তেতিয়া, বোলা যাওক, জুন মাহত, সিহঁতৰ বুঢ়া পাখিবিলাক কাঢ়ি লোৱা হয়। সেইবিলাক, প্ৰত্যেক ডেউকাত থকা ওঁঠাৰৰপৰা কুৰিটালৈকে দীঘল বগা পাখি, আঁঠোটা বা নটা ধুন-লগা পাখি, আরু গোটাদিয়েক দীঘল কলা পাখি। চাৰি মাহৰ পাচত, এইবিলাকৰ ঠাৰি-পাখিবিলাক উঘলা হয়, আৰু তাৰ দুমাহৰ পাচে চুটি কলা পাখিবিলাক আরু নেজৰ পাখিবিলাক লোৱা হয়। ইহঁতৰ প্ৰকৃত সংখ্যা দিয়া টান। সাধাৰণতঃ, চৰাইটোক দুখ নিদিয়াকৈ আরু তাৰ গাত জাৰ গুচিবৰ জোখাৰে থৈ, যিমান পাৰি, সিমান কাঢ়ি লোৱা হয়।
উট চৰায়ে, বনৰীয়া অৱস্থাত, মানুহ বা কোনো অচিনাকি বস্তুলৈ বৰ ভয় কৰে, আরু আগৈয়ে নেদেখা কিবা এটা নতুন দেখিলেই পলাই লৰ মাৰে। কিন্তু ই, বৰ পোহ মানে। জুন মাহৰপৰা চেপ্টেম্বৰ মাহলৈকে, স্বরূপত, বৰদিনৰ উৎসৱলৈকে হেজাৰে হেজাৰ পোৱালি তোলা হয়, আরু কোনো বিধৰ দুৰ্ঘটনা হৈ, বছৰি অসংখ্য অসংখ্য পোৱালি মৰা পৰে। বাৰমাহ বয়সলৈকে, পোৱালিবিলাকে নানাৰকম ৰোগত প্ৰাণ এৰে। কিন্তু যেতিয়া বৰ হয়, সিহঁতৰ সৰহ ভাগ, ভৰি-ভগাত, যুঁজত বা আকালত আহাৰৰ অভাৱত মৰণ ঘটে।
উট চৰাইৰ বাহটো নিচেই অনিপুণ। সিহঁতে বালীয়া মাটিত, কেৱল, এটা ঘূৰণীয়াকৈ খোল খানি লয়। কেতিয়াবা মাইকী চৰাইজনীক, কণি পাৰিবলৈ ভৰিৰে মাটি খোঁচৰা দেখিবলৈ পোৱা যায়। কিন্তু সাধাৰণতঃ এই নিয়মেৰ বাহ সজা নহয়। চৰাইজনীয়ে উমনিত পৰি, একে ঠাইতে বহি থাকে দেখি, মাটি আপুনি খোল পৰি যায়। এহাল চৰায়ে, দহোটাৰ-