পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
তাম্ৰেশ্বৰীৰ মন্দিৰ

উভয় দলেই কটা-কটি হানা-হানি লগালে। সিফালে গড়ৰ ভিতৰৰ- পৰা সুন্দৰ লক্ষ্য কৰি অসমীয়াই মানলৈ বৰ-হিলৈ মাৰিবলৈ ধৰিলে। ধনেশ্বৰ, কনকেশ্বৰৰ অসীম বিক্ৰম, উৎসাহত, অসমীয়া সৈন্য পিছ নুহুহঁকিল। দুয়োজনা সেনাপতিয়েই নিজহাতে তৰোৱাল লই যিমান পাৰে মানক কাটিবলৈ ধৰিলে, তেওঁলোকক কোনো মানেই যাঠি জোঙেৰে বা তৰোৱালেৰে ঘাইল কৰিব নোৱাৰিলে — তেওঁলোকৰ ঢাল-বাৰুৰ শিক্ষা ইমান সুন্দৰ আছিল। এই দুয়োজন বীৰৰ, যুদ্ধ নিপুণতাত, বীৰত্বত, মান সৈন্য টিকিব নোৱাৰিলে — মানে “আও এই ফালৰ অসমীয়া কেনে মত্তক অৰ্থাৎ বল। ” এই কথা চিঞৰি চিঞৰি লৰি পলাবলৈ ধৰিলে — অসমীয়া সৈন্যই পিছে পিছে খেদি নি একেবাৰে তালাপত থলে। মান ছেদেলি ভেদেলি হল। সিহঁত ছত্ৰভঙ্গ হল — বন্দুলাই কোনো ৰকমে প্ৰাণে নমৰি ২/৩শ মান মান লগত লই কোনো ৰকমে ৰংপূৰলৈ গই মিঙ্গিমাহা তিলোৱাৰ লগ লাগি ভটিয়াই যাবলৈ ধৰিলে।

 এই ৰণত অসমীয়া জিকিল। অসমীয়াৰ মাত্ৰ দুহেজাৰ ৰণুৱা ৰণত পৰিল, মানৰ অতি কমেও চাৰিহেজাৰ ৰণুৱা মৰিল, অনেক ঘাইল হল। অসমীয়া সৈন্য কোঠৰ ভিতৰ সোমাল। সেই নিশা আহত হোৱা ৰণুৱাসকলক সেৱা যতন কৰিলে — পিছদিনা কমলেশ্বৰ গোঁহাইদেৱে ৪টা কটকী পঠিয়াই যুদ্ধ জয়ৰ বাতৰি শদিয়াখোৱা গোঁহাইদেৱলৈ পঠিয়ালে। জয়ৰ বাতৰি পাই শদিয়াখোৱা গোঁহাইদেৱে গোটেই শদিয়া অঞ্চলতে অসমীয়াই মানক কাটি মাৰি বুন্দামাৰ কৰি একেবাৰে তালাপলৈকে খেদি থোৱা বাতৰি প্ৰকাশ কৰি গোটেই শদিয়াতে সকলোকে উৎসৱ কৰিবলৈ দিলে — আৰু দুজন কটকীৰ হাতত চিঠি দি কোঠত দিহামতে সৈন্য-সামন্ত এৰি আৰু ডাঙ্গৰীৰে পৰা প্ৰায় শিৱসাগৰলৈকে ঠায়ে ঠায়ে ঘোৰাত উঠা ৰণুৱা চোৰাং- চোৱা ৰাখি সেনাপতি তিনিজনক সসৈন্যে উলটি যাবলৈ মাতি পঠিয়ালে।

 শদিয়াখোৱা গোঁহাইদেৱৰ পত্ৰ অনুসৰি কমলেশ্বৰ গোঁহায়ে কোঠত ৫০০ মান ভাল বচা বচা সৈন্য ৰাখি নইত ৩০/৪০ খান মান নাও এৰি আৰু ডাঙৰীৰেপৰা শিৱসাগৰলৈকে অশ্বাৰোহী চোৰাংচোৱা ৰাখি সসৈন্যে বীৰ তিনিওজনে বাকীবিলাক নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ জয়ঢোল কোবাই ডাঙৰ তালবাই শিঙা ফুকি শদিয়া পালেগৈ।