পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩০ ]

ৰাজঘৰ মৰিশালি হব, ঐশ্বৰ্য্যসুখ বিহৰ ভঁড়াল হব, মণিময় কণ্ঠহাৰ কাঁইটীয়া লতা হব। আপোনাৰ লগত থাকিলে, অৰণ্যবাস মোৰ স্বৰ্গভোগ হব-গছৰ ছালৰ ৰিহামেখেলা, অপ্সৰাৰ সাজ হব, গছৰ গুটি দেৱফল হব, দৰিদ্ৰ পজাঁ ইন্দ্ৰৰ অট্টালিকা হব। বনত ফুৰোঁতে ফুৰোঁতে আপুনি যেতিয়া ভাগৰিব, এই দাসী ওচৰত থাকিলে আপোতাৰ ভাগৰ বহুত পাতল হব।” ৰামে কলে, “যদি বনলৈ নগৈ নেথাকাঁই, তেনে হলে ওলোৱাঁ, বেলি কৰাৰ প্ৰয়োজন নাই।” তেনে সময়তে লক্ষ্মণ আহিল। ৰামে সকলো বৃত্তান্ত কৈ, বনলৈ যাবলৈ তেওঁৰ বিদায় খুজিলে; কিন্তু লক্ষ্মণেও বনমাত্ৰা কৰিবলৈ স্থিৰ কৰিলে। ৰামে তেওঁক ক্ষান্ত কৰিবলৈ কত বুজালে, কিন্তু তেওঁ এক কথাতে ৰল।

 ৰামে লক্ষ্মণক কলে, “ভাই! বলা, মাতৃদেবীৰপৰা বিদায় লৈ আহোঁ।” এই বুলি কৈ, ৰামে লক্ষণক লগত লৈ কৌশ- ল্যাৰ ওচৰলৈ গল। দেখা মাত্ৰে, আনন্দত কৌশল্যাৰ গা জুৰ পৰিল, আৰু তেওঁ ৰামৰ মুখত ঘনে ঘনে চুমা খাই কবলৈ ধৰিলে, “বোপা! মহাৰাজে আজি তোমাক সিংহাসন দিব। এতিয়া ৰঘুকুলৰ দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যেন নিৰ্বিঘ্নে ৰাজ্যলক্ষ্মীউপভোগ কৰি প্ৰজাপালন-ধৰ্ম্ম ৰক্ষা কৰাঁ।”

 ৰামে আদ্যোপান্ত ঘটনাৰ বৰ্ণনা কৰিলে। হায়! স্নিগ্ধ আনন্দত, তীব্ৰ শোক! অমৃতৰ হৃদয়ত বিষৰ জঞ্জলি! কৌশল্যা বতাহত পৰা গছৰ নিচিনাকৈ মাটিত পৰি মূৰ্চ্ছা গল। অলপ বেলিৰ পাচত জ্ঞান পাই, ৰামক বনযাত্ৰাৰ