পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! সি কৰা কামটোতো ৰাজদ্ৰোহ নহয়। দেউতাসকলেই দেখোন এটা ষাড়ৰ খেল পাতি সেই খেলৰ ডেকাই পৰৰ ঘৈণী জীয়াৰী বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰিলেও দোষণীয় আৰু দণ্ডাৰ্হ নহয় বুলি নিয়ম কৰি থৈছে। এনেস্থলত ধনেশ্বৰে আঘণীক মৰম কৰি চুমা খাওঁতেই দোষী হলনে? আঘণীক সি সৰুৰে পৰা মৰম কৰি আহিছে আৰু আঘণীয়েও মৰম কৰে। সিহঁতৰ প্ৰেম পবিত্ৰ। তাত পাপৰ গোন্ধ-ভাপে নাই। সি পাৰিলে আঘণীক বিয়াও কৰাব। বিয়া কৰাই সি যদি দেউৰী বা চুতীয়া এই দুয়ো খেলৰ এখনতো ঠাই নাপায় তেন্তে সি আহোম হব বুলি কই থইছে। ”

 শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! তোমাৰ যুক্তি মই মানিলোঁ। পিচত কোৱাচোঁ তুমিনো এজনী গৃহস্থি এৰা, ঘৰ-দুৱাৰ এৰা বৈষ্ণবী হৈ এটা চুতীয়া লৰাক ৰক্ষা কৰিবলৈ কিয় ইমানকৈ চেষ্টা কৰিছা?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! মোৰ ধৰমেই হৈছে আতুৰ, দুৰ্ব্বলী, নিৰপৰাধীক সহায় কৰা, দৰিদ্ৰ নাৰায়ণক সেৱা কৰা। নৰেই নাৰায়ণ”।

 শঃ খোঃ গোঁঃ — “যদি “নৰেই নাৰায়ণ” তেনেহলেনো বামাচাৰী তান্ত্ৰিকে কিয় সেই নৰৰূপী নাৰায়ণক গোসানীৰ আগত বলি দিবলৈ ইমান উন্মত্ত?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! সেই বিষয়ে মইনো কি কম। তান্ত্ৰিকে সি কি নিজেহে জানে। সি বা আগৰ কৰ চোৰ, ডকাইত বা নৰহত্যাকাৰী তাকনো কোনে জানে?”

 শঃ খোঃ গোঁঃ — “তুমিনো কি বুলি ভাবা?”

 বৈষ্ণবী — “মই তেওঁক ভাল সাধক বা ঈশ্বৰ ভক্ত বুলি নাভাবো। হয় তেওঁৰ মগজু বেয়া — নতুবা তেওঁ আগৰ কৰবাৰ অপৰাধী মানুহ — নৰহত্যাকাৰী। দেউতাই ভালকৈ বিচাৰ কৰোৱালে তেওঁৰ আঁতি-গুৰি পাব পাৰে। ”

 শঃ খোঃ গোঁঃ — “বৈষ্ণবী। মই চোৰাংচোৱা লগাই সেইটো বিচাৰ কৰি উলিয়াম। বাৰু এতিয়া তুমি যোৱাগৈ। ”

 বৈষ্ণবীক বিদায় দি পিছদিনা পুৱাই শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাই, কনকেশ্বৰ গোঁহাই এই দুয়োজনাকে মতাই আনি কেতখিনি উপদেশ দিলে যাতে পিছদিনা তেওঁলোকে উভয়ে লগত