পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
তাম্ৰেশ্বৰীৰ মন্দিৰ

আছিল। বৈষ্ণবীৰপৰা পুৱা বিদায় লই, ঘৰত ভাত-পানী খাই বৈ ধনেশ্বৰো আহি তৃতীয় চাঙখনত বহিল। গাভৰুজনীৰ হাতত এটা বিহুত বজোৱা তকা আছিল। ডেকা দুয়ো জনৰ হাতত এটা এটা বিহু ঢোল; আৰু দুয়োজন ডেকাৰ হাতত গায়পতি এখান ধেনু। পিঠিৰ ফালে এটা তূণত দহ-বাৰ পাতকৈ লোৱৰ মুখ লগোৱা আৰু ভোটা কাঁড়ো আছিল।

 নদনবদনকৈ হোৱা আহুধানত টুনি টোকোৰা আদি চৰাই পৰিলেই গাভৰুজনীয়ে তকা বজাই দিছিল; আৰু তাৰ লগে লগে দুয়োজন ডেকাই ঢোল দুটা বজাই দিছিল। ঢোল আৰু তাৰ মাত শুনিলেই টুনি টোকোৰা বিলাক উৰি পলাইছিল।

 বেলি লাহ দিলে, এনেতে হাবিৰ ফালৰপৰা একোলৈকে গয় নকৰি এটা ডাঙৰ গুন্দা দঁতাল গাহৰি ওলাই গাভৰুজনীৰ কাষতে হাবিৰ দাঁতিত ধান খাবলৈ ধৰিলে। গাভৰুজনীয়ে তকা কোবাই গাহৰিটোক খেদিব খোজাত গাহৰিটো নপলাই তাইৰ ফাললৈহে গোৰ-গোৰাই চোচা এটা ললে। ইয়াকে দেখি দেউৰী ডেকাটোৱে গাহৰিটোলৈ কাঁড় এপাত মাৰিলে; সেই কাঁড় গাহৰিৰ সোঁ তপিনাত অলপ লাগি গাৰে চুচৰি গল। ঈষৎ আহত হোৱা গাহৰিটোৱে তেতিয়া খঙতে দেউৰী ডেকাৰ চাঙৰ ফাললৈ চোচা ললে। দেউৰী ডেকাজনে ধেনু ভিড়াই কাঁড় লগাইমানে গাহৰি গৈ প্ৰায় তাৰ ওচৰ পালে। দেউৰী ডেকাৰ বিষম সঙ্কট যেন দেখি আমাৰ ধনেশ্বৰে চকুৰ পচাৰতে গাহৰিটোৰ সোঁ চকুটো কাঁড় এপাতেৰে বিন্ধিলে, সেই কাঁড়ে গাহৰিৰ মগজুলৈকে ভেদাত গাহৰিটো ধৰ-ফৰ কৰি পৰি গল। গাহৰিটো পৰা মাত্ৰকে দুয়োজন ডেকা আৰু তাৰ লগতে গাভৰুজনী ওচৰ চাপি আহিল। দেউৰী ডেকাজনে ধনেশ্বৰৰ শলাগ লওক চাৰি খঙেৰে কলে — “মই মাৰিব খোজা গাহৰিটো তই কেলেই মাৰিলি হোঁ। ” ধনেশ্বৰে কলে — “ভাই মনেশ্বৰ! মই নমৰা হলে তোৰ ফালে আধ্যাই পৰিলহেঁতেন। তই কত মোৰ শলাগ লবি নে তোৰ দেখোন খঙহে উঠিল। তই যদি ভাল কাঁড়িয়েই তেনেহলে আঘণীৰ ফালে চোচা লওঁতেই তই তাক কাঁড়েৰে পেলাব লাগিছিল। পিছত তোৰ কাঁড়ে তাৰ তপিনাত হে চুচৰি গল! সি তোৰ ফালে চোচা লওঁতেই মই যদি তাক নামাৰিলোঁহেতেন, তেনেহলে গাহৰিটোৱে একে খুন্দাই তোৰ চাঙখন ভাঙি তোক পেলাই লই দাঁতেৰে চিৰাচিৰ কৰি