পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হোৱাত, মই একেবাৰে বিচেষ্টা হৈ আছিলোঁ। স্বামীয়ে মনত তৰ্কিলে, “কালি ৰাতি বজ্ৰ, বৰষুণ আৰু বিজুলী একো হোৱা নাই; ই অৱশ্যে মিছা কথা কৈছে। আরু এইদৰে আগৰ বাৰো ই মিছাকৈ মোৰ তিৰোতাৰ অপবাদ কৰিছে।” সি ভাটোটোক সজাৰপৰা উলিয়াই, তাৰ প্ৰাণবধ কৰিলে। কিছু কালৰ পাচে, ওচৰচুবুৰীয়বিলাকৰপৰা সি শুনিবলৈ পালে যে তাৰ ভাটো বাস্তবিকে সত্যবাদী। সি তেতিয়া নিজৰ অবিমৃশ্যকাৰিতাক দূষি, অনুতাপ কৰিবলৈ ধৰিলে।

_______


সবাতো অধিক ভয় ৰাখিবা নিজলৈ।

কাঁইট-নিচিনা দাঁত চোদা চোকা তাৰ।
দুৱাৰ-নিচিনা মুখ, ভীষণ আকাৰ।
লোভত, নোৱাৰে তাক জিনিব ডাইনী।
হাঙ্গৰ নামেৰে সিটো, সমুদ্ৰ প্ৰাণী।


এন্ধাৰত জ্বলে চকু, কৰি তিৰবিৰ-
ভয়ত বনৰ জন্তু সদাই অস্থিৰ।
দেখোঁতা-জনৰ, হায়, শোহে কণ্ঠৰস।
বাঘ নাম তাৰ-কৰে অৰণ্যত বাস।


শিলৰ শৰীৰ, মহা-অগ্নিৰ আলয় :
প্ৰবল শব্দেৰে বস্তু কৰে ভন্মময়।
সকলো মানুহে তাক বোলে ইন্দ্ৰ-শৰ।
বজ্ৰ নাম ধৰে সিটো,-আকাশত ঘৰ।