দশৰথ বাহ্যজ্ঞান শূন্য হৈ আছিল। ৰামে তেওঁক হঠাৎ তেনেকুৱা অৱস্থাত দেখি, আচৰিত মানিলে, আরু শোকা- কুল হল। ৰামে বেলিয়ে বেলিয়ে পিতৃদেওক তাৰ কাৰণ সুধিবলৈ ধৰিলে, কিন্তু একো উত্তৰ নেপালে। তেতিয়া ৰামে বৰ আগ্ৰহেৰে কৈকেয়ীক সুধিলে, আৰু কলে, “মাতৃ! কওক, পিতৃদেওৰ কি হৈছে। মোৰ প্ৰাণ অস্থিৰ হৈছে, বেগই তেওঁৰ দুখৰ কাৰণ কওক। তেওঁক প্ৰসন্ন কৰিবলৈ যি কৰিব লাগে, মই তাকে কৰিবলৈ সাজু আছোঁ৷ তেওঁক সন্তোষ দিবলৈ, মই ৰাজ্য এৰি গৈ বনবাস খাটিব পাৰোঁ। আপুনি অতি শীঘ্ৰে কওক, মোক দুখৰ সাগৰত সৰহ বেলি পেলাই নথব।” কৈকেয়ীয়ে মনত আনন্দ পাই কলে, “মহাৰাজে পূৰ্ব্বে মোক দুটা বৰ দিবলৈ অঙ্গীকাৰ কৰিছিল। এতিয়া মই তেওঁক সেই বৰ খুজিছোঁ। এক বৰেৰে তুমি চৈধ্য বছৰ বনবাসী হবা, আন বৰেৰে ভৰত ৰাজপদত অভিষিক্ত হব। এয়ে তোমাৰ পিতৃদেওৰ শোকৰ কাৰণ। ইহকাল, পৰকাল দুয়ো কালৰ সদগতিৰ অৰ্থে মানুহে পুত্ৰকামনা কৰে। ৰাম! তুমি তোমাৰ পিতৃদেওক উদ্ধাৰ কৰা, তেওঁ অঙ্গী- কাৰত আবদ্ধ আছে। মহাৰাজৰ প্ৰতিজ্ঞাপালন কৰি, তুমি পুত্ৰোচিত কাম কৰাঁ।”
ধৈৰ্য্যশীল, গহীন ৰামচন্দ্ৰে, কৈকেয়ীৰ এনেকুৱা মৰ্ম্মভেদী কথা শুনিও, বিচলিত নহৈ কবলৈ ধৰিলে, “মাতৃ! যদি পুতেক হৈ পিতৃদেওৰ আজ্ঞা পালিব নোৱাৰিম, তেনেহলে এই জীৱনত সকাম কি! যাৰপৰা এই সংসাৰ দেখিবলৈ পাইছোঁ, যাৰ মৰমেৰে প্ৰতিপালিত হৈ ডাঙ্গৰ হৈছোঁ, আমাৰ মঙ্গলৰ