পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৬৪ ]

ধৰিলে, ঢাক-শব্দ আরু ভেৰীৰৱৰ দ্বাৰা নগৰময় সয়ম্বৰৰ ঘোষণা হল। নগৰৰ সকলো লোক আহি পথাৰত একত্ৰীত হল, আরু গড়ৰ চাৰিও কাষে জমিল। ৰজাৰ সুসজ্জিত সৈন্যবিলাকে সুন্দরূপে শান্তিৰক্ষা কৰিবলৈ ধৰিলে। নৰ্ত্তক আরু তামাচা-লোক, বাজিকৰ আরু গায়ক, নায়ক আৰু পালোৱান, মাল আরু অস্ত্ৰ-যুজারুবিলাকে বিবিধ ক্ৰীড়াৰ দ্বাৰা দৰ্শকবিলাকক আমোদিত কৰিছিল। ৰজা আরু বৰবিলাকে মঞ্চত নিজ নিজ আসন অধিকাৰ কৰিলে; আৰু তাতে পাণ্ডৱবিলাকে ঘোৰ শত্ৰু ৰজা দুৰ্য্যোধন, উচ্চাকাঙ্ক্ষী কৰ্ণ আরু আন আন কৌৰৱ বীৰবিলাকক দেখিবলৈ পালে। কৌৰৱবিলাকে, ইমান দিনে পাণ্ডৱবিলাক নিশ্চয় মৰিল বুলি ভাব কৰিছিল। সেই সভা-স্থলীত, দ্বাৰকাৰ অধিপতি কৃষ্ণ আরু তেওঁৰ ককায়েক সুৰা-ভক্ত বলৰাম উপস্থিত আছিল। পছিমৰপৰা সিন্ধুৰাজ জয়দ্ৰথ, আরু গান্ধাৰ দেশৰ ৰজাৰ দুজন পুতেক আহিল। পূবৰপৰা কোশল-ৰাজ বৎসৰাজ, মগধ-ৰাজ জৰাসন্ধ আৰু পাণ্ডৱ-ৰাজ বসুদেৱ আহিল। দক্ষিণৰ- পৰা চেদীৰাজ শিশুপাল, বিৰাট-ৰাজ বিৰাট আরু মদ্ৰৰাজ শল্য আহিল। এইবিলাকত বাজে আন আন যিবিলাক ৰজা আহিছিল, সেইবিলাকৰ গণনা কৰিব নোৱাৰি। মঞ্চত ঠাই লোৱা আগন্তুকবিলাকক সকলো বিধৰ আহাৰাদি দ্ৰব্য যোগোৱা হৈছিল; গোন্ধ-বিলোৱা মানুহবিলাকে গোলাপপানী, চন্দন, সুগন্ধী কাঠ, আৰু আন গোন্ধ-পানী বিলাই ফুৰিছিল।

 অলপ সময়ৰ পাচত, ৰাজকুমাৰীয়ে আকাঙ্ক্ষী সভা লোকবিলাকৰ মাজলৈ সৰ্ব্বলাৱণ্যৰে আহিবৰ কাল উপস্থিত