পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭২ ]
 

অলপ পানীত পেলাই মণ্ডৰ নিচিনা কৰিব লাগে। আরু তাৰ পাচত উমি উমি তপত হোৱা পানীৰে তাক গুলি লব লাগে। তেতিয়া সেই মণ্ডখিনি বাঁহ বা লোৰ শলিৰ এখন ছাকনীৰে এনেভাৱে ওপৰলৈ তুলি খন্তেক ধৰি থাকিব লাগে, যেন সি চাৰিও পোনে সমানভাৱে মেলি পৰে। অলপ বেলিৰ পাচতে ছাকনীৰ বিন্ধাই দি পানী-অংশ বৈ যাব। তেতিয়া তাক, ছাকনীখন লুটিয়াই, কাঠৰ পাত এচটাৰ ওপৰত নমাই থলেই, কাগজ নিৰ্ম্মিত হয়। কাগজৰ আকাৰ, ছাকনীৰ আকাৰৰ অনুরূপ হয়। এইদৰে ওপৰে ওপৰে অনেক কাগজ জাপি, তাৰ ওপৰত এটা ডগাৰে হেঁচা দি থলে, বাকি পানীখনি ওলাই যাব। তেতিয়া এখন এখন কাগজ বেলেগাই শুকাব লাগে।

তাকে কৰি, ভাত বা আন কোনো তেনে বস্তুৰ মাৰ ঘঁহি, আকৌ শুকাব লাগে। তেতিয়া কাগজবিলাক টান হৈ পৰে। তাৰ পাচত নিয়মমতে কাগজৰ কোষ কাটি, দিস্তা বান্ধি, সেইবিলাক বেচিবৰ নিমিত্তে থৈ দিয়া যায়।

 ইওৰোপ আৰু আমেৰিকা দেশত এইবিলাক সকলো কাম, কলৰ সাহায্যেৰে হয়। এনে উপায় থকাত, কাগজ কৰিবৰ যে কিমান সুবিধা হৈছে, তাক কৈ এঁটাব নোৱাৰি। কলৰ দ্বাৰা, অলপ সময়তে অনেক কাগজ প্ৰস্তুত হয়, আরু গুণতে সেইবিলাক বৰ উত্তম হয়। ব্ৰিটন আরু ফ্ৰান্সৰ কাগজবিলাক আটাইতকৈ ভাল। জন্মণি দেশত প্ৰায়েই বেয়া কাগজ হয়।

 চীনদেশত কেঁচা বাঁহৰ গুৰা আরু আন কেইবা বিধৰো গছৰ বাকলিৰপৰা কাগজ প্ৰস্তুত কৰা হয়। চীনদেশৰ