পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৫১ ]
 

মুহূৰ্ত্তে স্বপ্ন দেখে তেঁও হায়,
ৰ'জচিহ্ন,—ছত্ৰ-দণ্ড আরু নাই,
নধৰে হাতত দীপ্তিমন্ত অস্ত্ৰ,
ধীৰে ধীৰে ভ্ৰমে ভিক্ষুকৰ প্ৰায় ৷
হে দুখী! শলাগোঁ কাৰ্য্য নিয়ন্তাৰ—
দুখ মৃদু হয় খন্তেক তোমাৰ ।
কিন্তু ৰজা! এৰা অহঙ্কাৰ তুমি;
শিকাঁ ই স্বপ্নৰ নীতি সুপবিত্ৰ;
বিপত্তিৰো আছে নানা মরুভূমি—
নৰৰ বিস্তীৰ্ণ জানা কৰ্ম্মক্ষেত্ৰ ।

—————
এক ৰজাৰ সাধুকথা ৷


 কোনো এজন মন-সাহী ৰজাই ভাবিলে, মই নাম কেনেকৈ জ্বলাওঁ? সকলো ৰজাৰ বাটে দি চলিলে মোৰ বেলেগালি একো নেথাকে। মই এটা, কোনেও কতো নকৰা কাম কৰোঁ।” ইয়াকে ঠিক কৰি, তেওঁ ৰাতিক দিন বুলি, আৰু দিনক ৰাতি বুলি ধৰিবলৈ ৰাজ্যময় প্ৰজাক আদেশ কৰিলে। সকলোৱে দিনত শুব লাগিব, আৰু ৰাতি বন-বাৰি কৰিব লাগিব। ৰাতি চৰা বহিব, মেল-দোৱান হব, মানুহে হাট-বজাৰ কৰিব; তেতিয়া আলিয়ে আলিয়ে চাকিৰ পোহৰ থাকিব। দিনত পৰীয়া থাকিব, চকিয়াল থাকিব। সিহঁতে চুৰি ডকাইতিৰ শাসন কৰিব। মুঠতে, আগৈয়ে দিনত কৰা কাম সকলো ৰাতি কৰা হব, আরু আগৰ ৰাতিৰ কাম, এতিয়া দিনত হব।