পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৮ ]
 

ব'লে। সিহঁতে, মানুহ-শত্ৰুত বাজেও ভয়ঙ্কৰ অজগৰ, সিংহ আরু হাতীৰ লগ পাম বুলি জানিছিল; তাৰ উপৰি, মূৰৰ ওপৰত প্ৰকোপিত ৰদ দিব, ভৰিৰ তলত সৈন্যযাত্ৰাই আমনি কৰিব৷ যিকিহওক, ৰেগুলচে টান মূৰ্ত্তিৰে সকলো গোৰনোৰণি মাৰ নিয়ালে। তেওঁ শুনাই দিলে যে, যি অভক্তি দেখুৱাব, তাৰ প্ৰাণদণ্ড হব। সৈন্য নিৰাপদে বাম উঠিল। তেওঁ ক্লাইপিয়াত এটা কোঠ মৰালে, আরু তাৰ চাৰিও পিনৰ ঠাইবিলাক লুটিলে। তেনে সময়তে, ৰোমৰপৰা হুকুম আছিল যে, মেন্‌লিয়চ উভতি আহিব লাগে, আরু ৰেগুলচে যুধ চলাই থাকোক। ৰেগুলচৰ বৰ বেজাৰৰ কথা হল। তেওঁ বৰ দুখীয়া,আরু এক একৰ মাটিৰ এখন সরু খাতত বাজে তেওঁৰ একো নাছিল, আরু যিটো মানুহক তাত খেত কৰিবলৈ নিযুক্ত কৰিছিল, তেওঁৰ অনুপস্থিতি-কালত সিও মৰিল। এটা ধনত কাম কৰা খেতিয়কে তাৰ ভাৰ লৈছিল, কিন্তু সি অবিশ্বাসী হল, আরু গরু আরু নাঙ্গল-যুৱলি চুৰ কৰি লৈ পলাই গল। তেওঁ সোনকালে উভতি নগলে লৰা-তিৰোতা অনাহাৰত থাকিব বুলি ৰেগুলচৰ মনত ভয় হল। যিকিহওক, ৰাজসভাই তেওঁৰ পৰিয়ালক প্ৰতিপাল কৰিবলৈ গাত ললে, আরু তেওঁ থাকিল।

 দেশখন দেখিবলৈ বৰ শুৱনী, সারুৱা ধান পথাৰেৰে পৰিপূৰ্ণ, আরু ফলবান্ গছেৰে চহকী। সকলো চহকী কাৰ্থেজবাসীবিলাকৰ গাওঁ-ঘৰ আরু বাগিচা আছিল। বাগিচাবিলাক, নিঝৰা, গছগছনি আৰু ফুল আদিৰে সুশোভিত। ৰোমাণ সেনাবিলাক পোনপটীয়া, বলী, ভয়জনক, আরু নিপু-