পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৬৮ ]

ঢোলৰ আনন্দ-বাজনাৰে আকাশ পুৰ্ণ হল। সুন্দৰী দ্ৰৌপদীয়ে সেই ডেকা বীৰপুরুষৰ রূপৰ চমৎকাৰিত্ব দেখি বৰ ৰং পালে, আরু তেওঁৰ ককায়েকে কৈ থোৱা উপদেশমতে অৰ্জ্জুনৰ কণ্ঠত বৰমাল্য দিলে, আরু সয়ম্বৰৰ বিধি অনুসাৰে তেওঁক লৈ যাবলৈ অনুমতি কৰিলে।

 কিন্তু ইতিমধ্যত ৰজাবিলাক অগ্নিমূৰ্ত্তি হৈছিল, আরু কবলৈ ধৰিলে :-“এজন ৰজাই কন্যা পাব নোৱাৰিলে নে, আরু আমাক এটা বামুণে অপমান কৰিব? দ্ৰুপদ ৰজাই আমাক সয়ম্বৰলৈ নিমন্ত্ৰণ কৰিব, আরু জীয়েকক এটা বামুণক দিব? ৰজাৰ জীয়েকে সদাই ক্ষত্ৰিয়ক বৰিব লাগে, আরু এটা বামুণে আমাৰ অধিকাৰত হাত দিব? বামুণ অবধ্য, কিন্তু পাপিষ্ঠ দ্ৰুপদৰ বংশ উচ্ছন্ন কৰা।" এই কথা কৈ, তেওঁ বিলাকে অস্ত্ৰ উলিয়াই খঙৰ মূৰ্ত্তিৰে দ্ৰুপদ ৰজাক বেৰি ললে; আৰু ৰাজকন্যাক ভয় দেখালে যে, যদি তেওঁ এজন ক্ষত্ৰিয়ক নবৰে, তেনেহলে তেওঁক জুইত পুৰি মাৰিব। কিন্তু পাণ্ডৱ- বিলাকে দ্ৰুপদৰ ৰক্ষাৰ নিমিত্তে ওলাল, আরু ৰজাবিলাকেৰে যুজি আশ্চৰ্য্য বীৰত্ব দেখালে, আরু বামুণবিলাকে তেওঁক সাহায্য দিবলৈ ঠেলাঠেলি আৰম্ভ কৰিলে। এনে সময়ত, দ্বাৰকাৰ ৰজা কৃষ্ণে, পাঁচ ভাই-কথায়েকৰ ছদ্মবেশ চিনিব পাৰিলে, আরু সান্ত্বনা-কথাৰে ৰজাবিলাকৰ খং লঘু কৰিলে, আরু তেওঁৰ মত দিলে, বামুণে দ্ৰৌপদীক ধৰ্ম্মানুসাৰে লাভ কৰিছে। সকলো ৰজাই গোমোঠা খঙ্গত ঘৰলৈ উল টিল, আরু পাণ্ডৱবিলাকে, অৰ্জ্জুনৰ পুৰস্কাৰ রূপৱতী দ্ৰৌপদীক লগত লৈ যাবলৈ অনুমতি পালে।