পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
তাম্ৰেশ্বৰীৰ মন্দিৰ

ঘৰে গাৱেঁ গাৱেঁ শঙ্খ, ঘণ্টা, ডবা বৰাকাঁহ ইত্যাদি ধ্বনিৰ লগে লগে মাতৃসকলেও উৰুলি দি এই বীৰসকলক মানৰ যুঁজলৈ যাবলৈ মাঙ্গলিক আচৰণ কৰি বিদায় দিছিল।

৩০

 লাংফাইক মুচকচ্ অৱস্থাতে চাঙত তুলি দি চুতীয়াসকল গুচি গল। বৈষ্ণবীয়ে তৎক্ষণাৎ আঘণীক সুধি চাঙৰ ওপৰলৈ উঠি লাংফাই দেউৰীৰ ধপাত বন্ধা কাপোৰখান খুলি তেওঁৰ হাতৰ সেই বনদৰব সোপা ঠেপঠেপীয়াকৈ ঘৰ ওপৰত দি সেই কাপোৰেদিয়েই ঘা ডোখৰ বান্ধি দিলে। তাৰ পিছত আঘণীক খুজি ভাল পানী এবাটি আনি, তেওঁ সেই পানীত জোলোঙাৰ যৎকিঞ্চিৎ ভস্ম পেলাই দি লাংফাইৰ মুখত অলপ অলপকৈ সেই পানী দিবলৈ ধৰিলে। ভালেমান পৰৰ মূৰত লাংফায়ে চেতনা পাই চকুমেলি জীয়েকৰ লগতে বৈষ্ণবীকে দেখা পাই এটা সেৱা জনালে। বৈষ্ণবীয়ে লাংফাইৰ মনৰ ভাব বুজি কথা কবলৈ, আৰু হাত-ভৰি বলেৰে দাঙিবলৈ মানা কৰি তেওঁক নিশাটো কি খুৱাব কেনেদৰে পতি- পাল কৰিব সমস্তকে আঘণীক পৰিপাটীকৈ বুজাই দি “আৰু মই কাইলৈ পুৱাই আহিম” এইবুলি কৈ মন্দিৰলৈ উলটিল!

 পিছদিনা পুৱাতে বৈষ্ণবীয়ে গা ধুই সন্ধ্যা আৰতি কৰি বিষ্ণু মূৰ্ত্তিত এফেৰা ভোগ লগাই, সেই ভোগৰ এক অংশ লগতে লই গই লাংফাইক আধা খুৱালে, আধা আঘণীক খাবলৈ দিলে। তাৰ পিছত লাংফাইৰ মূৰত ধৰি হাত ফুৰাই কলে :— “বাবা। বৰ দুখ পালি নহয়নে?”

 লাংফাই — “হয় আই! পিছত গল নিশা মই এটা সমাজিক দেখিলো। ”

 বৈষ্ণবী — “কি সমাজিক লাহে লাহে কোৱাচোঁ শুনো। ”

 লাংফাই — “যেন এজনা অতি ধুনীয়া ছোৱালী তামাৰ মাইৰ মন্দিৰৰ ভিতৰৰপৰা ওলাই আহি মোক কইছে — বাছা লাংফাই! তই ভয় নকৰিবি। তুই ভাল হবি। ” পিছত যেন মোক আকৌ কইছে বাছা! মই নিৰ্দ্দোষী মানুহৰ তেজ আৰু মাংসৰ ভোগ লবলৈ কেতিয়াও কোৱা নাছিলো। প্ৰাণদণ্ড দণ্ডিত হব লগা