তৌৱাল। নিশ্চয় সিহঁতে এইবিলাক শান্তিময় দৃশ্যৰ বহুত অনিষ্ট কৰিব পায়; সিহঁতে তিনি শ খন গাওঁ লুটিছিল বুলি অহঙ্কাৰ কৰে, আরু দয়া কি বস্তু, তেতিয়ালৈকে সিহঁতে বুজিব নোৱাৰিছিল।
অৱশেষত কাৰ্থেজবাসীবিলাকে জয়লাভ কৰিলে, আৰু স্বয়ং ৰেগুলচক ধৰিলে, আরু কাৰ্থেজলৈ বান্ধি লৈ গল। তাত জিকারুবিলাকে মাজৰাতিলৈকে ভোজ পাতি ৰং-ধেমালি কৰিলে।
ৰেগুলচে দুখত আরু সন্তাপত খীণাইশুকাই, দুবছৰ নিৰ্জ্জন বন্দিয়াৰভাৱত থাকিল৷ ইতিমধ্যত যুধ চলি আছিল, আরু ৰোমাণবিলাকে এনে এখন নিষ্পতীয়া যুধ জিকিলে, যে কাৰ্থেজৰ মানুহবিলাকৰ মন ভাগিল, আরু সিহঁতে সন্ধিৰ প্ৰস্তাৱ খুজিবলৈ ঠিক কৰিলে৷ সিহঁতে ভাবিলে যে, ৰোমত মানুহবিলাকে, ৰেগুলচৰ নিচিনাকৈ আনৰ কথাত সিমান কাণ নিদিব, আরু সেই দেখি ৰাজদূতৰ লগত তেওঁক পঠিয়াই দিলে। কিন্তু পঠোৱাৰ আগৈয়ে তেওঁক শপথ কৰালে যে, যদি কোনো সন্ধি বা বন্দিয়াৰৰ সলনাসলনি নহব, তেনেহলে তেওঁ বন্দীশাললৈ ফিৰি আহিব লাগিব। সিহঁতে নেজানিছিল, এটা বিশ্বাসী-হৃদয়ী ৰেমাণে নিজতকৈ তেওঁৰ দেশৰ নিমিত্তে—নিজৰ জীৱনতকৈ নিজৰ কথাৰ নিমিত্তে কিমান বেচি ভাব কৰে!
ক্ষীণ আরু বিমন হৈ, সেই বন্দিয়াৰ যুদ্ধবীৰে, তেওঁৰ নিজৰ নগৰৰ বৰদুৱাৰৰ মুখ পালে হি, কিন্তু ভিতৰ সোমাবলৈ অমান্তি হৈ বাজতে ৰল। তেওঁ কলে, “মই এতিয়া আরু ৰোমাণ নাগৰিক নহওঁ। মই অসত্যৰ গোলাম হলোঁ, আরু