পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

থিয় হৈ দেউৰীসকলক অভ্যৰ্থনা জনাইহে নিজৰ আসন গ্ৰহণ কৰিছিল। পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ পাৰিলে কালী পূজাত দুৰ্গা পূজাত এই তাম্ৰেশ্বৰী মন্দিৰত নৰ বলি চাবলৈ সেই কালতো অনেক বঙালী আৰু হিন্দুস্থানী সন্ন্যাসী, বৰাগী, বামাচাৰী তান্ত্ৰিক ইত্যাদি আহিছিল।

 ১৮১৭ খৃষ্টাব্দৰ এদিন বহাগ মাহৰ শেষ পষত, বেলি ভাটী দিয়াত এজন উৰ্দ্ধবাহু সন্ন্যাসী, এজন সন্ন্যাসী, আৰু এজন দেখোঁতে আদবয়সীয়া বৈষ্ণবী, শদিয়াৰ চূনপোৰা অঞ্চল পাই, মানুহক সুধি-পুছি, শদিয়া খোৱা গোঁহাইৰ হাউলিলৈ আহিছিল। ওপৰলৈ ঠৰঙ্গা হাত এখন দাঙি ৰখা, আগে-পিছে নেদেখা, উৰ্দ্ধবাহুজনক দেখি চুনপোৰাৰ প্ৰায় ল'ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, শদিয়া খেৱা গোঁহাইৰ ঘৰলৈকে এওঁলোকৰ পিছ ললে। ইমানবিলাক মানুহেৰে পৰিবেষ্টিত হৈ যোৱা সন্ন্যাসী, বৰাগী আৰু বৈষ্ণবীক দেখি শদিয়া খোৱা গোঁহাই, তেওঁৰ পৰিবাৰ আৰু তেওঁৰ জীয়াৰী জনাই সৈতে চৰাঘৰলৈ ওলাই আহি থিয় দিলেহি; বৰাগী, বৈষ্ণবী, উৰ্দ্ধবাহু তিনিও ওপৰলৈ হাত তুলি গোঁহাইদেৱক আশীৰ্ব্বাদ দিলে। ইয়াৰ পিছত বৈষ্ণবীজনাই আগবাঢ়ি গৈ গোঁহাইদেৱৰ হাতত পত্ৰ এখানি দিলে। গোঁহাইদেৱে পত্ৰখন মেলি পঢ় আস্ত-আদৰকৈ চাৰি-কঠ পৰাই তিনিউজনকে বহিবলৈ দি নিজেও এখন ফুলাম চকঢাৰিৰ ওপৰত এখন বানত পৰোৱাই বহিল, আৰু উপস্থিত দৰ্শকসকলক ঘৰাঘৰি যাবলৈ আদেশ দি বৈষ্ণবীজনাৰ লগত কথা-বতৰা আৰম্ভ কৰিলে :—

 শঃ খোঃ গোঁহাইদেৱ — “পিছত কোৱাচোঁ বৈষ্ণবি। আমাৰ স্বৰ্গদেৱ, পাত্ৰ, মিত্ৰ, মন্ত্ৰী সমন্বিতে ভালো আছে নে। ”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! স্বৰ্গদেৱ ঈশ্বৰ আৰু আন আন সকলোকে ভাল দেখিয়েই আহিছো। ”

 গোঁহাইদেৱ — (নিজ মনতে — স্বৰ্গদেৱে দেখোন মানৰপৰা এটা ভবিষ্যৎ অমঙ্গলৰ আশঙ্কা কৰিছে। কৰিবৰে কথা! বিদেশী মানতনো কি সজাত আছে!) ফুটাই — “পিছত বৈষ্ণবি! এতিয়াতো তোমালোকে