পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “বাছা ধনেশ্বৰ তই সেইদৰে নাভাবিবি। মাতৃয়ে কেতিয়াও সন্তানৰ ৰক্ত মাংস খাবলৈ নিবিচাৰে। সন্তানক খুৱাবলৈহে বিচাৰে। পিছত আগৰ কালত মাতৃৰ আগত বলি দিছিল ৰাজদ্ৰোহী বা প্ৰাণ দণ্ডত দণ্ডিত হব লগা মানুহকেহে — যাতে হিন্দুৱে মৰণ কালতো ঈশ্বৰক মাতৃভাবে দেখি শান্তি লাভ কৰিব পাৰে। পিছত মুৰ্খ আৰু অজ্ঞান মানুহে এই নিয়মটো এটা অনুষ্ঠানৰ ভিতৰত পেলাই দোষী মানুহ বছৰি নাপাই নিৰ্দ্দোষীকে বলিত দিবলৈ ধৰিলে! ঈশ্বৰক মাতৃ ভাবে পূজা কৰাটো বেয়া নহয়। ধূপ-দীপ-নৈবিদ্যেৰে পূজা কৰাটো প্ৰশান্ত নৰবলিৰ তো কথাই নাই; পশুবলি দিও গোসানী পূজাটো উচিত নহয়। তহঁতৰ এই অসম দেশত মহাপুৰুষ শঙ্কৰ দামোদৰ মাধব হৰিদেব এইসকল গুৰুৱেতো গোসানী পূজা কৰা নাছিলেই। আন কি দামোদৰদেৱেও নিজে গোসানী পূজা কৰা নাছিল। এৰাব নোৱাৰি দেৱ দামোদৰে লক্ষ্মীসিংহ ৰজাক গোসানী পূজিবলৈ অনুমতি দিছিল যদিও পশুবলি অৰ্থাৎ হাঁহ পাৰ ছাগলী ইত্যাদি বলি দিবলৈ দঢ়াই দঢ়াই মানা কৰিছিল। কইছিল “ধূপ দীপ নৈবিদ্যহে শোভন। ” পিছত মাতৃভাবৰ পূজাত এইবিলাক জীৱহত্যা হৈ থকা দেখিয়েই অসমৰ মহাপুৰুষসকলে হিংসা দ্বেষ শূন্য পৰম পৱিত্ৰ, প্ৰেম পৰিপূৰ্ণ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি গৈছে। আমাৰ বৈষ্ণৱ ধৰ্ম্ম অতি পবিত্ৰ। ইয়াত ৰাধা প্ৰেমৰ ভাব প্ৰবল নহয়, সেই দেখি আমাৰ বৈষ্ণব ধৰ্ম্মত কামুকতা ব্যভিচাৰাদি নাই। অসমৰ বৈষ্ণৱ ধৰ্ম্ম গীতাৰ ধৰ্ম্ম “মামেক শৰণং ব্ৰজ” অকল মোতে শৰণ লোৱা, মোকে ভক্তি কৰা এই কৃষ্ণ বাক্যৰ ওপৰত স্থাপিত। মহাপুৰুষসকলে প্ৰভূ কৃষ্ণক ঈশ্বৰ ভাবে, প্ৰভু ভাবে নিজক ভৃত্য ভাবে ভক্তি কৰিবলৈ শিকাই থৈ গৈছে। কেনে সুনৰ সুন্দৰ প্ৰাৰ্থনা, তুতি, নমস্কাৰ শিকাই দিছে। শুনাচোঁ নাম- ঘোষাত কি কৈছে।

মই দুৰাচাৰ  কেবলে তোমাৰ
  অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি  লৈয়ো দাস কৰি
  পশিলো হেৰা শৰণ ॥

 বৈষ্ণবীৰ এনেকুৱাবিলাক উপদেশে ধনেশ্বৰ চুতীয়াৰ মনত শান্তি ধৈৰ্য্য ইত্যাদি দিছিল।