সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭]

এলাগী বুলি কয়। কিন্তু তাৰ ঠেং অসুন্দৰ হলেও অৱস্থাৰ উপযোগী। মৈৰাৰ বলৰ বিষয়ে, এটা আচৰিত গল্প আছে। এটা সুশ্ৰী, ভৰ-বয়সৰ মৈৰা, পথাৰত এটা খেৰৰ মেজিৰ ওপৰত আহি পৰিল। মেজিৰ গিৰিহঁতে, তাক খেদাই দিবলৈ তাৰ সরু পুতেকটোক পঠিয়ালে। সি আহি মৈৰাৰ ঠেংটোত ধৰি ললে। মৈৰাই তৎক্ষণাৎ, লৰাটোক লৈ পাখি মেলি উড়া মাৰি অনেক দূৰত পৰিল গৈ। লৰাটোৱে একো দুখো নেপালে, ভয়ো নেখালে।

⸻⸺


লৰালৈ উপদেশ।

যেতিয়া তেতিয়া তুমি হবা সঁচলীয়া
সচাৰ সমান ভাল একো নাইকিয়া।
 মিছা কথা অসঞ্জাতী;
 নুফুৰিবা মিছা মাতি।
তেনেহলে চিৰকাল থাকিবা সুখীয়া।

পিতৃৰ মাতৃৰ কথা পালিবা সদাই।
নহবা অভাৰি, হাক-বচন পেলাই।
 তেওঁলোকে চিন্তে নিত,
 কেৱল তোমাৰ হিত।
কৰিবা যিহকে কয়, নুসুধি দুনাই।