পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬৩ ]
 

লাভ কৰিবলৈ যত্ন কৰিব। পাঁচ পাণ্ডৱে দ্ৰৌপদীৰ এইবিলাক কথা শুনি জৰ্জ্জৰিত হ'ল, আরু সয়ম্বৰলৈ যাবলৈ মন স্থিৰ কৰিলে; তেওঁবিলাকৰ ছোৱালীটীৰ কথাকে ভাবি থকাত, ৰাতি তোপনি নাহিল। ৰাতি পুওৱা মাত্ৰকে, তেওঁবিলাকে কুন্তীক ধৌম্য পুৰোহিতৰ হাতত গটাই দি এটা ঘৰত থলে; আরু দ্ৰুপদ ৰজাৰ নগৰ কামপিল্যৰ অভিমুখে সাধ্য অনুসৰি বেগেৰে যাবলৈ ধৰিলে। তেওঁবিলাকে নগৰ পাই দেখিলে গৈ যে, অসংখ্য ৰজাই, হাতী, ঘোঁৰা, দলবলেৰে আহি শিবিৰ পাতি আছে, আরু সয়ম্বৰলৈ নানা ঠাইৰপৰা বামুণ, ক্ষত্ৰিয়, সাউদ, তামাচা-লোক, দৰ্শক প্ৰভৃতি লোক আহিছে৷ নগৰৰ বাহিৰে, চাৰি সীমাত গড়েৰে সুশোভিত এখন ডাঙ্গৰ পথাৰ কৰা হৈছে। তাতে ৰজাবিলাকে ধনুৰ্বিদত নিজৰ নৈপুণ্য দেখাব। তাৰ চাৰিও পিনে, নামপ্ৰখ্যাত নিমন্ত্ৰিত লোকবিলাক থাকিবৰ নিমিত্তে, চমকীয়া মন্দিৰ, আরু সয়ম্বৰৰ কাৰ্য-ক্ৰীড়া দেখিবৰ নিমিত্তে ওখ মঞ্চ সজা হৈছে। পথাৰৰ এচুকত এটা ভয়ানক ওখ খুঁটা আছে, তাৰ মূৰত এটা সোণৰ মাছ আঁৰি থোৱা আছে, তাৰ তলত এখন চক্ৰ অনবৰত চক্‌চক্‌-কৰে ঘূৰি থাকিব লাগিছে। দ্ৰুপদ ৰজাৰ এয়ে পণ যে, চক্ৰ ঘূৰি থাকোঁতে যিজনে তাৰ মাজে দি কাঁড় মাৰি মাছৰ চকু বিন্ধিব পাৰিব, দ্ৰৌপদী তেওঁৰে পত্নী হব।

 আহাৰ-বিহাৰ, ৰং-ধেমালিত ষোল দিন কাটি গল, তেতিয়া কামপিল্য নগৰত সয়ম্বৰৰ পুৱা-কাল প্ৰকাশিত হল; আরু সূৰ্য্যৰ উদয় হলত কেও পিনে জাকজমকাল নিচান উড়িবলৈ