম কৰিব পৰা বলী হয়। তেতিয়া সি বুঢ়া বুঢ়ীয়ে আনি দিয়া টোপ অকলৈ খাবলৈ পায়। তেওঁ আরু কয় :—
কুলিৰ এনেকুৱা আচৰিত ব্যৱহাৰৰ অৰ্থ কি? তাৰ কাৰণ এনেকুৱা হব নোৱাৰে নে? কুলিয়ে কম দিন মাথোন আমাৰ ইয়াত থাকিবলৈ পায়, আরু সেই কালৰ ভিতৰতে, প্ৰাকৃতিক আদেশ মতে, পৰিয়াল ডাঙ্গৰ কৰিব লাগে। কুলিৰ অহাৰ