পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — (মিচিককৈ হাঁহি মাৰি) “বাবা। মই তোৰ কথাত বৰ সন্তুষ্ট হলো। তই যে “সকলো মানুহেই এক ঈশ্বৰৰ সন্তান, ভাই ভাই” এইটো জ্ঞান পাইছে ইয়াত বৰ সুখী আৰু আনন্দিত হলো; প্ৰকৃততে এইটোৱেই ব্ৰহ্মজ্ঞান। এইটো জ্ঞানেই মানুহক ঈশ্বৰ উপলব্ধি কৰায়। পিছত বাবা; কথা এটা আছে মই কওঁ শুন। ”

 ধনেশ্বৰ — “কওক আই। ”

 বৈষ্ণবী — বাবা! তাইক বিয়া কৰোৱাৰ আগেয়ে এনেকুৱা এটা বিপদ আছে যে তোৰ প্ৰাণ নাশো হব পাৰে। ”

 ধনেশ্বৰ “আই! উপজিছোঁ যেতিয়াই এদিন মৰিবও লাগিব। মই যেতিয়াই বীৰ জাতিৰ সন্তান তেতিয়াই মই মৰণলৈকো ভয় নকৰো কিন্তু তথাপি যদি ৰক্ষা পাবৰ কিবা উপায় আছে কওক। ”

 বৈষ্ণবী — “বাবা! ৰক্ষা পাবৰ উপায় হৈছে কৃষ্ণৰ মধুসূদন নাম জপ কৰাটো। তই আজিৰপৰা আহৰি সময়ত, ৰাতি শুবৰ সময়ত, পুৱা টোপনি ভাঙি ঢাৰি পাটিৰপৰা উঠাৰ আগেয়ে নমো মধুসুদ- নায় এই মাত্ৰ যিমান বাৰ পাৰ জপ কৰিবি। মধুসূদনে নানা পাক চক্ৰ লগাই তোক ৰক্ষা কৰিব।

 ধনেশ্বৰ — “বাৰু আই! তাকে কৰিম। এতিয়া যাওঁহে। ”

 বৈষ্ণবী — “বাৰু যাগৈ যা বাবা। ”

১২

 লাংফাই দেউৰীৰ গোচৰৰ তিনিদিন মান পাছত শদিয়াখোৱা গোঁহাইৰ ঘৰত আকৌ লোকে লোকাৰণ্য হল। ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে পত্ৰ সন্দেশ দি এজন কটকী পঠাইছে। সেই পত্ৰত স্বৰ্গদেৱে শদিয়াখোৱা গোঁহাইদেৱলৈ লেখিছিল যে বদন বৰফুকনক ৰাজমাৱে ৰূপসিং বঙালৰ হতুৱাই হত্যা কৰোৱাৰ বাবে বৰফুকনৰ পুতেকহঁতে মান দেশলৈ গই মান আনি অসমদেশ আক্ৰমণ কৰি ৺পুৰন্দৰ সিংহ স্বৰ্গদেৱক খেদিছে। মানৰ সেনাপতি মিঙ্গিমাহাই যদিও তেওঁক ৰজা পাতিছে, তথাপি তেওঁ মানৰ সজাত নাপায়। মিঙ্গিমাহাহে প্ৰকৃত ৰজা হৈছে। প্ৰজাৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। এইবিলাক