তাম্ৰেশ্বৰীৰ মন্দিৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

তাম্ৰেশ্বৰীৰ মন্দিৰ

 

[  ]
 
 

[  ]
 

তাম্ৰেশ্বৰীৰ মন্দিৰ

⸻⸻⸻⸻⸻⸻

ৰজনীকান্ত বৰদলৈ

⸻⸻⸻⸻

সাহিত্য-প্ৰকাশ

ট্ৰিবিউন বিল্ডিংছ

গুৱাহাটী-৩

 

[  ]
উছৰ্গা


যিজনা অসমীয়া মহাত্মাৰ অকাল বৈকুণ্ঠ প্ৰয়াণত সমস্ত ভাৰত-
বাসী শোকাকুল, যিজনাৰ শ্ৰাদ্ধত জাতি ধৰ্ম্ম নিৰ্ব্বিশেষে
সকলোৱে শ্ৰদ্ধাঞ্জলী দিলে, সেইজনা স্বাৰ্থত্যাগী,
কৰ্ম্মবীৰ, কীৰ্ত্তিমন্ত, অসমৰ মুকুটবিহীন ৰজা
অসমীয়া সাহিত্যৰো সেৱক, ভাৰত-মাতৃৰ
মৰমৰ সন্তান, মোৰ চেনেহৰ কুটুম,
৺নবীন চন্দ্ৰ বৰদলৈৰ পবিত্ৰ আৰু
প্ৰাতঃস্মৰণীয় নামত এই
ক্ষুদ্ৰ পুথিখন উছৰ্গা
কৰিলোঁ।


ৰজনীকান্ত বৰদলৈ

[  ]

৺নবীনচন্দ্ৰ বৰদলৈৰ উদ্দেশ্যে


 ৺কৰ্ম্মবীৰ! দেশৰ একনিষ্ট সাধক! সেৱক। তোমাক মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীয়ে কি নিবেদন কৰিম বিচাৰি নাপাওঁ। তুমি যে ইমান মহৎ, ইমান স্বাৰ্থত্যাগী আছিলা, এই কথা তোমাৰ জীৱদ্দশাত অনেকে উপলব্ধি কৰা নাছিল; কিন্তু তোমাৰ বৈকুণ্ঠ প্ৰয়াণে দেখুৱালে তুমি অসমৰ আন কি এই ভাৰতৰো কি আদৰৰ ধন আছিলা। তুমি মহাপুৰুষ। তোমাৰ বৈকুণ্ঠত বাস। তোমাৰ আৰ্হিৰে উঠি অহা অসমীয়া ডেকাসকল যেন অনুপ্ৰাণীত হয়, আৰু মোৰ নিচিনা বৃদ্ধয়ো যেন তোমাৰ স্বাৰ্থত্যাগীতা শিকিব পাৰো এই আশীৰ্ব্বাদ কৰিবা। তুমি মৰিও অমৰ হলা।


তোমাৰ বিয়োগত শোকাকুল

ৰজনীকান্ত বৰদলৈ

[  ]

তাম্ৰেশ্বৰীৰ মন্দিৰ

 আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্ৰায় হাবিৰে ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছোঁ, অৰ্থাৎ মানৰ দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে প্ৰায় পৰ্ব্বতৰ কাষলৈকে আহোম আৰু চুতীয়াসকলৰ সুন্দৰ সুন্দৰ বসতি আছিল। নৈ খান উত্তৰৰ পৰা দক্ষিণলৈ বই শদিয়াত আহি ব্ৰহ্মপুত্ৰত পৰিছে। দুয়োপাৰৰ বস্তিবিলাক নৈৰ ফাললৈ মুখ কৰা। বস্তিবিলাকৰ পিছ ফালে তামোল-পাণ, আম-কঠাল, বাহ আছিল। আৰু এই বাৰীবিলাকৰ পিছফালে আহু, শালি, মাহ, সৰিয়হ ইত্যাদিৰ পথাৰ আছিল।

 ব্ৰহ্মপুত্ৰত পৰা মুখৰপৰা প্ৰায় এক ৰিঙৰ আঁতৰত উজনিফালে নৈ খানৰ পচিমপাৰে এখান “বলিয়া বাবাৰ” থান আৰু সাত কি আঠ ক্ৰোশ উজনিত নৈৰ পূব পাৰে প্ৰায় এক ক্ৰোশ আঁতৰত তাম্ৰেশ্বৰী মাতৃৰ মন্দিৰ। মন্দিৰৰ ওপৰৰ ছাল খান তামৰ, বেৰ বিলাক শিলৰ। এই মন্দিৰৰ ভিতৰত এটি শিলৰ দেৱী মূৰ্ত্তি। চুতীয়া আৰু দেউৰীসকলে এই দেৱীক “তামাৰ মাই” বোলে। চুতীয়াসকলৰ মাজত প্ৰবাদ আছে যে তেওঁবিলাক আগৰ ভীষ্মকৰ বংশৰ ক্ষত্ৰিয় জাতি আৰু এই “তামাৰ মাই” ভীষ্মক ৰজাৰ অধিষ্ঠাত্ৰী দেৱী আছিল। ভীষ্মকৰ পিছৰ ৰজাসকল ক্ৰমশঃ দুৰ্ব্বল হোৱাত ওপৰৰ পৰ্ব্বতৰপৰা নামি অহা মিচিমি সকলে চুতীয়াসকলক, বিশেষ দেৱী মূৰ্ত্তিৰ ওপৰত অত্যাচাৰ কৰাত, অৰ্থাৎ এই দেৱী মূৰ্ত্তি পৰ্ব্বতলৈ নি তেওঁবিলাকৰ মাজত থাপিব খোজাত, মূৰ্ত্তি খান হেনো ডিবং নৈৰ পানীত আপোনা-আপুনি ডুবি অন্তৰ্দ্ধান হৈছিল। প্ৰবাদ আছে যে মিচিমি সকলো আগৰ পৰশুৰামৰ লগত অহা যুজাৰু বীৰসকলৰ হে [  ] সতি-সন্তান। তেওঁবিলাক হেনো আগৰ মিশ্ৰ ব্ৰাহ্মণ, ক্ষত্ৰিয় ইত্যাদি জাতিৰ হে মানুহ অছিল। পৰশুৰামে তেওঁবিলাকক তেওঁৰ “কুণ্ড” ৰক্ষা কৰি থাকিবলৈ এৰি যোৱাত তেওঁবিলাক আৰ্য্য জাতিৰ সংমিশ্ৰণৰ- পৰা আঁতৰ হোৱা বাবে হেনো এতিয়া এটা অসভ্য পৰ্ব্বতীয়া জাতিত পৰিগণিত হৈছে। এতিয়াও পৰশুৰাম কুণ্ডলৈ যোৱা যাত্ৰীক মিচিমি নাৱৰীয়াইহে ব্ৰহ্মপুত্ৰ পাৰ কৰি দিয়ে। “কুণ্ডত” স্নান কৰা যাত্ৰীসকলৰ তিওৱা কাপোৰ মিচিমি, মিচিমিয়নীয়ে নিয়ে। আগেয়ে বাট-পথৰ সুচল নথকাত পৰশুৰাম কুণ্ডৰ যাত্ৰীয়ে মিচিমি ৰজাৰ তালৈ গৈ তেওঁক আফিং, টকা, মদ্, ইত্যাদিৰ ভাৰ-ভেটী দিলেহে হেনো পৰশুৰাম কুণ্ডলৈ যাব পাৰিছিল। মিচিমি ৰজাই ভাৰ-ভেটী গ্ৰহণ কৰি যাত্ৰীৰ লগত মিচিমি মানুহ দিছিল। সেই মিচিমিসকলে হাবি জঙ্গল কাটি, বাট দেখুৱাই যাত্ৰীক পৰশুৰাম কুণ্ডলৈ নিছিল আৰু আকৌ মিচিমি ৰজাৰ ওচৰলৈ ওলটাই আনিছিল। এতিয়া সুগম বাট-পথ আমাৰ ইংৰাজ ৰজাৰ বিষয়াই কৰাই দিয়াৰ কাৰণে পৰশুৰাম কুণ্ডলৈ যাবলৈ সুচল হৈছে যদিও মিচিমি নাৱৰীয়াই লুইত পাৰ কৰি নিদিলে যাত্ৰীয়ে পৰশুৰাম কুণ্ড নাপায়গৈ। লোহিত পাৰ হৈ ঠায়ে ঠায়ে শিলৰ ওপৰেদি হাবিৰ মাজেদি সুৰ-সুৰীয়া বাটেৰে, ওপৰত সোঁ-সোঁকৈ বতাহ বলি থকা দীঘল দীঘল গছৰ তলেদি প্ৰায় পাঁচ মাইল মান বাট খোজ কাঢ়ি যাব লাগে। ঠাই অতি মনোহৰ, গহীন আৰু নিস্তব্ধ। মিচিমিসকল বৰ্ত্তমানে এটা পৰ্ব্বতীয়া জাতি হলেও তেওঁলোকৰ অনেকৰে দীঘল আৰু টন্ টনিয়া নাকে সুচায় যে তেওঁবিলাকৰ সৰহ ভাগেই অতীজত আৰ্য্য জাতিহে আছিল। এতিয়াও হেনো কেঘৰমান মিচিমিয়ে কৃষ্ণসাৰ পহুৰ ছালৰ লগুণ সাজি কিবা কিবি পূজা পাটল কৰি সেই লগুণ পিন্ধে আৰু এই কেইঘৰ মানুহে হে হেনো সকলো মিচিমিৰে ক্ৰিয়া কলাপ, দেওপূজা ইত্যাদি কৰে।

 যদিও মিচিমিসকল আগৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়হে, তথাপি ভীষ্মকৰ অধিষ্ঠাত্ৰী দেৱী, মিচিমিসকলে লৈ যাব খোজাত, অন্তৰ্দ্ধান হৈছিল হেনো। পিছত চুতীয়াসকলৰ ভিতৰত ৰত্নপাল ৰজা পৰাক্ৰমী হৈ উঠিলত এই শিলৰ মূৰ্ত্তি (তামাৰ মাই) হেনো এদিন চুতীয়া ৰজা আৰু প্ৰজাক দেখা দিবলৈ পানীত ওপঙি উঠিছিল। পিছত এই মূৰ্ত্তিক হেনো হিন্দু আৰু আন জাতিৰ মানুহে নিব খোজাত মূৰ্ত্তিখান ইমান গধুৰ হৈছিল যে কুৰি পঁচিশ জন মান মানুহেও মূৰ্ত্তি খান ঠাইৰপৰা [  ] লৰাবকে নোৱাৰিলে। পিছত যেতিয়া চাৰিজন চুতীয়া মানুহে গা ধুই দেৱীক কাকূতি মিনতি কৰিলে, তেতিয়া হেনো দেৱী মূৰ্ত্তি হালি জালি পাতল হল, আৰু তেতিয়া সেই চাৰিজন চুতীয়ায়ে মাতৃমূৰ্ত্তিক দোলাত তুলি নি এই ঠাইত থাপিলে। যি ঠাইত থাপিলে সেই ঠাইত এই তাম্ৰেশ্বৰীৰ মন্দিৰ নিৰ্ম্মিত হল। তেতিয়াৰপৰা এই মূৰ্ত্তিক চুতীয়া- সকলৰ পুৰোহিত দেউৰীসকলেহে সেৱা পূজা কৰে। ব্ৰহ্মণ কি আন কাৰো এই মন্দিৰত অধিকাৰ নাছিল। ব্ৰাহ্মণ দেউৰীসকলেই পূজাৰী, আঠপৰীয়া, পচাতোলা, বলিকটীয়া ইত্যাদি সকলো কাম কৰিছিল। এই তাম্ৰেশ্বৰী মাৰ মন্দিৰত বছৰি দুৰ্গোৎসবৰ সময়ত হাঁহ, পাৰ, মহ ছাগলি ইত্যাদিত বাজেও অষ্টমীৰ দিনা যেনে তেনে এটা হলেও নৰবলি হৈছিল। আৰম্ভণতে নৰহত্যাকাৰী, বা ৰাজদ্ৰোহৰ অপৰাধী, যাৰ মৃত্যুদণ্ড বিহিত হৈছিল, তেনেকুৱা মানুহকহে, তাৰ জীউটোৱে মৰণ কালত শান্তিৰে যাবৰ কাৰণে এনেকুৱা একোজন মাতৃ মূৰ্ত্তিৰ আগত বলিত পৰিছিল। পিছত দুৰ্গোৎসৱ বা কালীপূজা হলেই যে এটা মানুহক বলি দিবই লাগিব। এনেকুৱা অনুষ্ঠানত পৰিহে দোষী হওক নিৰ্দ্দোষী হওক এটা মানুহক বলি দিবই লাগিব এনেকুৱা নিয়ম হৈছিল। সেই দেখি পিছলৈ বছৰি বলিৰ কাৰণে দোষী মানুহ নোপাৱা হলত দেউৰীসকলৰ নিবেদনত আহোম ৰজাই চুতীয়াসকলৰ এখেল মানুহক “ষাড়ৰ খেল” নাম দি, সিহঁতক নিষ্কৰ মাটি-বৃত্তি দি এই “ষাড়ৰ খেলৰ” পৰাই একোটা নিঘূণি বিয়া নকৰোৱা উঠন ডেকাক “তামাৰ মাইৰ” আগত বলি দিয়া নিয়ম বিহিছিল। শদিয়াৰ ১৫ মাইল আঁতৰত পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত চুনপোৰা নামে এখন বিতোপন মুকলি ঠাই আৰু সেই ঠাইতে সেই কালত শদিয়াৰ শাসনকৰ্ত্তা আহোম ৰজাৰ প্ৰতিনিধি “শদিয়া খোৱা” গোঁহাই আছিল। চুনপোৰাৰপৰা তাম্ৰেশ্বৰী মন্দিৰলৈ যাবলৈ নাৱেৰেও সুবিধা আছিল; আৰু বামেদিও এটা আলি আছিল। দুৰ্গোৎসৱৰ সময়ত এই তাম্ৰেশ্বৰী মন্দিৰৰ নৰ-বলি চাবলৈ পশ্চিম ফালৰপৰা ৰাজগড় আলিয়েদি অনেক পশ্চিমীয়া মানুহ বিশেষকৈ অঘোৰ, বামাচাৰী তান্ত্ৰিক — আহিছিল আৰু ওপৰৰ ফালৰ পৰ্ব্বতবিলাকৰপৰাও মিচিমি খাম্তি আবৰ ইত্যাদি পৰ্ব্বতীয়া জাতি আহিছিল। তামেশ্বৰী মন্দিৰৰ দেউৰীসকলক আন মানুহে যে ভয় কৰিছিলেই আনকি আহোম ৰজা- সকলেও বছৰি ৰজাক নিৰ্ম্মালি দি আশীৰ্ব্বাদ কৰিবলৈ অহাত ৰজাই [ ১০ ] থিয় হৈ দেউৰীসকলক অভ্যৰ্থনা জনাইহে নিজৰ আসন গ্ৰহণ কৰিছিল। পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ পাৰিলে কালী পূজাত দুৰ্গা পূজাত এই তাম্ৰেশ্বৰী মন্দিৰত নৰ বলি চাবলৈ সেই কালতো অনেক বঙালী আৰু হিন্দুস্থানী সন্ন্যাসী, বৰাগী, বামাচাৰী তান্ত্ৰিক ইত্যাদি আহিছিল।

 ১৮১৭ খৃষ্টাব্দৰ এদিন বহাগ মাহৰ শেষ পষত, বেলি ভাটী দিয়াত এজন উৰ্দ্ধবাহু সন্ন্যাসী, এজন সন্ন্যাসী, আৰু এজন দেখোঁতে আদবয়সীয়া বৈষ্ণবী, শদিয়াৰ চূনপোৰা অঞ্চল পাই, মানুহক সুধি-পুছি, শদিয়া খোৱা গোঁহাইৰ হাউলিলৈ আহিছিল। ওপৰলৈ ঠৰঙ্গা হাত এখন দাঙি ৰখা, আগে-পিছে নেদেখা, উৰ্দ্ধবাহুজনক দেখি চুনপোৰাৰ প্ৰায় ল'ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, শদিয়া খেৱা গোঁহাইৰ ঘৰলৈকে এওঁলোকৰ পিছ ললে। ইমানবিলাক মানুহেৰে পৰিবেষ্টিত হৈ যোৱা সন্ন্যাসী, বৰাগী আৰু বৈষ্ণবীক দেখি শদিয়া খোৱা গোঁহাই, তেওঁৰ পৰিবাৰ আৰু তেওঁৰ জীয়াৰী জনাই সৈতে চৰাঘৰলৈ ওলাই আহি থিয় দিলেহি; বৰাগী, বৈষ্ণবী, উৰ্দ্ধবাহু তিনিও ওপৰলৈ হাত তুলি গোঁহাইদেৱক আশীৰ্ব্বাদ দিলে। ইয়াৰ পিছত বৈষ্ণবীজনাই আগবাঢ়ি গৈ গোঁহাইদেৱৰ হাতত পত্ৰ এখানি দিলে। গোঁহাইদেৱে পত্ৰখন মেলি পঢ় আস্ত-আদৰকৈ চাৰি-কঠ পৰাই তিনিউজনকে বহিবলৈ দি নিজেও এখন ফুলাম চকঢাৰিৰ ওপৰত এখন বানত পৰোৱাই বহিল, আৰু উপস্থিত দৰ্শকসকলক ঘৰাঘৰি যাবলৈ আদেশ দি বৈষ্ণবীজনাৰ লগত কথা-বতৰা আৰম্ভ কৰিলে :—

 শঃ খোঃ গোঁহাইদেৱ — “পিছত কোৱাচোঁ বৈষ্ণবি। আমাৰ স্বৰ্গদেৱ, পাত্ৰ, মিত্ৰ, মন্ত্ৰী সমন্বিতে ভালো আছে নে। ”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! স্বৰ্গদেৱ ঈশ্বৰ আৰু আন আন সকলোকে ভাল দেখিয়েই আহিছো। ”

 গোঁহাইদেৱ — (নিজ মনতে — স্বৰ্গদেৱে দেখোন মানৰপৰা এটা ভবিষ্যৎ অমঙ্গলৰ আশঙ্কা কৰিছে। কৰিবৰে কথা! বিদেশী মানতনো কি সজাত আছে!) ফুটাই — “পিছত বৈষ্ণবি! এতিয়াতো তোমালোকে [ ১২ ] পৰশুৰাম কুণ্ডলৈ যাব নোৱাৰিবা। বাট-পথ দুৰ্গম হৈছে আৰু যাওঁতে যাওঁতে বৰষুণ পৰিলেই নৈ জান জুৰি আটাইবিলাক ভৰি পৰিব। সেইবিলাকত নাও-ডুঙ্গিও নাই। বাটৰ মানুহ, ৰাটতে ৰবা ইকুলো নহবা, সিকুলো নাপাবা। খাব নাপাই মৰিবা।

 বৈষ্ণবী — “তেন্তে এতিয়া আমাৰ উপায় কি হব দেউতা ঈশ্বৰ?”

 শঃ খোঃ গোঁঃ — “তোমালোকে পূজাৰ পিছলৈকে ইয়াত থাকিব লাগিব, পিছত আঘোণ মাহ পৰিলেহে যাব পাৰিবা। মোৰ হাউলিৰ বাহিৰে পূবত এটা বিষ্ণু মন্দিৰ আছে, তাৰ লগতে ভোগ ঘৰ, আলহী থকা ঘৰ আছে। তোমালোকে তাতে থাকাগৈ। মই সিধা ভূজা দি থাকিম। ”

 বৈষ্ণবী — “ভাল দেউতা ঈশ্বৰ। পিছত আমি সময়ে সময়ে, গাঁৱে-ভূয়ে নাম-গুণ গাই শুনাই ভিক্ষা কৰিবগৈ পাৰিমনে?”

 শঃ খোঃ গোঁঃ — “পাৰিবা। কিন্তু তোমালোকে আমাৰ ৰজা- ঘৰৰ বিষয়ে কাকো একো নকবা। কি পুৰন্দৰ সিংহ স্বৰ্গদেৱ, কি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ কাৰো কথা নুলিয়াবা আৰু কোনো এজনকো নশলাগিবা। এইদৰে চলিলে তোমালোক ভালে থাকিব পাৰিবা কিন্তু ৰাজনীতি চৰ্চ্চা কৰিলে বিপদত পৰিব পাৰা, এই কাৰণে সাৱধান কৰিলো।

 বৈষ্ণবী — “ভাল দেউতা ঈশ্বৰ। আমি সেইদৰেই চলিম। ”

 শঃ খোঃ গোঁঃ — বৈষ্ণবি! মাতে-কথাই তোমাক দেখোন অসমীয়া মানুহ যেন লাগে। ”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ। মই আদিতে অসমৰে জীয়াৰী। মোৰ ঘৰ মাজুলিত আছিল। মই জাতিত কলিতা মানুহ। ”

 শঃ খোঃ গোঁঃ — “তেন্তেনো তুমি অসমীয়া জীয়াৰী হৈ বৈষ্ণবী কেনেকৈ হলা?”

 বৈষ্ণবী — “সেইবিলাক ভালেমান কথা দেউতা ঈশ্বৰ, আমি এই ঠাই এৰাৰ আগতে দেউতা ঈশ্বৰক সকলো কথা কম। পিছত এতিয়া আমাৰ ভাগৰ লাগিছে। এতিয়া আলহী থকা ঘৰলৈ যাব খোজো। ”

 শঃ খোঃ গোঁঃ — “বাৰু যোৱাগৈ। যেতিয়া যি লাগে তুমি মোক কবাহি আন কি মই নথকাত তুমি মোৰ গাভৰুদেৱৰ ওচৰলৈকো আহিব পাৰিবা। ” [ ১৩ ]  বৈষ্ণবী — “ভাল দেউতা ঈশ্বৰ। এতিয়া উঠোহে। ”

 উৰ্দ্ধবাহু, বৈষ্ণবী, বৈৰাগী, মন্দিৰলৈ যাওঁতে বাটত আহি ৰই থকা ল'ৰা-ছোৱালীবিলাকো তেওঁলোকৰ পাছে পাছে গ’ল। তেওঁবিলাক গৈ সেই আলহী ঘৰত সোমাই বহিবলৈ নৌ পাওঁতেই এজন চুতীয়া ডেকাই মন্দিৰৰ বাহিৰত থকা নামঘৰটোৰ এচুকৰপৰা বাঢ়নি এটাৰ আনি আলহী ঘৰটো ততালিকে সাৰি-পুছি দিলে। তাৰ পিচত তিনিখন ঢাৰি-কঠ আনি পাৰি দিলে। তেওঁবিলাকে তেতিয়া ঘৰৰ ভিতৰলৈ সোমাই গৈ সেই পাৰি দিয়া ঢাৰি-কঠত তিনিউজন বহিল আৰু চুতীয়া ডেকাজনক হাত তুলি আশীৰ্ব্বাদ দি কলে — “বাছা! দীৰ্ঘজীবি হোৱা। ” ইয়াৰ পিছত সেই ডেকাজন ওলাই গই দুডাল ডাঙৰ ডাঙৰ কাঠ আনি ধূনীস্বৰূপে আৰু সৰু সৰু খৰি দি জ্বলাই দিলে। ইবিলাক লৰা-ছোৱালীয়ে তেওঁলোক তিনিওকে বেঢ়ি লই যেয়ে যিহকে পালে সুধিব ধৰিলে। তেওঁবিলাকে আমনি পালেও সেই আমনি নেদেখুৱাই মৰমেৰে যথাযোগ্য উত্তৰ দিলে। এনেতে আমাৰ সেই চুতীয়া ডেকাজনে দুটা মাটি কলহ আনি নৈৰপৰা পানী আনি দিলে আৰু এটা নে দুটা মাটিৰ ঘটো আনি দিলে। সাধু কেইজনে জুই আৰু পানী এই দুটা ৰতন পাই পৰম সন্তোষ পাই ডেকাজনক শলাগি আকৌ আশীৰ্ব্বাদ দিলে। তিনিউ এজন এজনকৈ ভৰি-হাত ধুই ধুনীৰ ওচৰত বহিল। গধূলি হল, ইবিলাক ল’ৰা-ছোৱালী ঘৰ-ঘৰি গল। শদিয়া খোৱা গোহাঁইদেৱৰ ঘৰৰপৰা মাহ, চাউল, ঘিউ, নিমখ, শাক-পাচলি প্ৰায় সাত দিনলৈ খাব পৰা জোখাৰে আহিল। তেতিয়া বৈষ্ণবীয়ে জোলোঙাৰপৰা এটা বটলহি উলিয়ালে আৰু তাতে তিনি পোৱা চাউল, তিনি পোৱা ডালি দি তাতে এফেৰা ঘিউ দি ধুনীৰ ওপৰত তুলি দিলে। চুতীয়া ডেকাজনে কেখিলামান কলপাত কাটি আনি দিলে। বটলহিত যেতিয়া সেইবিলাক সিজিল, তেতিয়া সেই সমস্তকে ঢালি থৈ আকৌ তৰ্কাৰি এখান, শাকে-পাতে লাৱে- বেঙেনাই একেলগে ৰান্ধি পেলালে। পিছত বৈষ্ণবীয়ে জোলোঙাৰপৰা এখান সৰু ঠাল আৰু এডোখৰ কৰ্পূৰ উলিয়াই কৰ্পূৰ ডোখৰ জ্বলাই আৰতি কৰিলে। ইয়াৰ পিছত সেই ভোগ বৈষ্ণবীয়ে এখন পাতত [ ১৪ ] চুতীয়া ডেকাজনক দিলে। দুখান পাতত উৰ্দ্ধবাহু আৰু বৈৰাগীক দিলে, এখান পাতত নিজে অলপমান বাঢ়ি লৈ ঈশ্বৰক নিবেদন কৰি প্ৰসাদ ললে। বটলহিত যি থাকিল আৰু পাততো যি খিছিৰি প্ৰসাদ থাকিল, তাক আলহী, অভ্যাগত, পশু-পক্ষী, মাছ মগৰলৈ থই দিলে। তাৰ পিছত বৈৰাগীয়ে জোলোঙাৰপৰা এচিলিম ভাঙ উলিয়াই কাটি মলি হুপি মুহুদি কৰিলে। গাইপতি নিজৰ নিজৰ চুৱা পাত পেলাই ঠাই চাফা কৰি তিনিউ সেই ধুনীৰ তিনি ফালে পৰি থাকিল। চুতীয়া ডেকাজনে তেওঁবিলাকৰপৰা বিদায় লৈ ঘৰ পালেগৈ। তেওঁৰ ঘৰ মন্দিৰৰপৰা প্ৰায় আধা মাইলমান বাটৰ আঁতৰত আছিল।

 চুনপোৰাত থিতাপি লবৰেপৰা নিতৌ ওচৰৰ গাওঁবিলাকপৰা লৰা-ছোৱালী, বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, উৰ্দ্ধবাহু আৰু বৈষ্ণবীক চাবলৈ এই মন্দিৰলৈ আহিব ধৰিলে; আৰু তেওঁবিলাকৰ কেৱে বা ঠিকনা চোৱাবলৈ, কেৱে বা ঔষধ পাবলৈ খোজানত কৰিব ধৰিলে। তেওঁবিলাকে অনেককে “আমি একো নেজানো” বুলি কই বিদায় দিছিল। এৰাব নোৱাৰা দুই এজনক বৈৰাগীয়ে ছায়েই হওক বা ভষ্মই হওক তাকে ঔষধ বুলি দিছিল। বৈষ্ণবী জনাই হলে সেইবিলাক একোতে নাছিল। তেওঁ সকলোকে ঈশ্বৰৰ নাম লবলৈ, বিশেষকৈ কৃষ্ণৰ নাম লবলৈ, উপদেশ দিছিল আৰু ভক্তিমন্ত দুই এজন আহোম আৰু চুতীয়া ৰয়সীয়াল মানুহক নামঘোষা, কীৰ্ত্তন ইত্যাদি গাইও শুনাইছিল। অসমীয়া মানুহসকলে বৈষ্ণবী জনাক আগৰ এগৰাকী অসমীয়া মাইকী মানুহ বুলি জানি, আৰু তেওঁৰ সাম্য অথচ তেজোময় মূৰ্ত্তিটোত আকৃষ্ট আৰু বশ হৈ তেওঁক শ্ৰদ্ধা-ভক্তি কৰিছিল। তাৰ লগে লগে অনেকে তেওঁৰ আতি-গুৰিও জানিব বিচাৰিছিল, কিন্তু তেওঁ “আমি পূৰ্ব্বৰ কথা কব নাপায়” এইদৰে কই সকলোকে বুজনি দি খেজালতৰ হাত সাৰিছিল।

 আন মানুহে এইদৰে এওঁবিলাকক দিক্দাৰী কৰিলেও আমাৰ সেই চুতীয়া ডেকাজনে নিতৌ পুৱা গধূলি এওঁবিলাকক খৰি পানী [ ১৫ ] যতনাই দিছিল। দিনৰ ভাগত নিজৰ ঘৰৰ বন বাৰী, আহুতলী ৰখা ইত্যাদি কাম কৰিছিল। এইদৰে পোন্ধৰ দিন মান যোৱাৰ পিছত তাৰ সেৱা শুশ্ৰূষাত তুষ্ট হৈয়ে নেকি, নে তালৈ এনেযে মৰম লাগিয়েই নেকি এদিন বৈষ্ণবীয়ে ডেকাজনক কলে :— “বাবা তই আজি এই পোন্ধৰ দিনে তোৰ ঘৰৰ বন বাৰি পেলাই থৈও আমাক সেৱা শুশ্ৰূষা কৰিছ, খৰি পানী যতনাই দিছ বাৰু কচোন তোৰ নাম কি, জাতি কি, তোৰ কোন কোন আছে। ” বৈষ্ণবীৰ এই কথাৰ উত্তৰত ডেকাজনে কলে :— “মাতৃ! মোৰ নাম ধনেশ্বৰ, জাতিত মই চুতীয়া, মোৰ বোপাই আছে, আই মই সৰু হৈ থাকোতেই ঢুকাইছে। বোপায়ে পিছতুৱা এগৰাকী মাহী মাতৃ আনিছে। মই ঘৰত সকলো বনবাৰী কৰোঁ। খেতি পথাৰ কৰোও আৰু ৰখোও। ঘৰত হালোৱা গৰু এহাল আছে গাই গৰু দুজনী আছে। গাইৰ গাখীৰ পাওঁ দুসেৰমান। বাৰীত শাক পাচলি আছে। খেতিৰ ধানৰ ভাত খাওঁ। মাছ পুঠিটো এই নৈতে সময়ে সময়ে মাৰি খাওঁ। ”

 বৈষ্ণবী — “বাৰু বাৰু বাবা ধনেশ্বৰ! তোক মাহীমাৰে ভাল ব্যৱহাৰ কৰেনে?

 ধনেশ্বৰ — “মাতৃ! তেওঁ বেয়া ব্যৱহাৰো নকৰে। কৰিবৰ কাৰণো নাই; কিয়নো নৈৰপৰা পানী টুপি নি ভাত দুসাজ ৰন্ধা আৰু ঠাই সৰাত বাজে বাদ বাকী কাম সকালো মই আৰু বোপায়ে দুয়ো কৰোঁ। মাহীমায়ে ৰন্ধা-বঢ়াৰ উপৰিও আমাক বই কাটিও পিন্ধায়। ”

 বৈষ্ণবী — “তোৰ মাহীয়েৰাৰ লৰা-ছোৱালী হৈছেনে?”

 ধনেশ্বৰ — “আই! হৈছে। এজনী সাত বছৰীয়া ভনী-ছোৱালী আৰু এটা পাঁচ বছৰীয়া ভাই আছে। এই ভাইটো হবৰেপৰা মাহী আইৰ আৰু লৰা ছোৱালী হোৱা নাই।

 বৈষ্ণবী — “বাবা। তোক দেখোঁতে ডাঙৰৰ ঘৰৰ লৰা যেন দেখি। বাৰু তহঁতৰ মানুহ ঘৰৰ গুৰি গোষ্ঠী কেনেকুৱা?”

 ধনেশ্বৰ — “আই! বোপইৰ মুখে শুনিছোঁ। আমি হেনো আগৰ ৰজা ৰত্নপালৰ জীয়াৰী বংশৰ।

 বৈষ্ণবী — (মনে মনে) “অ সেই দেখিহে এনেকুৱা চিন চাব। (ফুটাই) বাৰু বাবা! কচোন ৰত্নপাল ৰজাৰ পুৰুষ বংশৰ কোনোবা আছেনে? আৰু তহঁত বৰ্ত্তমানত নো কোন খেলৰ। ” [ ১৬ ]  ধনেশ্বৰ — “আই! ৰত্নপাল ৰজাৰ পুৰুষ বংশত কেৱে নাই। আমি এতিয়া কিবা বোলে ষাড়ৰ খেলৰ হেনো। ”

 বৈষ্ণবী — “ষাড়ৰ খেলনো কাক বোলে। কিয় বোলে জাননে?”

 ধনেশ্বৰ — “আই! আপুনি শুনিব পায় যে তাম্ৰেশ্বৰীৰ মন্দিৰত বছৰি দুৰ্গাপূজাৰ সময়ত এটা নৰবলি হয়। সেই বলিটো আজিকালি আমাৰ খেলৰ পৰা দিব লাগে। নিঘুণি, ডেকাবয়সৰ অথচ অবিবাহিত এজন বলি হব লাগে। পিছত কিবা বোলে এটা দেও পৰীক্ষা পাতি কাক বলি দিব থিৰাং কৰে। আমাৰ ষাড়ৰ সেইবাবে আহোম ৰজাঘৰে নিষ্কৰ মাটি বৃত্তি যে দিছেই তদুপৰি আমি কোনো দোষ কৰিলেও আমাক দণ্ড বিহিব নোৱাৰে। ”

 বৈষ্ণবী — “এৰা বাবা! এতিয়া সকলো কথা বুজিলো” এই বুলি কই বৈষ্ণবীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে।

 ধনেশ্বৰ — “আই! আপুনি দেখোন দীঘলকৈ হুমুনিয়াহ কাঢ়িলে? ইয়াৰ কিবা অৰ্থ আছেনে?”

 বৈষ্ণবী — “অৰ্থ আছে। যি কি নহওক তই বাবা কালিলৈ পুৱা অলপ সোনকালে আহিবি। মই তোৰ হাতখান চাম। ”

 ধনেশ্বৰ — “ভাল আই! আহিম বাৰু। এতিয়া সেৱাহে কৰিলো। ”

 বৈষ্ণবী — “জীয়াই থাক বাবা। ”

 আগদিনাৰ কথা মতে পিছদিনা কাউৰে “কা কা” কৰাৰ আগেয়ে ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহি বৈষ্ণবীক সেৱা কৰিলে। বৈষ্ণবীয়ে সেই সময়ত তেওঁৰ প্ৰাতঃকৃত্যাদি কৰি ধুনীৰ ওচৰত বহি আছিল। উৰ্দ্ধবাহু আৰু বৰাগী নৈলৈ স্নান কৰিবলৈ আৰু নিত্য কৰ্ম্মাদি কৰিবলৈ গৈছিল। বৈষ্ণবী নীৰলে অকলে বহি আছিল। ধনেশ্বৰে সেৱা কৰি উঠিলত বৈষ্ণবীয়ে তাক ওচৰলৈ নি তাৰ সোঁহাতৰ তলুৱাখান চাই কলে :— “বাবা! তই যে আগৰ ৰত্নধ্বজ পালৰ জীয়াৰীৰ বংশৰ সেইটো তোৰ হাতৰ আৰু কপালৰ আকবোৰেই সূচাই থৈছে। পিছত তোৰ যদিও এতিয়া কষ্ট আছে তথাপি মই [ ১৭ ] দেখাত তোৰ শেষ বয়সত সুন্দৰ সুখ আছে। কিন্তু বাবা! তোৰ আজিৰপৰা ছমাহৰ ভিতৰত এটা বৰ ঘাতুক ঋষ্ট আছে। আনকি ভয় নাখাবি — তোৰ মৃত্যু পৰ্য্যন্ত হব লগা আছে। তই আজিলৈকে এই কেইদিন যে আমাক সেৱা কৰিলি তাৰ ফলতে ঈশ্বৰে তোক ৰক্ষা কৰিলেও কৰিব পাৰে। ”

 ধনেশ্বৰ — “এৰা আই! মই যেতিয়াই চুতীয়া জাতিৰ, বিশেষকৈ ষাড়ৰ খেলত উপজিছোঁ, আৰু যেতিয়াই মই আগৰ ৰত্নধ্বজ ৰজাৰ জীয়াৰী ফালৰ লৰা তেতিয়াই আই! মোৰ একোলৈকে আনকি মৃত্যুলৈকো ভয় নাই। উপজিছোঁ যেতিয়াই এদিন মৰিবও লাগিব। কিন্তু আই! তথাপি কওকচোন এই ঋষ্টত ৰক্ষা পৰি জীয়াই থাকিবৰ কিবা উপায় আছেনে?”

 বৈষ্ণবী — (ভালেখিনি পৰ চকু মুজি মনে মনে বহি থাকি) ফুটাই — “বাবা! ঈশ্বৰৰ কৃপা হলে উপায়ো ওলাব। মই সেই উপায়টো দেখিছোঁ দেখিছোঁ যেন লাগিছে। ”

 ধনেশ্বৰ — “আই! তেন্তে কওকচোন সেই উপায়টোনো কি?”

 বৈষ্ণবী — “মই এইটো দেখিছোঁ যে তোক এটা প্ৰাণীৰ পবিত্ৰ, নিঃস্বাৰ্থ প্ৰেমে ৰক্ষা কৰিব! পিছত বাবা! তই কচোন তই কোনো গাভৰুক এতিয়ালৈকে নিঃস্বাৰ্থভাবে ভাল পাইছনে?”

 ধনেশ্বৰ — (অলপ পৰ তললৈ মূৰ কৰি থাকে)।

 বৈষ্ণবী — “ক বাবা! লাজ কৰিব নালাগে। মই তোৰ মাৰৰ সদৃশ। পবিত্ৰ প্ৰেমে প্ৰেমিকক যমৰ ঘৰৰপৰাও ওলটাই আনিব পাৰে। সতী সাবিত্ৰীয়েই তাৰ প্ৰমাণ। ”

 ধনেশ্বৰ — “আই! কওকচোন সতী সাবিত্ৰীৰ আখ্যানটো কি?”

 বৈষ্ণবী — “তই নাজান?”

 ধনেশ্বৰ — “নাজানো আই। মই লিখা-পঢ়া নজনা পুথি ভাগৱত পঢ়িব নোৱাৰা এটা মূৰ্খ চুতীয়া লৰা। জনাৰ ভিতৰত মই কাড় ধেনু মাৰিব জানো। বাৰুৱে তৰোৱালে, দায়ে, জাঠি-জোঙে যুজ কৰিব জানো। আই কওকচোন সাবিত্ৰীৰ কথাটোনো কি?”

 ধনেশ্বৰৰ এই কথাত বৈষ্ণবীয়ে সাবিত্ৰী সত্যবানৰ আখ্যানটো চমুকৈ কলে। তেতিয়া ধনেশ্বৰে কলে :— [ ১৮ ]  “আই! মই সৰুৰে পৰা এই তামাৰ মাইৰ ঘাই বৰ-দেউৰীজনাৰ জীয়েক আঘণী নামৰ গাভৰু জনীক ভাল পাই আহিছোঁ সম্ভবতঃ তাইও মোক ভাল পায়, কিন্তু তাইক বাপেকে এটা সিহঁতৰ জাতিৰে দেউৰী ডেকালৈ বিয়া দিব খুজিছে। কিন্তু তাই তাত অমান্তি। মইও দেখোন তাইক পাহৰিব নোৱাৰোঁ। এইটো যদি মোৰ পাপ হয় তেন্তে মোৰ আৰু আন উপায় নাই। ”

 বৈষ্ণবী — (হুমুনীয়াহ এটা কাঢ়ি) “বাবা! তই যদি সেই গাভৰুক অকপট চিত্তেৰে ভাল পাৱ, আৰু তাইৰো প্ৰেম যদি পৱিত্ৰ, অৰ্থাৎ তাই যদি সতী, তেন্তে তাইক তই ভাল পোৱাত পাপ হব নোৱাৰে। তোৰো তাইলৈ প্ৰেম পৱিত্ৰ আৰু নিঃস্বাৰ্থ বিধৰ হব লাগিব। তেনেহলে সাবিত্ৰীৰ সতীত্বে সত্যবানক ৰক্ষা কৰাৰ দৰে, তাইৰ পৱিত্ৰ প্ৰেমেও তোক ৰক্ষা কৰাত সহায় কৰিব; কিন্তু আচলকৈ তই যদি ভক্তিভাবে ঈশ্বৰত খাট, ঈশ্বৰত বিশ্বাস ৰাখ, তেন্তে ঈশ্বৰেহে তোক ৰক্ষা কৰিব; কিয়নো সঙ্কটত তেওঁ সৰ্ব্ব বিঘ্নহাৰী মধুসূধন। ”

 ধনেশ্বৰ — “বাৰু আই! কওকচোন ঈশ্বৰটোনো কেনেকুৱা। ”

 বৈষ্ণবী — “বাবা! বেলি হল। আজিলৈ তই যাগৈ। উৰ্দ্ধ- বাহু আৰু বৰাগীৰো স্নান কৰি আহিবৰ সময় হৈছে। তই কাইলৈ পুৱাও এইদৰে আহিবি। মই তেতিয়া তোৰ কথাৰ উত্তৰ দিম। ”

 বৈষ্ণবীৰ এই কথাত ধনেশ্বৰে বৈষ্ণবীক সেৱা এটা কৰি উঠিল; আৰু খৰি-খেৰ গোটাই দি ঘৰলৈ গল! আৰু ভাত-পানী খাই আহুতলীলৈ টঙি ৰখিবলৈ গল।

 ধনেশ্বৰহঁতৰ গাওঁখন চুনপোৰ নৈৰ পাৰত শদিয়াখোৱা গোহাঁইৰ নগৰৰ পৰা প্ৰায় আধা মাইল উত্তৰত আছিল। সিহঁতৰ গাওঁখানৰ উজনিত গাতে লগাকৈ দেউৰী গাওঁ খন আছিল। এই দুখান গাৱঁৰ পূব ফালে এখান আহুতলী পথাৰ আছিল। পথাৰৰ উত্তৰ আৰু পূবে অটব্য অৰণ্য আছিল। সেই পথাৰত তিনিখন চাৰি হাত মান ওখ চাঙ তিনি ঠাইত আছিল। এখান চাঙৰ ওপৰত এজনী পোন্ধৰ কি যোল্ল বছৰ বয়সীয়া গাভৰু আছিল, আন এখানত প্ৰায় একুৰি দুবছৰ বয়সীয়া দেউৰী ডেকা এজন আছিল! তৃতীয় খান চাঙ ধনেশ্বৰৰ [ ২০ ] আছিল। বৈষ্ণবীৰপৰা পুৱা বিদায় লই, ঘৰত ভাত-পানী খাই বৈ ধনেশ্বৰো আহি তৃতীয় চাঙখনত বহিল। গাভৰুজনীৰ হাতত এটা বিহুত বজোৱা তকা আছিল। ডেকা দুয়ো জনৰ হাতত এটা এটা বিহু ঢোল; আৰু দুয়োজন ডেকাৰ হাতত গায়পতি এখান ধেনু। পিঠিৰ ফালে এটা তূণত দহ-বাৰ পাতকৈ লোৱৰ মুখ লগোৱা আৰু ভোটা কাঁড়ো আছিল।

 নদনবদনকৈ হোৱা আহুধানত টুনি টোকোৰা আদি চৰাই পৰিলেই গাভৰুজনীয়ে তকা বজাই দিছিল; আৰু তাৰ লগে লগে দুয়োজন ডেকাই ঢোল দুটা বজাই দিছিল। ঢোল আৰু তাৰ মাত শুনিলেই টুনি টোকোৰা বিলাক উৰি পলাইছিল।

 বেলি লাহ দিলে, এনেতে হাবিৰ ফালৰপৰা একোলৈকে গয় নকৰি এটা ডাঙৰ গুন্দা দঁতাল গাহৰি ওলাই গাভৰুজনীৰ কাষতে হাবিৰ দাঁতিত ধান খাবলৈ ধৰিলে। গাভৰুজনীয়ে তকা কোবাই গাহৰিটোক খেদিব খোজাত গাহৰিটো নপলাই তাইৰ ফাললৈহে গোৰ-গোৰাই চোচা এটা ললে। ইয়াকে দেখি দেউৰী ডেকাটোৱে গাহৰিটোলৈ কাঁড় এপাত মাৰিলে; সেই কাঁড় গাহৰিৰ সোঁ তপিনাত অলপ লাগি গাৰে চুচৰি গল। ঈষৎ আহত হোৱা গাহৰিটোৱে তেতিয়া খঙতে দেউৰী ডেকাৰ চাঙৰ ফাললৈ চোচা ললে। দেউৰী ডেকাজনে ধেনু ভিড়াই কাঁড় লগাইমানে গাহৰি গৈ প্ৰায় তাৰ ওচৰ পালে। দেউৰী ডেকাৰ বিষম সঙ্কট যেন দেখি আমাৰ ধনেশ্বৰে চকুৰ পচাৰতে গাহৰিটোৰ সোঁ চকুটো কাঁড় এপাতেৰে বিন্ধিলে, সেই কাঁড়ে গাহৰিৰ মগজুলৈকে ভেদাত গাহৰিটো ধৰ-ফৰ কৰি পৰি গল। গাহৰিটো পৰা মাত্ৰকে দুয়োজন ডেকা আৰু তাৰ লগতে গাভৰুজনী ওচৰ চাপি আহিল। দেউৰী ডেকাজনে ধনেশ্বৰৰ শলাগ লওক চাৰি খঙেৰে কলে — “মই মাৰিব খোজা গাহৰিটো তই কেলেই মাৰিলি হোঁ। ” ধনেশ্বৰে কলে — “ভাই মনেশ্বৰ! মই নমৰা হলে তোৰ ফালে আধ্যাই পৰিলহেঁতেন। তই কত মোৰ শলাগ লবি নে তোৰ দেখোন খঙহে উঠিল। তই যদি ভাল কাঁড়িয়েই তেনেহলে আঘণীৰ ফালে চোচা লওঁতেই তই তাক কাঁড়েৰে পেলাব লাগিছিল। পিছত তোৰ কাঁড়ে তাৰ তপিনাত হে চুচৰি গল! সি তোৰ ফালে চোচা লওঁতেই মই যদি তাক নামাৰিলোঁহেতেন, তেনেহলে গাহৰিটোৱে একে খুন্দাই তোৰ চাঙখন ভাঙি তোক পেলাই লই দাঁতেৰে চিৰাচিৰ কৰি [ ২১ ] তোৰ প্ৰাণ ললেহেঁতেন। মই গাহৰিটো মাৰি তোৰ জীৱ ৰক্ষা কৰিলো, তই কত মোৰ শলাগ লবি নে তই মোক চকু ৰঙা কৰি খঙহে দেখুৱালি।

 মনেশ্বৰ — “হেৰ নিলাজ! তই বৰ ফুটনি নকৰিবি। মই এই পাত কাঁড়েদি গাহৰিটো বগৰালোহেঁতেন।

 ধনেশ্বৰ — “হেৰ কটা। তোক মই ভাল কথা কওতে তই মোক আকৌ গালিহে পাৰিলি। বাৰু! আমাৰ আঘণী গাভৰুয়েই কওক কাৰ হাত কাঁড় মৰাত বেছি থিৰ। ”

 মনেশ্বৰ — “বাৰু আঘণীয়েই কওক। মই যে গাহৰিটো মোৰ কাড়ৰে পেলোৱা নাছিলোঁ তাৰ কাৰণ মই গাভৰুৰ গাত কেনেবাকৈ কাঁড় পৰে বুলিহে সাৱধানে কাঁড় মাৰি গাহৰিৰ খঙ তুলি তাক মই মোৰ ফাললৈ ঢাল খুৱাইছিলো। মই এইদৰে ঢাল খুউৱাৰ কাৰণেহে আঘণী ৰক্ষা পৰিল। ”

 ধনেশ্বৰ — “বাৰু অ কেনে গওপটো মাৰিছে। তোৰ হাতৰ থিক নাই অথচ নিজৰ অক্ষমতাটোকে এইদৰে বখানিছ। ”

 মনেশ্বৰ — “হেৰ ষাড়ত পৰি মৰা চুতিয়া, তই মোৰ খং নুতুলিবি দেই। ”

 ধনেশ্বৰ — “খং উঠিলেনো তই মোক কি কৰিবি। ”

 মনেশ্বৰ — “তোক একেপাত কাড়েদিয়েই শালি থম জানিছনে?”

 ধনেশ্বৰ — “বাৰুতো অ! বাৰু মাৰচোন তোৰ কাড় মোৰ গালৈ আগেয়ে। ”

 এই কথাতে মনেশ্বৰে তাৰ কাঁড়পাত দিলে মাৰি ধনেশ্বৰৰ গালৈ। ধনেশ্বৰে চকুৰ পচাৰতে গাটো দিলে একতিয়া কৰি, কাঁড় পাত ধনেশ্বৰৰ গাত নালাগিল। এনেতে ধনেশ্বৰে তাৰ পাত কাড় ধেনুত যুৰিবলৈ ধৰোতেই আঘণী গাভৰু আহি দুয়োজন ডেকাৰ মাজত ঠিয় হৈ দোহায় দিবলৈ ধৰিলে — কিয়নো তাই বঢ়িয়াকৈ জানিছিল যে ধনেশ্বৰৰ সন্ধান অব্যৰ্থ। হেৰ মনেশ্বৰ! হেৰ ধনেশ্বৰ! তহঁতে সামান্য কথা এটাত যুজ কৰি মৰিব খুজিছ কেলেই! বাৰু তহঁতৰ কাৰ হাত কিমান থিৰ ইয়াৰ মই পৰীক্ষা এটা লমনে?”

 মনেশ্বৰ — “বাৰু ল পৰীক্ষা। ”

 ধনেশ্বৰ — “বাৰু ময়ো সম্মত আছো। ” [ ২২ ]  দুয়ো এইদৰে কোৱাত আঘণী গাভৰুয়ে তাইৰ তকাটো তাইৰ চাঙৰ এচুকত তললৈ মুখ কৰি ঠিয়কৈ বান্ধি তাই কলে, — তহঁত দুকুৰি নলৰ আঁতৰলৈ গৈ প্ৰথমে মনেশ্বৰে তাৰ কাঁড় মাৰি মোৰ তকাটো বগৰাই পেলাওক। মই পিচত তকাটো আকৌ সেইদৰে সেই ঠাইতে বান্ধি দিম। তেতিয়া ধনেশ্বৰে কাঁড় মাৰিব। আঘণীৰ এই সিদ্ধান্তত দুয়ো সন্মত হৈ দুয়ো দুকুৰি নলৰ আঁতৰত নিৰ্দ্দিষ্ট ঠাইলৈ গল। মনেশ্বৰে কাঁড় মাৰিলে তকাটোৰ ছয় আঙ্গুলি আঁতৰে কাঁড় গল। তকাৰ গাত নুচুলেই। পিচত ধনেশ্বৰক মাৰিব দিয়াত ধনেশ্বৰে একেপাত কাঁড়েৰেই তকাটোত মাৰি তকাটো বগৰাই পেলালে। তেতিয়া আঘণী ধনেশ্বৰ ওচৰলৈ চাপি গৈ ধনেশ্বৰৰ গাত থপৰিয়ালে, ধনেশ্বৰেও তাইক সাৱটি ধৰি দুয়ো গালে দুটা চুমা খালে। সি সেইদৰে আঘণীক চুমা খোৱা দেখি মনেশ্বৰে খঙতে গজ্জি কলে — “কুকুৰ! নিলাজ! তই কেলেই মোলৈ খুজি-বাঢ়ি থোৱা আঘণীক মোৰ আগতে এইদৰে চুমা খালি। নেজাননে মই বোপাইক এই কথা কই তোক দণ্ড কৰোৱাম। ”

 ধনেশ্বৰ — “মই কাঁড় মৰা বিদ্যাত জিকি আঘণীক চুমা খাইছোঁ। ইয়াত যদি তই লাজ পালি তেন্তে ইচ্ছা হলে মোৰ হাতে হাতে অথবা টোকোনে-টোকোনে, অথবা কাড়ে-কাড়ে, অথবা ঢালে-বাৰুৱে এজন নমৰো মানে যুজি চাব পাৰ। যদি যুজিবলৈ ভয় কৰ তেন্তে ভালে ভালে আৰু কোনো কথা নকই, কোনো মাত নামাতি গুচি গৈ কোন বাপেৰ বা শহুৰেৰক গোচৰ দিয় দেগৈ। জাননে মোৰ ইচ্ছা হলে তোৰ মাৰ ভনীয়েৰহঁতকো লব পাৰো। মোক কোনে কি কৰিব পাৰে। ”

 মনেশ্বৰ — “এৰা তই যেতিয়াই যাড়ৰ খেলৰ তেতিয়াই তোক মই মাৰিবও নোৱাৰো সেই দেখিহে ৰক্ষা পৰিলি। ”

 ধনেশ্বৰ — ধইন ধইন! এৰা সেইদেখিহে তই মোক এৰিলি। বাৰুতো অ! বাৰু যা ভালে ভালে গুচি যা। আৰু সৰহ কথা কৈ মোৰো ধৈৰ্য্যচ্যুত নকৰিবি। ” ধনেশ্বৰৰ এই কথা শুনি মনেশ্বৰ খঙতে ৰঙা-মঙা পৰি বেগাবেগিকৈ যাবলৈ ধৰিলে, যাবৰ সময়ত গৰ্জ্জি গৰ্জ্জি কৈ গল — “বাৰু ভৈয়াই তই ইয়াৰ প্ৰতিফল নিশ্চয় পাবি। ” [ ২৩ ] ধনেশ্বৰ — (বিদ্ৰুপ ভাবে) “বাৰু মোক যি কৰ কৰিবি শহুৰেৰক গোচৰ দি। ” (আঘণীৰ ফালে চাই) আঘণী। আমিও ঘৰা-ঘৰি যাওঁ বল গধূলিও হৈছে। পিচত আঘণী! তই যদি মোক সঁচাকৈয়ে ভাল পাৱ তেন্তে যাবৰ পৰতো মোক এটা চুমা দে। ” এইবুলি কৈয়েই ধনেশ্বৰে আঘণীৰ ওচৰ চাপি তাইক চুমা খালে আঘণীয়ে কোনো হকা-বধা নকৰি তাই ঘৰ মুৱা হল। ধনেশ্বৰো তাৰ ঘৰ মুৱা হল। এৰা-এৰি হবৰ সময়ত ধনেশ্বৰে কলে, — আঘণি! তই কাইলৈ ভূইতলালৈ অলপ আগেয়ে আহিবি দেই। তোক মই কিবা-কিবি কবলগীয়া আছে। ” আঘণী — “বাৰু আহিম দেই। ”

 ভূঁইতলীত এই ঘটনা হৈ যোৱাৰ পিছদিনা আগৰ দৰেই নিচেই পুৱাই ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহিল আৰু আগদিনা পথাৰত হোৱা দন্-হাইৰ কথা সকলো বিবৰি কোৱাত বৈষ্ণবী অলপ পৰ তললৈ মূৰ কৰি ৰৈ পিচত কলে, — “ধনেশ্বৰ! মই জানিলো তোৰ বিপদ আৰম্ভ হল। অৱশ্যে তই নিজে সেই বিপদ মাতি আনিছ বুলি মই কব নোৱাৰো; কিন্তু মই বিশ্বাস কৰো তোৰ পূৰ্ব্বজন্মৰ কৰ্ম্মফলে এই ঘটনা ঘটালে। তই ভাল কৰিবলৈ যাওঁতে বেয়া হল কি কৰিবি। পিছত তোক মই কওঁ তই এতিয়াৰে পৰা ঈশ্বৰক চিন্তিবলৈ ধৰ আৰু বিপদৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক প্ৰাৰ্থনা কৰিবলৈ ধৰ। বিশেষ বিপদ আহিলেও যেন ধৈৰ্য্য ধৰিব পাৰ এইটো ঈশ্বৰক খাট। ”

 ধনেশ্বৰ — “আই। ঈশ্বৰজননো কেনেকুৱা মই দেখোন একো। নাজানো। ”

 বৈষ্ণবী — “বাবা! ঈশ্বৰ নিৰঞ্জন নিৰাকাৰ অৰ্থাৎ তেওঁ নিত্য কিন্তু কোনো আকাৰ নাই। তেওঁ শিৱ, সত্য, সুন্দৰ। ”

 ধনেশ্বৰ — “সেইবিলাকৰ অৰ্থ কি মই দেখেন নাজানো। আমাৰ ইয়াত দেউৰীসকলে, আৰু আন আন মানুহেও কয় যে তামাৰ মাই জনাই ঈশ্বৰী আৰু বলিয়া বাবা জনেই হেনো ঈশ্বৰ। ” [ ২৪ ]  বৈষ্ণবী — “বাবা! আচল ঈশ্বৰ জনাৰ প্ৰকৃততে কোনো ৰূপ নাই। তেওঁক যেয়ে যিদৰে ভাবে সি সেই দৰেই, সেই ভাবেই তেওঁক পাব পাৰে। তেওঁক কেৱে পিতৃস্বৰূপে, কেৱে মাতৃস্বৰূপে, কেৱে সখা, বন্ধু, স্বামী, প্ৰভু ইত্যাদি স্বৰূপে ভাবে। কেৱে তেওঁক ককালত বাঘ-ছাল পিন্ধা, মূৰত জটা ৰখা, গাত ভস্ম সনা, গলত সাপৰ মালা ইত্যাদি পিন্ধা-মহাদেৱ বা বলিয়া বাবা বুলি ভাবে। কেৱে তেওঁক নবঘনশ্যাম স্বৰূপে — বনমালাধাৰী, বৃন্দাবন-বিহাৰী কৃষ্ণস্বৰূপে ভাবে। মাতৃভাবে কেৱে তেওঁক কালী, দুৰ্গা, ভৈৰবী ছিন্নমস্তা, তাৰা ইত্যাদি ৰূপে ভাবে। কেৱে তেওঁক কমলা, বাধা লক্ষী ইত্যাদি ৰূপে ভাবে। তহঁতৰ ইয়াত ঈশ্বৰৰ মাতৃ ভাবটোক “তামাৰ মাই” বুলি ভাবে। ”

 ধনেশ্বৰ — “আই! ঈশ্বৰক বলিয়া বাবা ৰূপে ভবা সকলে দেখোন ভাঙ ঘোটা খাই বলিয়ালি কৰে। হাঁহ পাৰ মোচাৰি মাৰে। মাতৃৰূপে ভবা সকলে, তামাৰ মাই বুলি ভবা সকলে — দেখোন তামাৰ মাইৰ আগত নৰবলিও দিয়ে। ”

 বৈষ্ণবী — “বাবা! তামাৰ মাইক মানুহৰ তেজখাইতী বুলি ভাবে অজ্ঞান অৰ্থাৎ নজনা মূৰ্খ মানুহ বিলাকেহে। ভাবি চাচোন মাকেনো কেতিয়াবা তেওঁৰ নিজৰ সন্তান মানুহক খায়নে? জ্ঞানী- সকলে ঈশ্বৰক প্ৰভু বুলি ভবাসকলে, ঈশ্বৰক মদন মোহন, ত্ৰিভঙ্গ শ্যাম, কৃষ্ণৰূপে ভাবে। দৰাচলতে ঈশ্বৰক কৃষ্ণ বুলি ভবা সকলে কাৰো অনিষ্ট নকৰে, তেওঁবিলাকে কৃষ্ণৰ সুন্দৰ; মঙ্গলময়, মধুময় প্ৰেমময় ৰূপ ভাবি বৰ সন্তোস পায়। ”

 ধনেশ্বৰ — “বাৰু আই! মোক কৃষ্ণৰ সম্পূৰ্ণ ৰূপ কেনেকুৱা কওকচোন। ”

 বৈষ্ণবী — “বাবা! তেওঁৰ প্ৰেমময়, মধুময়, শান্তিময়, মঙ্গলময় সৌন্দৰ্য্যময় ৰূপ কেৱে বখানি অন্ত কৰিব নোৱাৰে। তেওঁৰ গুণ যে অন্তই নাই, তথাপি আমাৰ কীৰ্ত্তন, ভাগৱত ইত্যাদিত যিৰূপে কইছে তাকে অলপ তোক কওঁচোন শুন :—

“নীল আকুঞ্চিত যাৰ কেশ শিৰে ৰত্ন কিৰিটি সুবেশ।
ভ্ৰুৰযুগ মদনৰ চাপ  দৰশনে হৰে হদি তাপ
ৰুচিকৰ কমল লোচন  সুধা সম মধুৰ বচন

[ ২৫ ]
সুষম ললাট গণ্ডস্থল চাৰু কৰ্ণে মকৰ কুণ্ডল।
নাসা তিল ফুল কুসুম সুন্দৰ  শোভে অতি অৰুণ অধৰ।
দশন দাড়িম্ব বীজ পান্তি  হাস্যে জিনে চন্দ্ৰমাৰ কান্তি
কম্বুকণ্ঠে কৌস্তুভ প্ৰকাশে  সূৰ্য্য যেন উদিত আকাশে
সিংহবন্ধ স্কন্ধ সুপ্ৰসন্ন  ভূজযুগ ৰত্নৰ মোলান।
কেয়ুৰ কঙ্কন তাতে জ্বলে  ৰত্নৰ গুণিয়া শোভে গলে
হিয়াত শ্ৰীবৎস কৰে কান্তি  যেন মেঘে বলাকাৰ পান্তি
পীতবস্ত্ৰে শোভে তনু কলা  আপাদ লম্বিত বনমালা
তাতে পৰি অনেক ভ্ৰমৰে  মধু লোভে পৰিয়া গুঞ্জৰে
বক্ষস্থলে মুকুতাৰ হাৰ  আকাশী গঙ্গাৰ যেন ধাৰ
ৰত্নৰ মেখেলা কটি মাজে  সোণৰ কিঙ্কিণী তাতে বাজে
কৰি কৰ উৰু নিৰুপম  চৰণ পঙ্কজ মনোৰম
ধ্বজে বজ্ৰ অঙ্কুশে অঙ্কিত  ৰত্নময় নুপূৰে ৰঞ্জিত
ভকতৰ হৃদয় ৰঞ্জন  সেবিবো হেৰা আমি তান চৰণ ॥”

 “বাবা! শাস্ত্ৰে ঈশ্বৰৰ ৰূপ এই দৰেই চিন্তিব দিছে। ” ধনেশ্বৰ — “আই কওকচোন তেওঁকনো কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে?”

 বৈষ্ণবী — “বাবা! মনত যেনে ভাৱে প্ৰাৰ্থনা কৰিলে ভাল লাগে সেইদৰেই প্ৰাৰ্থনা কৰিব লাগে। পিছত আমাৰ নামঘোষা আদি পুথি মতে ঈশ্বৰক এই দৰে প্ৰাৰ্থনা কৰে।

মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
  তুমি সম নাহি পাপ হাৰি
ইজানি গোবিন্দ মোক যেন জুয়াই কৰিয়োক
  তুৱা পদে কৰোহোঁ গোহৰি ॥
সহস্ৰ সহস্ৰ অতি অপৰাধ দিনে ৰাতি
  কৰোঁ মই মহা মুঢ়জন।
আমি প্ৰভু তবু দাস তাকে মানি জগবাস
  ক্ষমিয়োক শ্ৰীমধুসূদন ॥
নাজানোহোঁ আবাহন নাজানেহোঁ বিসৰ্জ্জন
  পূজা মন্ত্ৰ নাজানো কিঞ্চিত!
এতেকে পৰমেশ্বৰ দাস ভৈলোঁ চৰণৰ
  মোৰ গতি সাধিতে উচিত।

[ ২৬ ]  ধনেশ্বৰ — “তেনেহলে আই! মই এইটো বুজিম নে যে ভগবন্তৰ

কৃষ্ণ ৰূপটো অতি সুন্দৰ আৰু তেওঁক প্ৰাৰ্থনা কৰাত, ভক্তি কৰাত হাঁহ, পাৰ, পঠা-ছাগলী আদি একো জন্তুকে মাৰিব নালাগে”।

 বৈষ্ণবী — “হয় বাবা! তই ভালকৈ বুজিছ। তই এই প্ৰেমৰ অৱতাৰ প্ৰভু কৃষ্ণক যেতিয়াই পাৰ তেতিয়াই কায়মনবাক্যে ভাবিবি আৰু প্ৰাৰ্থনা কৰিবি। তেওঁক তোৰ সুখ দুখ সকলো জনাবি। তেওঁক আৰাধনা কৰিবি। তেওঁত আত্ম সমৰ্পণ কৰিবি। তেওঁ ভক্ত ভয়হাৰী ভগৱন্ত। তেওঁ মধুসূদন। তেওঁক সঙ্কটত পৰি এই নামেৰে মাতিলে তেওঁ ভক্তক সুদৰ্শন চক্ৰৰে ৰক্ষা কৰে।

 ধনেশ্বৰ — “তেন্তে আই! মই আজিৰপৰা প্ৰভু কৃষ্ণত শৰণ ললো। তেওঁক ভাবিম তেওঁকে মোৰ প্ৰাৰ্থনা জনাম। ”

 বৈষ্ণবী — এৰা বাবা। তাকে কৰিবি। বাৰু আজিলৈ যাগৈ। ”

 বৈষ্ণবীৰ এই কথাত ধনেশ্বৰে বৈষ্ণবীক সেৱা এটা কৰি ঘৰলৈ আহিল আৰু চাৰিটা খাই-বই উঠি ভূইতলী পালেগৈ।

 ভূইতলী পায়েই ধনেশ্বৰে দেখিলে আঘণী আহি তাইৰ চাঙখনত বহি আছে। ধনেশ্বৰে আঘণীৰ ওচৰলৈ গই কলে, — “আঘণী! মই কালি কোৱামতে তই আহিছ। পিছত আঘণি, কথাটোনো কি মই তোক কওঁ শুন। কথাটো এই, মই তোক সৰুৰেপৰা, মোৰ আই ঢুকাবৰেপৰা তোৰ লগত উমলি-জামলি ডাঙৰ হৈছো। মই তোক সৰুৰেপৰা, ভাল পাইছো বিশেষকৈ আঘণি! তোৰো আয়েৰ নাই; মোৰো নাই, সেই দেখিও মোৰ তোলৈ বৰ মৰম। পিছত কচোন আঘণি। তইও মোক ভাল পাৱনে?

 আঘণী — “ভাল পাওঁতো। ”

 ধনেশ্বৰ — “তেন্তে তই মোৰ লগত সদাই একেলগে থাকিবলৈ মোৰ চিৰকালৰ লগৰী হবলৈ ইচ্ছা কৰনে?”

 আঘণী — “মই ইচ্ছা কৰিলেইনো কেনেকৈ তোৰ লগৰী হম। পিতায়ে মোক মনেশ্বৰলৈ বিয়া দিব বুলি স্থিৰ কৰিছে নহয়। ”

 ধনেশ্বৰ — “তই তালৈ সন্তোষ মনেৰে যাবিনে?” [ ২৭ ]  আঘণী — “সন্তোষ মনেৰে নহলেও পিতায়ে দিলেনো নেযায় পাৰিম কেনেকৈ?”

 ধনেশ্বৰ — “মই কওঁ শুন। মই তোক মোৰ জীউটোতকৈও বেছি ভাল পাওঁ। তোক মই মোৰ চিৰকালৰ লগৰী কৰিব নোৱাৰিলে মই মোৰ এই জীউটোকে নাৰাখোঁ।

 আঘণী — “তই সঁচা কৈছনে?”

 ধনেশ্বৰ — “মিছা কথা মই কব নাজানো। ”

 আঘণী — “তই মোক তোৰ জীউটোতকৈও ভাল পালেও পিতায়ে মোক তোলৈ নিদিলেনো কেনেকৈ যাম?”

 ধনেশ্বৰ — “তই মনেশ্বৰলৈ নেযাওঁ বুলি কলে পিতাৰে জানো বল কৰি ধৰি বান্ধি তোক তালৈ দিব পাৰিবনে?”

 আঘণী — “পাৰিবতো। ”

 ধনেশ্বৰ — “মই যদি তোক পলুৱাই নিও তই মোৰ লগত যাবিনে?”

 আঘণী — “পলুৱাই নিলেও তোৰ লগততো মোৰ বিয়া হব নোৱাৰিব। তই হলি চুতীয়া জাতিৰ, মই হলো দেউৰীৰ জীয়াৰী। ”

 ধনেশ্বৰ — “আঘণী। তই নেজাননে গুৰিত দেউৰী আৰু চুতীয়া একেজাতিৰ মানুহ। তোক মই বিয়া কৰালে নো কি হানি হব। ”

 আঘণী — “তোৰ মোৰ ভিতৰত একো হানিতো নাই। পিছত তোৰ চুতীয়াসকলেই বা মোৰ দেউৰীসকলেই হওক আমাক জাতিৰ ভিতৰত ৰাখিবনে? জাতিৰ বাহিৰ হৈ আমি অকলৈ থাকি সুখী হব পাৰিমনে?”

 ধনেশ্বৰ — “আমি যদি উভয়ে উভয়কে ভাল পাওঁ, তেন্তে আমি দুয়ো আহোম জাতিত উঠিম। কিয়নো আমি “আহোম” হলো বুলি কলেই বদান্য আহোমসকলে আমাক তেওঁলোকৰ জাতিত তুলি লব। ”

 আঘণী — “আমি জানো নিজ নিজ জাতি এৰি পৰৰ জাতি এটা ললে ভাল হব”?

 ধনেশ্বৰ — “বেয়ানো কিটো হব। আহোম, চুতীয়া, দেউৰীসকলো একে মানুহ। গুৰিত একে জাতিৰ বুলিলেও হানি নাই। আমাৰ কত চুতীয়া জাতি কত দেউৰী জাতি আগেয়েই আহোম হৈ গৈছে। আমাৰ ৰজাৰ জাতি আহোমৰ নিয়ম এনে সুন্দৰ যে “মই আজিৰ [ ২৮ ] পৰা আহোম হলো” বুলিয়েই আহোমৰ কুলত তুলিব, আৰু পূৰ্ব্বাপৰ মান-মৰ্য্যাদা বিবেচনা কৰি আমাক যেনে তেনে কোনো এখেল আহোমৰ লগত সামিল কৰি দিব। আমি অৱস্থাপন্ন হলে সেই আহোম খেলত এটা ভেজ-ভাত দিব পাৰিলেই হব। দুখীয়া হলে আনকি এখৰাহি তামোল পান দি সেই খেলটোক এটা সেৱা কৰিলেও আমাক আনন্দ চিত্তেৰে গ্ৰহণ কৰি নিজৰ খেলৰ ভিতৰত ঠাই দিব। ”

 আঘণী — (চকু চলচলীয়া কৰি) “যদি পিতয়ে দেউৰী জাতিতে থাকে তেন্তে মই সুখী হব নোৱাৰিম বোধকৰো। ”

 ধনেশ্বৰ — “বাৰু আঘণী। তই মোক ভাল পাবলৈ নেৰিবি, মইও তোক ভাল পাবলৈ নেৰো। তোক পাবলৈ দিনে নিশাই ঈশ্বৰক খাটিম। দেখোঁ প্ৰভুৱে কি কৰে। এই কথা-বতৰাৰ পিছতে মনেশ্বৰো আহি সেই ঠাই পালে। সেই দিনা আৰু কেৱে কাকো মাত বোল নকৰাকৈ দিনটো টঙি ৰখি গধূলি ঘৰঘৰি গল।

১০

 ভূঁইতলীত ধনাই, মনাই আৰু আঘণীৰ মাজত হৈ যোৱা ঘটনাৰ দুদিনৰ পিছত সৎৰাম, লাংফাই, মনাই এই তিনিজন দেউৰী শদিয়াখোৱা গোঁহাইৰ চৰাত থিয় হোৱা মাত্ৰকে, গোঁহাইদেৱ ভিতৰৰ- পৰা ওলাই আহি দেউৰী কেজনক যথাযোগ্য আসন বহিবলৈ দি নিজে ফুলাম বৰপিৰাত বহি সুধিলে — “দেউৰীসকল। আজি কি সকামনো ইয়ালৈ অহা হৈছে? তামাৰ মাইৰ পূজা-সেৱা যথা নিয়মে চলি আছেতো?” লাংফাই বৰদেউৰীয়ে কলে — “গোঁহাইদেৱ। তামাৰ মাইৰ পূজা-সেৱা যথা নিয়মে চলি আছে। পিছত আমি এটা গোচৰ জনাবলৈ আহিছোঁ।

 শঃ খো গোঁঃ — “কি গোচৰ জনোৱা। ”

 লাংফাই — “গোঁহাইদেৱ! এই হৰেশ্বৰ চুতীয়াৰ পুতেক ধনেশ্বৰ চুতীয়াৰ উৎপাতত আমি ৰব নোৱাৰাত পৰিছে। গল পৰহি দিনা ভূইতলীত আহুধান ৰাখোঁতে ধনাই চুতীয়াই এই মনাই দেউৰীলৈ খুজি বাঢ়ি থোৱা মোৰ আঘণী নামৰ ছোৱালীজনীক এই মনাইৰ অগিতে নিলাজ ভাবে ধৰি চুমা খাই অসৎ অভিপ্ৰায়ে তাইৰ [ ২৯ ] কঁকালত সাবোট মাৰি ধৰিছিল। সি জাতিত চুতীয়া হৈ তাম্ৰেশ্বৰীৰ মন্দিৰৰ মই হেন বৰদেউৰীৰ জীয়েকক মনাইলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও এইদৰে নিলাজ ব্যৱহাৰ কৰিব নালাগিছিল। তাক ভালকৈ দণ্ড বিহিব লাগে, নহলে আগলৈ সকলোলৈকে কথা বেয়া হব। তাক দগ-পখৰা কৰি সৌকাৰে কোবাব লাগে, চমটাৰে মাৰিব লাগে, গাত পানী ঢালি চোৰাত মেলিব লাগে। ”

 শঃ খোঃ গোঁঃ — “বাৰু হেৰ মনাই। কচোন আচল কথাটো কি?”

 মনাই — “দেউতা ঈশ্বৰ। বৰদেউৰীয়ে যি কইছে সেইটো সঁচা। ”

 মনেশ্বৰে এইদৰে কোৱাৰ পিছতে হৰেশ্বৰ পুতেক ধনেশ্বৰে সৈতে সেই ঠাই পালেহি। শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোককো বহি- বলৈ দি সুধিলে — “হেৰ ধনেশ্বৰ। লাংফাই দেউৰী আৰু তেওঁৰ হব খোঙ্গা জোৱায়েক মনেশ্বৰে কইছে তই হেনো বৰদেউৰীৰ জীয়েক আঘণীক মনেশ্বৰলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও তাইক তই নিলাজ ভাবেৰে ভুঁইতলীত চুমা খাইছিলি; আৰু তাইক বলাৎকাৰ কৰিবৰ অভিপ্ৰায়ে তাইৰ ককালত সাবোট মাৰি ধৰিছিলি, এইবিলাক কথা সঁচানে?

 ধনেশ্বৰ — “দেউতা ঈশ্বৰে যদি সুধি-পুছি কাটে, তেন্তে কটা নাযাওঁ। ”

 শঃ খোঃ গোঁঃ — “বাৰু আচল কথা কি তই ক। সাৱধান মিছা নকবি। মিছা কোৱা প্ৰমাণ হলে তোৰ জিভা কটাম আৰু আন উগ্ৰ শাস্তিও কৰাম। ”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ। আমি তিনিও আহুতলীত ভুঁই ৰখি থাকোতে বেলি অলপ লাহ দিয়াত এটা বৰা-গাহৰি ওলাই ধান খোৱাত আঘণীয়ে তকা কোবাই গাহৰিটো খেদিবলৈ ধৰোতে গাহৰি- টোৱে তকাৰ কোবলৈ কেৰেৱা নকৰি আঘণীৰ পিনে চোচা এটা লইছিল; তেনেতে মনেশ্বৰে গাহৰিটোৰ গালৈ কাঁড় এপাত মাৰিছিল। সেই কাঁড় গাহৰিৰ তপিনাত লগাত গাহৰিটোৱে মনেশ্বৰৰ ফালে চোচা লই মনেশ্বৰৰ চাঙত খুন্দা মাৰিব ধৰোঁতেই মই মনেশ্বৰৰ বিপদ দেখি এপাত কাঁড় মাৰি গাহৰিটো বগৰাই লই আৰু এপাত কাঁড়েৰে গাহৰিটো মাৰিলোঁ। মনেশ্বৰে মোৰ শলাগ লওক চাৰি আঘণীৰ আগত লাজত পৰিয়েই বোধকৰো মোক গালিহে পৰিছিল। “ময়ে [ ৩০ ] গাহৰিটো মাৰিলোহেঁতেন তই কুকুৰে কেলেই মই ঘাইল কৰা গাহৰিটো মাৰিলি” — এইদৰে কোৱাত, বিশেষকৈ মোক “কুকুৰ” বুলি কোৱাত মইও খঙত দুষাৰ কৈছিলোঁ। পিচত দুইৰো ভিতৰত কাৰ হাত পোন, এই কথাৰ অৰিয়া-অৰি লগাত আমি দুয়ো আঘণীক মধ্যস্থ বা সমজুৱা মানি লইছিলোঁ। আঘণীয়ে তাইৰ হাতৰ তকাটো তাইৰ চাঙৰ গাত লগাকৈ পুতি আমাক দুকুৰি নলৰ আঁতৰৰপৰা সেই তকাত কাঁড় লগাব দিলে। মনেশ্বৰে প্ৰথমেই কাঁড় মাৰিলে; সেই কাঁড় তকাত নেলাগি এহাত মান আঁতৰেদি গল। মই কাঁড় মাৰি তকাত লগোৱাত আঘণীয়ে মোক মোৰ পিঠিত চপৰিয়াই প্ৰশংসা কৰাত মইও তাইক চুমা এটা খাইছিলো। মই তাইৰ কঁকালত ধৰা নাছিলো। মই কেতিয়াও অসদ অভিপ্ৰায়ে তাইক চুমা খোৱা নাছিলো, দেউতা ঈশ্বৰ! এয়ে আচল কথা। ”

 শঃ খোঃ গোঁঃ — “বাৰু কচোন। চুমা খাওঁতে আঘণীয়ে একো আপত্তি কৰা নাছিলনে!”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ! আঘণীয়ে কোনো ওজৰ আপত্তি কৰা নাছিল। ”

 শঃ খোঃ গোঁঃ — “কেলেই ওজৰ নকৰিছিল কচোন। ”

 ধনেশ্বৰ — (তললৈ মুৰ কৰি) “দেউতা ঈশ্বৰ! তাই মোক সৰুৰে পৰা ভাল পায় আৰু মইও তাইক সেইদৰে ভাল পাওঁ। তাইৰো মাক সৰুতে মৰিছে মোৰো আই সৰুতে ঢুকাইছে, সেই দেখি আমাৰ উভয়ৰে উভয়লৈ এটা মিলা প্ৰীতিৰ ভাব আছে। তদুপৰি আমি দুয়ো সৰুৰেপৰা একেলগে উমলি জামলি, ৰং ধেমালি কৰি ডাঙৰ হৈছো। ”

 মনেশ্বৰ — “হেৰ নিলাজ! তাই আমাৰ দেউৰী জাতিৰ ছোৱালী হৈ তোৰ নিচিনা চুতীয়া এটাক ভাল পোৱা কথাটো তেনেই মিছা?”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ দেখক। সি মোক এই ৰাইজৰ আগতে দেউতা ঈশ্বৰৰ আগতে আকৌ “নিলাজ” বুলি গালি পাৰিলে। আঘণীয়ে মোক ভাল পায়নে নাপায় এই কথা আঘণীক মতাই আনি সুধিলেই হয়। তাৰ পিছত দেউতা ঈশ্বৰে অনুমতি কৰক সিয়ে ময়ে এজন নমৰোঁ মানে কাঁড়ে কাঁড়ে, জাঠিয়ে জাঠিয়ে, অথবা ঢালে বাৰুৱে এই ৰাইজ আৰু দেউতা ঈশ্বৰৰ আগত যুজ কৰোঁ। [ ৩১ ]  শঃ খোঃ গোঁঃ — “ধনেশ্বৰ! মই আঘণীক নামাতোঁ। হেজাৰ হওক তাই জীয়াৰী ছোৱালী। ৰাইজৰ আগত তাই কথা কবলৈ লাজ কৰিব! মই এটা পৰীক্ষা লব খুজিছোঁ। ”

 ধনেশ্বৰ — “ভাল দেউতা ঈশ্বৰ! দেউতা ঈশ্বৰে যেনেকৈ পৰীক্ষা কৰে তেনেকৈ পৰীক্ষা দিবলৈ এই দাস সন্মত আছোঁ। ”

 শঃ খোঃ গোঁঃ — “হেৰ মনেশ্বৰ; তই কি কৱ। ”

 মনেশ্বৰ — “মইও পৰীক্ষা দিবলৈ সন্মত আছোঁ। ”

 দুয়ো এইদৰে কোৱাত শদিয়াখোৱা গোঁহাইদেৱে এটা সৰু কলপুলি অনাই পোতালে আৰু সেই কলপুলিৰ গাত সোঁ মাজতে এবেগেত দীঘল, ৬ আঙ্গুলী পুতলৰ চুনৰ দাগ এটা দিয়াই দুয়েকো এশ নলৰ আঁতৰৰপৰা সেই দাগত কাঁড় মাৰি কাঁড় লগাব দিলে। পোনেই মনেশ্বৰক মাৰিব দিলে। মনেশ্বৰে এবেলি দুবেলি তিনিবেলি কাঁড় মাৰিলে কাঁড় গৈ কলপুলিটো ঢুকিকে নাপালে। কলপুলিৰপৰা ২/৩ নল আঁতৰতে কাঁড় ৰলগৈ। ইয়াৰ পিছত ধনেশ্বৰক কাঁড় মাৰিব দিলে। ধনেশ্বৰৰো শৰীৰৰ গঠন আৰু ওখই বহলে মনেশ্বৰৰ সমান দেখালেও যেতিয়া ধনেশ্বৰে ধেনু ভিড়াই ধেনুত কাঁড় যুৰিলে তেতিয়া ধনেশ্বৰৰ বুকু গা ফুলি পৰিল। শদিয়াখোৱা গোঁহাইক সেৱা জনাই কাঁড় এৰিলে — সেই কাঁড়ে বিজুলী চমকেৰে গই কলপুলিৰ সেই বগা দাগত সোমাই কলপুলি ভেদ কৰি ওলাই যাবলৈ কেৱল পাখী থকা সেই ৫/৬ আঙ্গুলিহে ইফালে থাকিল। ৰাইজে হৰিধ্বনি কৰিলে শদিয়খোৱা গোঁহায়ে পিঠিত চপৰিয়ালে। ইয়াৰ পিছত শঃ খোঃ গোঁহাইদেৱে ঢাল-বাৰুৰ যুজ চাবলৈ ইচ্ছা কৰি ভিতৰৰপৰা দুযোৰ ঢাল-বাৰু আনি দিলে। ধনেশ্বৰে সেই ঢাল-বাৰু বীৰৰ ল’ৰাৰ দৰে তুলি ললে; কিন্তু মনেশ্বৰে হাত যুৰি জনালে যে সি ঢাল-বাৰুৰ যুজ নাজানে। তেতিয়া শদিয়াখোৱা গোঁহায়ে মনেশ্বৰৰ ফাললৈ ঘৃণাৰ চকুৰে চালে। ধনেশ্বৰে ঢাল-বাৰু থই শদিয়াখোৱা গোঁহাইদেৱক দীঘল দি দণ্ডবৎ কৰিলে। শদিয়া- খোৱা গোঁহাইদেৱে তাক উঠিবলৈ আদেশ দি কলে :— “বুজিলো ধনেশ্বৰ; তই অতি উত্তম কাঁড়ি আৰু এটা বীৰ। মোৰ ৰাজ্যত তোৰ নিচিনা যিমান নিপুণ কাঁড়ি আৰু যুজাৰু হয় সিমান ভাল। পিছত ধনেশ্বৰ; তইতো আঘণীক বিয়া কৰাব নোৱাৰ, কিয়নো তই [ ৩২ ] হলি চুতীয়া আৰু আঘণী হ’ল দেউৰী জাতিৰ। তহঁতৰ ভিতৰততো বিয়া হব নোৱাৰে। ”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ! এই দাসে এটা নিবেদন জনাব খোজো”।

 শঃ খোঃ গোঁঃ — “বাৰু কি কৱ ক। ”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ; আগৰ কালত আমি চুতীয়া আৰু দেউৰী একে জাতিৰ মানুহ। যি সকলে তামাৰ মাইৰ সেৱা-পূজা ললে সেইসকল দেউৰী হল; আনবিলাক চুতীয়া হৈ ৰল। পিছত আমাৰ সেই চুতীয়াৰ ভিতৰতে কেৱে কেৱে হিন্দু হৈ হিন্দু চুতীয়া নাম লৈছে, কেৱে দেউতা ঈশ্বৰসকলৰ জাতি লৈ আহোম চুতীয়া হৈছে। ” সেই দেখি মইও যদি দেউতাৰ জাতিৰ আহোম হওঁ — আৰু আঘণীও যদি আহোম সমাজত ভুক্ত হয়; তেন্তে আমাৰ দুইৰো ভিতৰত বিবাহ হব পাৰিব। দেউতা ঈশ্বৰৰ দেখোন এই নিয়ম বিদিত আছে। ”

 শঃ খোঃ গোঁঃ — (মুখতে খঙ দেখুৱাই) “হে কটা চুতীয়া; তই এতিয়া এটা জগৰ লগাই, পৰলৈ খুজি থোৱা ছোৱালীক চুমা খাই দণ্ডৰ ভয়ত আহোম হব খুজিছ নহয়নে?”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰে কাটক বা মাৰক মই আজিৰপৰা আহোম হলোৱেই। দেউতা ঈশ্বৰে কোন খেলত থৰ আদেশ কৰিলেই সেই খেলৰ সকলক দাসে আন একো দি সেৱা কৰিব নোৱাৰিলেও এশৰাই তামোল দি হলেও সেৱা কৰিবলৈ তৈয়াৰ আছোঁ।

 শঃ খোঃ গোঁঃ — “হেৰ! মই আজিয়েই তোক আহোম কৰিব নোৱাৰোঁ। পিছত তই চুতীয়া হৈনো কোনটো সাহেৰে তামাৰ মাইৰ বৰদেউৰীৰ জীয়েকক বিয়া কৰাব খোজ। ”

 ধনেশ্বৰ — “যদিও মই জাতিত চুতীয়া আৰু লাংফাই তামাৰ মাইৰ বৰদেউৰী তথাপি মই যেতিয়াই আগৰ চুতীয়া ৰজা নীতিপালৰ জীয়াৰীফালৰ বংশধৰ তেতিয়াই ময়ো মান-সম্ভ্ৰমত লাংফাই বৰদেউৰীতকৈ কোনো অংশে হীন নহওঁ। ”

 লাংফাই — “হেৰ কটা ধনেশ্বৰ! তই যাৰে বংশৰ হৱ তই যে এতিয়া ষাড়ৰ খেলৰ সেইটো পাহৰিলিনে? তই হলি ছাগলীৰ দৰে আৰু মই হলো বাঘৰ দৰে — তহঁতৰ মানুহ তামাৰ মাইত বলি [ ৩৩ ] পৰে, সেই মানুহক তামাৰ মাইৰ আগত বলি দিওঁ! ছাগ হৈ বাঘৰ জীয়াৰীলৈ হেপাহ কৰা আক্কলটোও তোৰ কম নহয়! হেৰ! মৰিবলৈ অতপালি কৰিছ। ”

 ধনেশ্বৰে দাঁত কামুৰি এই কথাৰ উত্তৰ দিবলৈ নৌপাওঁতেই শদিয়াখোৱা গোঁহাইদেৱে কলে — “বৰদেউৰী! তুমি এতিয়া তাৰ লগত চুপতি নকৰাই ভাল। বাৰু মই তাক আৰু দুষাৰ কথা সোধো। ” শঃ খোঃ গোঁহাইদেৱৰ আদেশত লাংফাই মনে মনে ৰল, তেতিয়া গোঁহাইদেৱে কলে — “হেৰ ধনেশ্বৰ। তই যি বংশৰ হৱ তই যেতিয়াই পৰলৈ খোজাবঢ়া কৰি থোৱা ছোৱালীৰ মন ভঙাবলৈ তাইক নিলাজভাবে চুমা খালি তেতিয়াই তই নিয়মমতে দন্দ পাব লাগে। তোক চমটাৰে কোবাই, গাত পানী ঢালি, চোৰাত মেলি নাকটো কাটিলেহে এই দোষৰ শাস্তি হয়। কি কৱ তই। ”

 ধনেশ্বৰে শঃ খোঃ গোঁহাইদেৱৰ এই কথাৰ কোনো উত্তৰ দিবলৈ নৌপাওঁতেই ধনেশ্বৰৰ বাপেক হৰেশ্বৰে আগবাঢ়ি গই শদিয়াখোৱা গোঁহাইৰ ভৰিত পৰি জনালে — “দেউতা ঈশ্বৰ! দাসে এটি নিবেদন জনাওঁ। আমি ষাঁড়ৰ খেলৰ মানুহ যেতিয়াই, পূৰ্ব্বাপৰ স্বৰ্গদেৱ ঈশ্বৰসকলে বিহি দিয়া নিয়ম অনুসৰি মোৰ পো ধনেশ্বৰে লাংফাই দেউৰীৰ জীয়েককহে নালাগে মাক বা ঘৈণীয়েকক ললেও তাক কেৱে দণ্ড বিহিব নোৱাৰে। দেউতা ঈশ্বৰে এই কথা জানে। ”

 হৰেশ্বৰৰ এই কথাত সকলো ৰাইজ নিমাত হল! শদিয়াখোৱা গোঁহাইদেৱে কলে — “অ হৰেশ্বৰ! তুমি পূৰ্ব্বাপৰ নিয়মটো সোৱঁৰাই দি ভাল কৰিলা! অৱশ্যে মই ধনেশ্বৰক সেই নিয়ম অনুসৰি দণ্ড বিহিব নোৱাৰোঁ সঁচা। কিন্তু তাৰ নাকটো কাটিব পৰা হলেহে তাৰ দোষৰ দণ্ড হলহেঁতেন। যি কি নহওক তাক মই এৰি দিলো। বৰদেউৰী! মনেশ্বৰ! ৰাইজ সকলো ঘৰাঘৰি যোৱাগৈ। গোঁহাই- দেৱৰ এই আদেশত সকলো ঘৰাঘৰি গল। যাবৰ সময়ত লাংফাই দেউৰীয়ে ধনেশ্বৰৰ ফালে বৰ কট্ মট্ মুখেৰে আৰু ৰঙা চকুৰে টেৰ টেৰ কৰি চাইছিল! ধনেশ্বৰেও প্ৰকাৰন্তৰে লাংফাইক বুঢ়া আঙুলিটো

দেখুৱাই বাপেকৰ পিছে পিছে ঘৰৰ ফাললৈ গল। [ ৩৪ ]

১১

 ঘৰত অলপ পৰ জিৰাই-সতাই ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহিল আৰু বৈষ্ণবীক, সাধু দুজনক সেৱা সৎকাৰ কৰি অলপ খৰি-খেৰ গোটাই দি তেওঁলোকৰ ওচৰত পাৰি থোৱা কঠ এখানত বহিল। বৈষ্ণবীয়ে সুধিলে “বাৰু ধনেশ্বৰ। আজিনো গোঁহাইদেৱৰ চৰাত কিহৰ মেল হৈছিল?”

 ধনেশ্বৰ — “আই। লাংফাই বৰদেউৰীয়ে সৎৰাম আৰু মনাই দেউৰীক লগত লই আহি শদিয়াখোৱা গোঁহাইদেৱৰ আগত সেইদিনা ভূঁইতলিত হোৱা দনখনৰ বাবে মোৰ ওপৰত এটা গোচৰ দিছিল। ”

 বৈষ্ণবী — “কি বুলি গোচৰ দিছিল কোনো কথা নুলুকুৱাকৈ মোক কচোন। ”

 ধনেশ্বৰ — “আই! মই ভুঁইতলিত কাঁড়ৰ খেলত জিকি আঘণীক দুটা চুমা খাইছিলো। মনায়ে সেই কথাকে দহখন কৰি বাপেক সৎৰামক লগালে। সৎৰামে লাংফাই দেউৰীক লগাই, মনেশ্বৰ আৰু লাংফাইক লগত লৈ আহি মোক দণ্ড-বন্ধ কৰাবলৈ শদিয়াখোৱা গোঁহাইদেৱক গোচৰ দিছিল। ”

 বৈষ্ণবী — “তই দৰাচলতে আঘণীক চুমা খাইছিলিনে? তই দেখোন সিদিনা এইটো কথা কোৱা নাছিলি। ”

 ধনেশ্বৰ — “আই! মই আঘণীক চুমা খাইছিলো। সেই দিনাখন আপোনাক কবলৈ লাজ লগাতহে কোৱা নাছিলো। ”

 বৈষ্ণবী — “মোৰ বিবেচনাৰে তই এইফেৰা অন্যায় কৰিছিলি। ”

 ধনেশ্বৰ — “আই! তাই মোক কাঁড় মৰাত জিকা দেখি মোৰ পিঠিত চপৰিয়াইছিল। মইও তাইক যেতিয়াই ভাল পাওঁ — অকপট চিত্তেৰে ভাল পাওঁ — তেতিয়াই মই তাই পিঠিত চপৰিয়াই প্ৰসংসা কৰাৰ বাবে চুমা খাইছিলো। এইটো যদি অন্যায় হৈছে তেন্তে আই। মোৰ আৰু উপাই নাই। ”

 বৈষ্ণবী — “বাৰু; তই যে তাইক ভাল পাৱ, তই জানো তাইক বিয়া কৰাব পাৰিবি? তই হলি চুতীয়া জাতিৰ ডেকা, তাই হল দেউৰী জাতিৰ গাভৰু, এনেস্থলত তাইক জানো তাইৰ বাপেক তোলৈ বিয়া দিব?” [ ৩৫ ]  ধনেশ্বৰ — “আই! অৱশ্যে তাইৰ বাপেকে তাইক মোলৈ কেতিয়াও বিয়া নিদিয়ে এইটো মই জানো তথাপি তাইক দেখোন মই ভাল নাপাই নোৱাৰোঁ। তাইক বিয়া কৰাবলৈ পাওঁৱেই বা নাপাওঁৱেই, মই এইটো জীৱনত তাইক পাহৰিবও নোৱাৰিম, ভাল নাপাইও নোৱাৰিম। যদি সংসাৰত জীয়াই থাকোঁ তেনেহলে তাইক বিয়া কৰাবলৈ নাপালে এই গোটেইটো জীৱনতে আৰু কাকো নকৰিম এইটোও ধ্ৰুব নিশ্চয়। ”

 বৈষ্ণবী — “তোৰ ইমান কখ্যানে!”

 ধনেশ্বৰ — “আই মোৰ ইমান কথা। পিছত আৰু এটা কথা এই-তাইও যদি সন্মত হয় তেন্তে তাইয়ে মইয়ে দুয়ো যদি আহোম জাতিত সোমাওঁ তেনেহলে আমাৰ দুইৰো বিবাহো হব আৰু আমি এই সুবৃৎ আহোম জাতিৰ ভিতৰত ঠায়ো পাম; কিয়নো আমাৰ আহোম জাতি ইমান উদাৰ যে “আহোম হলু” বুলি কলেই সেই দিনৰেপৰা আহোম হমেই। পিছত যোগ্য অনুসৰি কোনো এখেল আহোম সমাজত আমাক শঃ খোঃ গোঁসাইদেৱেও ঠাই দিব আৰু সেই আহোম খেলে আমি তেখেতসকলক ভালকৈ ভোজ-ভাত দিব নোৱাৰিলেও শৰাই তামোল-পাণ দি উভয়ে সেৱা কৰিলেও আমাক তেওঁবিলাকৰ সমাজত লব। ”

 বৈষ্ণবী — “এজনী তিৰুতাৰ কাৰণে নিজৰ জাতিটো এৰাটো জানো ভাল হব?”

 ধনেশ্বৰ — “আই! জাতি ঈশ্বৰে সৰ্জ্জি পঠোৱা নাই। আমি মানুহেহে জাতি জাতি কৈ বেলেগ বেলেগ হৈছো। পিছত আগৰ আমাৰ চুতীয়া জাতি আৰু আহোম জাতিৰ খোৱা-লোৱা, থকা মেলাত একো ভেদ নায়েই। ধৰ্ম্মতো আগৰ আহোম আৰু চুতীয়া প্ৰায় একেই। এতিয়া আমৰ অনেক চুতীয়া মানুহ আহোম জাতিত সোমাই আহোম চুতীয়া নাম পাইছে আৰু কেতখিনি মানুহ হিন্দু হৈ অৰ্থাৎ গোঁসাই আৰু বামুণৰ শৰণীয়া হৈ হিন্দু চুতীয়া নাম লৈছে। এতিয়া আহোমসকলেও যেতিয়াই আগৰ গৰু, ম'হ ইত্যাদি খাবলৈ এৰি শুদ্ধাচাৰী হৈছে, তেতিয়াই হিন্দু আৰু আহোমৰেই বা প্ৰভেদ কি? বিশেষকৈ মই এইটোও জানো যে আমি সকলোৱে ঈশ্বৰৰ সন্তান। ” [ ৩৬ ]  বৈষ্ণবী — (মিচিককৈ হাঁহি মাৰি) “বাবা। মই তোৰ কথাত বৰ সন্তুষ্ট হলো। তই যে “সকলো মানুহেই এক ঈশ্বৰৰ সন্তান, ভাই ভাই” এইটো জ্ঞান পাইছে ইয়াত বৰ সুখী আৰু আনন্দিত হলো; প্ৰকৃততে এইটোৱেই ব্ৰহ্মজ্ঞান। এইটো জ্ঞানেই মানুহক ঈশ্বৰ উপলব্ধি কৰায়। পিছত বাবা; কথা এটা আছে মই কওঁ শুন। ”

 ধনেশ্বৰ — “কওক আই। ”

 বৈষ্ণবী — বাবা! তাইক বিয়া কৰোৱাৰ আগেয়ে এনেকুৱা এটা বিপদ আছে যে তোৰ প্ৰাণ নাশো হব পাৰে। ”

 ধনেশ্বৰ “আই! উপজিছোঁ যেতিয়াই এদিন মৰিবও লাগিব। মই যেতিয়াই বীৰ জাতিৰ সন্তান তেতিয়াই মই মৰণলৈকো ভয় নকৰো কিন্তু তথাপি যদি ৰক্ষা পাবৰ কিবা উপায় আছে কওক। ”

 বৈষ্ণবী — “বাবা! ৰক্ষা পাবৰ উপায় হৈছে কৃষ্ণৰ মধুসূদন নাম জপ কৰাটো। তই আজিৰপৰা আহৰি সময়ত, ৰাতি শুবৰ সময়ত, পুৱা টোপনি ভাঙি ঢাৰি পাটিৰপৰা উঠাৰ আগেয়ে নমো মধুসুদ- নায় এই মাত্ৰ যিমান বাৰ পাৰ জপ কৰিবি। মধুসূদনে নানা পাক চক্ৰ লগাই তোক ৰক্ষা কৰিব।

 ধনেশ্বৰ — “বাৰু আই! তাকে কৰিম। এতিয়া যাওঁহে। ”

 বৈষ্ণবী — “বাৰু যাগৈ যা বাবা। ”

১২

 লাংফাই দেউৰীৰ গোচৰৰ তিনিদিন মান পাছত শদিয়াখোৱা গোঁহাইৰ ঘৰত আকৌ লোকে লোকাৰণ্য হল। ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে পত্ৰ সন্দেশ দি এজন কটকী পঠাইছে। সেই পত্ৰত স্বৰ্গদেৱে শদিয়াখোৱা গোঁহাইদেৱলৈ লেখিছিল যে বদন বৰফুকনক ৰাজমাৱে ৰূপসিং বঙালৰ হতুৱাই হত্যা কৰোৱাৰ বাবে বৰফুকনৰ পুতেকহঁতে মান দেশলৈ গই মান আনি অসমদেশ আক্ৰমণ কৰি ৺পুৰন্দৰ সিংহ স্বৰ্গদেৱক খেদিছে। মানৰ সেনাপতি মিঙ্গিমাহাই যদিও তেওঁক ৰজা পাতিছে, তথাপি তেওঁ মানৰ সজাত নাপায়। মিঙ্গিমাহাহে প্ৰকৃত ৰজা হৈছে। প্ৰজাৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। এইবিলাক [ ৩৭ ] কাৰণতে তেৱোঁ অতি শীঘ্ৰে মানৰ লগ এৰি মানৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ মনে মনে পাঙিছে। গোঁহাইদেৱে যেন শদিয়া ৰাজ্যখন মানৰপৰা ৰক্ষা কৰি ৰাখে; যেন শদিয়াত মানক সোমাব নিদিয়ে; তেওঁ যেন সৈন্য সামন্ত এদল সাজু কৰি লই মানক ব্ৰহ্মপুত্ৰৰ ইপাৰতে ধৰেহি। ” চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পৰা এই চিঠি পাই শদিয়াখোৱা গোঁহাইদেৱে তেওঁৰ প্ৰধান সেনাপতি কমলেশ্বৰ গোঁহাই নামৰ ডেকা এজনক মতাই আনিলে; লগতে তেওঁৰ চ’ৰাৰ মেলৰ বুঢ়া-মেথা সকলোকে মাতিলে। চুতীয়া সকলৰো প্ৰত্যেক খেলৰ মানুহ মতাই আনিলে। সকলোকে চৰাত যথা-যোগ্য আসনত বহুৱাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে লিখা পত্ৰ পাঠ কৰি শুনাই কলে — “বাৰু সমজুৱাসকল! আৰু কমলেশ্বৰ বাপা। কোৱাচোন আমি এতিয়া কি কৰা উচিত। ” সমজুৱাসকলৰ ভিতৰত বয়োবৃদ্ধ এজনে কলে — “দেউতা ঈশ্বৰ; আমাৰ সকলো খেলৰ আৰু জাতিৰ পৰা শ শ ডেকা লৰা আৰু মানুহ গোটাই লই সেই সকলক অলপ যুদ্ধ বিদ্যা শিকাই ৰণলৈ আগ বঢ়োৱা যাওক। ”

 কমলেশ্বৰ — “দেউতা ঈশ্বৰ! মইও সেই কথাকে কওঁ। সৈন্য গোটাই লই সেই সৈন্যক দহবাৰদিনমান কুচ্-কাৱাজ শিকাব লাগে। সৈন্যৰ নিমিত্তে খোৱামেলা বস্তুও গোটাব লাগে। ”

 কমলেশ্বৰৰ এই কথা সকলোৱে সমৰ্থন কৰিলে। তেতিয়া শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাইক এই সকলোবিলাক যো-জা কৰিবলৈ আদেশ দিলে। মেল নৌভাঙোতেই ধনেশ্বৰ চুতীয়াইও আগবাঢ়ি আহি শদিয়াখোৱা গোঁহাইদেৱক সেৱা জনাই কলে — “দেউতা ঈশ্বৰ! মই বন্দিও যুজলৈ সাজু হব খোজোঁ — আৰু যদি উপযুক্ত দেখে তেন্তে আপোনাৰ সেনাপতি ডাঙ্গৰীয়া গোঁহায়ে মোক তেওঁৰ অনুগত সহকাৰী ৰূপে লয় যেন। ধনেশ্বৰৰ এই নিবেদনত শদিয়াখোৱা গোঁহাইদেৱে সন্তুষ্ট হৈ কলে — “কমলেশ্বৰ বাপা! এই ধনেশ্বৰক যদি যুদ্ধ বিদ্যাত উপযুক্ত দেখা তেন্তে তাক তোমাৰ তলতীয়া সহকাৰী ৰূপে লব পাৰা। কাঁড় মৰা বিদ্যাত মই তাক চোকা পাইছোঁ। বোধ কৰোঁ হিলৈ মৰাতো চোকা হব। চাই চিন্তি পৰীক্ষা কৰি যেনে ভাল দেখা কৰিবা। ”

 শদিয়াখোৱা গোঁহাইদেৱৰ এই কথাত কমলেশ্বৰ গোঁহায়ে ধনেশ্বৰক কলে — “বাৰু ধনেশ্বৰ। কাইলৈ তুমি পুৱাই তোমাৰ ধেনু কাড়, ঢাল-বাৰু যি আছে মানে লই মোৰ ঘৰলৈ আহিবা। ” [ ৩৮ ]  ধনেশ্বৰ — “ভাল দেউতা আহিম” এই বুলি সেৱা জনালে। শদিয়াখোৱা গোঁহায়ে মেল ভাঙিলে, তেতিয়া সকলোবিলাক ঘৰাঘৰি গল।

১৩

 এইবিলাক ঘটনা হৈ যাবৰ তিনিদিনমান পিছত এদিন ভাটী বেলীয়া সৎৰাম দেউৰীয়ে দুখান ভাৰ ভেটী লই লাংফাই বৰদেউৰীৰ ঘৰলৈ আহিল। ভাৰ ভেটী গ্ৰহণ কৰি লাংফায়ে সৎৰামক আষ্ট- আদৰ কৰি চাঙলৈ তুলি নি টুপত বহুৱালে; আৰু ভিতৰৰ পৰা এটেকেলি মদ আৰু বটাত তামোল-পান উলিয়াই আনিলে। তেতিয়া সেই টেকেলিৰপৰা বাকি বাকি চাৰিউজন মানুহে মদ খালে; তাৰ লগে লগে তামোল চালিও খালে। তাৰ পিছত লাংফায়ে সুধিলে — “পিছত বিয়ৈ! আজিনো কি সকামে অহা হৈছে কওকচোন। ”

 সৎৰাম — “মোৰ ইচ্ছা এই আষাৰ মাহতে ল'ৰা-ছোৱালী হালৰ বিয়াখন পাতোঁ। নেদেখিছে কেনেকৈ সি কটা চুতীয়াই আপোনাৰ জীয়েকৰ মন বেয়া কৰিব লাগিছে। ”

 লাংফাই — “এৰা। আপুনি যি কৈছে সজকে কৈছে। পিছত সদ্যহতে বিয়া পাতিবলৈ মই কোনো যোজাকে কৰিব পৰা নাই। দেখিছেই মোৰ ঘৰত অকল মই আৰু আঘণীহে। আহুধান কেডালো চপাবলৈ আছে। তদুপৰি এই বেলি তামাৰ মাইৰ পূজা হোৱাৰ আগতে মই ছোৱালীজনীক বিয়া দিব নোৱাৰিম। পূজা হৈ গলেই সাদিন মানৰ পিছতহে বিয়া দিব পাৰিম। ”

 সৎৰাম — “ইয়াৰ ভিতৰতে যদি কেনেবাকৈ সেই চুতীয়া লৰা- টোৱে তাইক পলুৱাই লই যায় তেন্তে সকলো কথা মিছা নহবনে?”

 লাংফাই — “সদ্যহতে সি তাইক পলুৱাই নিব নোৱাৰে; আৰু মোৰ জীয়াৰীয়েও তাৰ লগত পলাই নাযায়; সি এতিয়া কমলেশ্বৰ গোঁহাইৰ লগত যুদ্ধ বিদ্যা শিকিবলৈ কুচ্কাৱাজ শিক্ষাত লাগিছে; সেই দেখি সি সদ্যহতে পলাবও নোৱাৰে। মই তাৰ অন্যায় হেপাহৰ মুধা মাৰিবলৈ মই বেষ্টিত আছোঁ। আশা কৰোঁ তামাৰ মাইয়ে মোৰ মনোবাঞ্চা পূৰ্ণ কৰিব। ” [ ৩৯ ]  এইদৰে কথা-বতৰা হোৱাৰ পিছত সৎৰাম উভতি গল। দৈবাৎ সেই সময়ত আঘণী নৈৰ ঘাটলৈ গৈছিল আৰু তাত চাউল-পাত ধুই লগতে পিতলৰ কলহত পানী একলহে সৈতে সৎৰাম যোৱাৰ পিছত ঘৰ পাইছিলহি।

১৪

 আদেশ অনুসৰি ধনেশ্বৰ চুতীয়া পিছদিনা ৰাতিপুৱাই কমলেশ্বৰ গোঁহাই সেনাপতিৰ ঘৰলৈ আহিল। গোঁহায়ে দহজনমান আহোম ডেকা আৰু চুতীয়া ডেকা মতাই আনি প্ৰায় ১০০ নল মান আঁতৰত এটা কলপুলি পোতাই তাত এটা চিন দি প্ৰথমতে আহোম ডেকা সকলক সেই চিনত কাঁড় মাৰিব দিলে। আহোম ডেকাসকলৰ ভিতৰত কনকেশ্বৰ গোঁহাই নামৰ এজনে সেই চিনত কাঁড় লগালে, আৰু চুতীয়া ডেকাসকলৰ ভিতৰত ধনেশ্বৰ সেই চিনত কাঁড় লগালে। তেতিয়া কমলেশ্বৰ গোঁহায়ে, কনকেশ্বৰ গোঁহাইক ঢাল বাৰু লই আহোম ডেকা কেইজনমানে সৈতে যুজিব দিলে। কনকেশ্বৰ গোঁহায়ে সুন্দৰকৈ যুজিলে — তেওঁক কেৱে এই ঢাল-বাৰুৰ যুজত ঘটুৱাব নোৱাৰিলে; সেইদৰে ধনেশ্বৰেও কেইজনমান চুতীয়া ডেকাৰ সৈতে ঢাল-বাৰুৰে যুজিলে ধনেশ্বৰকো কেৱে ঘটুৱাব নোৱাৰিলে। তেতিয়া কমলেশ্বৰ সেনাপতি গোহায়ে কনকেশ্বৰক আহোম ৰণুৱাসকলৰ ওপৰত কাপ্তান পাতিলে আৰু ধনেশ্বৰক চুতীয়া ৰণুৱাসকলৰ ওপৰত সেই দৰে কাপ্তান পাতি দুইকো যিমান পাৰে নিজ নিজ জাতিৰ ৰণুৱা গোটাবলৈ আৰু শিকাবলৈ আদেশ দিলে। তিনি চাৰি দিনৰ ভিতৰতে উভয়ে ২০০০ দুহাজাকৈ ৪০০০ চাৰি হাজাৰ ডেকা গোটালে আৰু সেই ডেকাসকলক নিতৌ পুৱা কুচ-কাৱাজ কৰিবলৈ শিকালে। কমলেশ্বৰ গোঁহাইদেৱে নিতৌ এটা ৰঙা ঘোৰাত উঠি আহি সেই কুচ-কাৱাজ শিক্ষা আদি চাইছিলহি, মাজে মাজে শদিয়াখোৱা গোঁহাইদেৱে বগা ঘোৰা এটাত উঠি সেই শিক্ষাবিলাক চাইছিল। আৰু সৈন্য বিলাকক উদগনি দিছিল। এইদৰে শদিয়াত ৰণুৱা সকলৰ শিক্ষা প্ৰায় এমাহ

মান হল। [ ৪০ ]

১৫

 চাওঁতে চাওঁতে আষাঢ় মাহ গৈ শাওণত পৰিল। কনকেশ্বৰ গোঁহায়ে আৰু ধনেশ্বৰ চুতীয়াই ৰণুৱাবিলাকক সদায় পুৱাই যুদ্ধ বিদ্যা শিকাই অৰ্পিত কৰিলে। এই মাহটো ধনেশ্বৰ ৰাতিপুৱা বেলা বৈষ্ণবীৰ তালৈ যাব পৰা নাছিল যদিও গধূলি গধূলি সদায় গৈছিল আৰু বৈষ্ণবী আৰু সাধু দুজনক খৰি-খেৰ ইত্যাদি দুয়ো বেলাৰ নিমিত্তে গোটাই দিছিল।

 শাওণ মাহ পৰিবৰেপৰা বৈষ্ণবী ওচৰৰ গাৱেঁ-ভূয়ে, আহোম, দেউৰী, চুতীয়া এই সকলৰ প্ৰায় ঘৰে ঘৰে ফুৰিছিল, আৰু ঠায়ে ঠায়ে দুই এটি কীৰ্ত্তন, বৰগীত গাই মানুহক শুনাইছিল। তেওঁৰ সুৱলা মাতত আৰু সুন্দৰ জাত লগাই গোৱা গীত, ৰাগ, পদত সকলোৱেই মোহিত হৈছিল, আৰু তেওঁক সন্মান আৰু ভক্তি কৰিছিল। তেৱোঁ ভিক্ষা কৰাৰ লগে লগে মানুহৰ মনত পৰম পবিত্ৰ বৈষ্ণৱ ধৰ্ম্মৰ গুটি সিঁচি ফুৰিছিল। উৰ্দ্ধবাহু আৰু ডেকা সন্ন্যাসীজনে মাজে মাজে গাৱেঁ গাৱেঁ ফুৰি ভগৱতীৰ শাক্ত ধৰ্ম্ম আৰু বেদান্তৰ ব্যাখ্যা দি ফুৰিছিল; কিন্তু দুখৰ বিষয়েই হওক বা সুখৰ বিষয়েই হওক গাৱঁলীয়া হোজা অসমীয়া প্ৰজাই বেদান্তৰ ব্যাখ্যাতকৈ প্ৰভূ কৃষ্ণৰ লীলা, নাম, গীত, ৰাগ, পদ ইত্যাদি শুনিবলৈহে বেছি ভাল পাইছিল।

 এদিন গাওঁ ফুৰি ফুৰি বৈষ্ণবীজনা হঠাৎ লাংফাই দেউৰীৰ ঘৰৰ চোতালত ঠিয় হলগৈ। সেই সময়ত লাংফাই দেউৰী তামাৰ মাইৰ মন্দিৰলৈ গইছিল। ঘৰত অকল আঘণীহে আছিল। বৈষ্ণবী ঠিয় হোৱা মাত্ৰেই আঘণীয়ে নিজৰ চাঙৰপৰা নামি আহি বৈষ্ণবীক বহিবলৈ পীৰা এখান দিলে। তাৰ পিছত তামোলপান এজোৰ বটাত আনি আগবঢ়াই দিলে। বৈষ্ণবীয়ে সেই তামোল-পান আঘণীক কাটিব দিলে। আঘণীয়ে আচৰিত হৈ সুধিলে — ‘আই! মই দেখোন দেউৰী জাতিৰ মানুহ। মোৰ হাতেনো আপুনি কটা তামোল লবনে! আনবিলাক হিন্দুৱে দেখোন আমাৰ হাতৰ গুৱা নলয়। ” [ ৪১ ]  বৈষ্ণবী — “মা আঘণী; আমি প্ৰভু কৃষ্ণৰ সেৱক সকলে কাকো কোনো জাতিৰ মানুহকে হীন বুলি নাভাবোঁ। আমাৰ মনত সকলো মানুহেই সমান — আমাৰ মনত ডাঙৰ জাতি, সৰু জাতি ইত্যাদিৰ বাচ বিচাৰ নাই। অৱশ্যে আমি নোখোৱা বস্তুটো কাৰো হাতে নাখাওঁ; আৰু কোনো বস্তুকেই ঈশ্বৰত অৰ্পণ নকৰাকৈ নাখাওঁ। যদি মানুহজন সৎ আৰু নিকা হয়, আৰু তেওঁ আমাক খাবলৈ দিয়া বন্তু ঈশ্বৰত লগাই প্ৰসাদ কৰে তেন্তে আমি সেই বস্তু সেই জনৰ হাতৰপৰা খাম। পাপীক আমি ঘিণ নকৰোঁ, কিন্তু পাপক হলে ঘিণো কৰোঁ ভয়ো কৰোঁ। তুমি যেতিয়াই কোনো পাপে স্পৰ্শ নকৰা সৎমনৰ ছোৱালী, তেতিয়াই তোমাৰ হাতে তামোল-চালি খোৱাত দোষ নাই; সেইদেখি আই গুৱা তুমিয়েই কাটা। ” বৈষ্ণবীৰ এই আদেশ পাই আঘণীয়ে পানী এলোটা আনি ভালকৈ হাত দুখান ধুই ঠাইখিনি অতাই তাৰ ওপৰত বটাটো থৈ গুৱা কাটিলে। কাটি বৈষ্ণবীক সেৱা কৰি বটাটো আগবঢ়াই দিলে। বৈষ্ণবীয়ে দুখান গুৱা হাতত লই এখান নিজে খালে; আনখন আঘণীক খাব দিলে; আঘণীয়ে তামোল খাই হাত যোৰ কৰি বৈষ্ণবীক সুধিলে :— আই! কওকচোন আপোনাৰ কৃষ্ণৰ সেৱক সকলে কি খায় কি নাখায়। ”

 বৈষ্ণবী — “আই আঘণী! আমি আমিষ অৰ্থাৎ মাছ মাংস এই বিলাক নাখাওঁ, আমি আতা, আতপ চাউল, গৰুৰ ঘিউ, মগু মাহ, শাক-পাচলি ইত্যাদি খাওঁ। ”

 আঘণী — “আই বুজিলো — আপোনালোকে পেটৰ নিমিত্তে কোনো প্ৰাণী হিংসা নকৰে। পিছত আই! দুখীয়াৰ ঘৰলৈ আহিল আপোনাকনো কি দি শুশ্ৰষা কৰিম। দুখুনীৰ দেখোন একো নাই। ”

 বৈষ্ণবী — “বাছা! তই মোক একো দিব নালাগে। এই যে পিৰা আৰু গুৱা দিলি আৰু ভক্তিভৰে বচন দিলি এয়ে যথেষ্ট হৈছে। বাছা! আমি আদৰ আৰু বচনৰ হে ভিখাৰিণী, ধন সোণৰ নহওঁ। আমাৰ ঘৰ নাই, দুৱাৰ নাই, যতে পাওঁ তত থাকোঁ। মানুহৰ ঘৰে-দুৱাৰে গৈ ভিক্ষা মাগি, ঈশ্বৰ কৃষ্ণৰ দুই এটি নাম, গীত পদ গাই, চাউল পাত এমুঠি নি খাওঁ। বাছা! মোক মৰম [ ৪২ ] কৰি আষ্ট-আদৰ কৰিলি তোকনো মই কি দিম। মুঠতে ইয়াকে কওঁ ঈশ্বৰ কৃষ্ণত তোৰ ভকতি বাঢ়ক। ঈশ্বৰ কৃষ্ণই তোক সুখী কৰক। পিছত মই তোক কথা এটা সোধো, তই মোক একো লাজ নকৰি অকপট চিত্তেৰে কবিনে?”

 আঘণী — “আই সোধক। মই অকপট চিত্তেৰে কম। ”

 বৈষ্ণবী — “তেনেহলে আই কচোন, মনেশ্বৰ আৰু ধনেশ্বৰৰ ভিতৰত তই কাক বেছি ভাল পাৱ?”

 আঘণী — “আই! মই ধনেশ্বৰক বেছি ভাল পাওঁ; কিয়নো সি ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই! তাৰে সৈতে মোৰ বিয়াতো হব নোৱাৰে; সেই দেখি তাক মই ভাল পোৱা বা নোপোৱা সমান কথা। ”

 বৈষ্ণবী — “আই! সি তোক বিয়া কৰাব পৰা নপৰাটো পিছ কথা; কিন্তু সি যদি কোনো প্ৰাণৰ সঙ্কটত পৰে তই তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিবিনে?”

 আঘণী — “আই! আপোনাক জনাওঁ মই নিজৰ জীউটো দিও তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। ”

 বৈষ্ণবী — “তেনেহলে বাছা! তোক মই কথা এটা কৈ থওঁ। এইবেলি দুৰ্গা পূজাৰ দুমাহমানৰ আগৰেপৰা ধনেশ্বৰৰ এটা বৰ ঘাতুক ৰিষ্ট আছে আনকি তাৰ প্ৰাণৰো সংশয় আছে। সেই সময় আহিলে তই মোৰ বুদ্ধি লবি আৰু মোক সহায় কৰিবি দেই। ”

 আঘণী — “আই! সেই সময়ত আপোনাক কত পাম। ”

 বৈষ্ণবী — “আই! চিন্তা নকৰিবি। সময় উপস্থিত হলে মই নিজেই তোৰ ওচৰলৈ আহিম। বাছা! এতিয়া বিদায়হে হওঁ। ”

 আঘণী — “ভাল আই। সেৱাহে জনালো। ”

 বৈষ্ণবীয়ে তেতিয়া “বাছা সুখী হ” এই বুলি আশীৰ্ব্বাদ দি মন্দিৰৰ ফাললৈ আহিল।

১৬

 তাম্ৰশ্বৰী মাতৃৰ মঠ থকা গড়টো দীঘে প্ৰায় একুৰি পাঁচ নল, পথালীয়ে প্ৰায় পোন্ধৰ নল — এই ইটাৰ গড়ৰ সোঁ-মাজতে মঠটো আছিল। গড়টোৰ চাৰিওফালে চাৰিখন দুৱাৰ আছিল। মঠৰ [ ৪৩ ] বেৰবিলাক শিলৰ, সেই শিল বিলাকক জোৰা লগাই ৰাখিছিল শিলৰ গজালেৰে। মঠটোৰ ওপৰৰ চালখান আছিল তামৰ। এই কাৰণেই মঠটোৰ নাম হৈছিল “তামেশ্বৰীৰ মন্দিৰ” মঠটোৰ মুঠেই পশ্চিম ফালে এখন দুৱাৰ। মঠলৈ সোমোৱা দুৱাৰমুখতে এখান সৰু শিলৰ পীৰা আছিল। অলপ আঁতৰতে এটা বৰ ডাঙৰ গাঁত আছিল। এই তামাৰ মাইক অকল চুতীয়া আৰু দেউৰী সকলেহে যে ভয় কৰিছিল এনে নহয়; ওচৰৰ মিচিমি, চিংফৌ, আবৰ, খামতি ইত্যাদি পৰ্ব্বতীয়া জাতিবিলাকেও ভয় কৰিছিল। সুদূৰ তিব্বত, চীন আৰু হিন্দুস্থানৰ পৰাও অনেক তান্ত্ৰিক আৰু বামাচাৰী শাক্তও আহি এই মন্দিৰত পূজা দিছিল। এই মন্দিৰৰ গড়ৰ ভিতৰত এটা শিলৰ বেৰাৰ ওপৰত ইটাৰ চালৰ ঘৰ আছিল। তামেশ্বৰীৰ মন্দিৰত বছৰি এটা নৰবলি হৈছিল। যি মানুহক বলি দিব, সেই মানুহক এই গড়ৰ ভিতৰত সুমাই ৰাখি ভালকৈ খুৱাই বুৱাই শকত-আবত কৰা নিয়ম আছিল। শৌচ, পেচাব আদি লাগিলে লোৰ শিকলিত তিনিটামান শকত দেউৰীয়ে ধৰি নি বাহিৰত শৌচাচাৰ আদি কৰাই আনিছিল। ভোগ-ভাত ৰান্ধিবলৈ আন কাষে এটা খেৰি ঘৰ আছিল। যাত্ৰী থাকিবলৈ এটা দীঘলীয়া খোটালি খোটালি খেৰি ঘৰ আছিল। সেই ঘৰটোৰ ভিতৰত এজন বিদেশী বামাচাৰী তান্ত্ৰিক প্ৰায় চাৰি বছৰ আগৰেপৰা আছিল। এই বামাচাৰী তান্ত্ৰিকজন আগৰ কৰ মানুহ কেৱে নেজানিছিল; কিন্তু তেওঁৰ কেতখিনি আশ্চৰ্য্য ক্ষমতা মানুহে দেখিছিল। তেওঁ মানুহক চকুৰে চায়ে সন্মোহিত কৰিব পাৰিছিল; হাত অলপ বুলায়েই মানুহক তন্দ্ৰাত পেলাব পাৰিছিল। সকলোকে বশো কৰিব পাৰিছিল। আধ্যাত্মিকতাৰ ফালে তেওঁ কিমান উন্নত আছিল অৱশ্যে সেইটো কেৱে নেজানিছিল। কিন্তু এইটো হলে সকলোৱে ঠিৰাংকৈ বুজিছিল যে তামাৰ মাইৰ আগত নৰবলি দিয়াত তেওঁ আগৰণুৱা আছিল; আনকি এক প্ৰকাৰ উন্মত্তও আছিল। আহাৰৰ বিষয়ত তেওঁ নিতৌ এটে- কেলি দুটেকেলি মদ পিছিল, আৰু তাৰ লগে লগে ছাগলী, পাৰ, হাঁহ ইত্যাদিৰ এফেৰা মঙ্গহ নহলে তেওঁ অন্নকে নুচুইছিল। অৱশ্যে সেই কালত তামাৰ মাইৰ আগত ভোগ-ভাতৰ উপৰিও নিতৌ এটা জন্তুৰ বলি হৈছিল, আৰু সেই জন্তুৰ মঙ্গহ সমানে আধা এই তান্ত্ৰিকে লইছিল, বাকী আধাহে দেউৰী, পূজাৰী, বলিকটীয়া এই সকলে পাইছিল। [ ৪৪ ]  যদিও লাংফাই দেউৰী এই মন্দিৰৰ প্ৰধান পূজক আৰু পুৰোহিত আছিল তথাপি মন্দিৰৰ সেৱা-পূজা আৰু বলি বিধানৰ বিষয়ে লাংফায়ে প্ৰায় সততে এই বামাচাৰী তান্ত্ৰিকৰ দিহা-পৰামৰ্শ মতেহে চলিছিল। লাংফায়ে এই বামাচাৰী তান্ত্ৰিকৰ ক্ৰিয়া আৰু ক্ষমতা দেখি তেওঁক ভয় কৰিছিল।

 ভাদ মাহৰ এক কি দুই তাৰিখে বামাচাৰী তান্ত্ৰিকে ভাটিবেলীয়া নিজৰ বহাত মদ পি পি বহি আছিল; এনেতে লাংফাই দেউৰী আহি তেওঁৰ আগত বহি কথা-বতৰা পাতিবলৈ ধৰিলে। তান্ত্ৰিকজনে কলে :— “পিছত পূজাৰী, এইবেলি তামাৰ মাইৰ পূজাত ডাঙৰ বলিনো কেইটামান পৰিব?”

 লাংফাই — “এইবেলিও ৰজাঘৰীয়া দ্ৰোহী বা প্ৰাণদণ্ড পাব লগীয়া মানুহ নাই। ”

 তান্ত্ৰিক — “তেন্তে ষাঁড়ৰ খেলৰপৰা যি এজন পোৱা যাব সেয়েহে হব হবলা। ”

 লাংফাই — “এৰা অকল সেইটোৱেই হে হব। পিছত মোৰ এটা নিবেদন আছে। ”

 তান্ত্ৰিক — “কোৱা তোমাৰ নিবেদনটো। ”

 লাংফাই — “বাবাজী! এইবেলি ষাড়ৰ খেলৰ ডেকা এটাই মোক বৰ উপদ্ৰব কৰিলে। দেও পৰীক্ষাত সেই ডেকাটোকে বলিত পেলাব নোৱাৰিনে?”

 তান্ত্ৰিক — “নিশ্চয় পাৰি। তুমি যাকে বলিত পেলাব খোজা মই তাকে পেলাই দিব পাৰোঁ। মাৰ কৃপাত এই নিঃকিনৰ গাত এই ফেৰা ক্ষমতা আছে। ডেকাটোৰ নাম কি?”

 লাংফাই — “তাৰ নাম ধনেশ্বৰ। ”

 তান্ত্ৰিক — “বাৰু দেও পৰীক্ষাৰ দিনা মোক তোমাৰ লগত নিবা। ”

 লাংফাই — “ভাল নিম বাৰু। ”

(১৭)

 চাওঁতে চাওঁতে ভাদ মাহ প্ৰায় যাবলগীয়া হল। এই দুমাহে কমলেশ্বৰ গোঁহাইদেৱৰ তলত কনকেশ্বৰ গোঁহায়ে আৰু ইফালে [ ৪৫ ] ধনেশ্বৰ চুতীয়াই দুহেজাৰ আহোম, আৰু ২০০০ দুহেজাৰ চুতীয়া ডেকাক কাঁড় মৰা, হিলৈ মৰা, ঢাল-বাৰু খেলা, জাঠি চলোৱা, কুচ কাজ কৰা, ইত্যাদি যুদ্ধ-বিদ্যা শিকাই অৰ্পিত কৰিলে। দেৱী পূজালৈ আৰু এমাহ মাথোন আছে। তাম্ৰেশ্বৰীৰ মন্দিৰত দুৰ্গোৎসৱ পূজাৰ আয়োজন হবলৈ ধৰিলে। হাঁহ, পাৰ, ছাগলী, মাহ, চাউল ইত্যাদি ভাৰে ভাৰে আহিবলৈ ধৰিলে। ইফালে ষাঁড়ৰ খেলৰ চুতীয়া গাঁওখনত বৰ উখল-মাখল লাগিল। এইবেলি বা কোন ডেকা বলিত পৰে এই চিন্তা সকলোৰে হল। এইবেলি ধনেশ্বৰকে প্ৰমুখ্য কৰি ১৬ বছৰ বয়সৰপৰা ২৫ বছৰ বয়সলৈকে ষাঁড়ৰ খেলৰ ভিতৰত ৯ জন ছেকা আছিল। এই ৯ জনৰ ভিতৰত বা কোনজনক দেও পৰীক্ষাই তামাৰ মাইৰ আগত বলিত পেলায়!

 সেই দিনাখন ভাদ মাহৰ ৫মী নে ৬ষ্ঠী তিথি — দেওবাৰ। লাংফাই দেউৰী, বামাচাৰী তান্ত্ৰিক, আৰু ৩/৪ জন দেউৰী আহি ষাঁড়ৰ খেলৰ চুতীয়া গাওঁখনত সোমাল; আৰু বয়সীয়াল চুতীয়াসকলৰ পৰা জানিলে যে ধনেশ্বৰকে প্ৰমুখ্য কৰি ৯ জন নিঘুণি ডেকা আছে, এই নওজনকে মাতি বুলি আনি, এটাইবিলাকেই শদিয়াখোৱা গোঁহাইদেৱৰ চৰাত উপস্থিত হলগৈ। আহোম আৰু চুতীয়া খেলৰ মাতব্বৰ সকলোবিলাক ৰাইজেই আহিছিল। তালৈ কমলেশ্বৰ গোঁহায়ো আহিছিল।

 যথা সময়ত শদিয়াখোৱা গোঁহাইদেৱলৈ বাতৰি পঠোৱা হল। গোঁহাইদেৱে উপযুক্ত কাপোৰ-কানি পিন্ধি চৰাত আহি বহিল। আৰু সকলোবিলাক মানুহেই নিজ নিজ উপযুক্ত আসনত বহা হলত ষাঁড়ৰ খেলৰ তিনিজন বয়সীয়াল মানুহে আৰু লাংফাই দেউৰীকে প্ৰমূখ্য কৰি দেউৰীসকলে সেই ৯ জন ডেকাক গোঁহাইদেৱৰ আগত ঠিয় কৰালে। সেই ৯ জনৰ ভিতৰত ধনেশ্বৰকো দেখি গোঁহাইদেৱৰ আৰু কমলেশ্বৰ গোঁহাইৰো মনটো বিষাদ যুক্ত হল। শদিয়াখোৱা গোঁহাইদেৱে দেও পৰীক্ষা আৰম্ভ কৰিবলৈ আদেশ দিলত লাংফাই দেউৰীয়ে তেওঁৰ চোলাৰ মোনাৰপৰা ৯ খান সমান দীঘ পুতলৰ ভূজ পত্ৰ উলিয়াই দিলে। বামাচাৰী তান্ত্ৰিকে সেই ৯ খান ভূজ পত্ৰৰ প্ৰত্যেক খনতে একো একোজন ডেকাৰ নাম দেৱনাগৰিত লেখি দিলে। সেই ৯ খান ভূজ পত্ৰ শদিয়াখোৱা গোঁহাইদেৱক ডেকাবিলাকৰ নামবিলাক পঢ়ি চাবলৈ দিলে। শদিয়াখোৱা গোঁহাইদেৱে পঢ়ি চাই [ ৪৬ ] সেই ভুজপত্ৰবিলাক লাংফাই দেউৰীক দিলে। লাংফাই দেউৰীয়ে বামচাৰী তান্ত্ৰিকক দিলে। তান্ত্ৰিকে সেই ভূজপত্ৰবিলাক নামৰ ফালটো তল কৰি তাত ফু দি দি তাছিলে তাৰ পিছত সেই যাঁড়ৰ গাওঁৰে ৯ বছৰীয়া ছোৱালী এজনী আনি তাইৰ চকুত ৭ তৰপ কাপোৰ বন্ধাই তাইৰ হাতত সেই ভূজপত্ৰবিলাক দিলে। তাৰ পিছত তান্ত্ৰিকে তাইক মূৰৰেপৰা ভৰিলৈকে তাৰ হাত দুখানেৰে তাইৰ গা চোওঁ নোচোওঁ কৰি এবেলি বুলাই কলে :— “মা! তই সেই ভূজপত্ৰবিলাক তোৰ বাওঁ হাতত লই সোঁ হাতেৰে এখান তোল”। তান্ত্ৰিকৰ আদেশমতে বশীভূত হোৱা সেই ছোৱালীজনীয়ে ভূজপত্ৰ এখন তুলিলে, তান্ত্ৰিকে সেই ভূজপত্ৰখান শদিয়াখোৱা গোঁহাইৰ হাতত দিবলৈ কলে। ছোৱালীজনীয়ে আদেশ অনুসাৰে সেইখন শদিয়াখোৱা গোঁহাইদেৱৰ হাতত দিলে। গোঁহাইদেৱে পঢ়ি চাই দেখিলে সেইখান ধনেশ্বৰ চুতীয়া ডেকাৰ নামৰ। গোঁহাইদেৱ অলপ বিমৰ্ষ হৈ ৰাইজক জনালে যে ধনেশ্বৰ চুতীয়াৰ নাম উঠিছে। এই কথা কোৱা মাত্ৰে ধনেশ্বৰ চুতীয়াৰ বাপেক হৰেশ্বৰে হাত যুৰি দণ্ডবৎ দি কলে :— “দেউতা ঈশ্বৰ! মোৰ আৰু আগলৈ পাছলৈ ডাঙৰ লৰা নাই। এবেলিৰ পৰীক্ষাতে শেষ সিদ্ধান্ত নকৰে যেন আৰু আন ৰকমেও যেন দুই এটা পৰীক্ষা হয়। ” হৰেশ্বৰৰ এই কথাত বামাচাৰী তান্ত্ৰিকে আৰু লাংফাই দেউৰীয়ে কলে :— “দেউতা ঈশ্বৰ! দুচটা ডাঙৰ বাঁহৰ কামি আনিবলৈ দিয়ক আৰু ২টা ৯ বছৰীয়া লৰা দিয়ক। গোঁহাইদেৱে আদেশ দিয়াত দুটা চাওডাঙে ২ চটা ৯ হাত দীঘল বাঁহৰ কামি আনি দিলে, ৰাইজৰ মাজৰপৰা ২ দুটা ৯ বছৰীয়া লৰা উলিয়াই দিলে। তেতিয়া তান্ত্ৰিকে সেই লৰা দুটাক সেইদৰে মূৰৰপৰা ভৰিলৈকে এবেলি এবেলি হাত ফুৰাই কামি দুচটাৰ দুয়ো মূৰে দুখান হাতেদি ধৰিবলৈ দিলে। সিহঁতে সেইদৰে ধৰাত ছোৱালী জনীৰ চকুত আকৌ ৭ তৰপ কাপোৰ বান্ধি ভূজপত্ৰ ৯ খন দি কলে :— "এখান এখানকৈ দুয়ো কামিৰ মাজত পেলাব ধৰা। ৭ খান ভূজপত্ৰ দুয়া কামিৰ মাজত দিয়াত প্ৰত্যেক খানেই দুয়ো কামিৰ মাজেদি সৰকি মাটিত পৰিলগৈ। ৮ম খান ভূজপত্ৰ দিয়া মাত্ৰকে দুয়োডাল কামিয়ে ফেট্ খাই ভূজপত্ৰখান চেপা মাৰি ধৰি ৰাখিলে— মাটিত নপৰিল। শদিয়াখোৱা গোহাইদেউ আৰু আন সকলেও চাই যে দেখে সেইখন ধনেশ্বৰৰ নামৰ। তেতিয়া লাংফাই আৰু তান্ত্ৰিকে “জয় তামাৰ মাইৰ” বুলি চিঞৰি ধনেশ্বৰক তৎক্ষণাৎ বলীষ্ঠ [ ৪৭ ] বলীষ্ঠ দেউৰী কেইজনমানৰ হতুৱাই দুয়ো হাত বন্ধালে। তাৰ পিছত ককালত এডাল জৰি লগাই তাক টানি নিলে। কমলেশ্বৰ গোঁহায়ে কলে — “মই যুদ্ধ বিদ্যা শিকাই বুজাই অৰ্পিত কৰা চুতীয়া সেনাপতিজনক যেতিয়াই তামাৰ মাইৰ বলিৰ নিমিত্তে নিয়া হল তেতিয়াই তেওঁৰো এফেৰা মস্কিল হল। ধনেশ্বৰৰ নিচিনা আন এজন চুতীয়া ডেকাক শিকাই বুজাই লওঁতে অন্ততঃ দুই তিনি মাহ লাগিব; ইয়াৰ ভিতৰতে যদি কেনেবাকৈ মানে আহি শদিয়া আক্ৰমণ কৰে তেনেহলে মোৰ পক্ষে শদিয়া ৰক্ষা কৰা টান হব পাৰে। ”

 শদিয়াখোৱা গোঁহাইদেৱে কলে :— “কি কৰিবা বপা! সি দেও পৰীক্ষাত পৰিল যেতিয়াই তাক কেনেকৈ ৰাখিম। ”

 কমলেশ্বৰ — “কিয় দেউতা ঈশ্বৰ; সি আহোম হৈছে নহয় সি যেতিয়াই “মই আজিৰপৰা আহোম হলো” এই বচন দেউতাৰ আগত দিছে তেতিয়াই সি এক প্ৰকাৰ আহোমেই হৈছে দেখোন। তাক বলিত দিব কেনেকৈ?”

 শদিয়াখোৱা গোঁহাইদেৱ — “সি আহোম হলো বুলি কলেও তাক যেতিয়াই কোনো আহোম খেলতে থপা হোৱা নাই, তেতিয়াই সি চুতীয়া হৈয়ে আছে। তাতে সি যেতিয়া দেও পৰীক্ষাত বলিত পৰিছে তেতিয়াই তাক ৰাখিবলৈ গলেও হুলস্থল লাগিব, আন কি প্ৰজাও বিদ্ৰোহী হৈ উঠিব পাৰে। সেই দেখি বপা; সদ্যহতে মই একো কৰিব নোৱাৰো। ”

 শদিয়াখোৱা গোঁহাইৰ উত্তৰত কমলেশ্বৰ সেনাপতি মনে মনে ৰল॥

 পুতেকক সেইদৰে দেউৰীসকলে বলেৰে টানি লৈ যোৱা দেখি হৰেশ্বৰে কান্দি চিঞৰি চিঞৰি কলে :— “নিশ্চয় লাংফাই আৰু বামাচাৰী সেই তান্ত্ৰিক বঙালটোৱে কিবা চালাকি কৰি কুট্ মন্ত্ৰ আৰু যাদু কৰি মোৰ বাছাক অন্যায়কৈ বলিত পেলালে ঔ” বুলি মুৰ্চ্ছা গই পৰিল। তেওঁক আনবিলাক চুতীয়াই ধৰা-ধৰি কৰি ঘৰলৈ লই গল। ধনেশ্বৰে নিৰ্ভীক মনেৰে, এটা দৃঢ় প্ৰতিজ্ঞাৰ ভাবেৰে দেউৰীহঁতৰ লগত একো টনা আজোৰা, যুজ-বাগৰ নকৰাকৈ গল। দেউৰীসকলে তেওঁক

নি সেই শিলৰ ঘৰটোৰ ভিতৰত বন্দী কৰি থলে। [ ৪৮ ]

১৮

 দেও পৰীক্ষা চোৱা মতা-মাইকী, ডেকা-গাভৰু এই সকলৰ ভিতৰত আঘণীও আছিল। তাই ধনেশ্বৰক দেউৰীসকলে টানি নিয়া দেখি দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ঘৰলৈ আহিল আৰু ঘৰ পায়েই চকু চলচলীয়া কৰি বিছনাত পৰিল গৈ। গধূলি হলত বাপেক লাংফাই দেউৰী মন্দিৰৰপৰা ঘৰলৈ, ভোগ ভাত লই আহি আঘণীক খাবলৈ দিলে, আঘণীয়ে “মোৰ গা বেয়া লাগিছে, ভোগ- ভাত খালে জ্বৰ উঠিব, মই একো নাখাওঁ” এই বুলি কই বিছনাতে পৰি ৰল। লাংফায়ে নিশ্চিন্ত মনে সেই ভোগ-ভাত খাই ৰাতি শুই পুৱা ঢাৰি-পাটিৰপৰা উঠি মুখ হাত ধুই, গা পা তিয়াই মন্দিৰলৈ গল। আঘণীয়ে, লাহে লাহে উঠি চাঙঘৰটোৰ চাৰিচুক মাৰি সাৰি, চোতাল খন সাৰিলে; গাই গৰু দুজনীক ঘাঁহ খাবলৈ এৰি দিলে; গড়ালত থকা গাহৰি কেইটাক খাবলৈ ভাতবিলাক দিলে; আৰু এইদৰে কাম কাজ কৰি উদাস মনেৰে মনত শোকে সৈতে ঘৰৰ যি আৰু অলপ বন-বাৰি আছিল, তাকো কৰি এটাই যতৰত সূতা কাটিবলৈ ধৰিলে।

 তাই এইদৰে সূতা কাটি থাকোঁতেই গাঁৱৰ ফালৰপৰা মনেশ্বৰ ডেকা আহি সিহঁতৰ চোতালত বহি মাত লগালে :— “আঘণী; মই আহিছোঁ তোৰ লগত আষাৰচেৰেক কথা পাতিবলৈ?”

 আঘণী — “বাৰু কি কব খুজিছ ক। ”

 মনেশ্বৰ — “বাৰু কচোন আঘণী; তইনো মোক কেলেই ভাল নাপাৱ? মই দেখেন তোক ভাল পাওঁ। ”

 আঘণী — “কিয় ভাল নাপাওঁ মই কব নোৱাৰোঁ। ”

 মনেশ্বৰ — “তই সঁচাকৈয়ে মোক ভাল নাপাৱনে?”

 আঘণী — “সঁচাকৈয়ে ভাল নাপাওঁ। ”

 মনেশ্বৰ — “তই ধনেশ্বৰক ভাল পাৱ নহয়নে?”

 আঘণী — “এৰা মই ধনেশ্বৰক ভাল পাওঁ। ”

 মনেশ্বৰ — “তই জানো আৰু ইহ জনমত ধনেশ্বৰক পাবি? সি তামাৰ মাইৰ আগত বলিত যাব। ” [ ৪৯ ]  আঘণী — “মই জানো সি দেও পৰীক্ষাত পৰিছে। পিছত তাৰে মোৰে ভাল-পোৱা-পুইটো অকল ইহজনমৰ নিমিত্তেই নহয়। ইপুৰি সিপুৰি দুয়ো পুৰিৰ নিমিত্তে। সি যদি তামাৰ মাইৰ আগত কটা যায় মই তাৰ ৰূপটো এই গোটেইটো জনমতে ধ্যান কৰিম। সিপুৰিত তাৰ লগ লাগিমগৈ। ”

 মনেশ্বৰ — “তেন্তে তই গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিবিনে?”

 আঘণী — “গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিম। ”

 মনেশ্বৰ — “বাপেৰে যদি বল কৰি তোক মোত বিয়া দিয়ে তেন্তেনো তই কি কৰিবি?”

 আঘণী — “বল কৰি বিয়া দিয়াৰ আগেয়ে এই ক্ষুৰেৰে (বুকুৰ চোলাৰ জেপৰপৰা ক্ষুৰ এখন উলিয়াই দেখুৱাই) এই গলটো কাটি মৰিম। ”

 মনেশ্বৰ — “আও! তোৰ ইমান কখ্যানে? আঘণী! মই ভালেৰেও কওঁ তই কেলেই তোৰ নাৰী জনমটো বৃথা কৰিবলৈ ওলাইছ?”

 আঘণী — “তই তিৰোতাৰ মৰ্ম্মকথা কি বুজিবি। তই নিজে তিৰুতা হোৱা হলে বুজিলিহেঁতেন। মই ধনেশ্বৰত বাদে আন কতো বিয়া নোসোমাওঁ। মোৰ এই দেহটা তামাৰ মাইৰ আৰু পিতাদেৱৰ সেৱা-পূজাত লগান। তই এজনী হয় দুজনী হয় তিৰুতা বিয়া কৰাই সুখী হগৈ। ” এই বুলি কই আঘণী ঘৰৰ ভিতৰলৈ সোমাই গল। মনেশ্বৰ বেজাৰ মনেৰে নিজ ঘৰলৈ উলটিল।

১৯

 যিদিনাখন শদিয়াখোৱা গোঁহাইদেৱৰ চৰাত দেও পৰীক্ষা হৈছিল, সেইদিনা দৈবাৎ বৈঞ্চবী গাঁৱৰ ফালে গইছিল, তেওঁ দেও পৰীক্ষা চাবলৈ পোৱা নাছিল। পিছত গধুলি মন্দিৰলৈ আহি শুনিলে কেনেকৈনো সেই পৰীক্ষাটো পাতিছিল আৰু কেনেকৈনো সেই পৰীক্ষাত ধনেশ্বৰ পৰিছিল। সকলো কথা শুনি-বুজি বৈষ্ণবী নিশাটো মমে মনে ৰল। পিছদিনা শুই উঠি তেওঁৰ নিত্য নৈমিত্তিক [ ৫০ ] ক্ৰিয়াদি কৰি অলপ সন্ধ্যা আৰতি কৰি ওচৰৰ গোঁহাই গাঁৱৰ ফাললৈ গল, আৰু অলপ ইঘৰ সিঘৰ ফুৰি বেলি এপৰমান হোৱাত কমলেশ্বৰ গোঁহাইৰ চৰা পালেগৈ। কমলেশ্বৰ গোঁহাই এজন আহোম ডেকা! তেওঁৰ মাক বাপেক উভয়েই বৰ্ত্তমান আৰু তেওঁৰ তলতীয়া দুজন ভায়েক আৰু এজনী ভনীয়েক আছিল। তেওঁৰ বয়স প্ৰায় ২৭ বছৰ হৈছিল। তেওঁ দেখিবলৈ শুৱনি আৰু নিপোটল বাহুবলী আছিল। তেওঁ শদিয়াখোৱা গোঁহাইৰ সেনাপতি আৰু শাসন কাৰ্য্যত, ৰণত, তেওঁ শঃ খোঃ গোঁহাইৰ সোঁহাতৰ দৰে আছিল; বংশ গৌৰৱত তেওঁ শদিয়াখোৱা গোঁহাইৰ প্ৰায় সমানে আছিল। তেওঁৰ পিতৃও শদিয়াখোৱা গোঁহাইদেৱৰ মেলৰ প্ৰধান মেলুৱৈ আছিল।

 শদিয়াখোৱ গোঁহাইদেৱৰ ফুলেশ্বৰী আইদেৱ নামৰ জীয়াৰী এজনীত বাজে আৰু আন সতি-সন্তান নাছিল। ফুলেশ্বৰীক কমলেশ্বৰ গোঁহাইদেৱে ভাল পাইছিল, আৰু ফুলেশ্বৰী আইদেৱেও কমলেশ্বৰক ভাল পাইছিল। ডেকা-গাভৰু দুজনাৰ উভয়ে উভয়ক ভাল পোৱা- পুইত, উভয়ৰে মাক বাপেকসকলে কোনো হকা-বধা নকৰিছিল; আৰু তেওঁলোক উভয়ে মাজে সময়ে ফুলনিত বা চৰাঘৰত দেখা-দেখি হৈ কথা-বতৰা হোৱাতো একো নকইছিল। উভয়ৰে পিতৃ-মাতৃসকলে উভয়কে বিবাহ বন্ধনেৰে মিলিত কৰিবৰ ইচ্ছা কৰিছিল।

 যি সময়ত বৈষ্ণবী গই কমলেশ্বৰ গোঁহাইদেৱৰ আগ চোতালত থিয় দিছিল সেই সময়ত গোঁহায়ে অকলৈ একান্ত মনেৰে এখান পত্ৰ পঢ়ি আছিল। পত্ৰখান পঢ়ি উঠি মূৰ দাঙিয়েই বৈষ্ণবীক দেখা পাই আথে বেথে এখন চতিয়া ঢাৰি পতাই দি বৈষ্ণবীক বহুৱালে। বৈষ্ণবীয়ে “প্ৰভু প্ৰাণ কৃষ্ণ” বুলি ঢাৰিত বহি কলে :— “দেউতা মই আজি আপোনাৰ ওচৰলৈ ভিক্ষা মাগিবলৈ আহিলো। দুখুনীক এফেৰা ভিক্ষা দিবনে?”

 কমলেশ্বৰ — “ভিক্ষা দিম। কিন্তু আগেয়ে মোক তোমাৰ সুললিত কণ্ঠেৰে গীত গাই শুনাবানে?” [ ৫১ ]  বৈষ্ণবী — “ভাল দেউতা, গাওঁ বাৰু”

ৰাগ গৌৰী

“ওৰে সখি! পেখোৰে কুঞ্ছ লোচন
   চলনি নন্দ কুমাৰা
ইন্দু বদন—কোটি মদন ৰূপে তুল নাহি চাৰা

পদ

মকৰ কুণ্ডল মঞ্জিত গন্দ গলে গজমতি লুলে।
তৰিতাম্বৰ শ্যামসুন্দৰ শিৰে শিখণ্ডক ডুলে ॥
কৰ কঙ্কন কিঙ্কিনী কণক ঝনকে চলে গোপালা।
পঞ্চম পুৰে, লম্বিত উৰে কেলি কদম্বক মালা
পদ-পঙ্কজ মঞ্জীৰ ঝুৰে হৃদয়চিত্ত হামাৰু।
শঙ্কৰ কহ ছাৰ বিৰহ ওহিজন আধাৰু ॥”

 গীত গোৱা হলত বৈষ্ণবীয়ে কলে :— এতিয়া ভিক্ষা দিয়ক দেউতা। ”

 কমলেশ্বৰ — “বাৰু ৰবা, মই ভিতৰৰপৰা আহোঁ। ” এই বুলি ভিতৰলৈ গই চিকা ৰূপ এটকা লই আহি কলে :— ‘হোৱা এই চিকা ৰূপ টকিকে নিয়া। ”

 বৈষ্ণবী — “দেউতা! মই চিকাৰূপৰ, ধন সোণৰ ভিখাৰিণী নহওঁ। মোক দেউতাৰপৰা আন এটা ভিক্ষা হে লাগে। ”

 কমলেশ্বৰ — “কোৱা তেন্তে তোমাক কি ভিক্ষা লাগে। শক্তি থাকিলে দিয়া হব। ”

 বৈষ্ণৱী — “দেউতা! এই বেটীয়ে জানো দেউতাই আমাৰ শদিয়া- খোৱা গোঁহাই দেউতাৰ জীয়াৰী ফুলেশ্বৰী আইদেৱক ভাল পায়। ” [ ৫২ ]  কমলেশ্বৰ — (মিচিককৈ হাঁহি) তুমিনো কেনেকৈ জানিলা মই তেওঁক ভাল পাওঁ বুলি?”

 বৈষ্ণবী — “দেউতা! আমি স্ত্ৰীজাতি মানুহে যৎকিঞ্চিৎ কথাৰ আও-ভাৱৰেপৰা বুজো পানীৰ সোঁত কোনপিনে বয়। ”

 কমলেশ্বৰ — “বাৰু জানিবা ভাল পাৱেঁই। পিছত কোৱা তোমাক কি লাগে!”

 বৈষ্ণবী — “দেউতাই জানে যে দেউতাৰ এজন সেনাপতি ধনেশ্বৰ চুতীয়াক সিহঁতে এই বেলি তামাৰ মাইৰ আগত বলি দিবলৈ ধৰি নি বন্দী কৰি থৈছে। ”

 কমলেশ্বৰ — “জানো। সি উচিতমতে কৰা দেও পৰীক্ষাত যেতি- য়াই পৰিছে তেতিয়াই তাক তো নি বলি দিবই। ”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! উচিতমতে পৰীক্ষাত পৰিছেনে, নে সেই বামাচাৰী তান্ত্ৰিক আৰু বৰ দেউৰীৰ ষড়যন্ত্ৰত অন্যায়কৈ পৰীক্ষাত পৰিছে সেই বিষয়ে বেটীয়ে সদ্যহত একো নকওঁ। আৱশ্যক হলে এদিন কম। পিচত দেউতাই আমাৰ ফুলেশ্বৰী আইদেৱক খাটি আইদেৱৰ হতুৱাই শঃ খোঃ গোঁহাই দেউতাক কোৱাই ধনেশ্বৰক মুক্ত কৰি দিব লাগে এয়ে মোৰ গোহাৰি—ভিক্ষা। ”

 কমলেশ্বৰ — “আও! তুমি এইটো বৰ অসম্ভৱ ৰকমৰ অৰ্থাৎ দিব নোৱাৰা ভিক্ষা খুজিলা। ফুলেশ্বৰী গাভৰুৱে খাটিলেও আৰু শদিয়াখোৱা দেউতা ঈশ্বৰৰ তাক এৰি দিবলৈ প্ৰবল ইচ্ছা থাকিলেও দেও পৰীক্ষাত যেতিয়াই সি পৰিছে তেতিয়াই তাক এৰি দিব নোৱাৰে; আনকি স্বৰ্গদেৱ ঈশ্বৰেও নোৱাৰে। ”

 বৈষ্ণবী — “দেউতা! সি হেনো দেউতা ঈশ্বৰৰ আগত মই আজিৰ পৰা আহোম হলো এই বাক্য দিছিল। দেউতাসকলৰ পূৰ্ব্বাপৰ নিয়ম অনুসৰি সি আহোম হৈছেই। আহোমকতো তামাৰ মাইৰ আগত বলি দিব নোৱাৰে। ”

 কমলেশ্বৰ — সেইটো অবশ্যে হয়; কিন্তু সি যেতিয়াই কোনো খেল আহোমত উঠিবলৈ নো পাওঁতেই বলিত পৰিল, তেতিয়াতো তাক এৰি দিব নোৱাৰে। এৰি দিলেও গোটেই প্ৰজা বিদ্ৰোহী হব। ”

 বৈষ্ণবী — “বাৰু যদি মই কওঁ আৰু প্ৰমাণ কৰো যে দেও পৰীক্ষা- টোত ঘোৰ কাৰসাজি আৰু চক্ৰান্ত হৈছিল তেনেহলেতো শঃ খোঃ দেউতা ঈশ্বৰে তাক এৰি দিব পাৰিব। ” [ ৫৩ ]  কমলেশ্বৰ — “যদি দেও পৰীক্ষাটোত অন্যায় অধৰম আৰু কাৰসাজি হৈছিল, আৰু সেইটো তুমি প্ৰমাণ কৰি দিব পাৰা তেতিয়া হলে শঃ খোঃ গোঁহাইদেউতাই তাক এৰাই দিবও পাৰে। তাক এৰাই দিলে মইও ভাল পাম; কিয়নো সি এজন মোৰ প্ৰধান যুজাৰু সেনাপতি আৰু বীৰ। মানৰ যুজত সি মোক বৰ সহায় কৰিব পাৰিব। বাৰু কোৱাচোঁ বৈষ্ণবী! তুমিনো তাক ৰক্ষা কৰিবলৈ কিয় ইমান চেষ্টা কৰিছা?”

 বৈষ্ণবী — “দেউতা! মোৰ ধৰ্ম্মই হৈছে নিৰপৰাধী মানুহক বিপদত পৰিলে ৰক্ষা কৰাটো। তাতে সি আমাক আমি আহিবৰেপৰা জুই পানী খেৰ-খাগৰি দি সহায় কৰিছে। তদুপৰি মই এইটোও জানো যে ৰাজদ্ৰোহত নপৰা, অথবা মৃত্যুদণ্ড দণ্ডিত হব লগা অপৰাধীত বাজে তামাৰ মাইৰ সন্তোষৰ অৰ্থেহে নিৰপৰাধী আগলৈ উঠি অহা ডেকা এজনক বলি দিয়া কাৰ্য্যটোৱেই নিষ্ঠুৰ, অন্যায় আৰু পাপপূৰ্ণ। সি যি কাৰসাজিত দেওপৰীক্ষাত বলিত পৰিছে এই কথা মই শঃ খোঃ গোঁহাইদেউতাৰ আগত, সকলো ৰাইজৰ আগত প্ৰমাণ কৰিম। কিন্তু সদ্যহতে দেউতাই গাভৰুদেৱক এইফেৰা খাটনি কৰি থব লাগে। ”

 কমলেশ্বৰ — “বাৰু মই ফুলেশ্বৰী গাভৰুক আজিয়েই হওক বা কাইলৈকে হওক এইটো কথা মই খাটিম। ”

 বৈষ্ণবী — “ভাল দেউতা! ঈশ্বৰ কৃষ্ণই আপোনাক ফুলেশ্বৰী আইদেৱে সৈতে শুভ-পৰিণয় কৰাওক। অপোনাক মানৰ যুজত জিকাওক। আপোনাৰ ধনে-জনে পদে-মৰ্য্যদাই উন্নতি বিধান কৰক। মই দুখুনী বৈষ্ণবীয়ে ইয়াত পৰ আৰু কি দিব পাৰো। দেউতা এতিয়া আহিবহে খোজো। ”

 কমলেশ্বৰ — ‘মাতৃ! যোৱাৰ আগেয়ে আৰু এটি সুমধুৰ গীত শুনাবানে?”

 বৈষ্ণবী — “ভাল দেউতা!”

ৰাগ মাহুৰ ধনশ্ৰী

গোপিনী প্ৰাণ; কাহেনু গয়োৰে গোবিন্দ

  হামু পাপিনী পুনু দেখব নাহি

  আৰু সোহি বদন অৰবিন্দ”

[ ৫৪ ]

পদ

কেমন ভাগ্যৱতী ভয়োৰে সুপৰভাত
 আজু ভেটব মুখ চান্দা।
উগত মুৰ  দূৰ গয়ো গোবিন্দ
 ভয়ো গোপ গোপী আন্ধা ॥
আজু মথুৰাপুৰে মিলয় মহোৎসৱ
 মাধব সাধৱ মানা।
গোকুলক মঙ্গল দূৰ গয়ো নাহি
 বাজত বেনু বিধানা ॥
আজু যত নাগৰী কৰত নয়ন ভৰি
 মুখ পঙ্কজ মধুপানা।
হামাৰি বঙ্ক বিধি হাতে হল নিধি
 কৃষ্ণ কিঙ্কৰ ৰস ভানা ॥

 এই গীত গাই উঠি বৈষ্ণবীয়ে গোঁহাইত বিদায় লই মন্দিৰলৈ উলটিল।

২০

 কমলেশ্বৰ গোঁহাইদেৱে সৈতে এই কথা-বতৰা হোৱাৰ পিছদিনা ভাটিবেলীয়া বৈষ্ণবী আঘণীহঁতৰ ঘৰলৈ, আৰু চোতালত থিয় হৈ হৰি গুৰু বুলি মাত লগালে :—

 “বাছা আঘণী! ঘৰত আছনে? আঘণীয়ে সেই সময়ত ঘৰৰ ভিতৰত কিবা-কিবি বন-বাৰী কৰি আছিল, এনেতে বৈষ্ণবীৰ মাত শুনি ততালিকে ওলাই আহি বৈষ্ণবীক হাত যুৰি সেৱা জনাই পীৰা এখান পাৰি দি কলে :— “আই বহক। ” বৈষ্ণবী বহিল। তাইও নিজে ঢাৰি এডোখৰত বহি কলে :— “আই মোৰ পৰম সৌভাগ্য যে আজি আপুনি আকৌ মোৰ এই চোতালত ভৰিৰ ধুলা পেলালেহি। হতভাগিনীৰ প্ৰতি আদেশ বা কি হয়?”

 বৈষ্ণবী — “বাছা! তই দেখিছই ধনেশ্বৰক তামাৰ মাইৰ আগত বলি দিবলৈ লই গইছে। তাক ৰক্ষাৰ কাৰণে কাম এটা কৰিব পাৰিবিনে?” [ ৫৫ ]  আঘণী — “আই! কওকচোন কি কাম কৰিব লাগিব। সি দেখোন দেও পৰীক্ষাত বলিত পৰিছে। তাকনো কি উপায়ে ৰক্ষা কৰিব পাৰি। ”

 বৈষ্ণবী — “উপায় আছে বাছা! যদি সেই দেও পৰীক্ষাৰ ভিতৰত অন্যায় কাৰসাজি আছে তেনেহলে সি ৰক্ষা পৰিব। ”

 আঘণী — “দেও পৰীক্ষাত যে কাৰসাজি আছিল এইটোনো কোনে প্ৰমাণ কৰিব?”

 বৈষ্ণবী — “বাছা! হৰি গুৰুৰ কৃপাত ময়েই সেই অন্যায় আৰু কাৰসাজিটো ধৰি দিম। সদ্যহতে তোৰ সহায় এফেৰা মোক লাগে। ”

 আঘণী — “আই কওক মইনো কি সহায় কৰিব পাৰোঁ। ”

 বৈষ্ণবী — “তই কাইলৈ দুপৰীয়া সময়ত তোৰ পিতাদেৱেৰ মন্দিৰলৈ গলে শদিয়াখোৱা গোঁহাইৰ ঘৰলৈ আহিবি আৰু তোৰ মনৰ দুখৰ সকলো কথা ফুলেশ্বৰী আইদেওক জনাবি। জনাবি যে দেও পৰীক্ষাটোত কাৰসাজি হৈছিল আৰু সেই কাৰসাজিটো বৈষ্ণবীয়ে দেখুৱাই প্ৰমাণ কৰি দিব!” ফুলেশ্বৰী আইদেওক খাটিবি তেওঁ যেন তেওঁৰ পিতৃ দেৱতাক খাটে ধনেশ্বৰক এৰি দিবলৈ। আৰু যেন মোক মতাই ৰাইজ চপাই আনি মোৰ হতুৱাই দেও পৰীক্ষাৰ কাৰসাজিটো ৰাইজক দেখুৱায়। ”

 আঘণী — “ভাল বাৰু আই! মই আপুনি কোৱা মতে কৰিম॥ মই ধনেশ্বৰৰ নিমিত্তে কৰিব নোৱাৰা কাম একোৱেই নাই। ”

 বৈষ্ণবী — “এৰা মইও সেইটো জানো। তোৰ যে ধনেশ্বৰলৈ অকপট, পবিত্ৰ মৰম আছে সেইটোৱেই বিশেষ ফুলেশ্বৰী আইদেওৰ কৃপাই তাক ৰক্ষা কৰিব পাৰে। কিন্তু সকলো সঙ্কটত ৰক্ষা কৰোঁতা সেই মধুসুদন কৃষ্ণহে। তই সদায় মধুসুদনৰ নাম লই তেওঁক খাটিবি।

 আঘণী — “আই কওকচোন প্ৰভু কৃষ্ণকনো কেনেকুৱা বচনেৰে খাটিম?”

 বৈষ্ণবী — “তেওঁৰ মধুসূদন নাম মনে মনে ১০ বাৰ জপ কৰিবি। তাৰ পিছত গাবি :—

“কৃষ্ণ এক দেৱ দুঃখহাৰী কাল মায়াদিৰো অধিকাৰী
  কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ”

[ ৫৬ ]  “দুঃখহাৰী কৃষ্ণই দুঃখ নিবাৰণ নকৰিলে আনে কৰোঁতা নাই

ধুৰুপ জানিবি। সেই দেখি বাছা! তই কৃষ্ণক খাটিবি। ”

 এই কথা বতৰা কৈ বৈষ্ণবী মন্দিৰৰ ফাললৈ গল। আঘণীয়ে এগুণ গুণ কৰি গালে :— কৃষ্ণ এক দেৱ দুঃখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।

২১

 সেই কালত ষাড়ৰ খেলৰ কোনো মানুহকে ৰজা বা শদিয়াখোৱা গোঁহাইদেৱে দণ্ড বিহিব নোৱাৰাত বাজেও নিয়ম আছিল যে যিজন নিঘুণি আবিয়ৈ ডেকা বলিত পৰিব সেই জনক বন্দীশালৰ ভিতৰত থাকে মানে যেতিয়াই যি খাবলৈ খোজে, যি পিন্ধিবলৈ ইচ্ছা কৰে, সেই বিলাকতো দিবই লাগিব তদুপৰি তেওঁ যাক যেতিয়া দেখা কৰিব খোজে তাকে তেওঁৰ ওচৰলৈ আনি দিবই লাগিব। এই নিয়ম থকাৰ নিমিত্তে বন্দী হবৰ দিনৰেপৰা ধনেশ্বৰে ধৰ্ম্মৰ বিষয়ে, জনম মৰণৰ বিয়য়ে, কথা হবলৈ বৈষ্ণবীক নিতৌ ভাটিবেলা ভাটিবেলা আহিবলৈ অনুৰোধ কৰিছিল। মাজে সময়ে আঘণীকো মতাই অনাই কথা-বতৰা হৈছিল। এই দুয়োজনাকে গড়ৰ ভিতৰলৈ আহিবলৈ দিবৰ ইচ্ছা নাথাকিলেও দেউৰীসকলে পূৰ্ব্বাপৰ ৰীতি অনুসৰি তেওঁলোকক আহিবলৈ দিবলৈ বাধ্য হৈছিল। এজন দেউৰী পূজাৰীয়ে ধনেশ্বৰক পুৱা-গধূলি বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁ (ধনেশ্বৰ) বৰ ভাগ্যবান যেহেতু তামাৰ মায়ে তেওঁৰ ৰক্ত আৰু মাংস গ্ৰহণ কৰিব। বেমাৰ হৈ মৰাৰ পাছত এই নশ্বৰ দেহটো জুইত পুৰি অথবা মাটিত পুতি নষ্ট কৰাতকৈ জীয়াই থাকোঁতেই এই দেহৰ ৰক্ত-মাংস তামাৰ মাইত লগোৱাটো বেছি সৌভাগ্যৰ কথা। ” ধনেশ্বৰে দেউৰীজনৰ এই কথাৰ উত্তৰত সুধিছিল :— “তামাৰ মাই যদি দেৱী গোসানী বা মাতৃ হয় তেনেহলে সেই মাতৃয়েনো পুত্ৰৰ তেজ মঙ্গহ কেনেকৈ খায়? মাকে সন্তানক মৰম কৰি খুৱায়হে। সন্তানক জনম দিয়ে কেচুৱা অৱস্থাত সেই সন্তানক নিজৰ ৰক্তৰপৰা উৎপন্ন হোৱা বুকুৰ গাখীৰ খুৱাই আৰু সন্তান ডাঙৰ হলেও মাকে আগেয়ে সন্তানে কি খাইছে বা নাখাইছে তাৰ হে বিচাৰ লয়। মাকে দেখোন সন্তান নাখায়, কেবল বাঘ, মেকুৰী ইত্যাদিয়েহে সন্তান প্ৰসব কৰি উঠিলে শেহৰ [ ৫৭ ] সন্তানটো হেনো জাল খায়। কিন্তু সেইবিলাক জীৱ হিংসুক পশু। তামাৰ মাইতো পশু নহয়, তেওঁ তোমালোকৰ মতে ঈশ্বৰী হলেও এডোখৰ শিলহে। তেওঁ কোনো কালতেই মানুহৰ দৰে কথা কই মোক “নৰবলি দে” এনেকুৱা কথা কোৱা নাই। ঈশ্বৰীয়ে, মাতৃয়ে নৰ ৰক্ত-মাংস নাখায়। শিল বা মাটিয়ে বা ধাতুৱে একোকে খাব নোৱাৰে। যদি তামাৰ মায়ে এটা মানুহ বছৰি খায় তেন্তে তেওঁ মাতৃ নহয়। মানুহৰ তেজ-মঙ্গহ খোৱা এজনী ৰাক্ষসীহে। ৰাক্ষসীত তেওঁৰ দেহটো লাগিলেনো তেওঁ কেনেকৈ ভাগ্যবান হব?” দেউৰীজনে ধনেশ্বৰক এইবিলাক কথাৰ যথাযথ উত্তৰ দিব নোৱাৰি বুজাবলৈ চেষ্টা কৰিছিল যে তামাৰ মায়ে এই দৰে বছৰি এটা নৰবলি লৈ সন্তুষ্ট হৈ, দেশখানৰ সকলো প্ৰজাকে ভালে-কুশলে ৰাখে। যিজন ডেকাক মায়ে বলি লয় সেইজন ডেকাৰ জীৱটো বৈকুণ্ঠলৈ বা কৈলাসলৈ যায়। ’ ইয়াৰ উত্তৰত ধনেশ্বৰে কইছিল :— “যদি বলিত পৰোতাজনৰ জীৱ বৈকুণ্ঠলৈ বা কৈলাসলৈ যায় তেনেহলে বৈকুণ্ঠ বা কৈলাস কামনা কৰা ব্ৰাহ্মণ আৰু দেউৰীহে বলিত যাব লাগে, তাকে নকৰি বৈকুণ্ঠ বা কৈলাসলৈ যাব নোখোজা বীৰ চুতীয়া ডেকাক বলি কিয় দিয়ে? এইটো ঘোৰ অন্যায় আৰু অবিচাৰ নহয়নে?" ভাল উত্তৰ নেপাই দেউৰীজনে কইছিল — “এইটো পূৰ্ব্বাপৰ ৰীতি। ” দেউৰীৰ এনেকুৱা বুজনিত ধনেশ্বৰে শান্তি যে নাপাইছিলেই তদুপৰি তেওঁৰ তাম্ৰেশ্বৰীলৈ, দেউৰী পুৰোহিত সকললৈ, আৰু বিশেষকৈ সেই বামাচাৰী তান্ত্ৰিকলৈ বৰ ঘৃণাৰ ভাৱ হে উপজিছিল। এদিন ধনেশ্বৰে বৈষ্ণবীক সুধিলে :— “আই নিৰাকাৰ নিৰঞ্জন ঈশ্বৰক ‘মাতৃ’ ভাবে পূজা কৰাটো দোষণীয় যেনহে পাওঁ নহয়নে?” বৈষ্ণবী — “বাছা! ভকতৰ হিতৰ কাৰণে সাধনাৰ অৰ্থে, নিৰাকাৰ নিৰঞ্জন ঈশ্বৰক কেৱে মাতৃ ভাবে, কেৱে পিতৃ ভাবে, কেৱে দাস ভাবে, নাই মূৰ্তি সাজিও পূজা কৰে। ঈশ্বৰক শুদ্ধ আচাৰে মাতৃ ভাবে পূজিলে আৰু ভক্তি কৰিলে দোষণীয় নহয়; কিন্তু মাতৃক নৰৰ ৰক্ত-মাংস খাইতীৰূপে পূজা আৰু ভক্তি কৰাটোহে দোষণীয়।

 ধনেশ্বৰ — “ঈশ্বৰক মাতৃ বুলি পূজোতা এই দেউৰীসকলে দেখোন মাতৃক নিজ সন্তানৰ তেজ-মঙ্গহ খোৱা এজনী ৰাক্ষসী স্বৰূপেহে পূজা কৰে। সেইদেখি মোৰ মনেৰে হলে ঈশ্বৰক মাতৃ বুলি পূজা কৰাই উচিত নহয়। ” [ ৫৮ ]  বৈষ্ণবী — “বাছা ধনেশ্বৰ তই সেইদৰে নাভাবিবি। মাতৃয়ে কেতিয়াও সন্তানৰ ৰক্ত মাংস খাবলৈ নিবিচাৰে। সন্তানক খুৱাবলৈহে বিচাৰে। পিছত আগৰ কালত মাতৃৰ আগত বলি দিছিল ৰাজদ্ৰোহী বা প্ৰাণ দণ্ডত দণ্ডিত হব লগা মানুহকেহে — যাতে হিন্দুৱে মৰণ কালতো ঈশ্বৰক মাতৃভাবে দেখি শান্তি লাভ কৰিব পাৰে। পিছত মুৰ্খ আৰু অজ্ঞান মানুহে এই নিয়মটো এটা অনুষ্ঠানৰ ভিতৰত পেলাই দোষী মানুহ বছৰি নাপাই নিৰ্দ্দোষীকে বলিত দিবলৈ ধৰিলে! ঈশ্বৰক মাতৃ ভাবে পূজা কৰাটো বেয়া নহয়। ধূপ-দীপ-নৈবিদ্যেৰে পূজা কৰাটো প্ৰশান্ত নৰবলিৰ তো কথাই নাই; পশুবলি দিও গোসানী পূজাটো উচিত নহয়। তহঁতৰ এই অসম দেশত মহাপুৰুষ শঙ্কৰ দামোদৰ মাধব হৰিদেব এইসকল গুৰুৱেতো গোসানী পূজা কৰা নাছিলেই। আন কি দামোদৰদেৱেও নিজে গোসানী পূজা কৰা নাছিল। এৰাব নোৱাৰি দেৱ দামোদৰে লক্ষ্মীসিংহ ৰজাক গোসানী পূজিবলৈ অনুমতি দিছিল যদিও পশুবলি অৰ্থাৎ হাঁহ পাৰ ছাগলী ইত্যাদি বলি দিবলৈ দঢ়াই দঢ়াই মানা কৰিছিল। কইছিল “ধূপ দীপ নৈবিদ্যহে শোভন। ” পিছত মাতৃভাবৰ পূজাত এইবিলাক জীৱহত্যা হৈ থকা দেখিয়েই অসমৰ মহাপুৰুষসকলে হিংসা দ্বেষ শূন্য পৰম পৱিত্ৰ, প্ৰেম পৰিপূৰ্ণ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি গৈছে। আমাৰ বৈষ্ণৱ ধৰ্ম্ম অতি পবিত্ৰ। ইয়াত ৰাধা প্ৰেমৰ ভাব প্ৰবল নহয়, সেই দেখি আমাৰ বৈষ্ণব ধৰ্ম্মত কামুকতা ব্যভিচাৰাদি নাই। অসমৰ বৈষ্ণৱ ধৰ্ম্ম গীতাৰ ধৰ্ম্ম “মামেক শৰণং ব্ৰজ” অকল মোতে শৰণ লোৱা, মোকে ভক্তি কৰা এই কৃষ্ণ বাক্যৰ ওপৰত স্থাপিত। মহাপুৰুষসকলে প্ৰভূ কৃষ্ণক ঈশ্বৰ ভাবে, প্ৰভু ভাবে নিজক ভৃত্য ভাবে ভক্তি কৰিবলৈ শিকাই থৈ গৈছে। কেনে সুনৰ সুন্দৰ প্ৰাৰ্থনা, তুতি, নমস্কাৰ শিকাই দিছে। শুনাচোঁ নাম- ঘোষাত কি কৈছে।

মই দুৰাচাৰ  কেবলে তোমাৰ
  অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি  লৈয়ো দাস কৰি
  পশিলো হেৰা শৰণ ॥

 বৈষ্ণবীৰ এনেকুৱাবিলাক উপদেশে ধনেশ্বৰ চুতীয়াৰ মনত শান্তি

ধৈৰ্য্য ইত্যাদি দিছিল। [ ৫৯ ]

২২

 আহিন মাহ শৰৎ ঋতু। এদিন ভাটিবেলা শদিয়াখোৱা গোঁহাইৰ জীয়াৰী ফুলেশ্বৰী আইদেৱে তেওঁৰ হাতধৰী লিগিৰী দুজনীৰে সৈতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বহি একান্ত মনে নৈৰ ফাললৈ চাই কথা-বতৰা পাতি আছিল; এনেতে সিফালৰপৰা কমলেশ্বৰ গোঁহাইদেৱে ফুলেশ্বৰী আইদেৱক বিচাৰি নৈৰ পাৰ পালেহি। তেওঁক অহা দেখি লিগিৰী দুজনী অলপ আঁতৰত গৈ বহিল। গোঁহাইদেৱে আইদেৱৰ ওচৰতে বহি কলে :— “গাভৰুদেৱ! ইয়াতে বহি তোমালোকেনো কি চাইছিলা কি ভাবিছিলা?”

 ফুলেশ্বৰী — “কি চাম, কি ভাবিম গোঁহাইদেৱ, চাওকচোন নৈ খানৰ পানী কেনে নিৰ্ম্মল হৈছে, নৈ খনেইবা কেনে এটা বিতোপন সৌন্দৰ্য্য ধৰিছে। বাৰু কব পাৰেনে নৈ খানে বাগৰি বাগৰি, সোঁত বই বই কলৈ গইছে?”

 কমলেশ্বৰ — “বুঢ়া, বুৰঞ্জীৰ মুখে শুনিছো নৈখান হেনো গই সাগৰত পৰিছে। ”

 ফুলেশ্বৰী — “কব পাৰানে সাগৰখননো কেনেকুৱা, কিমান দূৰ। ”

 কমলেশ্বৰ — “সাগৰখনতো মই নিজে দেখা নাই। মানুহৰ মুখে শুনিছোঁ। সাগৰখন হেনো অপাৰ, ইপাৰৰ পৰা সিপাৰ নেদেখি। শেহত হেনো ওপৰৰ সৰগে আৰু সাগৰে লগ-লগা যেন দেখি। ”

 ফুলেশ্বৰী — “বাৰু কওকচোন নৈখাননো কৰ পৰা ওলাইছে?”

 কমলেশ্বৰ — “আমাৰ এই ব্ৰহ্মপুত্ৰ নদীটো হেনো সৌ হিমালয় পৰ্ব্বতৰপৰা ওলাই বাগৰি বই বই সাগৰ পাইছেগৈ। ”

 ফুলেশ্বৰী — “বাৰু কওকচোন নদ-টোনো কিয় পৰ্ব্বতৰপৰা ওলাল আৰু কেলেইবা সাগৰত পৰিছেগৈ?”

 কমলেশ্বৰ — “নদটো ওলাইছে সৃষ্টিৰ, আমাৰ এই প্ৰাণীবৰ্গৰ উপকাৰৰ অৰ্থে! এই নদটো নোহোৱা হলে ইয়াৰ দুয়ো পাৰে থকা গছ, বৃক্ষ, মানুহ, গৰু, পশু, পক্ষী এই সকলে পানী কৰপৰা পালেহেতেন। এই নদে সকলোকে পানী দি, ঠাই উৰ্ব্বৰা কৰি সুশীতল বতাহ দি সমস্তকে সজীৱ ৰাখি সুখী কৰিছে। ” [ ৬০ ]  ফুলেশ্বৰী — “বুজিলো নদটোৱে জানিবা সকলোকে পানী দি, বতাহ দি সুখী কৰিছে; কিন্তু নদটোৰনো নিজৰ কি উপকাৰ হৈছে। ”

 কমলেশ্বৰ — “বাৰু গাভৰুদেৱ, কোৱাচোঁ তুমি জানিবা মোক ভাল পাই সুখী কৰিছা মোৰ সেইটো লাভ হৈছে; তোমাৰনো কি লাভ হৈছে?”

 ফুলেশ্বৰী — “তুমি সুখী হৈছা বুলি জানি মইও সুখী হৈছো। ”

 কমলেশ্বৰ — “নদটোৱেও সেইদৰে সকলোকে পানী দি, বতাহ দি, আনক সুখী কৰাৰ লগে লগে নিজেও বোধ কৰোঁ সুখী হৈছে। ”

 ফুলেশ্বৰী — “যাওক আপুনি কিহৰ লগত কিহক ৰিজাইছে। ”

 কমলেশ্বৰ — “মই বিশেষকৈ একো ৰিজোৱা নাই। তুমি সোধা দেখিহে ময়ো কইছোঁ। পিছত গাভৰুদেৱ মই আজি তোমাৰ ওচৰত এটা ভিক্ষা বিচাৰিহে আহিছোঁ। ”

 ফুলেশ্বৰী — “আও! মোৰ কি সাধ্য আছে আপোনাক ভিক্ষা দিবলৈ। বাৰু কওকচোন কি ভিক্ষা লাগে। পাৰিলে দিম, নোৱাৰিলে সমিধান। ”

 কমলেশ্বৰ — “তুমি সহজে ভিক্ষা দিব পাৰিবা। তুমি শুনিছা নহয় মোৰ সেই ধনেশ্বৰ নামৰ চুতীয়া সেনাপতিটো বলিত পৰিছে। তাক তুমি তোমাৰ পিতৃদেৱতাত খাটনি ধৰি তাক মোকোলাই দিব পাৰিলে তাৰ উপকাৰ হোৱাৰ লগে লগে মোৰো এটা উপকাৰ হয়। তাক মই শিকাই বুজাই চুতীয়া সৈন্যসকলৰ ওপৰত সেনাপতি পাতি লৈছিলোঁ। মানৰ লগত যুজ লাগিলে সি মোৰ এখান শক্তিশালী বাহুৰ দৰে হলহেঁতেন। এতিয়া সি যদি বলিত পৰে তেন্তে মই আকৌ এটাক শিকাই বুজাই লব পাৰিলেহে মানৰ লগত ভালকৈ যুজিবলৈ সাজু হব পাৰিম। আন এজনক শিকাই বুজাই লওঁ মানে, যদি মান অগিবাঢ়ি আহে তেন্তে অলপ লেঠাত পৰিম। আকৌ তাৰ নিচিনা সাহসী, বাহুবলী, ৰণ-নিপুণ, যুজাৰু বীৰ এজন পামনে নাপাম তাৰো সঠিক নাই। ”

 ফুলেশ্বৰী — “সি যেতিয়াই দেও পৰীক্ষাত বলিত পৰিছে তাক আমাৰ দেউতাইহে নালাগে স্বৰ্গদেৱেও হেনো এৰি দিব নোৱাৰে। ”

 কমলেশ্বৰ — “সিতো এক প্ৰকাৰ আহোমেই হৈছে। তাতে যদি দেও পৰীক্ষাটোত কাৰসাজি অৰ্থাৎ চল চক্ৰান্ত হৈছিল, তেন্তে দেউতাই বোধ কৰোঁ এৰি দিব পাৰিব। ” [ ৬১ ]  ফুলেশ্বৰী — “দেও পৰীক্ষাটোত যে কাৰসাজি হৈছল এইটো প্ৰমাণ কৰিব পাৰিলেহে হব। প্ৰমাণনো কোনে কৰিব?”

 কমলেশ্বৰ — “বৈষ্ণবীয়ে মোক কইছে যে যদি দেউতাই ৰাইজ চপাই প্ৰমাণটো চাওঁ বোলে তেন্তে তেওঁ প্ৰমাণ কৰি দিব যে দেও পৰীক্ষাটোত বামাচাৰী তান্ত্ৰিক বঙালটোৱে কাৰসাজি কৰিহে ধনেশ্বৰক বলিত পেলাইছে। ”

 ফুলেশ্বৰী — “সেইটো প্ৰমাণ কৰিব পাৰিলে দেউতাই তেতিয়া ৰাইজৰ সন্মতি লই এৰি দিব পাৰিব। বাৰু মই দেউতাক কম। ”

 এই কথা বতৰাৰ পিছত কমলেশ্বৰ গোঁহাই তাৰ পৰা গল। ফুলেশ্বৰী আইদেৱো গধূলি হোৱা যেন দেখি সখীয়েকসকলে সৈতে ঘৰলৈ গল।

২৩

 বন্দীশালত থাকি ধনেশ্বৰে ধৰ্ম্মত মতি স্থিৰ কৰি দিনে নিশাই কৃষ্ণৰ ৰূপ চিন্তি, কৃষ্ণ নাম জপিবলৈ ধৰিলে। কৃষ্ণত মন-প্ৰাণ সমৰ্পণ কৰিলে। পূজালৈ ১৫ দিনমান থাকোঁতেই ধনেশ্বৰে পৰীয়া আৰু পূজাৰী সকলক কলে :— যে নিতৌ দুপৰীয়া আঘণীয়ে আহি তেওঁক তামাৰ মাইৰ ভোগ আনি দিব লাগে। আঘণীয়ে আনি নিদিলে তেওঁ আন কাৰো হাতে ভোগ গ্ৰহণ নকৰে। বৰং শুকায়ে মৰিব। ভাটিবেলা ভাটিবেলা তেওঁৰ ওচৰলৈ বৈষ্ণবীক আনি দিব লাগে। তেওঁৰ অনুৰোধ ৰাখিবলৈ পেটে সমন্বিতে ইচ্ছা নাথাকিলেও, আৰু এইবিলাক অনুৰোধত বামাচাৰী তান্ত্ৰিক বঙালে আপত্তি কৰিলেও দেউৰীসকলে পূৰ্ব্বাপৰ ৰীতি অনুসাৰে ধনেশ্বৰৰ দুয়োটা অনুৰোধ ৰক্ষা কৰিবলৈ বাধ্য হল, কিয়নো বলিয়ে যদি নাখাই মৰে, অথবা নাখাই খীণাই শুকায়ো যায় তেনেহলে সেই বলিক গোসানীত লগাবই নোৱাৰিব, আৰু গোসানীত বলি লগাব নোৱাৰিলে হেনো দেশত ঘোৰ অমঙ্গল হব। সেইদেখি দেউৰীসকলে আঘণীক আৰু বৈষ্ণবীক সেই সেই সময়ত নিতৌ আহিবলৈ দিলে। বৈষ্ণবীয়ে নিতৌ ভাটীবেলিয়া আহি বেচাৰি ধনেশ্বৰৰ আগত ধৰ্ম্মৰ কথা কবলৈ ধৰিলে। বসুদেৱ দৈবকীৰ তপস্যাৰে পৰা কৃষ্ণৰ জন্ম কৰ্ম্ম সকলোবিলাক কবলৈ ধৰিলে আৰু তাৰ লগে লগে নিতৌ এটি কীৰ্ত্তন, এটি বৰগীত গাই ধনেশ্বৰক [ ৬২ ] এজন পৰম কৃষ্ণভক্ত কৰিলে। এইদৰে পাঁচ দিনমান যাওঁতে ষষ্ঠ দিনৰ দিনা ধনেশ্বৰে বৈষ্ণবীক কলে :— “আই! আৰু দহ দিনৰ মূৰত এই হতভগীয়াৰ জীৱনৰ অন্ত পৰিব। এই দেহৰপৰা মূৰটো সুলকিব। আই! মোক কওকচোন ঈশ্বৰ জনানো কৃষ্ণইনে? আপুনি কৈছিল ঈশ্বৰজনা নিৰাকাৰ নিৰ্গুণ। যদি তেওঁ নিৰাকাৰ নিৰ্গুণেই হল, তেনেহলে আকৌ সগুণ, আকাৰ বিশিষ্ট মনুষ্যৰূপী কৃষ্ণ কেনেকৈ হল? মোৰ এই খুদুৱনিটো মাৰি দিবনে?”

 বৈষ্ণবী — “এৰা বাছা! তই উত্তম প্ৰশ্ন কৰিছ। ঈশ্বৰজনা আচলতে নিৰ্গুণ নিৰাকাৰহে। কেৱল সাধকৰ ভক্তৰ হিতৰ অৰ্থে পুৰণি হিন্দুৰ ঋষি-মুনিসকলে পৰমব্ৰহ্ম ঈশ্বৰক নিৰ্গুণ নিৰাকাৰ বুলি জানিও, তেওঁক সেৱা পূজা কৰিবলৈ, তুতি কৰিবলৈ, তেওঁক ভাল পাবলৈ, তেওঁৰ নাম-কীৰ্ত্তন কৰিবলৈ, তেওঁক ৰামৰূপে বা কৃষ্ণৰূপে বা গোসানীৰূপে বা মহাদেৱৰূপে কল্পনা কৰি লৈছে। মই এই কথা তোমাক আগেয়ে এবেলি কইছোঁ, এতিয়া তুমি মনৰ খুদুৱনি মাৰিবলৈ সুধিলা যেতিয়া মই আকৌ তোমাক কওঁ। দৰাচলতে কৃষ্ণ মনুষ্যৰূপী হওকেই বা নহওকেই দৈৱকী বসুদেৱৰ পুত্ৰ হওকেই বা নহওকেই তেওঁ একপক্ষে আমাৰ হিন্দু ঋষি-মুনিসকলৰ এটি অতি মনমোহা, অতি সৌন্দৰ্য্য পৰিপুষিত হৃদয়-মন হৰণ কৰোতা, আনন্দময় মূৰ্ত্তি অথবা কল্পনা। যি কল্পনা বা মূৰ্ত্তিত ধ্যান, ধাৰণা, নাম-কীৰ্ত্তন কৰি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰি। ভাবি চোৱাচোন তেওঁ সকলোৰে আপোন। তেওঁ দৈৱকী বসুদেৱৰ সুত। নন্দ যশোদাৰ তোলনীয়া পুত্ৰ হলেও তেওঁলোকৰ দুলাল। ৰাখাল বালকসকলৰ লগৰীয়া গৰু ৰখোতা আৰু ৰং-ধেমালিৰ বন্ধু। গোপী- সকলৰ ক্ষীৰ লবনু চোৰ আৰু তাৰ লগে লগে মনোৰঞ্জন। কৈশোৰত গোপীসকলৰ হৃদয়ৰঞ্জনকাৰী দেৱতা। অৰ্জ্জুনৰ সখি, উদ্ধব-বিদুৰৰ প্ৰভু। শিশুপাল, জৰাসন্ধ, দন্তবক্ৰ, কংশ এনেকুৱা অধাৰ্ম্মিকসকলৰ শত্ৰু যমস্বৰূপ। পুণ্যবন্ত পাণ্ডৱসকলৰ সুহৃদ-বন্ধু — দ্বাৰকাৰ ৰজা- ৰাণীৰ বল্লভ, ভক্তৰ ভগৱন্ত। জীৱৰ জীৱন। আত্মাৰ পৰমাত্মা। তেওঁৰ ৰূপ অতুলনীয়, গুণো অনন্ত। আচল ঈশ্বৰ জনা প্ৰকৃতে অনন্ত! নিৰ্গুণ, অথচ গুণ নিয়ন্তা হিন্দুৰ ঋষি-মুনিসকলে অনেক সাধনাৰ পিছত, তপস্যাৰ পিছত ভগৱন্তৰ এনেকুৱা এটা সৰ্ব্ব গুণী, সৰ্বসৌন্দৰ্যাৰে ভৰা, ৰূপ কল্পনা কৰি লৈছে। তেওঁলোকে ইয়াকো [ ৬৩ ] কই গইছে যে এই গোটেই ব্ৰহ্মাণ্ডখান স্থাৱৰ জীৱ-জঙ্গম সকলো সেই পৰমব্ৰহ্ম ঈশ্বৰৰ হে অংশ। তেওঁক এৰিলে আন একোৰেই অস্তিত্ব নাই। মণিবিলাক যেনেকৈ একেডাল সূতাতে গথা থাকে সেইদৰে এই কোটী কোটী ব্ৰহ্মাণ্ড ঈশ্বৰতেই সংলগ্ন হৈ আছে। জীৱমাত্ৰেই ঈশ্বৰৰ অংশ “যত্ৰ জীৱ তত্ৰ শিৱ”! এই পৰমব্ৰহ্ময়ে সন্তান ৰূপ জন্ম লই পিতৃ, মাতৃ, ভাই, ভনী ইত্যাদি সকলোকে সন্তোষ দিয়ে আৰু কেচুৱা কালত এটাইৰে সেৱা পূজা লয়। আন পক্ষে ঈশ্বৰেই পিতৃ তেৱেঁই মাতৃ, তেৱেঁই পুত্ৰ, তেৱেঁই কন্যা, তেৱেঁই স্ত্ৰী; তেৱেঁই স্বামী, তেৱেঁই ভাই, তেৱেঁই ভনী, তেৱেঁই ইষ্ট, তেৱেঁই কুটুম্ব, তেৱেঁই সখি, তেৱেঁই সুহৃৎ, তেৱেঁই শৰণ্য, তেৱেঁই বৰণ্য, গুণৰূপেও তেৱেঁই গুণীৰূপেও তেৱেঁই, তেৱেঁই জ্ঞান, তেৱেঁই জ্ঞানী, তেৱেঁই, শিৱ তেৱেঁই, কালী, দুৰ্গা, তেৱেঁই আত্মা, তেৱেঁই পৰমাত্মা। তেৱেঁই জীৱ, তেৱেঁই, সুন্দৰ, তেৱেঁই একমেবা- দ্বিতীয়ং! আমাৰ অসমৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাত কেনে সুন্দৰকৈ কইছে চাচোন বাছা!

“নমে নিত্য নিৰঞ্জন নাৰায়ণ
 আমিও অংশ তোমাৰ
তযু সেৱাচুৰ পায়া মহামায়া
 মুহিলে মন আমাৰ। ”

 দৰাচলতে আমি সকলোৱে সেই পৰমাত্মাৰহে অংশ, কিন্তু আমি তেওঁক নজনা বাবে, তেওঁক ভক্তি নকৰা বাবে, তেওঁক সেৱা নকৰা বাবে আমি নিজক নিজে পাহৰা বাবে, তেওঁৰে মায়াই আমাৰ মন মোহিত কৰি আমি যে তেওঁৰে অৰ্থাৎ অমৃতৰ সন্তান এই ভাব পাহৰাই ৰাখিছে। শাস্ত্ৰই কইছে “পাশযুক্তো ভবেৎ জীৱ পাশমুক্তো সদাশিৱ” বাছা! এই মানব জীৱনটো বৰ পবিত্ৰ বস্তু। এই মানৰ জীৱনতেহে হৰিৰ আৰাধনা, হৰিৰ সেৱা হব পাৰে। আন জনমত নহয়। মহাপুৰুষ মাধৱদেৱে কৈছে :—

“ইন্দ্ৰিয় জনিত সুখ সমস্ত যনীতে পায়।
  হৰিসেৱা কোনো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য এই মনুষ্য তনুমাত্ৰ।
  এতেকেতে ফুৰ হৰিণ গাই ॥”

[ ৬৪ ] বাছা! সেই দেখি তই দিবাৰাত্ৰি হৰিৰ গুণ গা। হৰিক স্মৰণ

কৰ। সঙ্কটত হৰিৰ নাম মধুসূদন। এই মধুসুদন নাম জপ কৰি থাকিবি।

 ধনেশ্বৰ — “আই! মধুসুদনৰ নাম লই থাকিলে মই এইবেলি এই মৃত্যুৰ হাত সাৰিব পাৰিমনে?”

 বৈষ্ণবী — “মধুসূদনে ৰক্ষা কৰিব পাৰে। ৰক্ষা নকৰিলেও হানি নাই, কিয়নো নাম বস্তুটো ইপুৰী সিপুৰী দুয়োৰে লগৰীয়া। ”

 ধনেশ্বৰ — “বাৰু আই! মানবী জনমটো যদি এনেকুৱা পবিত্ৰ বস্তুয়েই তেনেহলেনো আমাৰ আহোম ৰজাই আৰু দেউৰীসকলে এনেকুৱা এটা নিৰ্দ্দোষী পবিত্ৰ জীৱন অকালতে গোসানীৰ আগত বলি দি নষ্ট কৰে কেলেই?”

 বৈষ্ণবী — “বাছা! এই নৰবলি অনুষ্ঠানটোৱেই এটা মোহ বা অজ্ঞানৰ, অথবা অন্ধবিশ্বাসৰপৰা ওপজা এটা অনুষ্ঠান। গোসানীয়ে কস্মিন্কালেও ৰজা বা দেউৰীসকলক কোৱা নাই “মোক মানুহ বলি দে। ” আগেয়ে প্ৰাণদণ্ডত দণ্ডিত হব লগা মানুহকহে গোসানীক বা জগন্মাতৃক সাক্ষী কৰি, তাৰ জীৱটো তৰি যাবলৈ, গোসানীৰ আগত কাটিছিল। পিছত অজ্ঞান মানুহে, মোহত অন্ধ হোৱা মানুহে, ভাবি ললে যে গোসানীক বছৰি অন্ততঃ এটা নৰবলি দিলেহে গোসানী সন্তুষ্ট থাকিব। সেই দেখি বছৰি দোষী মানুহ নাপালেও নিৰ্দ্দোষী মানুহৰ খেল এটাকে আহোম ৰজাত জনাই, ৰজাক বুজাই বঢ়াই বলিত যাবলৈ চুতীয়াসকলৰ ভিতৰত ষাড়ৰ খেল পাতি ললে এই দেউৰীসকলে। ইয়াৰ দ্বাৰাই যে আমাৰ অসমৰ কিবা এটা ভাল হৈছে মই কব নোৱাৰো বৰং এনেকুৱাবিলাক পাপৰ কাৰণত আমাৰ অসম ধ্বংসৰ মুখত! এই হতভাগিনীয়েও অসীম দুখ, কষ্ট আৰু অত্যাচাৰ ভুঞ্জি সংসাৰ এৰি এই বেশ ললো। ভাবিছিলো এই বেশকে লই সুখী হম কিন্তু পৰিতাপৰ বিষয় এই বেশ লইও সুখী হব নোৱাৰিলো; কিয়নো যলৈকে যাওঁ ততে অন্যায়, অধৰম, অত্যাচাৰহে দেখি ফুৰিব লাগিছো। আমাৰ শঙ্কৰ সূৰ্য্যৰ নিৰ্ম্মল, পবিত্ৰ, কৰুণাপূৰ্ণ প্ৰেম পৰিপূৰ্ণ, জীৱ হিংসা নোহোৱা বৈষ্ণৱ ধৰ্ম্ম স্থাপিত কৰি এই অঞ্চলত বাজে আন সকলো ঠাইতে বীৰাচাৰী তান্ত্ৰিক মত খণ্ডন কৰি গোসানীৰ আগত বলি বিধান দিয়া অনুষ্ঠানটো গুচালে। কিন্তু [ ৬৫ ] দুখৰ বিষয় লগাওতা মানুহৰ ঈৰ্ষাত, ৰজাৰ অত্যাচাৰত তেওঁ এই ফাললৈ আহিবলৈ নাপালে আৰু তেওঁৰ ধৰ্ম্মও এইফাললৈ প্ৰচাৰ নহল, ফলত আজিও তামেশ্বৰীৰ মন্দিৰত, সিফালে জৈন্তিয়াৰ ফাল্ছৰ মঠত নৰবলি চলিব লাগিছে। মই সদ্যহতে সকলো এন্ধাৰ এন্ধাৰ দেখিছো, কিন্তু এই এন্ধাৰৰ মাজতো এফেৰা পোহৰ দেখিবলৈ পাইছোঁ। ভালেমান শতিকা দুখ কষ্ট ভোগাৰ পিছত অসমীয়া মানুহ সাগৰৰ সিপাৰৰ এজাতি সুসভ্য মানুহৰ শাসনৰ তলতীয়া হৈ কিছুকাল সুখেৰে থাকিব। এই নৰবলি অনুষ্ঠানটোও এইবেলিৰ পৰা এই শদিয়া অঞ্চলতো লুপ্ত হব। বাছা! মই দুখুনীয়ে তোক এইবিলাক কথা কলো। তই নিৰ্ভয় মমেৰে থাকি কৃষ্ণৰ নাম লই তেওঁৰ ৰূপ চিন্তি থাকিবি। দুৰ্গাপূজাৰ অষ্টমীৰ দিনা যেতিয়া তোক সুন্দৰ কানি কাপোৰ পিন্ধাই ৰাইজক দেখুৱাৰ তেতিয়া তই চিঞৰি চিঞৰি ৰাইজক কবি : “ৰাইজ! মই নিৰ্দ্দোষী, মই নিৰ্দ্দোশী; এই বামাচাৰী তান্ত্ৰিকে কাৰসাজি কৰিহে মোক বলিত পেলাইছে। ” তেতিয়া দেখিবি কি এটা হুলস্থুল লাগে।

২৪

 কমলেশ্বৰ গোঁহাইদেৱে সৈতে কথা-বতৰা হবৰ পিছদিনা ফুলেশ্বৰী আইদেৱে দুপৰীয়া খাই-বই উঠি জিৰোৱাৰ পিছতে ভাটীবেলা আঘণী আহি আইদেৱৰ আগত আঠু লই সেৱা জনাই কলে :— “আইদেউ! ঈশ্বৰী! এই বেটীয়ে এটা গোহাৰি কৰিবলৈ আহিলোঁ। ”

 ফুলেশ্বৰী — “কি গোহাৰি কচোন আঘণী!”

 আঘণী — “আইদেৱ ঈশ্বৰী! নিৰলেহে গোহাৰিটো জনাব খোজো।

 ফুলেশ্বৰী — “তেন্তে বাৰু মোৰ খোটালিলৈ বল” এই বুলি কই আইদেৱে আঘণীক নিজৰ খোটালিলৈ লই গল আৰু তাত যথা- যোগ্য আসনত বহুৱাই, আৰু নিজেও বহি কলে :— “এতিয়া বাৰু কচোন তোৰ কি গোহাৰি। ”

 আঘণী — “কি কম আইদেউ! মই আপোনালোকৰ সেনাপতি ধনেশ্বৰ চুতীয়াই বলিৰপৰা ৰক্ষা পাবলৈ আইদেৱক খাটিবলৈ আহিছোঁ। সি নিৰ্দ্দোষী — আইদেৱ ঈশ্বৰীয়ে পিতৃদেৱতাত জনাই তাক মুক্ত কৰাই দিয়ক। ” [ ৬৬ ]  ফুলেশ্বৰী — “সি জানিবা দেউতাৰ সেনাপতি, পিছত তোৰনো সি কি হয় যে তই তাৰ নিমিত্তে এনেকৈ খাটনি ধৰিবলৈ আহিলি। সি দেখোন জাতিত চুতীয়া তোৰ ইষ্ট-কুটুম, অঙ্গহি-বঙ্গহি একো নহয়। ”

 আঘণী — “আইদেউ! মই ধনেশ্বৰক ভাল পাওঁ। সিহঁতৰ ঘৰ আমাৰ ওচৰতে। মইও সৰুৰেপৰা মাউৰা সিও সৰুৰেপৰা মাতৃহীন। আমি সৰু কালৰেপৰা দুয়ো একেলগে ফুৰিছিলো, একেলগে উমলিছিলো, এতিয়াও একেলগে ধানতলিত টঙি ৰখোঁ। এইবিলাক কাৰণত তাৰে মোৰে বৰ মিল। তাক মই ভাল পাওঁ। ”

 ফুলেশ্বৰী — “তাক ভাল নোপোৱাটোহে তোৰ উচিত; কিয়নো সি যেতিয়াই চুতীয়া জাতিৰ আৰু তই দেউৰী কুলৰ তেতিয়াই তাৰ লগত তোৰ বিয়া হবৰতো কোনো আশাই নাই তাতে সি যেতিয়াই বলিত পৰিছে তইনো তাক কেনেকৈ পাবি। সেই দেখি তালৈ মৰমৰ এৰি পেলোৱাটোৱেই তোৰ উচিত। ”

 আঘণী — “আইদেৱ! আপুনিও নাৰী আৰু এই বেটীও এজনী তিৰোতা মানুহ। নাৰীয়ে নাৰীৰ মোল নুবুজিলে প্ৰাণৰ কথা নুবুজিলে আন কোনে বুজিব। মৰমে জাতি-কুল নিবিচাৰে। তাক পাওঁ বা নাপাওঁ সেইটো বেলেগ কথা; কিন্তু তাক চকুৰ আগতে বলিত পৰি মৰিবলৈ দিবলৈ মোৰ এই জীউটোৱে নসহে, সেই দেখিহে আইদেৱ! তাৰ প্ৰাণ ভিক্ষা মাগিছো। ”

 ফুলেশ্বৰী — “বুজিলো আঘণী। তই তাক অকপট চিত্তেৰে ভাল পাৱ। বাৰু মই পিতৃদেৱক কম; কিন্তু সি যেতিয়াই দেও পৰীক্ষাত বলিত পৰিছে তেতিয়াই তাক ৰক্ষা কৰাটো বৰ টান। ”

 আঘণী — “টান বুলি জানিহে আইদেৱৰ ওচৰলৈ আহিছোঁ। ”

 ফুলেশ্বৰী — “বলিত পৰা মানুহক আমাৰ দেউতাই নালাগে স্বৰ্গদেৱ ঈশ্বৰেও এৰি দিব নোৱাৰে। এৰি দিলেই প্ৰজা বিদ্ৰোহী হব। ”

 আঘণী — “যদি দেও পৰীক্ষাটোত কিবা কাৰসাজি বা চক্ৰান্ত আছিল তেনেহলেতো দেউতা ঈশ্বৰে মুক্ত কৰিব পাৰে। ”

 ফুলেশ্বৰী — “যদি কাৰসাজিটো কোনোবাই প্ৰমাণ কৰিব পাৰে তেহে পাৰি। ”

 আঘণী — “আইদেৱ! সমূহ ৰাইজৰ আগত, দেউতা ঈশ্বৰৰ আগত বৈষ্ণবী মাতৃয়ে প্ৰমাণ কৰিব যে দেও পৰীক্ষাটোত কুটচক্ৰান্ত কৰি সাজি আছিল। ” [ ৬৭ ]  ফুলেশ্বৰী — “তেওঁ প্ৰমাণ কৰিব পাৰিবনে?”

 আঘণী — “পাৰিম বুলি তো কৈছে। যদি তেওঁ নোৱাৰেও তেনেহলেও ধনেশ্বৰে যেতিয়া দেউতা ঈশ্বৰৰ আগত জনাইছিল যে তেওঁ আহোম হল, তেতিয়াই তেওঁক দেউৰীসকলৰ বলি দিবৰ কোনো এক্তিয়াৰ নাই। ইওটো আইদেৱে জনাব দেউতা ঈশ্বৰক!”

 ফুলেশ্বৰী — “বাৰু আঘণী! সি যদি আহোম হয় আৰু ৰক্ষা পৰে তেন্তে তইও আহোমনী হবিনে?”

 আঘণী — “হম আইদেৱ ঈশ্বৰী! তাত কি কথা আছে?”

 ফুলেশ্বৰী — “আঘণী! মই তোৰ কথাত বৰ সন্তুষ্ট হলো। ধনে- শ্বৰলৈ তোৰ অকপট প্ৰেম, পবিত্ৰ মৰম মই শলাগোঁ। আজিৰ পৰা মই তোক মোৰ এজনী আহোমনী ভনীটি বুলি ললো। মই দেউতাৰ ভৰিত ধৰি খাটিম ধনেশ্বৰক এৰি দিবলৈ। পিছত তই গই বৈষ্ণবীক সষ্টম কৰগৈ যাতে তেওঁ দেও পৰীক্ষাটোত চল-চক্ৰান্ত কাৰসাজি হৈছিল এইটো প্ৰমাণ কৰিব পাৰে। ”

 ফুলেশ্বৰী আইদেৱৰ এই কথাত আঘণীয়ে চকুৰ আনন্দ আৰু কৃতজ্ঞতা অশ্ৰুৰে ফুলেশ্বৰী আইদেৱৰ ভৰি তিয়াই সেৱা কৰি বৈষ্ণবী মাতৃৰ ওচৰ পালেগৈ।

২৫

 ধনেশ্বৰৰ নিবেদনমতে দেউৰীসকলে আঘণীক ধনেশ্বৰক তামাৰ মাইৰ প্ৰসাদ নিতৌ আনি দিবলৈ অনুমতি দিবলৈ বাধ্য হল। সেই অনুসৰি সেইদিনা ফুলেশ্বৰী আইদেৱত খাটনি কৰি আহিবৰ পিচ দিনাৰপৰা আঘণীয়ে ধনেশ্বৰক প্ৰসাদ পানী ইত্যাদি দিয়াত পৰিল। ভাত পানী দিয়াৰ লগে লগে আঘণীয়ে সৈতে ধনেশ্বৰে নানা ইষ্টআলাপ, প্ৰেম সম্ভাষণা আদিও কৰিবলৈ পাইছিল। কেতি- য়াবা কেতিয়াবা দুয়ো গলত ধৰা-ধৰি কৰি কান্দিছিলো। ধনেশ্বৰে এদিন কলে, আঘণী! মই মৰিবৰ সময়তো তোৰ নাম লই ঈশ্বৰ কৃষ্ণত জনম যেন ইহ জনমত নহল নাই, সি জনমত দুয়ো লগ লাগিম। তাৰ এই কথাত আঘণীয়ে কান্দিলে। অষ্টমীলৈ পাঁচ দিনমান থাকোতে এদিন আঘণীয়ে কলে, “ধনাই! তই মোক ভাল নোপোৱা হলে তোৰ কিজানি দুৰ্দ্দশা নহলহেঁতেন। তই এটা [ ৬৮ ] কাম কৰ। মোৰ এই সাজ কাপোৰ যোৰ তই পিন্ধি তোৰ যোৰ মোক দি তই ওলাই যা। কেৱে ধৰিব নোৱাৰিব। তোৰ সলনি এই বন্দী ঘৰত ময়ে থাকোঁ, মোক বলি দিব নোৱাৰে কিয়নো মই মইকী মানুহ। পূৰ্ব্বাপৰ ৰীতিমতে মাইকী মানুহক, ৰজাক, ব্ৰাহ্মণক, আহোমক, বয়সীয়াল মতা মানুহক বলি দিব নোৱাৰে। ” ধনেশ্বৰে কলে, “কি কথা কৱ ঐ মোৰ আঘণী! মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ। জীউটো গলেও মই নিজৰ গৌৰৱ, আত্মসন্মান, সকলোকে লোপ কৰি, মাইকীৰ সাজ কাপোৰ পিন্ধি ছদ্মবেশ লই, আগলৈ সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈ পলাই যাব নোৱাৰোঁ। মই বীৰ জাতিৰ লৰা। দৈব দুৰ্বিপাকত মই বৰ্ত্তমানে যাঁড়ৰ খেলত পৰি বলিত যাবলৈ ওলালেও মই আগৰ ৰত্নধ্বজ ৰজাৰ জীয়াৰী বংশৰহে লৰা। গৌৰৱ হানি আৰু হাঁহিয়াতৰ পাত্ৰ হোৱাতকৈ মৃত্যু মোৰ পক্ষে শতগুণে শ্ৰেষ্ঠ। ”

 আঘণী — “যদি দৈৱে, তামৰ মায়ে ৰক্ষা নকৰে তেন্তে দেখোন আৰু উপায় নাই যদিও শদিয়াখোৱা গোঁহাইত খাটনি ধৰোৱা গৈছে তোৰ ৰক্ষাৰ নিমিত্তে। ”

 ধনেশ্বৰ — “প্ৰভু কৃষ্ণই যি কৰে সেয়ে হব আঘণী! তই বেজাৰ নকৰিবি। উপজিছিলো যেতিয়াই তেতিয়াই এদিন মৰিবও শাগিব। তই মোলৈ পাহৰি পেল। এতিয়া ঘৰলৈ যা। ”

 আঘণীয়ে চকু চলচলীয়া কৰি ঘৰলৈ গ'ল।

২৬

 আহিনৰ আজি পঞ্চমী তিথি। শদিয়াখোৱা গোঁহাইৰ চৰাত আহোম, চুতীয়া, দেউৰী ইত্যাদি লোকে লোকাৰণ্য। শদিয়াখোৱা গোঁহায়ে জীয়েক ফুলেশ্বৰী আইদেৱৰ খেচ-খেচনীত তত নাপাই ৰাইজক আৰু বৈষ্ণৱীক মতাই আনিছিল। শদিয়াখোৱা গোঁহাইদেৱে বৈষ্ণবীক কলে :— “বৈষ্ণবী! দেও পৰীক্ষাটোত যে কাৰসাজি হৈছিল তুমি প্ৰমাণ কৰিব পাৰিবানে?”

 বৈষ্ণবী — “পৰা হব দেউতা ঈশ্বৰ। ”

 শঃ খোঃ গোঁঃ — “তেনেহলে আৰম্ভ কৰা সকলো ৰাইজে দেখক। কি কি লাগিব কোৱা। ” [ ৬৯ ]  বৈষ্ণবী — “৯ খিলা ভূজপত্ৰ অনাওক। কুঙ্কুম গোৰোকচনা আৰু এটা খাগৰিৰ কাপ অনাওক। তিনিটা ৭/৮ বছৰীয়া লৰা আনক! দুচটা বাঁহৰ কামি অনাওক। ”

 বৈষ্ণবীৰ কথামতে শদিয়াখোৱা গোঁহাইদেৱে ততালিকে চাও- ডাঙৰ হতুৱাই এইবিলাক অনোৱাই দিলে। তেতিয়া বৈষ্ণবীয়ে সেই ৯ খান ভূজপত্ৰত কমলেশ্বৰ গোঁহাইদেৱকে আদি কৰি ৯ জন ডেকাৰ নাম কুঙ্কুম গোৰোকচনাৰে লেখোৱালে। তাৰ পিছত কলে :— “দেউতা ঈশ্বৰ! বামাচাৰী তান্ত্ৰিকে কৰি দেখুৱা পৰীক্ষা দুটাকে মই কৰি দেখুৱাওঁ। দেউতা ঈশ্বৰে আদেশ কৰক কাৰ নাম তোলাই দিব লাগে। ”

 শদিয়াখোৱা গোঁহাইদেৱ — “বাৰু আমাৰ কমলেশ্বৰ গোঁহাইদেৱৰ নামকে তোলাই দিয়াচোন। ” শদিয়াখোৱা গোঁহাইদেৱৰ আদেশত এটাইবিলাক ৰাইজে মিচিকিয়া হাঁহি মাৰিলেও একবোৰে নিজম হল। বৈষ্ণবীয়ে ৮ বছৰীয়া লৰা এটা অনাই তাৰ চকুত ৭ তৰপ কাপোৰ বান্ধিলে; তাৰ পিছত তাৰ মূৰৰপৰা ভৰিলৈকে তাৰ গা নোচোৱাকৈ তেওঁৰ হাত দুখন বুলালে। তাৰ পিছত শদিয়াখোৱা গোঁহাইদেৱৰ হতুৱায়ে ভূজপত্ৰ কেইখান সান-মিহলি কৰাই সেই লৰাটোৰ হাতত দিয়াই বৈষ্ণবীয়ে কলে — তই বাওঁহাতত সেইভূজপত্ৰ কেইখিলা লই সোঁহাতেৰে তাৰে এখিলা লই দেউতা ঈশ্বৰৰ হাতত দে। আদেশ দিয়া মাত্ৰেই সেই লৰাটোৱে এখিলা ভূজপত্ৰ শদিয়াখোৱা গোঁহাই- দেৱৰ হাতত দিলে। শদিয়াখোৱা গোঁহাইদেৱে যে চায়, সেইখান কমলেশ্বৰ গোঁহাইৰ নামৰ। ৰাইজক শদিয়াখোৱা গোঁহাইদেৱে জনালে — ৰাইজ চাওকহি মই কমলেশ্বৰ গোঁহাইদেৱৰ নামকে তুলিবলৈ কৈছিলো বৈষ্ণবীয়ে তেওঁৰে নাম তোলাই দিলে। ভূজপত্ৰখান মুখীয়ালসকলে চোৱাঁহি”। গোঁহাইদেৱৰ আদেশ মতে ১০/১২ জন বৃদ্ধ চুতীয়া, দেউৰী আহোমে আহি চালে — চাই আচৰিত হল — সকলো ৰাইজে জানিলে যে বামাচাৰী তান্ত্ৰিকে কৰা পৰীক্ষাৰ দৰে বৈষ্ণবীয়েও যাৰ নাম তুলিবলৈ দিলে তাকে তোলালে। তাৰ পিছত বৈষ্ণবীয়ে তিনিওটা লৰাকে আকৌ সেইদৰে চকুত কাপোৰ বন্ধোৱাই, সিহঁতৰ গাত মূৰৰপৰা ভৰিলৈকে হাত বুলনি দি দুটা লৰাক কামি দুডাল দুইও মূৰে ধৰিব দিলে। তৃতীয় লৰাটোৰ হতুৱাই ভূজপত্ৰ কেখিলা এখিলা এখিলাকৈ দুয়ো কামিৰ সোঁমাজতে দিয়াব ধৰিলে, ৫/৬ খিলা মান সৰকি মাটিত [ ৭০ ] পৰাৰ পিছত এখিলা ভূজপত্ৰক কামি দুয়োডাল ফেট খাই চেপা মাৰি ধৰিলে। শদিয়াখোৱা গোঁহাইদেৱ আৰু ৰাইজেও চাই দেখে যে সেইখিলা কমলেশ্বৰ গোঁহাইদেৱৰ নামৰ। তেতিয়া বৈষ্ণবী মাতৃয়ে হাত যোৰ কৰি ৰাইজক জনালে :— “দেখক ৰাইজ! দেউতা ঈশ্বৰে আদেশ দিয়া মতে মই কমলেশ্বৰ গোঁহাইৰ নাম তোলাই দিয়ালো। এই দৰেই লাংফাই দেউৰীৰ অনুৰোধত বামাচৰী তান্ত্ৰিকে ধনেশ্বৰ চুতীয়াৰ নাম এনেকুৱা যাদু বিদ্যাৰেই কাৰসাজি কৰি তোলাই দিছিল। দেখক ধনেশ্বৰ চুতীয়া নিৰ্দ্দোষী। ৰাইজে আৰু দেউতা ঈশ্বৰে ধনেশ্বৰ চুতীয়াক মুক্ত কৰি এৰি দিয়ক। ” তেতিয়া ৰাইজে চিঞৰি চিঞৰি কলে — “এৰা দেউতা ঈশ্বৰ ধনেশ্বৰ চুতীয়াক এৰি দিয়ক গৈ। ” শঃ খোঃ গোঁহাইদেৱে “বাৰু তাক মুক্ত কৰা হব” এইদৰে কই ৰাইজক বিদায় দিলে। ৰাইজ ঘৰ-ঘৰি গলত বৈষ্ণবীক ওচৰলৈ মাতি নি সুধিলে — “বৈষ্ণবী? বাৰু কোৱাচো কি যাদু মন্ত্ৰৰ বলত বামাচাৰীয়ে কৰাৰ দৰে তুমিও ইমান আচৰিত কামটো কৰি দেখুৱালা?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! ইয়াত মন্ত্ৰও নাই যাদুও নাই। আছে মাথোন এটা প্ৰবল ইচ্ছা শক্তি। মই লৰা কেইটাৰ গাত হাত বুলাই মই সিহঁতৰ জীউ কেইটাক মোৰ বশ কৰি লইছিলো। তাৰ পিছত মই মোৰ নিজৰ মনত কমলেশ্বৰ গোঁহাইৰ নামটো জপ কৰিছিলো। সেই অনুসৰি লৰা কেইটাৰ জীৱে কমলেশ্বৰৰ নামটোকে তুলি দিছিল। ”

 শঃ খোঃ গোঁঃ — “মইও যদি এটা মানুহৰ নাম সেইদৰে জপি তোমাৰ নিচিনাকৈ পৰীক্ষা কৰোঁ মইও পাৰিমনে?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ যেতিয়াই অতবিলাক প্ৰাণীৰ ওপৰত ৰজা তেতিয়াই মোৰ দেউতা ঈশ্বৰৰ মন বলী। দেউতা ঈশ্বৰে পাৰিলেও পাৰিব পাৰে। ”

 শঃ খোঃ গোঁঃ — “সকলোৱে কৰিব পাৰিবনে?”

 বৈষ্ণবী — “সকলোৱে কৰিব নোৱাৰে। যাৰে যাৰে মন বলী, ইচ্ছা শক্তি বৰ প্ৰবল সেই সকলেহে পাৰিব। ”

 শঃ খোঃ গোঁঃ — “বাৰু মননো কেনেকৈ বলী কৰা যায়?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! মনক একাগ্ৰ কৰিব পাৰিলে, অৰ্থাৎ সময়ত আন সকলো চিন্তা এৰি মনক এটা বিষয়ত লগালে মনে সেই বিষয়টো সিদ্ধি কৰিব পাৰে। সচৰাচৰ, আমাৰ সন্ন্যাসী ফকিৰসকলৰ [ ৭১ ] মন আৰু ইচ্ছাশক্তি বৰ বলী। তেওঁলোকে সংসাৰৰ সককো চিন্তা এৰি কেৱল একমনে ঈশ্বৰক ভাবে। তেওঁক সেইদৰে ভাবোঁতে ভাবোঁতে মন বলী হয়। যি সকল নৰৰ ভিতৰত শ্ৰেষ্ঠ তেওঁলোকৰো মন বলী। ”

 শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! মই তোমাৰ দৰে কৰিয়েই যাৰে তাৰে নাম তোলাব পাৰিমনে?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰে পৰীক্ষা কৰি চাওক। ”

 বৈষ্ণবীৰ এই কথাত শঃ খোঃ গোঁহাইদেৱে সেই লৰা তিনিটাৰ হতুৱায়ে কনকেশ্বৰ গোঁহাইৰ নামটো ইচ্ছা কৰি প্ৰথম পৰীক্ষাটোত তোলালে; কিন্তু ২য় পৰীক্ষাটোত নোৱাৰিলে। যি কি নহওক বৈষ্ণবীৰ ওপৰত সন্তুষ্ট হৈ গোঁহাইদেৱে কলে — “বৈষ্ণবী! মই চৌথা দিনা ধনেশ্বৰক মুক্ত কৰিম। পাৰিমনে মুক্ত কৰিব?”

 বৈষ্ণবী — “নিশ্চয় পাৰিব দেউতা ঈশ্বৰ। ”

 শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! মই যদি ধনেশ্বৰক এৰাই দিওঁ তেন্তে এইবেলি তামাৰ মাইৰ পূজাৰ বিঘিনি নহবনে?” পূজাৰ বিঘনি হলে তামাৰ মাই কুপিত হৈ ৰজা আৰু ৰাইজৰ অমঙ্গল নকৰিবনে?”

 বৈষ্ণবী — “কেলেই বিঘিনি হব দেউতা ঈশ্বৰ। তামাৰ মায়ে কেতিয়াও কোনো কালেই কোৱা নাই “মোক মানুহ বলি দে তেহে মই সন্তুষ্ট থাকিম। ” এটা শিলৰ বা কাঠৰ বা আন ধাতুৰ মূৰ্ত্তিৰ আগত এটা নিৰপৰাধী মানুহক বলি দিয়াটো পাপহে পূণ্যৰ কাৰ্য্য নহয়। ”

 শঃ খোঃ গোঁঃ — “ৰাজদণ্ডত প্ৰাণদণ্ড পাবলগীয়া মানুহকো গোসানীৰ আগত বলি দিলে পাপ হয়নে?”

 বৈষ্ণবী — “এনেকুৱা মানুহক বলি দিলে দোষ নহয়। কিন্তু প্ৰাণ দণ্ডৰ ব্যৱস্থাটোৱে অন্যায়। ৰাজদ্ৰোহীকে প্ৰাণে নামাৰি কোনো এঠাইত বন্দী কৰি থোৱাটোহে প্ৰশস্ত বিধি। ”

 শঃ খোঃ গোঁঃ — “বাৰু! ধনেশ্বৰ দোষী নহয়নে? সি লাংফাই দেউৰীৰ জীয়েকক অসৎ ব্যৱহাৰ কৰা বাবে দোষী নহয়নে?” [ ৭২ ]  বৈষ্ণবী — “দেউতা ঈশ্বৰ! সি কৰা কামটোতো ৰাজদ্ৰোহ নহয়। দেউতাসকলেই দেখোন এটা ষাড়ৰ খেল পাতি সেই খেলৰ ডেকাই পৰৰ ঘৈণী জীয়াৰী বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰিলেও দোষণীয় আৰু দণ্ডাৰ্হ নহয় বুলি নিয়ম কৰি থৈছে। এনেস্থলত ধনেশ্বৰে আঘণীক মৰম কৰি চুমা খাওঁতেই দোষী হলনে? আঘণীক সি সৰুৰে পৰা মৰম কৰি আহিছে আৰু আঘণীয়েও মৰম কৰে। সিহঁতৰ প্ৰেম পবিত্ৰ। তাত পাপৰ গোন্ধ-ভাপে নাই। সি পাৰিলে আঘণীক বিয়াও কৰাব। বিয়া কৰাই সি যদি দেউৰী বা চুতীয়া এই দুয়ো খেলৰ এখনতো ঠাই নাপায় তেন্তে সি আহোম হব বুলি কই থইছে। ”

 শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! তোমাৰ যুক্তি মই মানিলোঁ। পিচত কোৱাচোঁ তুমিনো এজনী গৃহস্থি এৰা, ঘৰ-দুৱাৰ এৰা বৈষ্ণবী হৈ এটা চুতীয়া লৰাক ৰক্ষা কৰিবলৈ কিয় ইমানকৈ চেষ্টা কৰিছা?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! মোৰ ধৰমেই হৈছে আতুৰ, দুৰ্ব্বলী, নিৰপৰাধীক সহায় কৰা, দৰিদ্ৰ নাৰায়ণক সেৱা কৰা। নৰেই নাৰায়ণ”।

 শঃ খোঃ গোঁঃ — “যদি “নৰেই নাৰায়ণ” তেনেহলেনো বামাচাৰী তান্ত্ৰিকে কিয় সেই নৰৰূপী নাৰায়ণক গোসানীৰ আগত বলি দিবলৈ ইমান উন্মত্ত?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! সেই বিষয়ে মইনো কি কম। তান্ত্ৰিকে সি কি নিজেহে জানে। সি বা আগৰ কৰ চোৰ, ডকাইত বা নৰহত্যাকাৰী তাকনো কোনে জানে?”

 শঃ খোঃ গোঁঃ — “তুমিনো কি বুলি ভাবা?”

 বৈষ্ণবী — “মই তেওঁক ভাল সাধক বা ঈশ্বৰ ভক্ত বুলি নাভাবো। হয় তেওঁৰ মগজু বেয়া — নতুবা তেওঁ আগৰ কৰবাৰ অপৰাধী মানুহ — নৰহত্যাকাৰী। দেউতাই ভালকৈ বিচাৰ কৰোৱালে তেওঁৰ আঁতি-গুৰি পাব পাৰে। ”

 শঃ খোঃ গোঁঃ — “বৈষ্ণবী। মই চোৰাংচোৱা লগাই সেইটো বিচাৰ কৰি উলিয়াম। বাৰু এতিয়া তুমি যোৱাগৈ। ”

 বৈষ্ণবীক বিদায় দি পিছদিনা পুৱাই শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাই, কনকেশ্বৰ গোঁহাই এই দুয়োজনাকে মতাই আনি কেতখিনি উপদেশ দিলে যাতে পিছদিনা তেওঁলোকে উভয়ে লগত [ ৭৩ ] এশ ছকুৰি কাড়ি আৰু খাণ্ডা-বাৰু ধৰা মানুহ পুৱাই তাম্ৰেশ্বৰী মন্দিৰলৈ পঠায়; আৰু দুয়ো দুটা ঘোৰাত উঠি যেন তেওঁৰ লগতে তাম্ৰেশ্বৰীৰ মন্দিৰলৈ যায়। শদিয়াখোৱা গোঁহাইৰ আদেশ অনুসৰি দুয়োজনা গোঁহায়ে নিশাৰ ভিতৰতে সকলো যতন কৰি থলে।

২৭

 মনত নানা চিন্তা ভাবনা লই ধনেশ্বৰ চুতীয়াই সপ্তমীৰ দিনা বন্দীশালত শুই আছে। বেচেৰাই বুজি থৈছিল যে পিছদিনা দুপৰীয়া তেওঁৰ ইহ জীৱনৰ অন্ত পৰিব। তেওঁৰ সৰুৰেপৰা বৰ্ত্তমানলৈকে সকলো কথা মনত পৰিল — এই সোণাময় সংসাৰ কিজানি আৰু অহা কালিৰপৰা নেদেখে; কৃষ্ণক ভাবি চিন্তি, কৃষ্ণনাম জপি শুই আছে। এনেতে পুৱতী নিশা সমাজিক দেখিলে যেন তামাৰ মাইৰ মন্দিৰৰ ভিতৰৰপৰা তামাৰ মাই নিজে এজনা অতি দিপ্ লিপ্ কন্যাৰ ৰূপ লই আহি তেওঁক কইছে :— “ধনেশ্বৰ! তই পৰম ভক্ত। তই কৃষ্ণ ভক্ত যেতিয়াই, তেতিয়াই তই মোৰ ভক্ত। বাছা! মই সকলোৰে মাতৃহে। মই কেতিয়াও মানুহৰ তেজ মঙহ নাখাওঁ। এই দেউৰীবিলাকে আজি ৬০০ বছৰে মোৰ দেহটো কলুষিত কৰিছে। মোক সকলোৰে মাতৃ গুচাই মোক এজনী ৰাক্ষসী কৰিছে। যি কি নহওঁক বাছা! মোৰ এই কলঙ্ক মুক্তিৰ দিন আহিল। বাছা! তই কৃষ্ণনাম লই থাক — মই আহিলো” এই বুলি কই দিপ্ লিপ্ কন্যাজনা যেন মন্দিৰৰপৰা গড় পাৰ হৈ ওলাই গল। এনেতে যেন বাহিৰত সুন্দৰ স্বৰ্গীয় বাজনা বাজিছে। সাৰ পালে — সাৰ পাই যে শুনে, মন্দিৰত সুন্দৰ আৰতিৰ ধ্বনি হৈছে, বাজনা বাজিছে। চকু মুখ মোহাৰি বেচেৰা উঠি বহিল। এনেতে অলপ বেলিৰ পিছতে সৰু দেউৰী দুজনে তামাৰ মাইৰ প্ৰসাদ আনি ধনেশ্বৰক খাবলৈ দিলে। ধনেশ্বৰে যথা সময়ত শৌচাচাৰ আদি কৰি গা-পা ধুই প্ৰসাদ খালে। এই শৌচাচাৰ আদি কৰোতে দীঘল দীঘল মোটা ৰছিৰে কঁকালত বান্ধি ৪ জনা দেউৰীয়ে তেওঁক শৌচাচাৰ আৰু স্নান আদি কৰাইছিল। ধনেশ্বৰৰ খোৱা-বোৱা শেষ হলত আৰু দুজনা দেউৰীয়ে বন্দীশালৰ ভিতৰলৈ সোমাই আহি ধনেশ্বৰক সুন্দৰ কানি-কাপোৰ পিন্ধালে, কপালত ৰক্ত চন্দনৰ ফোট ৰেঘা আদি দিলে, সোণ ৰূপৰ অলঙ্কাৰ পিন্ধালে। অলপ অলপকৈ বেলি উঠাৰ লগে লগে [ ৭৪ ] তামাৰ মাইৰ মন্দিৰৰ সমুখত লোকে লোকাৰণ্য হলহি। চুতীয়া, আহোম, আন জাতিৰ মানুহ, আনকি পৰ্ব্বতীয়া মিচিমি, আবৰ আদিও আছিল। ঢোল, খোল, মৃদঙ্গ ইত্যাদি নানা বাদ্য বাজিবলৈ ধৰিলে। দেউৰীসকলে পুৱাৰেপৰা মাতৃক ফল-ফুল, মদ-ভাত, হাঁহ-পাৰ-ছাগলী ইত্যাদিৰে পূজিছে। বেলি প্ৰায় দুপৰ হল। বৰদেউৰী, সৰুদেউৰী, বামাচাৰী তান্ত্ৰিক ইত্যাদি সকলে বন্দীশালৰ ভিতৰলৈ সোমাই গই সোণ-ৰূপ পিন্ধোৱা, কানি কাপোৰ আৰু ফুলেৰে জাক-জমককৈ সজাই পৰাই থোৱ ধনেশ্বৰক উলিয়াই আনিলে। ধনেশ্বৰৰ পিছে পিছে চকুলো টুকি টুকি আঘণীও ওলাই আহিল। দেউৰীসকলে ধনেশ্বৰক কঁকালত ৰছি লগাই, ঘেৰাও কৰি ধৰি আনি ৰাইজক দেখুৱালে। ৰাইজে “তামাৰ মাইৰ জয়” বুলি জয়ধ্বনি কৰিলে। এনেতে ধনেশ্বৰে চিঞৰি চিঞৰি কলে — “ৰাইজসকল! মই নিৰ্দ্দোষী। কাৰসাজি কৰি মোক দেও পৰীক্ষাত পেলাইছে। ” এই কথা কেইষাৰ কোৱা মাত্ৰেই দেউৰীসকলে ইঙ্গিত দি ঢুলীয়া খুলীয়াক বাজনা বজাব দিলে—যাতে ধনেশ্বৰৰ কথা ৰাইজে শুনিবলৈ নাপায়। বাজনাৰ লগে লগে ধনেশ্বৰক গড়ৰ ভিতৰলৈ টানি নিব ধৰিলে। এনেতে আঘণীয়ে চিঞৰি চিঞৰি কলে :— “ৰাইজসকল! আপোনালোকে এই বলিক গড়ৰ ভিতৰলৈ নিবলৈ নিদিব। কিয়নো আমাৰ ৰজা শদিয়া- খোৱা গোঁহাইদেৱে আহি চাই অনুমতি নিদিয়ে মানে বলিৰ গাৰ অলঙ্কাৰো সোলোকাব নোৱাৰে — বলিক বলি দিবও নোৱাৰে। আঘণীৰ এই কথা হয় হয়” বুলি ৰাইজে হাতেৰে কথাৰে দেউৰীসকলক ধনেশ্বৰক টানি নিবলৈ মনা কৰিলে। অগত্যা দেউৰীসকল আৰু বামাচাৰীয়েও ধনেশ্বৰক লই বাহিৰতে থাকিব লগাত পৰিল। আগেয়ে শিকাই থোৱামতে কমলেশ্বৰ গোঁহাইৰ এজাক সৈন্য, (প্ৰায় ২০/২৫ জন মান) গড়ৰ দুৱাৰৰ মুখত, অৰ্থাৎ ধনেশ্বৰ, দেউৰীসকলৰ পিছ ফালে থিয় হৈ ৰলগৈ।

 ইয়াৰ অলপ পিছতেই ধূলি উৰাই সিফালৰপৰা শদিয়াখোৱা গোঁহাই, তেওঁৰ একাষে কমলেশ্বৰ, আন কাষে কনকেশ্বৰ তিনিওজনাই তিনিটা তেজী ঘোৰা চেকুৰাই সেই ঠাই পালেহি। লগতে কাঁড়ধেনু আৰু ঢাল-বাৰু লোৱা এশমান ৰণুৱাও পালেহি। সেই ঠাই পায়েই ৰণুৱাসকল সিজিলমতে থিয় হল। ৰাইজে চিঞৰিলে “জয় তামাৰ মাইৰ জয়। ” “জয় স্বৰ্গদেৱৰ জয়” “জয় আমাৰ শদিয়াখোৱা [ ৭৫ ] গোঁহাইদেৱৰ জয়। ” জয়ধ্বনি থামিলত শদিয়াখোৱা গোঁহাইদেৱে কলে — “দেউৰীসকল! ষাঁড়ৰ বলিজনক মোৰ ওচৰলৈ আনা — মই তাক কেইষাৰমান কথা সেধে। ” গোঁহাইদেউৰ এই আদেশত দেউৰীসকলে আৰু বামাচাৰী তান্ত্ৰিকে ৰছি লগোৱা ধনেশ্বৰক লই আহিল। গোঁহাইদেৱে সুধিলে — “হেৰ ষাঁড়! তই গোসানীৰ আগত বলি যাবলৈ সাজু আছনে?” ধনেশ্বৰ — “দেউতা ঈশ্বৰ! মই সাজু নহওঁ। মই নিৰ্দ্দোষী — ৰাইজসকল মই নিৰ্দ্দোষী, মই আহোম — মোক এই তান্ত্ৰিকে আৰু লাংফায়ে অন্যায় কৰি, কুট চক্ৰান্ত কৰি বলিত পেলাইছে। ” এইদৰে ধনেশ্বৰে চিঞৰি চিঞৰি কোৱাৰ পিছতে শদিয়াখোৱা গোঁহাইৰ আদেশ অনুসৰি কমলেশ্বৰ গোঁহায়ে ৰাইজক কলে — “ৰাইজসকল! গল পৰহিয়েই দেও পৰীক্ষাটোত যে কুট চক্ৰান্ত হৈছিল, কাৰসাজি হৈছিল এই কথাটো আমাৰ দেউতা ঈশ্বৰে প্ৰমাণ পাইছে। ”

 শঃ খোঃ গোঁঃ — “হয় ৰাইজসকল! মই প্ৰমাণ পাইছো, পৰীক্ষা- টোত কাৰসাজি আছিল। ”

 বামাচাৰী তান্ত্ৰিক — “সেইটো কোনে প্ৰমাণ কৰিছিল?”

 কমলেশ্বৰ — “হেৰ বন্দী কটা বঙাল। তই দেউতা ঈশ্বৰৰ কথাত মুখে মুখে জবাব দিবলৈ সাহ পালিনে? সেইটো প্ৰমাণ অনেক ৰাইজৰ আগত বৈষ্ণবীয়ে কৰি দেখুৱাইছে। ”

 বামাচাৰী — “কৰ বৈষ্ণবী সেইজনী?”

 কমলেশ্বৰ — “যেনেকৈ তই কৰ বামাচাৰী, কি জাতিৰ, আগৰ কৰ মানুহ নাজানো, সেইদৰে আমিও বৈষ্ণবীৰ সম্পূৰ্ণ আতি-গুৰি নাজানো যদিও আমি এইটো জানো যে তেওঁ আগৰ অসমৰে জীয়ৰী। ”

 শঃ খোঃ গোঁঃ — “মই এই বলিক মুক্ত কৰিলোঁ দেউৰীসকল! তাক এৰি দিয়া। ”

 শঃ খোঃ গোঁহাইদেৱৰ এই আদেশত বামাচাৰী তান্ত্ৰিকে গৰ্জ্জি চক পকাই কলে :— “তামাৰ মাইৰ বলিক এৰি দিবলৈ কাৰ সাধ্য আছে? দেউৰীসকল ধৰ এওঁক বলেৰে লৈ যাওঁ। ” তেতিয়া দেউৰীসকলে আৰু বামাচাৰীয়ে ধনেশ্বৰক টানি নিব ধৰিলে। বামাচাৰী উন্মত্ত আৰু ধনেশ্বৰৰো প্ৰাণৰ মায়া — ধনেশ্বৰ এফালে আৰু বামাচাৰী আন ফালে, দেউৰীসকল উভয় ফালৰ ভিতৰত ইমান জোতাপোতা লাগিল যে দেখি ৰাইজ স্তম্ভিত অবাক। অকল এটা চুতীয়াৰ লৰা [ ৭৬ ] ধনেশ্বৰক সেই ৮/১০ টা মানুহে বলে নোৱাৰা যেন দেখা গল। এবেলি ধনেশ্বৰে চল চাই বামাচাৰীৰ বুকুত ভৰিৰে এনে এটা গোৰ সোধালে যে বামাচাৰী ৩/৪ হাত আঁতৰত গই উফৰি পৰিল। সি তৎক্ষণাৎ উঠি তাৰ পিছফালে খুছি থোৱা ডাঙৰ ছুৰী এখান লই যেই ধনেশ্বৰৰ ফালে চোচা ললে সেই শঃ খোঃ গোঁহাইৰ ইঙ্গিত মতে কমলেশ্বৰ গোঁহায়ে খেদা মাৰি গই তৰোৱালেৰে বামাচাৰীৰ গলত ঘাপ বহালে। মূৰটো গাৰিৰপৰা চিঙি মাটিত পৰিল, ৰাইজে চিঞৰিলে “জয় তামাৰ মাই। ” দেউৰীসকলে ধনেশ্বৰক এৰি যেয়ে যিপিনে পালে পলাল। টনা-আজোৰা লাগোতে লাংফাই দেউৰীৰ গাত কনকেশ্বৰৰ খাণ্ডাৰ অলপ ঘা বহিছিল। লাংফাই দেউৰী সেই- খিনিতে পৰিল। জীয়েকৰ মিনতিত ধনেশ্বৰৰ খেলৰে বলী ৪ জন চুতীয়া মানুহে লাংফাইক গড়ৰ ভিতৰপৰা একলহ পানী আনি সেই পানী ঘাত ঢালি দিলে তাৰ পিছত কাপোৰেৰে ঘা ডোখৰ বান্ধি তেওঁক দাংদোলা কৰি ঘৰলৈ লই গল।

 ধনেশ্বৰে মুকলি হোৱা মাত্ৰেই আহি শদিয়াখোৱা গোঁহাইদেউৰ ভৰিত দণ্ডবৎ দি পৰি কলে :— “দেউতা ঈশ্বৰ! বন্দীৰ প্ৰাণ দাতা বন্দীয়ে দেউতা ঈশ্বৰৰ ধাৰ কোন জনমত সুজিম। নিজ গুণে এই দাসক ভৃত্যৰো ভৃত্য কৰি লয় যেন। ”

 শঃ খোঃ গোঁ — “ধনেশ্বৰ! তোৰ জীৱন ৰক্ষাৰ কাৰণে তোৰ ঈশ্বৰ কৃষ্ণক ধন্যবাদ দে। লগতে এইটোও জানি লবি যে তোৰ জীৱন ৰক্ষাৰ গুৰিত তামাৰ মাইৰ প্ৰতিকৃতি বৈষ্ণবী মোৰ জীয়াৰী ফুলেশ্বৰী আৰু লাংফাই দেউৰীৰ জীয়েক আঘণী। ” ইয়াৰ পিছতে শদিয়াখোৱা গোঁহাই আৰু আন সকলোবিলাক ঘৰাঘৰি গল। এনেতে শদিয়া অঞ্চলত এটা ডাঙৰ ভূইকঁপ হল। কু-সংস্কাৰপূৰ্ণ প্ৰজাই কই- ছিল যে তামাৰ মাইৰ পূজাত বিঘিনি হোৱাৰ কাৰণেহে সেই ভূঁই- কঁপটো হৈছিল। দাংদোলাকৈ নিয়া বাপেকক নি, চাঙত তুলিলে — আঘণীয়ে ঘৰ পায়েই দেখে যে তেওঁৰ চোতালত বৈষ্ণবীয়ে কিছুমান বনৌষধি ঠেতালি লই থিয় হৈ আছে।

২৮

 সেই হেন্দোলদোপ প্ৰজাৰ মাজত ধনেশ্বৰৰ বাপেকো আছিল। শঃ খোঃ গোঁহাইদেৱক দণ্ডবৎ দি উঠাৰ পাছতে বাপেকে আহি [ ৭৭ ] ধনেশ্বৰক সাবোট মাৰি ধৰি চকুৰ পানীৰে তাৰ মূৰ তিয়াই কলে :— “বাছা! তামাৰ মাইৰ কৃপাত, দেউতা ঈশ্বৰৰ অনুগ্ৰহত ৰক্ষা পৰিলি। ইয়াৰ পিছতে ষাঁড়ৰ খেলৰ সমস্ত চুতীয়া মানুহেই ধনেশ্বৰক আগত লই শঃ খোঃ গোঁহাইৰ ঘৰ পালেগৈ — আৰু তাত গৈ শঃ খোঃ গোঁহাইৰ ভৰিত সকলোৱেই সাষ্টাঙ্গে দণ্ডবৎ দি কলে :— “দেউতা ঈশ্বৰে আমাৰ ধনেশ্বৰক ভাল ৰক্ষা কৰিলে। দেউতা ঈশ্বৰক ভগৱন্তে ভালে-কুশলে ৰাখক, দেউতা ঈশ্বৰ অমৰ হওক। ” ফুলেশ্বৰী আইদেৱে ভিতৰৰপৰা ওলাই আহি দেউতাকৰ গলত সাবোট মাৰি ধৰি কলে :— “দেউতা আপুনি মোৰ গোহাৰিটো ৰাখিলে। ” এই বুলি কই দেউতাকক চুমা এটা খালে। শঃ খোঃ গোঁহাইদেৱে কলে — “বাছা! ধনেশ্বৰ ৰক্ষা পোৱাৰ গুৰিত আমাৰ কমলেশ্বৰ বপাও আছে। বলেৰে টানি নিব নোৱাৰি সেই বামাচাৰী বঙালটোৱে ধনেশ্বৰক চুৰীৰে মাৰিব আহিছিল আৰু কমলেশ্বৰ বপাই মোৰ ইঙ্গিতত সেই বামাচাৰীটোক একে ঘায়ে নকটাহেঁতেন ধনেশ্বৰৰ প্ৰাণৰ আশঙ্কা বাৰুকৈয়ে আছিল। কমলেশ্বৰ গোঁহায়ে তললৈ মূৰ কৰিলে। ধনেশ্বৰে ফুলেশ্বৰী আইদেউক, শদিয়াখোৱা গোঁহাইদেউক আকৌ সাষ্টাঙ্গে দণ্ডবৎ দি সেৱা কৰিলে — কমলেশ্বৰ আৰু কনকেশ্বৰ গোঁহাই উভয়ৰে আগত আঠু লৈ সেৱা কৰিলে — উভয়ে ধনেশ্বৰক সাবোট মাৰি ধৰি তুলি কলে :— “ভাই ধনেশ্বৰ! তুমিতো এতিয়াৰেপৰা আমাৰ লগৰে আহোম এজন হলা। ”

 এইবিলাক সাদৰ সম্ভাষণৰ পিছত শাঃ খোঃ গোঁহায়ে সকলোকে বিদায় দিলে, সকলোবিলাক ঘৰা-ঘৰি গল।

২৯

 এই ঘটনাৰ পিছদিনা অৰ্থাৎ নবমীৰ দিনা পুৱাই দুজন চোৰাং- চোৱা দুটা ঘোৰা চেকুৰাই আহি শদিয়াখোৱা গোঁহাইৰ চৰাত থিয় হৈ গোঁহাইদেৱক জনাল যে মান এজাক শদিয়াৰ ফালে আহি ডুমডুমা পাইছেহি। এই কথা শুনা মাত্ৰকে শঃ খোঃ গোঁহাইদেৱে সেই চোৰাংচোৱা দুজনৰ হতুৱায়ে কমলেশ্বৰ কনকেশ্বৰ, আৰু ধনেশ্বৰ তিনিওকো ততালিকে মতাই আনিলে আৰু চোৰাংচোৱা দুজনক বিদায় দি তেওঁৰ চাওডাঙ তিনিজন মানক ঘোৰা দি সষ্টম কৰি থই সেনাপতিসকলক কলে :— “বাছা কমলেশ্বৰ। মই এতিয়াই [ ৭৮ ] খবৰ পালো মান হেনো এই শদিয়াৰ ফালে আগবাঢ়ি আহি ডুমডুমা পাইছেহি। তোমালোক তিনিউ তোমালোকৰ সৈন্য-সামন্ত লই কালি পুৱাই যাত্ৰা কৰি নৈ পাৰ হৈ গই মানক ডাঙৰি মানতে আগচি ধৰিবা। সিহঁতক কোনো ৰকমেই নৈ পাৰ হব নিদিবা। মই আজিয়েই চাওডাঙৰ হতুৱাই ঢোল পিটি শুনাই দিওঁ সকলোৱে যেন যুজলৈ সাজু হয়। আজিয়েই মোৰ পৰিবাৰ আৰু ফুলেশ্বৰী আইদেউ দুয়ো লগ-লাগি ৰাতিটোৰ ভিতৰতে কমলেশ্বৰ গোঁহাইৰ নিমিত্তে এখান যুজৰ টঙালি কাপোৰ বই উলিয়াই কোন পুৱাল, কোন নুপুৱালতে কমলেশ্বৰ গোঁহাইক দিব লাগে। সেইদৰে কনকেশ্বৰ গোঁহাইকো ধনেশ্বৰকো সিহঁতৰ ঘৰৰ তিৰোতাসকলে, আৰু যুজাৰু সকলো সৈন্যৰ নিমিত্তে সৈন্যসকলৰ ঘৰৰ তিৰোতা মানুহসকলে ৰাতিৰ ভিতৰতে যুজৰ কাপোৰ বই দিব লাগিব। যেয়ে ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিব নোৱাৰিব সেই গৰাকী তিৰোতাকে বৰা, শইকীয়া সকলে দণ্ড বিহিব। মোৰ আদেশ যেন অমান্য নহয়। চাওডাঙহঁত যা, তহঁতে গোটই শদিয়া ৰাইজতে এই আদেশ শুনাই দেগৈ। ”

 গোঁহাইদেৱৰ এই আদেশ চওডাঙসকলে ঢোল পিটি শুনাই দিলে। নবমীৰ দিনৰেপৰা গোটেই শদিয়া অঞ্চল সজাগ হল। শদিয়াৰ আইসকল ওৰে নিশা উজাগৰে থাকি কপাহৰপৰা সূতা কটাৰেপৰা কাপোৰ তৈয়াৰ কৰালৈকে ওৰে নিশা চাকি লগাই কাপোৰ বই প্ৰত্যেক অসমীয়া সৈন্যকে যুজৰ কাপোৰ দিলে। প্ৰত্যেকটো সৈন্যয়ে মাতৃ, পত্নী, ভনী এই সকলৰ মৰমৰ চিন স্বৰূপে টঙালি কাপোৰ পাই যুজলৈ, দেশৰ শত্ৰুৰ বিৰুদ্ধে যুজ কৰিবলৈ দহগুণ উৎসাহিত হল। অসমীয়া ৰাইজ! ভাবি চাওক সেই স্বাধীন কালত অসমৰ এনেকুৱা ৰাতিৰ ভিতৰতে কাপোৰ বোৱা কাম যে কেনেকুৱা আছিল, গাঁৱে গাঁৱে, ঘৰে ঘৰে চাকিৰ পোহৰে কি যে দীপান্বিতা কৰি তুলিছিল।

 পিছদিনা পূৱা শদিয়াখোৱা গোঁহাইদেৱে বগা ঘোৰা এটাৰ ওপৰত উঠি তেওঁৰ চৰাৰ মুখত আছিল। পোন প্ৰথমেই কমলেশ্বৰ গোঁহাইদেৱে তেওঁৰ ৰণুৱাসকলে সমন্বিতে মাটিত আঠু লই হাতৰ অস্ত্ৰ দাঙি লৈ শঃ খোঃ গোঁহাইদেৱত বিদায় ললে, তাৰ পিছতে সেইদৰে কনকেশ্বৰ ধনেশ্বৰেও সেৱা জনাই বিদায় ললে — সেই সময়ত গোঁহাইদেৱৰ ঘৰত আৰু মন্দিৰত, আন কি ঘৰে [ ৭৯ ] ঘৰে গাৱেঁ গাৱেঁ শঙ্খ, ঘণ্টা, ডবা বৰাকাঁহ ইত্যাদি ধ্বনিৰ লগে লগে মাতৃসকলেও উৰুলি দি এই বীৰসকলক মানৰ যুঁজলৈ যাবলৈ মাঙ্গলিক আচৰণ কৰি বিদায় দিছিল।

৩০

 লাংফাইক মুচকচ্ অৱস্থাতে চাঙত তুলি দি চুতীয়াসকল গুচি গল। বৈষ্ণবীয়ে তৎক্ষণাৎ আঘণীক সুধি চাঙৰ ওপৰলৈ উঠি লাংফাই দেউৰীৰ ধপাত বন্ধা কাপোৰখান খুলি তেওঁৰ হাতৰ সেই বনদৰব সোপা ঠেপঠেপীয়াকৈ ঘৰ ওপৰত দি সেই কাপোৰেদিয়েই ঘা ডোখৰ বান্ধি দিলে। তাৰ পিছত আঘণীক খুজি ভাল পানী এবাটি আনি, তেওঁ সেই পানীত জোলোঙাৰ যৎকিঞ্চিৎ ভস্ম পেলাই দি লাংফাইৰ মুখত অলপ অলপকৈ সেই পানী দিবলৈ ধৰিলে। ভালেমান পৰৰ মূৰত লাংফায়ে চেতনা পাই চকুমেলি জীয়েকৰ লগতে বৈষ্ণবীকে দেখা পাই এটা সেৱা জনালে। বৈষ্ণবীয়ে লাংফাইৰ মনৰ ভাব বুজি কথা কবলৈ, আৰু হাত-ভৰি বলেৰে দাঙিবলৈ মানা কৰি তেওঁক নিশাটো কি খুৱাব কেনেদৰে পতি- পাল কৰিব সমস্তকে আঘণীক পৰিপাটীকৈ বুজাই দি “আৰু মই কাইলৈ পুৱাই আহিম” এইবুলি কৈ মন্দিৰলৈ উলটিল!

 পিছদিনা পুৱাতে বৈষ্ণবীয়ে গা ধুই সন্ধ্যা আৰতি কৰি বিষ্ণু মূৰ্ত্তিত এফেৰা ভোগ লগাই, সেই ভোগৰ এক অংশ লগতে লই গই লাংফাইক আধা খুৱালে, আধা আঘণীক খাবলৈ দিলে। তাৰ পিছত লাংফাইৰ মূৰত ধৰি হাত ফুৰাই কলে :— “বাবা। বৰ দুখ পালি নহয়নে?”

 লাংফাই — “হয় আই! পিছত গল নিশা মই এটা সমাজিক দেখিলো। ”

 বৈষ্ণবী — “কি সমাজিক লাহে লাহে কোৱাচোঁ শুনো। ”

 লাংফাই — “যেন এজনা অতি ধুনীয়া ছোৱালী তামাৰ মাইৰ মন্দিৰৰ ভিতৰৰপৰা ওলাই আহি মোক কইছে — বাছা লাংফাই! তই ভয় নকৰিবি। তুই ভাল হবি। ” পিছত যেন মোক আকৌ কইছে বাছা! মই নিৰ্দ্দোষী মানুহৰ তেজ আৰু মাংসৰ ভোগ লবলৈ কেতিয়াও কোৱা নাছিলো। প্ৰাণদণ্ড দণ্ডিত হব লগা [ ৮০ ] মানুহক তাহানি যেতিয়া ৰাজ অজ্ঞাত মোৰ সমুখত বলি দিছিল তেতিয়াও মই সেই মানুহক নিৰ্ভয় দি মৃত্যুৰ পাছতে তাৰ জীউটো কৈলাসলৈ লই গইছিলো; কিয়নো সি মৰণ কালত মোক চকুৰে দেখি দেখি মৰিছিল। তাৰ পিছত যেতিয়া দোষী মানুহ নাপাই নিৰ্দ্দোষী মানুহক বলি দিবলৈ ধৰিলে, তেতিয়াৰেপৰা মোৰ প্ৰাণটো বৰ আকুল হ’ল। হাঁয় মোৰ নামৰপৰা মাতৃত্ব কাঢ়ি নি নজনা মানুহে মোক নিজৰ সন্তান খাতী বাঘিনী বা ৰাক্ষসীতহে পেলাইছে। মোৰ মনৰ দুখত তহঁত ৰাইজৰ আৰু ৰজা ঘৰৰো দিন দিন হানি হৈছে। উজনি অঞ্চলত মৰাণৰ বিদ্ৰোহ, ভাটীত দন্দুৱাৰ বিদ্ৰোহ ইত্যাদি অগনি জ্বলিল, এতিয়া মানে আহি তহঁতৰ দেশ লণ্ডভণ্ড কৰিবলৈ ধৰিছে। যি কি নহওঁক এতিয়াৰপৰা আৰু মোৰ মন্দিৰত নৰবলি নহব। এই বেলি এই তান্ত্ৰিকৰ বলিয়েই শেষ হল। আই কওকচোন এইটা কি সপোন দেখিলো?”

 বৈষ্ণবী — “বাবা! এইটো উত্তম সপোন দেখিছা। মাতৃয়ে জানো কেতিয়াবা সন্তানৰ বিশেষ পুত্ৰৰ তেজ মঙহ খায়। অৱশ্যে পশুৰ ভিতৰত বিড়ালি, বাঘ, আৰু কুকুৰ শিয়ালেও হেনো শেষত হোৱা পোৱালি এটা জাল স্বৰূপে খায়। তামাৰ মাইতো পশু নহয় — তেওঁ গোঁসানীহে, জগতৰ মাতৃহে। তেওঁ কেলেই নৰবলি লব। ”

 লাংফাই — “তেনেহলেনো এই নৰ-বলি প্ৰথাটো কেনেকৈ আজি ইমান দিনে চলিল?”

 বৈষ্ণবী — “সেইটো মানুহৰ অজ্ঞানতা দোষৰপৰা উদ্ভৱ হল। যি কি নহওক মোৰ বিবেচনাৰে অজ্ঞান এন্ধাৰৰ দিন গল। শঙ্কৰ সূৰ্য্যই ভাটী অসম ডোখৰ তেওঁৰ নিৰ্ম্মল পৱিত্ৰ বৈষ্ণৱ ধৰ্ম্মেৰে পোহৰালে। আনকি কামৰূপত কেঁচাইখাতী গোসানীৰ আগত হোৱা নৰ-বলি প্ৰথাটোও ৰহিত হল। কিন্তু এই ঠাইত আৰু সিপিনে জৈন্তিয়াত শঙ্কৰ সূৰ্যৰ পোহৰ নপৰাৰ কাৰণেই এই ভয়ানক নৰ-বলি প্ৰথাটো আছিল। সুখৰ বিষয় এতিয়াৰপৰা ইয়াতে শঙ্কৰ সূৰ্য্যই এই দুখুনী বৈষ্ণবীৰ হতুৱায়ে অলপ পোহৰ দিছে। সেই কাৰণে এতিয়াৰেপৰা তামাৰ মাইৰ মন্দিৰতো আৰু নৰ-বলি নহব। ”

 লাংফাই — “বৈষ্ণবী আই! কালি তোমাৰ ঔষধত আৰু বিশেষ তুমি পিবলৈ দিয়া পানী টুপিত মই যেন নতুন জনম পালোঁ। আই! তোমাৰ ঋণ মই কেনেকৈ সুজিম। ” [ ৮১ ]  বৈষ্ণবী — “সেই বিলাক বিষয় বাবা! তুমি একো নাভাবিবা। তুমি সম্পূৰ্ণ আৰোগ্য নোহোৱা মানে মই আহি থাকিম। আজিলৈ আহোঁহে। ”

 লাংফাই — “এৰা আই! আহি থাকিবা দেই। মোৰ তোমাক সুধিবলগীয়া বহু কথা আছে। ” ইয়াৰ পিছতে বৈষ্ণবী সেই দিনালৈ মন্দিৰলৈ উলটি আহিল।

৩০

 তাৰ পিছদিনাও বৈষ্ণবী সেইদৰে লাংফাইৰ ঘৰলৈ গল, আৰু সেইদিনা দেখে লাংফাই প্ৰায় আৰোগ্য হৈছে।

 লাংফায়ে সুধিলে — “বাৰু কোৱাচোঁ আই! তুমি আগৰ কৰ মানুহ, মোকনো কেলেই ইমান যতন কৰিছা?”

 বৈষ্ণবী — “দেউৰী বাবা; মই আগৰ অসমীয়া মানুহ। মই দুখিত আতুৰক সহায় কৰা, পিয়াহ লগাক পানী দিয়া, এনেকুৱা ধৰম লই ঘৰ-দুৱাৰ এৰি এইদৰে দেশে দেশে ফুৰিছো। ”

 লাংফাই — “আই! তোৰ কথাবিলাক বৰ ভাল লাগিছে। বাৰু কচোন ঈশ্বৰজনা কেনেকুৱা? তেওঁক কেনেকৈ সেৱিব আৰু পূজিব লাগে?”

 বৈষ্ণবী — “বাবা! ঈশ্বৰজনানো কেনেকুৱা সেইটো দৰাচলতে কেৱে নাজানে! কেৱে তেওঁক কৃষ্ণ, কেৱে সদাশিৱ, বলিয়া বাবা, বুঢ়া বাবা, পিতৃ, সখি, বান্ধৱ, প্ৰভু ইত্যাদিৰূপে ভাবে, কেৱে তেওঁক ৰাধা, লক্ষ্মী, দুৰ্গা, সতী, কালী, ভৈৰৱী ইত্যাদিৰূপে ভাবে। দৰা- চলতে ঈশ্বৰজনানো কেনেকুৱা কেৱে কব নোৱাৰে। হিন্দু শাস্ত্ৰৰ ওখ খাপত ঈশ্বৰক পৰমাত্মা বোলে। সেই পৰমাত্মাৰ অংশ সকলো প্ৰাণীতে, জীৱতে আনকি তৰু-লতা, তৃণাদিতো আছে। সেইদেখি আমি বিশেষ বিষ্ণুপন্থীসকলে ঈশ্বৰক আয়েই বোলো বা বোপায়েই বোলো আমি কোনো জীৱ-জন্তু মাৰি নুপূজোঁ। কেৱল ফুলে-ফলে চাউলে-মাহে, উপকৰণে-নৈবিদ্যে ধূপ-ধুনাই পূজো। তেওঁক আমি কৰুণাময়, দয়াময়, গুণনিধি, শান্ত, শিৱ, সুন্দৰ বোলো। তেওঁৰ প্ৰীতিৰ অৰ্থে আমি প্ৰাণীক সেৱা কৰো, কোনো প্ৰাণীকে হিংসা [ ৮২ ] নকৰো। আতুৰ, দুখী, ৰুগীয়া, ক্লিষ্ট এই সকলক সহায় কৰোঁ। বাবা! পৰমাত্মাৰ ৰাম নাম, কৃষ্ণনাম, বৰ মধুৰ। ”

 লাংফাই — “তেনেহলে আই! মইও ঈশ্বৰক ৰাম আৰু কৃষ্ণও বুলিব পাৰো, তামাৰ মাইও বুলিব পাৰো নহয়নে?”

 বৈষ্ণবী — “পাৰ বাবা! যি তামাৰ মাই সেয়ে ৰাম, সেয়ে কৃষ্ণ। আচল তামাৰ মায়ে বলিও নাখায়, ৰাম আৰু কৃষ্ণইও নাখায়। ” সেইদেখি তামাৰ মাইৰ আগত প্ৰাণী বলি, নৰ বলি নিদিয়াকৈ পূজিলেহে মাতৃ সন্তুষ্ট হয়। ”

 লাংফাই — “ভাল আই। মই আৰু কেতিয়াও তামাৰ মাইত বলি নিদিওঁ। ”

 বৈষ্ণবী — “পিছত দেউৰী বাবা! তোমাক মই কথা এটা খাটো। ”

 লাংফাই — “কি কব খোজা আই! কোৱা। ”

 বৈষ্ণবী — “দেউৰী বাবা! তই তোৰ জীয়েৰক ধনেশ্বৰলৈ বিয়া দে। ধনেশ্বৰ আৰু আঘণী দুয়ো দুয়োকে বৰ ভাল পায়। সিহঁতৰ বিচ্ছেদ নঘটাবি। সিহঁতক সুখী কৰিলে ঈশ্বৰে তোকো সুখী কৰিব।

 লাংফাই — (দীঘলকৈ হুমুনিয়াহ কাঢ়ি) “আই! মই আঘণীৰ বিষয়ে সদ্যহতে একো কব নোৱাৰোঁ। মনেশ্বৰৰ বাপেকে মোক আঘণীৰ নিমিত্তে ভাৰ-ভেটী খুৱাই থৈছে; আৰু ধনেশ্বৰ দেখোন জাতিতো চুতীয়া। ”

 বৈষ্ণবী — “বাবা! মনেশ্বৰৰ বাপেকে তোৰ ওপৰত কোনো গোচৰ কৰিব নোৱাৰে যদি আঘণী “নাযাওঁ” বোলে। তাইতো আগৰে পৰা মনেশ্বৰলৈ নাযাওঁ বুলি কইয়ে থৈছে। ধনেশ্বৰ বীৰ — আগৰ তহঁতৰ ৰজা ৰত্নধ্বজৰ জীয়াৰীৰ বংশৰ। এতিয়াও সি তাৰ নিজ গুণত নিজ বিদ্যাত শদিয়াখোৱা গোঁহাইদেৱৰ এজন সেনাপতি হৈ মানৰ যুঁজলৈ গইছে। সি সেই যুজত যেনেহলেও নাম কৰি কমলেশ্বৰ গোঁহাইদেৱ, শদিয়াখোৱা গোঁহাইদেৱৰ প্ৰিয় পাত্ৰ হৈ সি ৰজাৰ জাতিত উঠিব। অৰ্থাৎ সি পবিত্ৰ আহোম কুলত উঠিব। এনেকুৱা বিলাক স্থলত জীয়েৰক যদি ধনেশ্বৰলৈ দিয় তেন্তে সিহঁত উভয়ে সুখী হোৱাৰ লগে লগে তুমিও সুখী হবা বাবা। ”

 লাংফাই — “বাৰু আই! মই আঘণীকো সুধি পুচি চাওঁ — নিজেও অলপ ভাবো চিন্তো। ” [ ৮৩ ]  বৈষ্ণবী — “ভাল বাবা! মই এতিয়া আহিলোহে। ”

৩১

 শদিয়াখোৱা গোঁহাই বিদায় লই কমলেশ্বৰ গোঁহাই প্ৰধান সেনাপতিৰ সহকাৰী হৈ শদিয়াত তেওঁবিলাকে শিকোৱা দুহেজাৰ সৈন্য ৰাখি বাকী ৪৫ হেজাৰ সৈন্য প্ৰায় দুশখন নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰাই প্ৰথমতে চৈখোৱাত থূপ হৈ সেই নিশা তাতে কটাই পিছদিনা মান কিমান দূৰত আছে এই খবৰা-খবৰ লই, ডাঙৰীলৈ যাত্ৰা কৰি আহিল — আৰু তাতে প্ৰত্যেকজন ৰণুৱাই নিজ হাতে দা-কুঠাৰ ধৰি গছ-গছনি কাটি, গছৰ খুটা কৰি এটা ডাঙৰকৈ কোঠ সাজিলে আৰু সেই কোঠৰ ভিতৰত সসৈন্যে সেই নিশা সেনাপতিসকল ৰল। এই কোঠ মৰাৰ দুদিনৰ পিছত বন্দুলা মানৰ সেনাপতি এজনৰ লগত প্ৰায় চাৰি হেজাৰ মান সৈন্য আহি ডাঙৰী পালে। বগা ঘোৰা এটাৰ ওপৰত কমলেশ্বৰ গোঁহাইদেৱ উঠি সৈন্য পৰিচালনা কৰিবলৈ সহকাৰী সেনাপতি দুজনক আদেশ দিলে। দুজন আহোম ৰণুৱা দুজোপা ওখ গছৰ ওপৰত উঠি মান সৈন্যৰ গতি বিধি চাই কাপোৰৰ সৰু সৰু নিচানেৰে ইঙ্গিত দিবলৈ বুলি ৰাখিছিল। মান প্ৰায় আধামাইলমান আঁতৰত থাকোঁতেই গছত উঠা ৰণুৱা দুজনৰ নিচানৰ ইঙ্গিত মতে কমলেশ্বৰ গোঁহাইদেৱে আদেশ দিয়াত তেওঁৰ সোঁহাতে সসৈন্যে ধনেশ্বৰ, বাওঁহাতে সসৈন্যে কনকেশ্বৰ ঠিয় হল, গড়ৰ ভিতৰত প্ৰায় এহেজাৰ সৈন্য এৰি, উভয় সেনাপতিয়ে সসৈন্যে গড়ৰ বাহিৰ হল আৰু ধনেশ্বৰে সোঁহাতে এটা অৰ্দ্ধবেহুৰ আকাৰ, অৰ্থাৎ ধেনু এখনৰ আধা ভাগৰ দৰে সৈন্য বিলাকক শাৰী কৰি আগুৱাব ধৰিলে, কনকেশ্বৰেও সেইদৰে বাওঁহাত ৰক্ষা কৰি সসৈন্যে আগুৱালে — কমলেশ্বৰ গোঁহাইৰ সুকৌশলৰ ফলত মানৰ সোঁহাতে বাওঁহাতে সমুখে অসমীয়া সৈন্য শাৰী শাৰীকৈ ঠিয় হল আৰু এইদৰে অৰ্দ্ধবেহু আকাৰে সিজিল হৈ অসমীয়া সৈন্য প্ৰথমতে মনক কাড়ে সৈতে যুজ ধৰি আগুৱাই আগুৱাই গল আৰু শেষত লৰি খেদি গৈ মনে সৈতে হতা-হতি ৰণ লগালেগৈ। সেই কালত অসমীয়া মানুহ, বিশেষ আহোম আৰু চুতীয়া সকল শাৰীৰিক বলত কম বলী নাছিল। মনে বলী; দা, যাঠি, জোঙ, ইত্যাদিৰে [ ৮৪ ] উভয় দলেই কটা-কটি হানা-হানি লগালে। সিফালে গড়ৰ ভিতৰৰ- পৰা সুন্দৰ লক্ষ্য কৰি অসমীয়াই মানলৈ বৰ-হিলৈ মাৰিবলৈ ধৰিলে। ধনেশ্বৰ, কনকেশ্বৰৰ অসীম বিক্ৰম, উৎসাহত, অসমীয়া সৈন্য পিছ নুহুহঁকিল। দুয়োজনা সেনাপতিয়েই নিজহাতে তৰোৱাল লই যিমান পাৰে মানক কাটিবলৈ ধৰিলে, তেওঁলোকক কোনো মানেই যাঠি জোঙেৰে বা তৰোৱালেৰে ঘাইল কৰিব নোৱাৰিলে — তেওঁলোকৰ ঢাল-বাৰুৰ শিক্ষা ইমান সুন্দৰ আছিল। এই দুয়োজন বীৰৰ, যুদ্ধ নিপুণতাত, বীৰত্বত, মান সৈন্য টিকিব নোৱাৰিলে — মানে “আও এই ফালৰ অসমীয়া কেনে মত্তক অৰ্থাৎ বল। ” এই কথা চিঞৰি চিঞৰি লৰি পলাবলৈ ধৰিলে — অসমীয়া সৈন্যই পিছে পিছে খেদি নি একেবাৰে তালাপত থলে। মান ছেদেলি ভেদেলি হল। সিহঁত ছত্ৰভঙ্গ হল — বন্দুলাই কোনো ৰকমে প্ৰাণে নমৰি ২/৩শ মান মান লগত লই কোনো ৰকমে ৰংপূৰলৈ গই মিঙ্গিমাহা তিলোৱাৰ লগ লাগি ভটিয়াই যাবলৈ ধৰিলে।

 এই ৰণত অসমীয়া জিকিল। অসমীয়াৰ মাত্ৰ দুহেজাৰ ৰণুৱা ৰণত পৰিল, মানৰ অতি কমেও চাৰিহেজাৰ ৰণুৱা মৰিল, অনেক ঘাইল হল। অসমীয়া সৈন্য কোঠৰ ভিতৰ সোমাল। সেই নিশা আহত হোৱা ৰণুৱাসকলক সেৱা যতন কৰিলে — পিছদিনা কমলেশ্বৰ গোঁহাইদেৱে ৪টা কটকী পঠিয়াই যুদ্ধ জয়ৰ বাতৰি শদিয়াখোৱা গোঁহাইদেৱলৈ পঠিয়ালে। জয়ৰ বাতৰি পাই শদিয়াখোৱা গোঁহাইদেৱে গোটেই শদিয়া অঞ্চলতে অসমীয়াই মানক কাটি মাৰি বুন্দামাৰ কৰি একেবাৰে তালাপলৈকে খেদি থোৱা বাতৰি প্ৰকাশ কৰি গোটেই শদিয়াতে সকলোকে উৎসৱ কৰিবলৈ দিলে — আৰু দুজন কটকীৰ হাতত চিঠি দি কোঠত দিহামতে সৈন্য-সামন্ত এৰি আৰু ডাঙ্গৰীৰে পৰা প্ৰায় শিৱসাগৰলৈকে ঠায়ে ঠায়ে ঘোৰাত উঠা ৰণুৱা চোৰাং- চোৱা ৰাখি সেনাপতি তিনিজনক সসৈন্যে উলটি যাবলৈ মাতি পঠিয়ালে।

 শদিয়াখোৱা গোঁহাইদেৱৰ পত্ৰ অনুসৰি কমলেশ্বৰ গোঁহায়ে কোঠত ৫০০ মান ভাল বচা বচা সৈন্য ৰাখি নইত ৩০/৪০ খান মান নাও এৰি আৰু ডাঙৰীৰেপৰা শিৱসাগৰলৈকে অশ্বাৰোহী চোৰাংচোৱা ৰাখি সসৈন্যে বীৰ তিনিওজনে বাকীবিলাক নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ

হৈ জয়ঢোল কোবাই ডাঙৰ তালবাই শিঙা ফুকি শদিয়া পালেগৈ। [ ৮৫ ]

৩২

 তিনিওজনা বীৰে সসৈন্যে যেতিয়া তিনি হাজাৰ সৈন্যে সৈতে নৈ পাৰ হৈ শদিয়াৰ ঘাট পালেগৈ তেতিয়া শদিয়াখোৱা গোঁহাই- দেৱৰ আদেশ অনুসৰি প্ৰায় সকলোবিলাক শদিয়াবাসীয়েই নানা মাঙ্গলিক উৎসৱ কৰি সসৈন্যে তিনিওজনা বীৰকে নৈৰ ঘাটৰে পৰা ঢোলে-খোলে আগ বঢ়াই আদৰি নিলে আৰু যিখন ঠাইত সৈন্যবিলাকক শদিয়াখোৱা গোঁহাইদেৱে পৰিদৰ্শন কৰিব তাত নি ঠিয় কৰালে। শদিয়াখোৱা গোঁহাইদেৱে ঘোৰাৰ ওপৰত উঠি ৰই আছিল। তিনিওজনা বীৰে শদিয়াখোৱা গোঁহাইদেৱক আঠু কাঢ়ি সন্মান জনালে। তিতাসকলে উৰুলি দিবলৈ ধৰিলে — মন্দিৰত আৰু গোঁহাইদেৱৰ ঘৰতো শঙ্খ, ঘণ্টা, জবা, কাঁহ ইত্যাদি মাঙ্গলিক বাদ্য বাজিল। ইয়াৰ পিছত শদিয়াখোৱা গোঁহাইদেৱে বীৰ তিনিজনক সসৈন্যে নি তৰি থোৱা ৰভাখনৰ তলত বহুৱালে — নিজেও চালপিৰা এখানত বনাত আৰু কিংখাপৰ ওপৰত বহিল। ইয়াৰ পিছত কমলেশ্বৰ গোঁহাইদেৱকে প্ৰমূখ্য কৰি বীৰ তিনিওজনকে ৰাইজক শুনাই শুনাই কবলৈ দিলে, মান কিমান আহিছিল, কেনেকৈ যুজ কৰিলে, যুজত কিমান মান মৰিল, অসমৰ ৰণুৱা কিমান মৰিল, কিমান ঘাইল হল, ইত্যাদি। তিনিওজনে শদিয়া এৰি গই মানৰ লগত যুজি মানক কেনেকৈ কাটি মাৰি খেদি নি একেবাৰে তালাপত থৈ আহিল এই সকলোবিলাক কথা যথাযথ কবলৈ দিয়াত বীৰ তিনিওজনে যুজৰ বাতৰি অসমীয়াৰ জয়, মানৰ পলায়ন সমস্ত বৰ্ণালে। মানে যে এইফালৰ অসমীয়াক মত্তক অৰ্থাৎ বৰ বলী বীৰ বুলি শলাগি গল ইয়াকো জনালে। যুজৰ কথা কওঁতে কমলেশ্বৰ ধনেশ্বৰৰ বীৰত্বৰ বিশেষ প্ৰশংসা কৰি কইছিল যে ধনেশ্বৰ চুতীয়া হলেও তেওঁ কোনো অংশে এজন যুজাৰু আহোম গোঁহাইতকৈ কম নহয়। কমলেশ্বৰৰ এই প্ৰশংসাত ধনেশ্বৰে তললৈ মূৰ কৰিলে তেতিয়া শদিয়াখোৱা গোঁহায়ে ঠিয় হৈ ৰাইজক জনালে যে শদিয়াৰ ৰাইজে এই তিনিজনা সেনাপতি পাই কিমান সৌভাগ্যবান। সমস্ত শদিয়া ৰাইজেই উলাহ কৰক যি ৫/৬ শ অসমীয়া ৰণুৱা মৰিছে সেই সকলৰ অৰ্থে ইষ্ট-কুটুমে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱন্তক তুতি কৰি নাম গুণ কৰক। আহত সকল আহি [ ৮৬ ] পালে সেই সকলক শুশ্ৰুষা কৰক। যুজত পৰা বীৰসকলৰ অনাথ পৰিয়ালসকলৰ কাৰণে তেওঁ এটা বিচাৰ কৰি, দিহা কৰিব। এই কথা প্ৰসঙ্গতে ৰাইজক ইয়াকো জনালে যে এতিয়াৰপৰা আৰু তামাৰ মাইত নৰবলি নহব আৰু ধনেশ্বৰ চুতীয়াক তেওঁ নিজ জাতত তুলিব আৰু এখেলত তেওঁক গোঁহাই বাব দি পাতিব। শদিয়াখোৱা গোঁহাইদেৱৰ কথাৰ সামৰণিত ৰাইজে “জয় স্বৰ্গদেৱৰ জয়, জয় আমাৰ শদিয়াখোৱা গোঁহাই ৰজাদেৱৰ জয়” এই ৰকমে জয়ধ্বনি দি ঘৰা- ঘৰি গল। যুজত মৰাসকলৰ ঘৰত দেই নিশা অলপ অচৰপ কান্দোন কাটন হলেও এই বীৰসকলে নিজ দেশৰ হকে যুজত প্ৰাণ দিছে এই গৌৰৱত সেইসকলৰ পৰিয়ালসকলে শোক পাতলাইছিল। ধন্য সেই কালৰ শদিয়াবাসী অসমীয়াৰ বিশেষ আহোম আৰু চুতীয়া সকলৰ বীৰত্ব।

None but the brave weds the fair.

৩৩

 আজি কালি কৰি মানৰ যুজ হৈ যাবৰ তিনি মাহ হল। শদিয়াখোৱা গোঁহাইদেৱে চোৰাংচোৱাৰ মুখে শুনিলে যে ৺চন্দ্ৰকান্ত সিংহ ৺পুৰন্দৰ সিংহ দুয়োজনা ৰজা আৰু ডাঙৰীয়া সকলো উজনি অসম এৰি ভাটীৰ ফালে গল। তেতিয়া ডাঙৰীৰ কোঠত মুঠেই ২০ জন মান সৈন্য এৰি আৰু কেইজনমান ভাল চোৰাংচোৱা এৰি বাকী সকলোবিলাক ৰণুৱাকে শদিয়ালৈ লই গল। ডাঙৰীৰ কোঠত পাল বদলি কৰি দুবছৰলৈকে ২০টা ২০টা ৰণুৱা ৰখা আৰু ৪/৫ জন চোৰাংচোৱা ৰখা ব্যৱস্থা কৰিলে। শদিয়াতো কমলেশ্বৰ গোঁহাইদেৱে যুজৰ পিছৰেপৰা সৈন্যসকলক গধূলি গধূলি কুচ কাৱাজত ৰাখিলে ৩ মাহলৈকে, তাৰ পিছত সকলোকে নিজ নিজ খেতি-বাতি কৰি খাবলৈ বিদায় দিলে। প্ৰায় নিতৌ ভাটীবেলীয়া এই তিনি মাহে কম- লেশ্বৰ গোঁহাই শদিয়াখোৱা গোঁহাইদেৱৰ ঘৰলৈ আহিছিল আৰু সৈন্যৰ কুচ-কাৱাজ কৰা সময় নপৰালৈকে ফুলেশ্বৰী আইদেৱে সৈতে গোঁহাই- দেৱনীয়ে সৈতে কথা-বতৰা পাতিছিল। গোঁহাইদেৱনীয়ে কমলেশ্বৰক মাজে মাজে জা-জলপানো খুৱাইছিল। পিছত ৰণুৱাবিলাকক খেতি-বাতি কৰি খাবলৈ বিদায় দিয়াৰ পিছদিনাও শঃ খোঃ গোঁহাইদেৱৰ ঘৰলৈ [ ৮৭ ] যাওঁতে সেইদিনা গোঁহাইদেৱনীয়ে কমলেশ্বৰক জা-জলপান খুৱাই কাষতে বহুৱাই লই কলে :— “গোঁহাইদেৱ বোপাটি! মই কথা এটা কওঁ!

 কমলেশ্বৰ — “কওক আই দেউতা। ”

 শঃ খোঃ গোঁহাইদেৱনী — “মই দেখিছোঁ মোৰ ফুলেশ্বৰী আই- দেৱে তোমাক ভাল পায়। তুমিও বোধ কৰো তেওঁক ভাল পোৱা। সেই দেখি মই মোৰ আইদেৱক তোমালৈ বিয়া দিব খোজো — তুমি কি কোৱা?” শদিয়াখোৱা গোঁহাইদেৱৰ পৰিবাৰে এই কথা কলত কমলেশ্বৰ গোঁহায়ে সেৱা এটা কৰি কলে — “দেউতা ঈশ্বৰীয়ে যেনে ভাল দেখে কৰক। ” কমলেশ্বৰৰ এক কথাত গোঁহাইদেৱনীয়ে তৎক্ষণাৎ গই শদিয়াখোৱা গোঁহাইদেৱত জনালে — শদিয়াখোৱা গোঁহাইদেৱ নিজৰ খোটালিৰপৰা ওলাই আহি পিৰালিত থিয় হোৱা মাত্ৰেই কমলেশ্বৰে সেৱা কৰিলে — শদিয়াখোৱা গোঁহাইদেৱে মূৰত ধৰি আশীৰ্ব্বাদ দিলে। বিয়াৰ দিনবাৰ স্থিৰ হল। বিয়ালৈ কনকেশ্বৰ, ধনেশ্বৰ, দেউৰীসকল, চুতীয়াসকল, আহোমসকল নিমন্ত্ৰিত হল। বিয়াৰ ধুম-ধামে শদিয়া খলক লাগি পৰিল। টোল- খোল, ডগৰ, পেপা, কালি, তাল সকলো বাজনা বাজি উঠিল। শদিয়া- খোৱা গোঁহাইদেৱে সকলো নিমন্ত্ৰিত মানুহকে যথাযোগ্য আদৰ-অভ্যৰ্থনা জনাই জা-জলপান খুৱালে, নিশা আয়তীসকলৰ নামৰ জাউৰি আৰু উলীৰ মাজত, ঢোল-খোল পেঁপাৰ মধুৰ বাজনাৰ মাজত কমলেশ্বৰ গোঁহাইদেৱৰ লগত ফুলেশ্বৰী আইদেৱৰ চকলং বিধি মতে বিয়া হৈ গল। ডেকা-গাভৰু উভয়ে সুখী হল। কোৱা নিষ্প্ৰয়োজন এই বিয়াত বৈষ্ণবী, লাংফাই আঘণীও আছিল।

 এই বিয়াৰ প্ৰায় এমাহ মানৰ মূৰত ফুলেশ্বৰী গাভৰুৱে এদিন আঘণীক মতাই আনি সুধিলে :— “আঘণী! তোৰ ধনেশ্বৰে সৈতে বিয়া হোৱাত কিবা আপত্তি আছেনে?”

 আঘণী — “আইদেৱে দেখোন এই বেটীৰ সকলো কথা জানে। ”

 ফুলেশ্বৰী — “মই আকৌ ভাবিছিলো তই কিজানি মত সলাইছ — সেই দেখিহে তই নিজে মোক ইমান দিনে খাটনি ধৰা নাই। ”

 আঘণী — “দেউতাই যদি গোঁহাইদেৱক পাহৰিব নোৱাৰিলে দেউতাৰ বেটীয়েনো কেনেকৈ দেউতাৰ সেনাপতিজনক পাহৰিম। পিছত বোপায়ে এতিয়ালৈকে সন্মতি দিয়া নাই। সেই দেখিহে বেটী মনে মনে ঘৰতে বহি আছিলো। ” [ ৮৮ ]  ফুলেশ্বৰী — “বাৰু মই আজিয়েই দেউতাক কই তোৰ পিতাৰক মতাই আনিম আৰু দেউতাৰ হতুৱাই কোৱাইমেলি যেনেহলেও মই তোৰ পিতাৰক তোৰ বিয়াৰ সন্মত কৰাম। ” ফুলেশ্বৰী আইদেৱৰ এই কথাত আঘণী আনন্দিত হৈ সেৱা এটা কৰি ঘৰলৈ গল।

 পিছদিনা শদিয়াখোৱা গোঁহায়ে লাংফাই দেউৰীৰক মতাই আনি আঘণীক ধনেশ্বৰলৈ দিবলৈ সন্মত কৰোৱাই, ধনেশ্বৰ আৰু ধনেশ্বৰৰ বাপেকলৈ খবৰ পঠিয়াই সিহঁতকো অনাই আঘণী আৰু ধনেশ্বৰৰ বিয়াখন পতালে। দুদিনৰ ভিতৰতে আঘণী আৰু ধনেশ্বৰৰ বিয়া- খানো চকলং মতে হই গল। অনেক দুখৰ পিছত ধনেশ্বৰ আঘণী সুখী হল। লাংফায়ে চকলং মতে বিয়া হোৱাত কোনো আপত্তি নকৰিলে। বিয়া হোৱাৰ আগেয়ে ধনেশ্বৰ আৰু আঘণীয়ে আহোম ৰাইজক জনাইছিল যে তেওঁলোক আহোম জাতিত উঠিব। ৰাইজে সম্মতি দিলে, তেতিয়া ধনেশ্বৰে আহোম ৰাইজক অলপ জা-জলপান খুৱাই সেৱা কৰিলে। আহোম ৰাইজে তেওঁবিলাকক আহোম সমাজত ঠাই দিলে। ধনেশ্বৰৰ লগে লগে ধনেশ্বৰৰ বাপেককে প্ৰমুখ্যে কৰি গোটেইটো ষাড়ৰ খেলৰ চুতীয়াসকল আহোম হল। লাংফায়ে তামাৰ মাইক প্ৰকৃত মাতৃ বুলি ভাবিবলৈ ধৰিলে — নৰবলি খাইতী ৰাক্ষসী কলঙ্কটো মাতৃৰ গাৰপৰা তেওঁৰ মনৰপৰা আঁতৰালে। প্ৰভু কৃষ্ণত বিশিষ্ট ভক্তি আৰু প্ৰীতি জন্মাত লাংফায়ে বৈষ্ণবীৰ পৰাই বৈষ্ণৱ ধৰ্ম্মত শৰণ ললে। দেউৰী গাৱঁৰপৰা উঠি আহি, শদিয়াখোৱা গোঁহাইৰ হাউলিৰ ওচৰতে লাংফাই আৰু ষাড়ৰ খেলৰ চুতীয়াসকল, ধনেশ্বৰ এই সকলে ঘৰ বান্ধি ললে। এটাইবিলাকেই মদ মঙ্গহ এৰি বৈষ্ণব হল। আৰু সকলোৱে সুখেৰে কাল নিয়াব ধৰিলে। ধনেশ্বৰক শদিয়াখোৱা গোঁহায়ে চুতীয়া আহোমসকলৰ ওপৰত গোঁহাই-বৰুৱা পাতিলে।

৩৫

 বিয়া দুখান হৈ যোৱাৰ পিছত খৰালি কাল ভালকৈ পৰাত এদিন বৈষ্ণবীয়ে শদিয়াখোৱা গোঁহাইদেৱক কাকুতি মিনতি কৰি জনালে যে তেওঁবিলাকক পৰশুৰাম কুণ্ডলৈ যাবলৈ বিদায় দিব লাগে। বৈষ্ণবীৰ অনুৰোধত শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোকৰ [ ৮৯ ] লগত কেইজনমান মানুহ দি তেওঁলোকক খামতি ৰজাৰ তালৈ পঠিয়ালে। খামতি ৰজাই লগত খামতি মানুহ দি বৈষ্ণবী আৰু সন্ন্যাসী দুজনাক পৰশুৰাম কুণ্ডত স্নান কৰাই অনালে। আৰু সাদিনমান তেওঁলোকক নিজৰ এটা সুকীয়া ঘৰত ৰাখি খুৱাই-বুৱাই বিদায় দিলে। প্ৰায় এমাহৰ মূৰত তিনিওজনা আকৌ উলটি আহি শদিয়াখোৱা গোঁহাইদেৱৰ সেই মন্দিৰত আশ্ৰয় ললেহি। মন্দিৰত বৈষ্ণবী ১৫ দিনমান থাকিল। এই সময়ৰ ভিতৰত তেওঁ ধনেশ্বৰ, আঘণী, লাংফাই আৰু ধনেশ্বৰৰ গোটেইটো খেলৰ মানুহকে বৈষ্ণব ধৰ্ম্মৰ বিশেষ মহাপুৰুষীয়া ধৰ্ম্মৰ সকলো তথ্য কথাৰে নামেৰে, গীত পদ ৰাগেৰে বুজালে। শদিয়াখোৱা গোঁহাইদেৱে এদিন বৰকৈ ধৰাত বৈষ্ণবীয়ে তেওঁৰ পূৰ্ব্বৰ সকলোবিলাক কথা কলে, আৰু গোঁহাইদেৱৰ অনুৰোধ এৰাব নোৱাৰি অকলশৰীয়াকৈ এদিন মুহুৰ্ত্তৰ ভিতৰতে গোঁহাইদেৱক তেওঁৰ আগৰ সেই ভূবন মোহিনী ৰহদৈ লিগিৰীৰ ৰূপটো দেখুৱালে। শদিয়াখোৱা গোঁহাইদেৱ আচৰিত আৰু স্তম্ভিত হৈ বৈষ্ণবীক এক প্ৰকাৰ গোসানীৰে অৱতাৰ বুলি মানি তেওঁক আৰু কিছুকাল শদিয়াত থাকিবলৈ বৰকৈ ধৰিলে। এৰাব নোৱাৰি বৈষ্ণবী আৰু এসপ্তাহমান থাকিল। তাৰ পিছত শদিয়াখোৱা গোঁহাইদেৱক কাকূতি-মিনতি কৰি বিদায় ললে। ইয়াৰ পিছত বৈষ্ণবীয়ে কি কি কৰিছিল সেইবিলাক কথা পাঠক পাঠিকা সকলে “ৰহদৈ লিগিৰী” উপন্যাসত পাব।

 বৈষ্ণবীৰ সেই আচৰিত ভূবনমোহিনী ৰূপ দেখিবৰেপৰা শদিয়া- খোৱ গোঁহাইদেৰ হিন্দুৰ যোগবলত বৰ আস্থাবান হৈ হিন্দু ধৰ্ম্মৰ সৌন্দৰ্যা, শ্ৰেষ্ঠতা ইত্যাদি শাস্ত্ৰ, ভাগৱতৰ মাজেদি বিচৰাত তৎপৰ হৈছিল; আৰু তেওঁ ভাটী বয়সত বঢ়িয়াকৈ বুজি লইছিল যে ধৰ্ম্ম বুলিলে কি বৌদ্ধ ধৰ্ম্ম, কি হিন্দু ধৰ্ম্ম সকলো ধৰ্ম্মই একে-একে ঈশ্বৰক বিচৰা চেষ্টা মাথোন।


ওঁ কৃষ্ণাপৰ্ণমস্ত

[ ৯০ ]

টোকা


 তাম্ৰেশ্বৰী মন্দিৰৰ বিষয়ে মহামতি ব্ৰাউন চাহাবৰ Deori- Chutya Grammar খানত এইদৰে আছে :—

 “The chief and oldest of the shrines was the Tamarghor or Copper Temple which still exists in ruins and was lately visited by Captain Vetch. It is described as a small stone building–nearly square built with ement, the stone being joined by iron pins not clamped, The roof was of copper, but it has fallen in and now lies there, The interior is 8 square. The whole is enclosed within a brick wall 130 feet long by 200 feet. Near the grand Entrance in the western wall is a small stone tripod.”

 “Here human sacrifices were yearly offered till a very recent date, but latterly the Ahom kings gave for the purpase male-factors who had been sentenced to capital punishment. Suitable victims were not however, always to be obtained of this description and then a particular khel or tribe of the king's subjects were bound to provide one for which they had certain privileges and immunities accorded them such as being exempted from the payment of ferry and market duties and were then called “Sarh or free” * * * for sometime prece- ding the sacrifice the victim to be immolated was detained at the temple where he fared sumptuously till in sufficient plump condition to suit the sup- posed taste of the Gossanee. On the day appointed [ ৯১ ] he was led forth magnificiently attired and deco- rated with gold and silver ornaments to be shewn to the multitude that assembled on the occasion, then withdrawn and led by a private path trodden only by the officiating priests and their victim to the brink of a deep hit where he was divested of his fineries and decapitaled, so that the body fell into the pit, The head was added to a heap of ghastly skulls that were piled in veiw of the shrine.”

 “These sacrifices appeared to have continued till the sub-version of the Ahom Government by the Burmese when the Deoris–abandaned their ancient. possession in the vicinity of the Copper Temple to the fearful rites of which they had for upwards of six centuries administered with the strengh, by their own account, of some six hundred human victims.”


⸺⸺

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )