পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

 দুয়ো এইদৰে কোৱাত আঘণী গাভৰুয়ে তাইৰ তকাটো তাইৰ চাঙৰ এচুকত তললৈ মুখ কৰি ঠিয়কৈ বান্ধি তাই কলে, — তহঁত দুকুৰি নলৰ আঁতৰলৈ গৈ প্ৰথমে মনেশ্বৰে তাৰ কাঁড় মাৰি মোৰ তকাটো বগৰাই পেলাওক। মই পিচত তকাটো আকৌ সেইদৰে সেই ঠাইতে বান্ধি দিম। তেতিয়া ধনেশ্বৰে কাঁড় মাৰিব। আঘণীৰ এই সিদ্ধান্তত দুয়ো সন্মত হৈ দুয়ো দুকুৰি নলৰ আঁতৰত নিৰ্দ্দিষ্ট ঠাইলৈ গল। মনেশ্বৰে কাঁড় মাৰিলে তকাটোৰ ছয় আঙ্গুলি আঁতৰে কাঁড় গল। তকাৰ গাত নুচুলেই। পিচত ধনেশ্বৰক মাৰিব দিয়াত ধনেশ্বৰে একেপাত কাঁড়েৰেই তকাটোত মাৰি তকাটো বগৰাই পেলালে। তেতিয়া আঘণী ধনেশ্বৰ ওচৰলৈ চাপি গৈ ধনেশ্বৰৰ গাত থপৰিয়ালে, ধনেশ্বৰেও তাইক সাৱটি ধৰি দুয়ো গালে দুটা চুমা খালে। সি সেইদৰে আঘণীক চুমা খোৱা দেখি মনেশ্বৰে খঙতে গজ্জি কলে — “কুকুৰ! নিলাজ! তই কেলেই মোলৈ খুজি-বাঢ়ি থোৱা আঘণীক মোৰ আগতে এইদৰে চুমা খালি। নেজাননে মই বোপাইক এই কথা কই তোক দণ্ড কৰোৱাম। ”

 ধনেশ্বৰ — “মই কাঁড় মৰা বিদ্যাত জিকি আঘণীক চুমা খাইছোঁ। ইয়াত যদি তই লাজ পালি তেন্তে ইচ্ছা হলে মোৰ হাতে হাতে অথবা টোকোনে-টোকোনে, অথবা কাড়ে-কাড়ে, অথবা ঢালে-বাৰুৱে এজন নমৰো মানে যুজি চাব পাৰ। যদি যুজিবলৈ ভয় কৰ তেন্তে ভালে ভালে আৰু কোনো কথা নকই, কোনো মাত নামাতি গুচি গৈ কোন বাপেৰ বা শহুৰেৰক গোচৰ দিয় দেগৈ। জাননে মোৰ ইচ্ছা হলে তোৰ মাৰ ভনীয়েৰহঁতকো লব পাৰো। মোক কোনে কি কৰিব পাৰে। ”

 মনেশ্বৰ — “এৰা তই যেতিয়াই যাড়ৰ খেলৰ তেতিয়াই তোক মই মাৰিবও নোৱাৰো সেই দেখিহে ৰক্ষা পৰিলি। ”

 ধনেশ্বৰ — ধইন ধইন! এৰা সেইদেখিহে তই মোক এৰিলি। বাৰুতো অ! বাৰু যা ভালে ভালে গুচি যা। আৰু সৰহ কথা কৈ মোৰো ধৈৰ্য্যচ্যুত নকৰিবি। ” ধনেশ্বৰৰ এই কথা শুনি মনেশ্বৰ খঙতে ৰঙা-মঙা পৰি বেগাবেগিকৈ যাবলৈ ধৰিলে, যাবৰ সময়ত গৰ্জ্জি গৰ্জ্জি কৈ গল — “বাৰু ভৈয়াই তই ইয়াৰ প্ৰতিফল নিশ্চয় পাবি। ”