পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৮ ]
 

উড়ি যাব, আরু পাত্ৰ শুদা হব। কিন্তু নিঝৰাৰ পানীত আন কিছু গোটা বস্তু বাকি থাকে গৈ। তাত চুণ, লোণ, লো-আদি মিশ্ৰিত থাকে। এইবিলাক বস্তু বৃক্ষজীৱন আরু প্ৰাণী-জীৱনৰ নিমিত্তে বৰ উপকাৰী। চুণে প্ৰাণীবিলাকৰ হাৰৰ উপযোগী ধাতুৰ যোগান দিয়ে; আৰু লোৱে তেজৰ ৰং-কৰা বস্তু যোগায়। আমি এইবিলাক পদাৰ্থৰ বেচি ভাগ আহাৰৰপৰা পাওঁ; তথাপি খোৱা আৰু ৰন্ধা কাৰ্য্যৰ নিমিত্তে, বৰষুণৰ পানীতকৈ নিঝৰাৰ পানী অধিক স্বাস্থ্যকাৰী।

 শুদা মাটিত যিবিলাক জেং-পাত থাকে, আমি সেইবিলাকলৈ সিমানকৈ মন নকৰোঁ। কিন্তু যেতিয়া তাত বৰষুণৰ পানী পৰিব, তেতিয়া সেইবিলাক ওপঙ্গি উঠে, আরু লাহে লাহে পানীৰ ধাৰ ৰ লগত বাগৰি যায়। বৰষুণৰ পানীয়ে প্ৰথমতে অসংখ্য সৰু সৰু ধাৰা পাতে, পাচে দূৰত সেইবিলাকৰ সংখ্যা কম হয়, কিন্তু ধাৰাবিলাক আকাৰত ডাঙ্গৰ হয়। মাটিৰ ওপৰভাগ যদি খলা-বমা নহৈ সমান হলহেঁতেন তেনেহলে পানীবিলাক চাৰিও পোনে বাগৰি সাগৰত পৰিলগৈহেঁতেন, কিন্তু অধিকাংশ ঠায়েই ওখ-চাপৰ।।পৰ্ব্বত, পাহাড়, হ্ৰদ-আদি থকাত, সেইবিলাক ভয়ানক অসমান। যি মাটি আমি চকুৰে সমান যেন দেখোঁ, সেইবিলাকো বাস্তবিকে বহুত অসম। যেতিয়া তাত বৰষুণৰ পানী পৰি নামে দি ববলৈ ধৰে, তেতিয়া হে আমি এই কথাৰ গম ধৰিব পাৰোঁ। পানী, মাটিৰ সমতাৰ পৰিমাণ যন্ত্ৰ। ওখ ঠাইত পানী নুঠে বা ৰৈ নেথাকে; নাম বিচাৰি বাগৰি যায়। যি পানী বাষ্প হৈ উড়ি নেযায়, নিঝৰা আরু মাটিৰ নিমিত্তে