পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৬ ]
 

পানী।-নৈ, নিঝৰা ।

 মেঘৰপৰা যে বৰষুণ পৰে, সেই বৰষুণ কি হয়? বৰষুণপৰাৰ অন্ত হলে, কিছু সময়ৰ পাচে পানী নাইকিয়া হয়। সেই পানীৰ অলপ পৰিমাণ বাস্প হৈ ওপৰলৈ যায়, কিন্তু সৰহ ভাগ আন আন ঠাইলৈ যায়। পৃথিবীত যিমান বৰষুণ পৰে, তাৰ পৰিমাণ বহুত বেচি। কোনো ঠাইত বৰষুণ কম হয়, কোনো ঠাইত অতিৰিক্ত বৰষুণ হয়। হিচাব কৰি চোৱা গৈছে যে, বৃটিছ দ্বীপভূমি যদিও বৰষুণীয়া ৰাজ্য নহয়, তথাপি বছৰি তাত প্রায় ৬৮ ঘন মাইল বৰষুণৰ পানী পৰে। ভাৰতবৰ্ষৰ কোনাে অংশত বছেৰেকত ইমান অধিক বৰষুণ হয় যে, পৰাঠাইত সেই বৰষুণ থাকিবলৈ হলে, মাটিৰ ওপৰত ৪১ ফুট দ পানী জমিব। বাটে-পথে যি বৰষুণ-পানী হয়, সেইবিলাক সৰু সৰু ধাৰা পাতি বৈ যায়। আমি লগতে গৈ থাকিলে দেখিম যে, সেইবিলাক বৈ ওচৰৰ পথাৰত পৰিছে। সেই পানী তাতে কেতিয়াও নৰয়; তাৰপৰা বাগৰি কোনাে নলা বা খালত পৰিব—খালৰপৰা সোঁতাত পৰিব সোঁতাৰপৰা নৈত পৰিব-নৈৰপৰা ক্রমে ক্রমে সাগৰত নামিব গৈ। যিমান বৰষুণ পৰে, তাৰ তৃতীয়াংশ কি চতুর্থাংশ পানী মাথােন নৈয়ে দি বৈ সাগৰত মিলে।

 ৰদত কৰ্ক্কৰীয়া মাটিত যেতিয়া বৰকৈ এজাক বৰষুণ হয়, তেতিয়া গাঁত খানি চালে দেখা যাব যে, তলৰ মাটিবিলাক আগৰ নিচিনাকৈ শুকান হৈ থকা নাই। সেই মাটি তিতি থাকিব, আরু তাত পানীও সৰহকৈ গােট খাব। বালিয়ে