পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৮ ]
 

পৰা কুৰিটালৈকে কণি পাৰে; কিন্তু, সচৰাচৰ, তিনি জনী বা চাৰি জনী চৰায়ে একে লগে কণি পাৰে, আৰু কণিৰ সংখ্যা সত্তৰি বা আশী হয়। এজনী চৰায়ে, সুচলমতে ষোলটাতকৈ সৰহ কণিত উম দিব নোৱাৰে; বাকিবিলাক একাষত পৰি থাকি নষ্ট হয়৷

 উট চৰায়ে চৌৱাল্লিছ দিনত পোৱালি জগায়। যেতিয়া জগে, সিহঁতক চৰাই-বাৰীৰপৰা পুহিবলৈ ঘৰলৈ অনা হয়, আরু বনৰীয়া জন্তুৱে অপকাৰ কৰিব নোৱৰা ঠাইত, ৰাতি ঘৰ সাজি ৰখা হয়।

 পোৱালি-জগা সময়ত, মটা চৰাইটো বৰ খঙ্গাল আৰু অসভ্য হয়। ৰাতিয়ে দিনে, তাৰ ৰণমতা মাত শুনিবলৈ পোৱা যায়। ফেঁটী সাপৰ নিচিনাকৈ ডিঙ্গিটো ওফোন্দাই, সি তিনটা বৰ টান চিঞৰ মাৰে। প্ৰথম দটা চুটি, তৃতীয়টো বৰ দীঘলীয়া৷ সিংহ-ব্যাধে কয় যে, উট চৰাই আৰু পশুৰাজ সিংহৰ মাত প্ৰায় একে। প্ৰকৃত অসভ্য, পোৱালি লগা চৰাইৰ আক্ৰমণ বৰ বিপদজনক, কিন্তু পুৰণি-খেলীয়া চিকাৰীয়ে তেনে ঘটনাত ৰং হে পায়।

 সাধাৰণতঃ, উট চৰায়ে দেড়কুৰি হাত দূৰৈৰপৰা আক্ৰমণ কৰে। সি তাৰ চকু জুইকুৰাৰ নিচিনা ৰক্ষা কৰি, ভয়ঙ্কৰ মুৰ্ত্তি ধৰি, খেদি আহে। সি দহ ফুটমান ওখ হৈ, পাখি দুখন মেলি দিয়ে, আরু ফেঁটী সাপৰ দৰে ফোচ্-ফোচ্ কৰি চাৰি পাঁচ খোঁট মাৰে। কিন্তু চিকাৰীয়ে দোখোজ বা এখোজ হুহঁকি আহি, চাঙ্গিনেৰে তাক আঁতৰাই ধৰি থাকে, আরু পাচে চল চাই মাৰি পেলায়।