জাম্ববানেও সেই নিৰ্ম্মল মণিৰত্ন লৈ নিজৰ গাঁতত সোমাল, আরু তাক সুকুমাৰক নামৰ পুতেকক উমলিবলৈ দিলে।
প্ৰসেনক উলটি নহা দেখি, কৃষ্ণে মণিৰত্ন পাবলৈ অভিলাষ কৰিছিল, কিন্তু নেপালে, নিশ্চয় এইটো তেওঁৰ কাম, প্ৰসেনক আনে মৰা নাই, এই বুলি যদুবংশৰ সকলোৱে কণাকাণি কৰিবলৈ ধৰিলে।
এই অপবাদ শুনিবলৈ পাই, শ্ৰীকৃষ্ণে লগত অনেক সৈন্য লৈ প্ৰসেনৰ ঘোড়াৰ খোজে খোজে গল, আরু সিংহে মাৰি থোৱা ঘোড়া আরু প্ৰসেনক দেখিলে। সিংহৰ খোজ দেখাত, সকলো মানুহৰ কৃষ্ণৰ ওপৰত হোৱা সন্দেহ গুচিল। কৃষ্ণে সিংহৰ খোজ অনুসৰণ কৰিলে। অলপ বাট গৈয়েই, তেওঁ ভালুকে বধা সিংহকো দেখিবলৈ পাই, মণিৰ আদৰত ভালুকৰ খোজ ধৰি গল। সকলো যদুসৈন্যক পৰ্ব্বতৰ দাঁতিত থৈ, তেওঁ খোজ নিহালি গৈ গাঁতত সোমাল। আধা সোমায়েই, তেওঁ ধায়ে এই বুলি সুকুমাৰকক নিচুকুওৱা কথা শুনিবলৈ পালে,—
সিংহ বধে প্ৰসেনক, জাম্ববানে বধিলে সিংহক।
সুকুমাৰক! নেকান্দাঁ, তোমাৰ ই মণি স্যমন্তক।
এই কথা শুনি, স্যমন্তকৰ বৃত্তান্ত জানিব পাৰি, কৃষ্ণে ভিতৰ সোমাই দেখিলে গৈ, ধায়ে, হাতত ৰশ্মিৰে উজ্জ্বল স্যমন্তক মণি লৈ লৰা ওমোলাইছে। ধায়ে, স্যমন্তকৰ লোভ বুজোৱা চকুৰে অপূৰ্ব্ব পুরুষক দেখি ভয়ত, ৰক্ষা কৰাঁ, ৰক্ষা কৰাঁ বুলি চিঞৰিবলৈ ধৰিলে।