সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৬ ]
 

‘বকুল বন্দুলি বেলি গোলাপ মালতী,
জাতি জুতি জবা চপ টগৰ সেউতী।
এতেক রূপহ ফুল নিজৰ ঘৰত,
তাতো আশা কিয়, সখী, পৰৰ ফুলত?
‘সি ফুলত বাজে মোৰ আন ফুল নাই;
কত ভাল পাওঁ তাক, নেজানিলা হায়!
‘তুমি যে ইমান তাক ভাল পোৱাঁ সখী!
সি তোমাক ভাল পোৱা কিয় নো নেদেখি?’
‘যেতিয়া হলোঁ গৈ মই ওচৰত থিয়,
মৰম নকৰে যদি, চাইছিল কিয়।’
‘শাতিৰে নেথাকে চকু, যেনি তেনি যায়।*
ইকথাই মৰমৰ চিন নুবুজায়।’
‘চাই চাই চেনেহৰ চকুলো টুকিলে,
মৰম নহলে, এনে কিয় বা কৰিলে।’
‘নীয়ৰৰ পানীকেই চকুলো মানিলা;
নুবুজি নেজানি, সখী, ভ্ৰমত পৰিলা!’
‘ঘনে ঘনে মোৰ ফালে হেপা মেলিছিল।’
‘বতাহে লৰাই তাক তেনে কৰিছিল।’
‘আহিলে যেতিয়া মোৰ লগত থাকিব,
আপুনি মোলই তাৰ মৰম লাগিব।’


  • পাহীবিলাকৰ মাজৰ সরু কোটৰটিকে চকু বোলে । ফুলপাহি অলপ লৰিলেই অৱশ্যে চকুও তাৰ লগতে ঘূৰিব।