পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৭০ ]

 

নুরুদ্দিন আলিয়ে, তেওঁৰ পুতেক বদরুদ্দিন হোসেনক দিয়া সাংসাৰিক উপদেশ।

—আৰব্য উপন্যাস।

 ১। সকলো বিধ মানুহেৰে ঘনিষ্ঠ সম্বন্ধ নেৰাখিবা। তোমাৰ মনৰ কথা তোমাৰ মনত থবা; মনোভাব আনৰ আগত নকবা।

 ২। কাৰো ওপৰত অত্যাচাৰ নকৰিবা; কাৰণ তেতিয়া তোমাৰ ওপৰত সকলোৰে ঘিণ হব। সংসাৰ মহাজন; তাৰ ওচৰত তুমি পৰিমিতাচাৰ, অনুকম্পা, আরু সহিষ্ণুতাৰ ধরুৱা।

 ৩। তোমাক কোনোবাই গালি পাৰিলে, মুখেৰে নে- মাতিবা। যি মনে মনে থাকে, তাৰ বিপদ নাই। মৌন জীৱনৰ অলঙ্কাৰ আরু ৰক্ষক। ধুমুহা বৰষুণৰ নিচিনাকৈ,আমাৰ কথাই সকলো নষ্ট কৰিব নেলাগে। তাকৰ কথা কোৱা বাবে কোনো মানুহ বিপদত পৰা নাই। কিন্তু সৰহ কথা কোৱাত, অনেক লোকৰ দুৰ্ঘটনা হৈছে।

 ৪। মদপান নকৰিবা, কাৰণ মদেই সকলো পাপৰ আদি- কাৰণ।

 ৫। তুমি পৰিমিতব্যয়ী হবা; যদি তুমি তোমাৰ সম্পত্তি মিছাতে নুৰোৱাঁ, তেনেহলে টানত সি তোমাক পুহিব। তুমি অতিদানী হবা বা অতিকৃপণ হবা, মই এনে কথা কোৱা নাই; যিমানেই কি কম পোঁৱা, তাকে নিয়মিতরূপে চলাবা,আরু উচিত কামত তাৰ ব্যয় কৰিবা,তেতিয়া তোমাৰ অনেক বন্ধু হব। কিন্তু তোমাৰ বিস্তৰ সম্পত্তি থাকিলেও, যদি তাৰ অপব্যয় কৰাঁ, তেনেহলে সংসাৰে তোমাক এৰিব।