পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬৭ ]
 

চেষ্টা কৰিলে, কিন্তু দুয়াে পৰান্ত হল। এই কাম তেনেকুৱা পৰাক্ৰমী ৰজাৰ সাধ্যাতীত হােৱা দেখি,আন আন বীৰবিলাকে ধেনু চুবলৈয়ে সাহ নকৰিলে, জানোচা তেওঁবিলাককো মানুহে হৈ দিয়ে।

 এতে বেলি, পাণ্ডৱবিলাকে ব্রাহ্মণমণ্ডলীৰ মাজত থিয় দি অছিল। অৰ্জ্জুনে সিহঁতৰ মাজৰপৰা ওলাই আগ বাঢ়িল, আরু গৈ ধেনুখন তুলি ললে। সয়ম্বৰত জয়লাভ কৰিবৰ নিমিত্তে এটা বামুণক চেষ্টিত হোৱা দেখি, সভাৰ সকলােৱে আশ্চর্য্য হৈ কোঢাল কৰিবলৈ ধৰিলে। কোনো কোনােৱে অৰ্জ্জুনক উপহাস কৰি কলে.—সকলো বৰ বৰ ৰজাই যাক কৰিব নােৱাৰিলে, এনে এটা মহৎ কাম এটা বামুণ কৰিব নে?” কোনোৱে বা চিঞৰি কলে:–“বামুণে যদি তাৰ শক্তি আরু কাৰ্য্যদক্ষতা নেজানিলেহেঁতেন, সি চেষ্টা নকৰিলেহেতেন।” যিবিলাক প্রকৃত বামুণ অছিল, সকলােৰে মনত ভয় হল, জানোচা এই কাৰ্য্যৰ দ্বাৰা ৰজাবিলাক অসন্তুষ্ট হয়, কাৰণ তেতিয়া সিহঁতে দান-দক্ষিণাৰ পৰা বঞ্চিত হব পাৰে। সিহঁতে অর্জ্জুনক থাকিবলৈ কাকূতি কৰিলে; কিন্তু তেওঁ নিন্দাবাদ বা শলাগ-কথা একোলৈ কাণ নিদিছিল। অৰ্জ্জুনে দ্রোণগুৰুক স্মৰণ কৰিলে, আরু তেতিয়া ধেনুখন ভিৰালে, তাত জৰী লগালে, আরু ডােলত কাঁড় খুৱাই, চক্ৰৰ মাজে দি কাঁড এৰি দিলে, আরু সােণালি মাছৰ চকু বিন্ধিলে। তেতিযা, দূৰৈৰ বজ্ৰৰ ঠনঠনি আরু ঘন ঘন শব্দৰ নিচিনাকৈ, সেই দুজ্জয় সভাৰপৰা জয়ধ্বনি হল; বামুণবিলাকে আনন্দত উত্ৰাৱল হৈ উত্তৰীয়-কাপোৰ জোকাৰিবলৈ ধৰিলে; ঢাক-