সকলোৱে লাজ দিব। কিছু সময়ৰ পাচত, এজন ৰজা আগ বাঢ়িল, আরু ধেনু ভিৰাবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে । আন এজন, আকৌ আন এজন আহি ধেনুত যোৰ দিবলৈ চালে, কিন্তু সকলো অপাৰগ হল, কাৰণ তাৰ অপৰিমিত জোৰ আরু ভয়ানক আকাৰ । অনেক ৰজাই চেষ্টা কৰিলে, আরু অলঙ্কাৰ খহাই থৈ, সাধ্যমতে জোৰ দিলে, কিন্তু এজনেও ধেনু ভিৰাব নোৱাৰিলে। তেতিয়া বীৰোৎসাহী ধনুৰ্ধৰ কৰ্ণ আহি ক্ৰীড়াস্থলীত সোমাল। সকলো লোকৰে মন ভাঙ্গি দি, আরু আটাইকে আচৰিত মনাই, তেওঁ ধেনু ভিৰালে, আরু যোৰত বাণ খুৱালে । সকলোৱে ভয় কৰি থাকোঁতেই, আত্মাভিমানিনী দ্ৰৌপদীয়ে মনত ঠিক কৰিলে যে, এটা ৰথীৰ পুতেক তেওঁৰ প্ৰভু হব নোৱাৰে। আরু উলিয়াই চিঞৰি কলে, “মই হীন জাতৰ মানুহক বিয়া নকৰাওঁ!” লাজত কৰ্ণৰ বিভ্ৰম হল, কাৰণ তেওঁ নিজৰ নীচ জাতৰ কথা বুজি পায়। তেওঁৰ খং উঠিল, আরু তিতা লাগিল, কিন্তু তেতিযাই ক্ৰীড়াস্থলীৰপৰা মিচিকিয়াই ওলাই আহিল আরু সূৰ্য্যলৈ চাই কলে :-“হে সূৰ্য্য ! তুমি সাক্ষী থাকিবা, চক্ৰৰ বাটে দি কাঁড় মাৰি সোণালি মাছৰ চকু বিন্ধিব নোৱৰা বাবে মই পলাই অহা নাই। মই সিদ্ধিলাভ কৰিব পাৰিলেও, দ্ৰৌপদীযে মোক গ্ৰহণ নকৰে, এই কাৰণে হে মই ধেনু এৰিলোঁ ।” তেতিয়া চেদীৰ ৰজা শিশুপাল, আরু মগধৰ প্ৰখ্যাত ৰজা জৰাসন্ধে, ইজনৰ পাচে সিজনে ধেনু ভিৰাবলৈ
* কাশীদাসে, কৰ্ণৰ, লক্ষ্য বিন্ধিব নোৱৰাৰ আন কাৰণ দিছে ।