পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

ধনেশ্বৰক সেই ৮/১০ টা মানুহে বলে নোৱাৰা যেন দেখা গল। এবেলি ধনেশ্বৰে চল চাই বামাচাৰীৰ বুকুত ভৰিৰে এনে এটা গোৰ সোধালে যে বামাচাৰী ৩/৪ হাত আঁতৰত গই উফৰি পৰিল। সি তৎক্ষণাৎ উঠি তাৰ পিছফালে খুছি থোৱা ডাঙৰ ছুৰী এখান লই যেই ধনেশ্বৰৰ ফালে চোচা ললে সেই শঃ খোঃ গোঁহাইৰ ইঙ্গিত মতে কমলেশ্বৰ গোঁহায়ে খেদা মাৰি গই তৰোৱালেৰে বামাচাৰীৰ গলত ঘাপ বহালে। মূৰটো গাৰিৰপৰা চিঙি মাটিত পৰিল, ৰাইজে চিঞৰিলে “জয় তামাৰ মাই। ” দেউৰীসকলে ধনেশ্বৰক এৰি যেয়ে যিপিনে পালে পলাল। টনা-আজোৰা লাগোতে লাংফাই দেউৰীৰ গাত কনকেশ্বৰৰ খাণ্ডাৰ অলপ ঘা বহিছিল। লাংফাই দেউৰী সেই- খিনিতে পৰিল। জীয়েকৰ মিনতিত ধনেশ্বৰৰ খেলৰে বলী ৪ জন চুতীয়া মানুহে লাংফাইক গড়ৰ ভিতৰপৰা একলহ পানী আনি সেই পানী ঘাত ঢালি দিলে তাৰ পিছত কাপোৰেৰে ঘা ডোখৰ বান্ধি তেওঁক দাংদোলা কৰি ঘৰলৈ লই গল।

 ধনেশ্বৰে মুকলি হোৱা মাত্ৰেই আহি শদিয়াখোৱা গোঁহাইদেউৰ ভৰিত দণ্ডবৎ দি পৰি কলে :— “দেউতা ঈশ্বৰ! বন্দীৰ প্ৰাণ দাতা বন্দীয়ে দেউতা ঈশ্বৰৰ ধাৰ কোন জনমত সুজিম। নিজ গুণে এই দাসক ভৃত্যৰো ভৃত্য কৰি লয় যেন। ”

 শঃ খোঃ গোঁ — “ধনেশ্বৰ! তোৰ জীৱন ৰক্ষাৰ কাৰণে তোৰ ঈশ্বৰ কৃষ্ণক ধন্যবাদ দে। লগতে এইটোও জানি লবি যে তোৰ জীৱন ৰক্ষাৰ গুৰিত তামাৰ মাইৰ প্ৰতিকৃতি বৈষ্ণবী মোৰ জীয়াৰী ফুলেশ্বৰী আৰু লাংফাই দেউৰীৰ জীয়েক আঘণী। ” ইয়াৰ পিছতে শদিয়াখোৱা গোঁহাই আৰু আন সকলোবিলাক ঘৰাঘৰি গল। এনেতে শদিয়া অঞ্চলত এটা ডাঙৰ ভূইকঁপ হল। কু-সংস্কাৰপূৰ্ণ প্ৰজাই কই- ছিল যে তামাৰ মাইৰ পূজাত বিঘিনি হোৱাৰ কাৰণেহে সেই ভূঁই- কঁপটো হৈছিল। দাংদোলাকৈ নিয়া বাপেকক নি, চাঙত তুলিলে — আঘণীয়ে ঘৰ পায়েই দেখে যে তেওঁৰ চোতালত বৈষ্ণবীয়ে কিছুমান বনৌষধি ঠেতালি লই থিয় হৈ আছে।

২৮

 সেই হেন্দোলদোপ প্ৰজাৰ মাজত ধনেশ্বৰৰ বাপেকো আছিল। শঃ খোঃ গোঁহাইদেৱক দণ্ডবৎ দি উঠাৰ পাছতে বাপেকে আহি