পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


[ ২ ]
ৰাজহাঁহ।

 মানুহে ৰাজহাঁহ পুহিবলৈ ধৰাৰ অনেক শ বছৰ হৈছে। এতিয়াও অসংখ্য বনৰীয়া ৰাজহাঁহ আছে; সেইবিলাকক দেও-ৰাজহাঁহ বোলে। এসময়ত যি ৰাজহাঁহে হাবিত মুকলিমূৰীয়াকৈ চৰি ফুৰিছিল, এতিয়া সিহতে ইমান পোহ মানিলে যে কবলৈ বাকি নাই। সিহঁতে মানুহলৈ নিচেই ভয় নকৰে, আরু মাটি যেন শান্ত হল। সিহঁতে ঘৰৰপৰা আঁতৰি যাবই নোখোজে।

 ৰাজহাঁহৰ, পোৱালিলৈ বৰ মৰম। পোৱালিক কোনোবাই আনিবলৈ বা ছুবলৈ গলে, ৰাজহাঁহে ডিঙ্গি মেলি খেদি আহে; আরু সি খুটিবলৈ পালে, চাল ছিঙ্গি নিয়ে। পোৱালিলগা ৰাজহাঁহৰ ওচৰ, সরু লৰাক কেতিয়াও থব নোৱাৰি।

 ৰাজহাঁহৰ খোজটো বৰ গহীন। সি ধীৰে ধীৰে আত্ম সম্মানেৰে খোজ কাঢ়ে। তাৰ খোজ দেখিবলৈ ইমান গঢ়িত যে, কোনেও তাৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে। বাস্তবিকে, খোজৰ বাবেই তাৰ, কবিৰ ওচৰত চিনাকি।

 এনে কথা আছে, শিয়াল আহিলে, ৰাজহাঁহে বাপেকৰ কালৰ ধরুৱা আহিছে বুলি ডিঙ্গি মেলি দিয়ে, আরু শিয়ালে তেতিয়া তাক ধৰি লৈ যায়। ৰাজহাঁহ যে নিচেই অজলা, এই কথাটিয়ে কেৱল তাকে বুজায়। ইংৰাজবিলাকেও মুৰ্থ লোকৰ পটন্তৰ দিবলৈ হলে, ৰাজহাঁহৰ নাম কৰে।

 ৰাজহাঁহে আমাক কলম যোগায়। যাক সকলোৱে মুৰ্খ বোলে, তাৰ পাখিৰে শত শত জ্ঞানীয়ে কিতাপ লিখে!