পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪০ ]
 

সিমান পানী টুটে। এই নৈ বৰফপৰ্ব্বতৰপৰা বহিৰ্গত হৈছে। গ্ৰীষ্মকালত বৰফ দ্ৰবীভূত হয়, আরু এই কাৰণে পানী বাঢ়ে। শীতকালত বৰফবিলাক গোট মাৰি থাকে; আরু ইমান শীতৰ আধিক্য হয় যে, সোঁতাবিলাক জমি যায়। সেই কাৰণে শীতকালত এনেকুৱা নৈবিলাকৰ পানীৰ হ্ৰাস হয়।

 নিঝৰাৰ পানীত অনেক খনিজ পদাৰ্থ মিহলি থাকে। সেই কাৰণে, সকলো নৈত এনেকুৱা পদাৰ্থ পোৱা যায়। ৰাইন নৈয়ে উত্তৰ-মহাসাগৰলৈ ইমান চুণগুৰি উটাই নিয়ে যে, সেইবিলাকৰপৰা তেত্ৰিছ হেজাৰ দুশ কোটি শামুক খোল হব। এইবিলাক, ৰাসায়নিক মতে মিহলি হৈ থাকে, আরু চকুৰে দেখা নেযায়। এইবিলৰপৰা পানীৰ বৰণতো একো পৰিবৰ্ত্তন নঘটে। কিন্তু কোনো সময়ত, নৈ একেবাৰে ঘোলা হয়; বোকা-আদিৰে পানী একেবাৰে অপৰিষ্কাৰ হৈ থাকে। ভাৰে ভাৰে বালি, শিলগুটি এই বিলাক উটি যাবলৈ ধৰে। সোঁতৰ কোবত, কেতিয়াবা পানীৰ তলত, শিলগুটিবিলাকে খৰ্‌খৰাই যোৱা শব্দ শুনিবলৈ পোৱা যায়। ঘাঁহনিত শিলগুটিবিলাকৰ ধাৰ নোহোৱা হয়। যেতিয়া বৰ শিলবিলাকৰ ওপৰে দি পানী গৈ থাকে, সেইবিলাক অতি সুন্দৰ-মিহি হয়। কিছুমান নৈয়ে খুব গড়া খহাই থাকে৷ আসামত ব্ৰহ্মপুত্ৰে গড়া হাই ধুবুৰীৰ অনেকাংশ নষ্ট কৰিছে। সোঁতত বিবিধ কাৰ্য্য সম্পাদিত হয়। সোঁতে সদাই নৈৰ তলি পানি থাকে। এই বাবে নৈবিলাকে লাহে লাহে দ হৈ গৈ থাকে। বালি, শিলগুটি-আদি কি হয় ?