পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২০ ]


এক জালোৱাই।-আৰব্য উপন্যাস।

 কোনো এটা জালোৱায়ে মাছ মাৰি থাকোঁতে, জালত এবাৰ এটা পিতলৰ পাত্ৰ উঠিল। পাত্ৰৰ মুখত নিসন্ধিকৈ সোপা লগোৱা আছিল। জালোৱায়ে পাত্ৰটো বামলৈ তুলি, ভিতৰত কি আছে চাবৰ মনেৰে, সোপাটো গুচাই দিলে। তেতিয়া তাৰ ভিতৰৰপৰা, ওপৰলৈ ধোৱাঁ ওলাবলৈ ধৰিলে, আরু ক্ৰমে চক্ৰাকাৰেবে উধাই গৈ আকাশ লঙ্ঘিলে। তেতিয়া সেই ধোৱাঁবিলাকে এটা ভয়ানক দৈত্যৰ মূৰ্ত্তি- পৰিগ্ৰহ কৰি, জালোৱাইৰ সন্মুখত থিয় হল, আরু তাক কবলৈ ধৰিলে, “মই ঈশ্বৰৰ বিদ্ৰোহাচৰণ কৰিছিলোঁ, আরু ধৰ্ম্মবীৰ সোলোমনৰ বশ্যতা স্বীকাৰ নকৰিছিলোঁ। সেই অপৰাধত, তেওঁ প্ৰধান মন্ত্ৰীৰ পুতেক আসাফক মোক দণ্ড দিবৰ নিমিত্তে আদেশ কৰে। আসাফৰ দ্বাৰা পৰাজিত হোৱাত মোৰ এই অৱস্থা ঘটিল। মোক পাত্ৰটোৰ ভিতৰত সুমাই, সোলোমনে নিজে তাৰ মুখত নাম-মোহৰ কৰি দিলে, যাতে তাক ভাঙ্গিবলৈ মোৰ শক্তি নেথাকে। মই প্ৰতিজ্ঞা কৰিলোঁ, প্ৰথম শতাব্দীৰ ভিত- ৰত যেয়ে মোক উদ্ধাৰ কৰিব, মই তাক প্ৰভূত ধনৰ অধিপতি কৰিম; কিন্তু সেই কালৰ ভিতৰত কোনেও মোৰ মুক্তি নিদিলে। তাৰ পাচত শপথ কৰিলোঁ, দ্বিতীয় শতাব্দীত যেয়ে মোক নৈৰপৰা তুলি মুকলি কৰিব, তাক মাটিৰ তলত থকা সকলো ধন-সম্পত্তি উলিয়াই দিম; কিন্তু সেই বাৰৰ একো ফল নহল। তাৰ পাচত অঙ্গীকাৰ কৰিলোঁ, তৃতীয় শতাব্দীত যি