পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মোৰ পৰিত্ৰাণ কৰিব, তাক প্ৰতাপী ৰজা কৰিম, আৰু প্ৰতি দিনে তাৰ ইচ্ছানুযায়ী তিনটা বৰ দিম; কিন্তু সেই বাৰো মোৰ বন্ধন নুগুচিল। তাৰ পাচত মোৰ খং উঠি এই প্ৰতিজ্ঞা কৰিলোঁ, এতিয়াৰপৰা যি মোক মোকোলাব, মই তৎক্ষণাৎ তাৰ প্ৰাণসংহাৰ কৰিম। মই দয়া-প্ৰকাশ নকৰোঁ, কেৱল তাক কেনেকুৱা মৰণ লাগে, সেইটো সি বাছি লব পাৰিব। তই তৃতীয় শতাব্দী অতীত হোৱাৰ পাচে মোৰ বন্দীভাৱ মুক্ত কৰিলি; সেই বাবে এতিয়া মই তোৰ প্ৰাণ-হন্তাৰক হম।” জালোৱায়ে বিস্তৰ কাকৃতি কৰিলে আরু কলে, উপকাৰৰ পুৰস্কাৰ কেতিয়াও অপকাৰ নহয়। দৈত্যে কলে, “তই হেজাৰৰ যুক্তি দেখা, মোৰ প্ৰতিজ্ঞা অটল”। টানত বুদ্ধি ওলায়। জালোৱায়ে কলে, “তোমাৰ আকাৰ ইমান ডাঙ্গৰ; তুমি যে এনে এটি সৰু পাত্ৰত আবদ্ধ আছিলা, সম্ভৱ নহয়। মই এই কথাত কোনোমতে বিশ্বাস কৰিব নোৱাৰোঁ। তুমি যদি পুনৰায় ইয়াত সোমাই দেখুওৱাঁ, তেতিয়া হে মোৰ প্ৰত্যয় হব”। দৈত্যটো তৎক্ষণাৎ ভাগি গৈ ধোৱাঁময় হল, আৰু পাত্ৰটোৰ ভিতৰত একণো বাকি নথকাকৈ সোমাল। তেতিয়া জালোৱায়ে, মনত ৰঙ্গেৰে, পূৰ্ব্বৰ ঢাকনীৰে মুখ আবৃত কৰি পাত্ৰটো নৈত দলিয়াই পেলালে।

পৃথিবীৰ আকাৰ।

তুমি ভাবিব পাৰাঁ যে পৃথিবীখন চেপেটা, আরু সকলো বাধা-অতিক্ৰম কৰি, যদি কোনোৱে গৈ থাকিব পাৰিলে-