পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
তাম্ৰেশ্বৰীৰ মন্দিৰ

 এইদৰে কথা-বতৰা হোৱাৰ পিছত সৎৰাম উভতি গল। দৈবাৎ সেই সময়ত আঘণী নৈৰ ঘাটলৈ গৈছিল আৰু তাত চাউল-পাত ধুই লগতে পিতলৰ কলহত পানী একলহে সৈতে সৎৰাম যোৱাৰ পিছত ঘৰ পাইছিলহি।

১৪

 আদেশ অনুসৰি ধনেশ্বৰ চুতীয়া পিছদিনা ৰাতিপুৱাই কমলেশ্বৰ গোঁহাই সেনাপতিৰ ঘৰলৈ আহিল। গোঁহায়ে দহজনমান আহোম ডেকা আৰু চুতীয়া ডেকা মতাই আনি প্ৰায় ১০০ নল মান আঁতৰত এটা কলপুলি পোতাই তাত এটা চিন দি প্ৰথমতে আহোম ডেকা সকলক সেই চিনত কাঁড় মাৰিব দিলে। আহোম ডেকাসকলৰ ভিতৰত কনকেশ্বৰ গোঁহাই নামৰ এজনে সেই চিনত কাঁড় লগালে, আৰু চুতীয়া ডেকাসকলৰ ভিতৰত ধনেশ্বৰ সেই চিনত কাঁড় লগালে। তেতিয়া কমলেশ্বৰ গোঁহায়ে, কনকেশ্বৰ গোঁহাইক ঢাল বাৰু লই আহোম ডেকা কেইজনমানে সৈতে যুজিব দিলে। কনকেশ্বৰ গোঁহায়ে সুন্দৰকৈ যুজিলে — তেওঁক কেৱে এই ঢাল-বাৰুৰ যুজত ঘটুৱাব নোৱাৰিলে; সেইদৰে ধনেশ্বৰেও কেইজনমান চুতীয়া ডেকাৰ সৈতে ঢাল-বাৰুৰে যুজিলে ধনেশ্বৰকো কেৱে ঘটুৱাব নোৱাৰিলে। তেতিয়া কমলেশ্বৰ সেনাপতি গোহায়ে কনকেশ্বৰক আহোম ৰণুৱাসকলৰ ওপৰত কাপ্তান পাতিলে আৰু ধনেশ্বৰক চুতীয়া ৰণুৱাসকলৰ ওপৰত সেই দৰে কাপ্তান পাতি দুইকো যিমান পাৰে নিজ নিজ জাতিৰ ৰণুৱা গোটাবলৈ আৰু শিকাবলৈ আদেশ দিলে। তিনি চাৰি দিনৰ ভিতৰতে উভয়ে ২০০০ দুহাজাকৈ ৪০০০ চাৰি হাজাৰ ডেকা গোটালে আৰু সেই ডেকাসকলক নিতৌ পুৱা কুচ-কাৱাজ কৰিবলৈ শিকালে। কমলেশ্বৰ গোঁহাইদেৱে নিতৌ এটা ৰঙা ঘোৰাত উঠি আহি সেই কুচ-কাৱাজ শিক্ষা আদি চাইছিলহি, মাজে মাজে শদিয়াখোৱা গোঁহাইদেৱে বগা ঘোৰা এটাত উঠি সেই শিক্ষাবিলাক চাইছিল। আৰু সৈন্য বিলাকক উদগনি দিছিল। এইদৰে শদিয়াত ৰণুৱা সকলৰ শিক্ষা প্ৰায় এমাহ মান হল।