পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[১৭ ]
 

জাম্ববানে আৰ্ত্তনাদ শুনি খঙ্গত জ্বলি আহিল। দুইৰো যুঁজ লাগিল। যুঁজত একইছ (১) দিন যায়। যদু সৈন্যবিলাকে, কৃষ্ণ ওলাব বুলি আঁঠ দিন (২) বাট চালে। তেওঁক নোলোৱা দেখি, গাঁতত এওঁৰ নিশ্চয় নাশ হব পায়, নহলে শক্তজয় কৰোঁতে ইমান দিন লাগিব কিয়, ইয়াকে ঠিক কৰি, সিহঁত দ্বাৰকালৈ উলটি, কৃষ্ণ মৰিল বুলি উলিয়াই দিলে। তেওঁৰ বন্ধুবান্ধৱে, মৰণত কৰিবলগীয়া, শৰাধ আদি সকলো প্ৰেতকাম কৰিলে। কৃষ্ণলৈ ভক্তি থকাত, সৈন্যবিলাকে উলটিবৰ সময়ত, চাউল পানী আদি আহাৰ থৈ আহিছিল। সেইবিলাক আহাৰৰ দ্বাৰা যুঁজত কৃষ্ণৰ বলপ্ৰাণৰ পুষ্টি হৈছিল। অনুদিন অতি বলৱন্ত পুৰুষৰ আঘাতৰ দ্বাৰা অঙ্গপ্ৰত্যঙ্গ জৰ্জ্জৰিত হোৱাত, আরু অনাহাৰত, জাম্ববান শক্তিহীন হল। কৃষ্ণৰদ্বাৰা পৰাজিত হৈ, জাম্বুবানে প্ৰণিপাত কৰি কলে, ”দেৱ, দানৱ, যক্ষ, গন্ধৰ্ব্ব, ৰাক্ষস আদিয়েও আপোনাক জিকিব নোৱাৰে, পৃথিবীত থকা আমাৰ নিচিনা অল্পবীৰ্য্য প্ৰাণীৰ কথা কি! অৱশ্যে আপুনি, মোৰ প্ৰভু নাৰায়ণৰ অংশেৰে হৈছে।” কৃষ্ণে ৰং পাই, জাম্ববানৰ পিঠিত হাত বুলাই যুঁজৰ ভাগৰ গুচালে। জাম্ববানে কৃষ্ণক আরু প্ৰসন্ন কৰি, কৃষ্ণ উলটিবৰ সময়ত, জাম্বৱতী নামৰ নিজৰ জীয়েকক তেওঁৰে বিয়া দিলে, আরু সেয়ে যেন আগমন-কালৰ পূজা-বিধি হল। জাম্ববানে প্ৰণিপাত কৰি, তেওঁক স্যমন্তক মণিও দিলে।


 (১) শঙ্কৰদেৱে কীৰ্ত্তনত আঁঠাইছ দিন বুলি লিখিছে।
 (২) কীৰ্ত্তনত বাৰ দিন আছে।