পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

সেই ভুজপত্ৰবিলাক লাংফাই দেউৰীক দিলে। লাংফাই দেউৰীয়ে বামচাৰী তান্ত্ৰিকক দিলে। তান্ত্ৰিকে সেই ভূজপত্ৰবিলাক নামৰ ফালটো তল কৰি তাত ফু দি দি তাছিলে তাৰ পিছত সেই যাঁড়ৰ গাওঁৰে ৯ বছৰীয়া ছোৱালী এজনী আনি তাইৰ চকুত ৭ তৰপ কাপোৰ বন্ধাই তাইৰ হাতত সেই ভূজপত্ৰবিলাক দিলে। তাৰ পিছত তান্ত্ৰিকে তাইক মূৰৰেপৰা ভৰিলৈকে তাৰ হাত দুখানেৰে তাইৰ গা চোওঁ নোচোওঁ কৰি এবেলি বুলাই কলে :— “মা! তই সেই ভূজপত্ৰবিলাক তোৰ বাওঁ হাতত লই সোঁ হাতেৰে এখান তোল”। তান্ত্ৰিকৰ আদেশমতে বশীভূত হোৱা সেই ছোৱালীজনীয়ে ভূজপত্ৰ এখন তুলিলে, তান্ত্ৰিকে সেই ভূজপত্ৰখান শদিয়াখোৱা গোঁহাইৰ হাতত দিবলৈ কলে। ছোৱালীজনীয়ে আদেশ অনুসাৰে সেইখন শদিয়াখোৱা গোঁহাইদেৱৰ হাতত দিলে। গোঁহাইদেৱে পঢ়ি চাই দেখিলে সেইখান ধনেশ্বৰ চুতীয়া ডেকাৰ নামৰ। গোঁহাইদেৱ অলপ বিমৰ্ষ হৈ ৰাইজক জনালে যে ধনেশ্বৰ চুতীয়াৰ নাম উঠিছে। এই কথা কোৱা মাত্ৰে ধনেশ্বৰ চুতীয়াৰ বাপেক হৰেশ্বৰে হাত যুৰি দণ্ডবৎ দি কলে :— “দেউতা ঈশ্বৰ! মোৰ আৰু আগলৈ পাছলৈ ডাঙৰ লৰা নাই। এবেলিৰ পৰীক্ষাতে শেষ সিদ্ধান্ত নকৰে যেন আৰু আন ৰকমেও যেন দুই এটা পৰীক্ষা হয়। ” হৰেশ্বৰৰ এই কথাত বামাচাৰী তান্ত্ৰিকে আৰু লাংফাই দেউৰীয়ে কলে :— “দেউতা ঈশ্বৰ! দুচটা ডাঙৰ বাঁহৰ কামি আনিবলৈ দিয়ক আৰু ২টা ৯ বছৰীয়া লৰা দিয়ক। গোঁহাইদেৱে আদেশ দিয়াত দুটা চাওডাঙে ২ চটা ৯ হাত দীঘল বাঁহৰ কামি আনি দিলে, ৰাইজৰ মাজৰপৰা ২ দুটা ৯ বছৰীয়া লৰা উলিয়াই দিলে। তেতিয়া তান্ত্ৰিকে সেই লৰা দুটাক সেইদৰে মূৰৰপৰা ভৰিলৈকে এবেলি এবেলি হাত ফুৰাই কামি দুচটাৰ দুয়ো মূৰে দুখান হাতেদি ধৰিবলৈ দিলে। সিহঁতে সেইদৰে ধৰাত ছোৱালী জনীৰ চকুত আকৌ ৭ তৰপ কাপোৰ বান্ধি ভূজপত্ৰ ৯ খন দি কলে :— "এখান এখানকৈ দুয়ো কামিৰ মাজত পেলাব ধৰা। ৭ খান ভূজপত্ৰ দুয়া কামিৰ মাজত দিয়াত প্ৰত্যেক খানেই দুয়ো কামিৰ মাজেদি সৰকি মাটিত পৰিলগৈ। ৮ম খান ভূজপত্ৰ দিয়া মাত্ৰকে দুয়োডাল কামিয়ে ফেট্ খাই ভূজপত্ৰখান চেপা মাৰি ধৰি ৰাখিলে— মাটিত নপৰিল। শদিয়াখোৱা গোহাইদেউ আৰু আন সকলেও চাই যে দেখে সেইখন ধনেশ্বৰৰ নামৰ। তেতিয়া লাংফাই আৰু তান্ত্ৰিকে “জয় তামাৰ মাইৰ” বুলি চিঞৰি ধনেশ্বৰক তৎক্ষণাৎ বলীষ্ঠ