পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৫ ]
 

বাজে আন একো লেখি নেপাওঁ—সেই নাটনি পূৰাবলৈ সদাই কোনো নে কোনো কৌশল থাকেই। কুমজেলুকাৰ পাখি,ঠেং বা সূতা একো নাই। কিন্তু তাৰ চালৰপৰা এবিধ এঠা-এঠি বিজল ওলায়; তাৰ দ্বাৰা সি যতে ততে বগাই ফুৰিব পাৰে। মচেলবিলাক (Mussel) নিচেই অনুপায় দেখি, সিহঁত যেন প্ৰত্যেক ঢৌৰ পাটলিত পৰি আছে, আমাৰ মনত এনেকুৱা লাগে। কিন্তু সিহঁতৰ এই এটি আচৰিত ক্ষমতা আছে যে, সিহঁতে এবিধ লতাচালুৱা সূতা কাটিব পাৰে; আরু সেই সূতাৰে গাৰ পোলাটো এডোখৰ শিল বা কাঠেৰে সৈতে বান্ধি থয়। ককোলে (Cockle) আকৌ তাৰ খহখহীয়া জীবাৰ গুণত, আপোনাপুনি বালিত গাত খানি সোমাই থাকে।

 যদি কোনোবাই কয় যে, ঘুণ-গুচোৱা উপায় নোহোৱাকৈও ঘুণ থকা দেখি, তেনেহলে মই সেই ঘুণ অযথাৰ্থ বুলি আশঙ্কা কৰিম। গেৰেমপহুৰ গাটো চাই মানুহে দাই ধৰে বোলে, তাৰ অঙ্গপ্ৰত্যঙ্গবিলাক সম্পূৰ্ণ নহয়, আরু সেইগুণে সি লেহেমাই বাট বোলে। কিন্তু এই কথা মন কৰিব লাগে যে, সেই লেহেম খোজেই তাৰ হুঁটাহটো পলুৱাবলৈ বেলি কৰি থয়। এজোপা গছৰপৰা আন এজোপা গছলৈ যোৱা সময়ৰ ভিতৰত, সি একো নোখোৱাকৈ থাকে; আৰু এই লঘোন তাৰ নিমিত্তে বৰ লাগতিয়াল, কিয়নো তেতিয়া হে তাৰ নিসন্ধি পেটে অলপ শস্তা পায়, অরু যিখিনি খৰচীয়া কটুৰ বস্তু খায়, সিও জীণ যায়। শৰীৰযন্ত্ৰৰ ধাৰণশক্তিৰে সৈতে, আরু খোৱা-হেপাহেৰে সৈতে, তাৰ গতিধীৰতাৰ সম্বন্ধ আছে—অৰ্থাৎ,