সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬০ ]
 

নগৰৰ চাৰিসীমাৰ ভিতৰত ৰাজসভাই বিদেশীৰ কথা নুশুনিব পাৰে।”

 তেওঁৰ ঘৈণীয়েক মাৰ্চিয়াই লগত দুটি পুতেকক লৈ তেওঁক সন্তাষা কৰিবলৈ লৰি গল, কিন্তু তেওঁ চকুৰে ওপৰলৈ নেচালে, আরু তেঁওবিলাকৰ মন-কাণৰ তল মানুহৰ নিচিনাকৈ, এটা সামান্য গােলামৰ নিচিনাকৈ, তেওঁবিলাকৰ মৰমসাদৰ গ্ৰহণ কৰিলে। আরু বিস্তৰ কাবৌমিনতি কৰাতো, তেওঁ নগৰৰৰ বাজতে থাকিল, আরু যিখনি সরু খাতক তেওঁ ইমান ভাল পাইছিল, তালৈও এবাৰ যাব নুখুজিলে।

 তেওঁ ভিতৰলৈ নােযােৱাত, ৰােমৰ ৰাজসভাই বাহিৰলৈ আহি সভা পাতিলে।

 প্রথমে দূতে তেওঁবিলাকৰ কথা কলে, পাচে ৰেগুলচে থিয় হৈ এনেভাৱে কবলৈ ধৰিলে, যেন তেওঁ কৰ্ত্তব্য পাঠ আওঁৰাইছে, “হে ৰাজপুরুষ সকল! মই কার্থেজবাসীবিলাকৰ গােলামস্বরূপে, গিৰিহঁতৰ হৈ, আপােনালােকেৰে সন্ধি আরু বন্দিয়াৰৰ সলনাসলনি বিষয়ে প্রস্তাৱ কৰিবলৈ আহিছোঁ।” তেতিয়া তেওঁ দূতবিলাকৰ লগত তাৰপৰা গুচি আহিবলৈ মুখ লুটিয়ালে, কিয়নাে এজন বিদেশীয়ে ৰাজসভাৰ কাৰ্য্যাৱলীত যােগ নিদিব পাৰে। তেওঁৰ আগৰ বন্ধুবিলাকে, তাত থাকিবলৈ, আরু যি পূর্ব্বে দুবাৰ কন্সল হৈছিল, তেনে এজন ৰাজপুরুষৰ নিচিনাকৈ নিজৰ মত কবলৈ, তেওঁক বৰকৈ ধৰিলে, কিন্তু তেওঁ সেই পদৰ দাওৱা কৰি, তাৰ মান কমাবলৈ অস্বীকাৰ কৰিলে, কাৰণ এতিয়া গােলাম হল। কিন্তু যদিও কার্থেজবাসী গিৰিহঁতৰ হুকুমত তেওঁ থাকিল, তথাপি আসন নললে।