পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২৫ ]

ৰাম-বনবাস।

 দশৰথে ঠিক কৰিলে, তেওঁ ৰামক ৰাজ্য এৰি দি নিজে ধৰ্ম্ম-কামত মন দিব। পাত্ৰ, মিত্ৰ সকলো আনন্দিত হল; সকলোৱে ৰজাৰ তেনে সুন্দৰ প্ৰস্তাৱৰ প্ৰশংসাবাদ কৰিবলৈ ধৰিলে। দশৰথ কলে, “কাইলৈ যুবৰাজৰ অভিষেক হব। মোৰ ৰাজ্যৰ প্ৰত্যেক ঘৰত মঙ্গলাচৰণ হওক। দুখী দৰিদ্ৰ সকলোৰে অভিলাষ পূৰ্ণ কৰা যাওক।” ৰাজ্যত মঙ্গলময় অনুষ্ঠান হল, প্ৰজাৰ মনত মধুময় আনন্দ হল, দুখী দৰিদ্ৰে অপৰ্যাপ্ত দান পাই ৰঙ্গত উত্ৰাৱল হল। চাৰিওপিনে গান বাজনাৰ সোঁত ববলৈ ধৰিলে, হৰ্ষৰ কোলাহলে আকাশ লঙ্ঘিলে। এইবিলাক সুখশব্দ শুনিবলৈ পাই, জন্তু আৰু চৰাইবিলাকৰো মনত কেনেবা ভাবৰ উদয় হল। সিহঁতৰ মন আনন্দত ওফন্দি আহিল; সিহঁতে স্থিৰে থাকিব নোৱাৰি চঞ্চল হৈ ফুৰিবলৈ ধৰিলে। জন্তুবিলাকে বিলাসভঙ্গীৰে ডেওৱাডেৱি কৰিবলৈ, আৰু চৰাইবিলাকে নানা সুৰেৰে গান কৰিবলৈ ধৰিলে। মুঠতে, অযোধ্যা আনন্দময় পুৰী হল।

 কৈকেয়ীৰ মন্থৰা নামেৰে এজনী কুটবুদ্ধি বেটী আছিল। ৰাম ৰজা হব বুলি শুনি, তাই লৰি গৈ কৈকেয়ীক নানাপ্ৰকাৰ কুপৰামৰ্শ দি ভূলাবলৈ লাগিল। তাই কলে, “তোমাৰ সতিনী ৰাজমাও হব। তোমাৰ ভৰতে, চিৰকাল ৰাজ্যভোগৰপৰা বঞ্চিত হৈ লোকৰ অধীনত দুখেৰে কাল কাটিব। তুমি এইবিলাক, চকুৰে চাই থাকিব নোৱাৰিবা।” তিৰোতাৰ মনত স্বভাৱতঃ শক্তি নাই। মন্থৰাৰ দুষ্ট বুদ্ধিত, কৈকেয়ীৰ