পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৩ ]


ঈশ্বৰৰ কৌশল।

 ডিঙ্গি চুটি দেখি হাতীৰ, শুৰৰ আৱশ্যক হৈছে; সেইদৰে আকৌ, মূৰ বৰ গধূৰ হোৱাত,ডিঙ্গিটো চুটি হব লগাত পৰিছে। আমি যদি শুৰডালৰ গোঁথনি আৰু ব্যৱচ্ছেদ পৰীক্ষা কৰি চাওঁ, তেনেহলে তাত প্ৰাণীকৌশলতাৰ এটি অতি আচৰিত উদাহৰণ দেখিবলৈ পাম। প্ৰথমত, দীঘলীয়া লেউসেউৱা হাৰৰ চুঙ্গা পাতিবলৈ; দ্বিতীয়ত, সেই চুঙ্গা কোঁচাবলৈ আৰু মেলিবলৈ; তৃতীয়ত, জন্তুটোৰ ইচ্ছাক্ৰমে তাক যেনিয়ে ঘূৰাবলৈ, সৰু আঙ্গঠি আৰু আহবিলাকৰ স্বভাৱ; তাৰ উপৰি, নিচেই আগত এডুখৰি থুহথুহীয়া মঙ্গহৰ সংযোগ। সেই মঙ্গহ এটা আঙ্গুলীৰ মান দীঘল আৰু ডাঙ্গৰ। হাতীয়ে তাৰেই একণিমান বস্তুও মাটিৰপৰা তুলিব পাৰে। একেটা শৰীৰযন্ত্ৰৰ এই আটাইবিলাক গুণ মুঠাই ধৰিলে আমি ইয়াকে পাওঁ যে, ইহঁতৰ গুৰিত অৱশ্যে এজন নিপুণ শিল্পীৰ মন্ত্ৰণা আছে, আৰু সেই মন্ত্ৰণা সাধিবলৈ বহুত আয়োজন লাগিছে ।

 বাদুলিৰ পাখিত এটা হাঁকোটা থাকে। ই আন একো নহয়; কেৱল এটা অভাৱ-পূৰ্ণকাৰী, সজা কৌশল৷ পাখিৰ চুকত, হাঁকোটাৰ নিচিনা বেঁকোৰা এটা নখ আছে। তাৰেই সি ফাট, জোৰা, বিন্ধা, আরু খহটা ঠাইত ধৰি শিল, গুহা আরু ঘৰচালৰ দাতিত লাগি ৰৈ থাকে। এই নখেৰেই আঁকুহি লগায়; এই খোপনিতে ওলমাবাদুলি দি থাকে; আৰু এই ভাৱৰেপৰা উড়ি যায়। এইবিলাক সকলোৱে মিলি তাৰ ঠেঙ্গ শিথিলতাৰ দোষ দূৰ কৰিছে। হাঁকোটা নথকা হলে,