পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩৯ ]
 

যাৰ আৱশ্যক নাই, সেই পানী স্বাভাবিক নলাৰে গৈ সাগৰত মিলে। উচ্চভূমিত ইমান সৰহ সোঁতা দেখিবলৈ পোৱা যায়, আরু মাটিত ইমান বেচি বৰষুণৰ পানী পৰে যে, সেই বিলাকৰ দ্বাৰা দেশ প্লাবিত হব লাগিছিল। কিন্তু তেনে নহয়। যেতিয়া কোনো দুটা সোঁতা আহি সম্মিলিত হয়, সি পূৰ্ব্বৰ কোনাে এটাতকৈ আকাৰত বহল নহয়। সি তেতিয়া আকাৰত বিস্তৃত নহয়, কিন্তু বৰ দ হয়। এইদৰে দেখা যায় যে,ভূমি-ভাগে দি যদিও বহুত পানী যায়, সেইবিলাকে সৰহ ঠাই নোজোৰে।

 বৰষুণৰ পানী গৈ অৱশেষত নৈ আরু সোঁতা হয়। কিন্তু যেতিয়া ঘামকালি বহুত দিনলৈকে বৰষুণ নােহােৱাকৈ থাকে, তেতিয়া কেনেকৈ সেইবিলাক নৈ আরু সোঁতা চলি থাকিব পাৰে? বৰষুণ আরু নিঝৰা দুইটাই নৈক পানী যােগায়। যদিও বতৰ ধৰ হয়, তথাপি নিঝৰাৰপৰা পানী আহি থাকি নৈ বােৱাই থাকে। কিন্তু যেতিয়া পানীৰ আকাল হয়, তেতিয়া কোনাে কোনো বাম নিঝৰাবিলাকে ববলৈ এৰে। আরু তেতিয়া সৰু নৈবিলাকৰ পানী শুকায় বা কমি যায়। ইংলণ্ডৰ অনেক নৈবিলাকেই সরু, আৰু সেইবিলাকৰ এই দশা হয়। পৃথিবীত ‘মিচিচিপি’ প্রভৃতি যিবিলাক বৰনৈ আছে, বহুবৃষ্টি বা অনাবৃষ্টি হলেও, সেইবিলাকৰ বিশেষ গম ধৰিব পৰা পৰিবৰ্ত্তন নহয়। কোনো দেশত, শীতকাল আৰু বসন্তকালত নৈ বাঢ়ে, কোনাে দেশত বা গ্রীষ্মকাল আরু শৰৎকালত বাঢ়ে। গ্রীষ্মৰ উত্তাপ যিমান প্ৰখৰ হয়, 'ৰাইন' নৈ সেই অনুসাৰে বাঢ়িবলৈ ধৰে, আরু যিমান শীত পৰে,