পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২৭ ]

দিব খোজে। এতিয়া মোক সেই বৰ লাগে। এক বৰেৰে ভৰতৰ ৰাজপদত অভিষেক, আন বৰেৰে ৰামৰ চৈধ্য বছৰ বনবাস প্ৰাৰ্থনা কৰিলোঁ। আপুনি প্ৰতিজ্ঞাপালন কৰি সত্য- ধম্মৰক্ষা কবোক।”

 দশৰথৰ বুকুত শেল, মূৰত বজ পৰিল। তেওঁ অজ্ঞান হৈ, ঠাচ্-কৰে মাটিত লুটি খাই পৰিল। কিছু কালৰ পাচত চেতনা পাই, কৈকেয়ীক নানাৰকমে বুজাবলৈ, আৰু এনেকুৱা কঠোৰ কাৰ্য্যৰপৰা ক্ষান্ত হবলৈ, তেওঁক বহুতকৈ মাতিলে। কৈকেয়ীয়ে সকলো কাবৌকোকালিলৈ পিঠি দি, বাৰে বাৰে ৰজাক প্ৰতিজ্ঞাৰ কথা সোৱঁৰায়। দশৰথে ধৈৰ্য্য হেৰুৱাই বিমোহিত হল। জ্ঞান পাই, পুনৰ্ কৈকেয়ীক কাকূতি কৰি- বলৈ ধৰিলে। কিন্তু দুষ্টৰ, মৰমৰ বুকু নাই। কৈকেয়ীৰ মন অটল ৰল। দশৰথ কেতিয়াবা মুৰ্চ্ছা গৈ থাকে, কেতি- য়াবা জ্ঞান পাই কৈকেয়ীক কাতৰ মিনতি কৰিবলৈ ধৰে। এইদৰে তেওঁৰ ৰাতি পুৱাল। তেওঁ কৈকেয়ীক বৰ দিবলৈ পূৰ্ব্বে প্ৰতিজ্ঞা কৰিছিল, এতিয়া কৈকেযীৰ অভিলাষ পূৰ্ণ কৰিবলৈ আকৌ প্ৰতিজ্ঞা কৰিলে, এই দুই প্ৰতিজ্ঞাৰে দশৰথ দুখত তল গল।

 সূৰ্য্য ওলাই জগতক পোহৰ দিলে। শিষ্যসমন্বিতে বশিষ্ট, বামদেৱ ঋষি সকল, আরু আন আন ৰজাবিলাক আহি ৰাজ- সভাত উপস্থিত হল। সোণৰ কলচীত নানা তীৰ্থৰপৰা অনা পানী থোৱা হল, আৰু অভিষেকৰ যোগ্য সকলো বস্তু সজোৱা হল। ৰজাৰ অহাত বেলি দেখি, বশিষ্টে, অন্তঃপুৰৰপৰা তেওঁৰ বাতৰি আনিবলৈ ৰামক আদেশ কৰিলে।