পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৫৩ ]
 

বুজিব পৰা নাই, দিন আরু ৰাতিয়ে আপোনাৰ হুকুম কেনেকৈ মানে।” ৰজাই কলে, “কিয়, দিনৰ কাম সকলো ৰাতি হয়, ৰাতিৰ কাম দিনত হয়। ইয়াতে কোঁৱৰে কলে, “সৰ্গদেও! আপুনি এনে অনুচিত কাৰ্য্যৰপৰা ক্ষান্ত হওক—মানুহে শান্তিৰে কাল নিয়াওক। আপুনি দিনক ৰাতি, আৰু ৰাতিক দিন কেনেকৈ পাতিব পাৰে? আপুনি কেতিয়াও দিনত জোন আৰু ৰাতি সূৰ্য্য উলিয়াব নোৱাৰে।” এই কথাত ৰজা সন্তুষ্ট হৈ, তেওঁক মুক্তি দিলে। আৰু তেতিয়াৰ পৰা দিনক দিন আৰু ৰাতিক ৰাতি বুলি ধৰিবৰ হুকুম হল।

—————
বিষু, খাঁ—উপকথা ।

 ৰক্ষণৰ উপায় অপূৰ্ণ থাকিলে যেনেকৈ অপকাৰ হোৱাৰ সম্ভৱ, অতিপূৰ্ণ হলেও সেইদৰে অনিষ্ট হব পাৰে।

 এসময়ত কোনো এটা মানুহে একে চাপৰতে একুৰি মাখি মসিমুৰ কৰিলে। মনত বৰভাব কৰি, তেতিয়াৰপৰা সি বিষু খাঁ নাম ধৰিলে। তাৰ নিচিনা বীৰপুরুষৰ সরু কামে শোভা নেপায় বুলি, সি বন-বাৰি কৰিবলৈ এৰি দিলে। আন লোকে যদিও তাক নগণিছিল, তথাপি সি ডবিয়াই-হুঁকিয়াই ঘৈণীয়েকৰপৰা সম্মান লব পাৰিছিল। দৈবাৎ তাৰ গাওঁত চোৰৰ উপদ্ৰৱ হল। তেতিয়া সি তাৰ নিজৰ ঘৰৰক্ষা কৰিবলগাত পৰিল। সি এজোৰ ঢাল আনি, এখন পিঠিত, এখন বুকুত আঁটিল কৰি পিন্ধিলে; আধা ডৰ্জ্জন যাঠি আরু এখন তৰোৱাল লগত ললে; আরু এক ডৰ্জ্জন কিৰিচ্ ভৰিত গোটাই