পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
তাম্ৰেশ্বৰীৰ মন্দিৰ

পৰাৰ পিছত এখিলা ভূজপত্ৰক কামি দুয়োডাল ফেট খাই চেপা মাৰি ধৰিলে। শদিয়াখোৱা গোঁহাইদেৱ আৰু ৰাইজেও চাই দেখে যে সেইখিলা কমলেশ্বৰ গোঁহাইদেৱৰ নামৰ। তেতিয়া বৈষ্ণবী মাতৃয়ে হাত যোৰ কৰি ৰাইজক জনালে :— “দেখক ৰাইজ! দেউতা ঈশ্বৰে আদেশ দিয়া মতে মই কমলেশ্বৰ গোঁহাইৰ নাম তোলাই দিয়ালো। এই দৰেই লাংফাই দেউৰীৰ অনুৰোধত বামাচৰী তান্ত্ৰিকে ধনেশ্বৰ চুতীয়াৰ নাম এনেকুৱা যাদু বিদ্যাৰেই কাৰসাজি কৰি তোলাই দিছিল। দেখক ধনেশ্বৰ চুতীয়া নিৰ্দ্দোষী। ৰাইজে আৰু দেউতা ঈশ্বৰে ধনেশ্বৰ চুতীয়াক মুক্ত কৰি এৰি দিয়ক। ” তেতিয়া ৰাইজে চিঞৰি চিঞৰি কলে — “এৰা দেউতা ঈশ্বৰ ধনেশ্বৰ চুতীয়াক এৰি দিয়ক গৈ। ” শঃ খোঃ গোঁহাইদেৱে “বাৰু তাক মুক্ত কৰা হব” এইদৰে কই ৰাইজক বিদায় দিলে। ৰাইজ ঘৰ-ঘৰি গলত বৈষ্ণবীক ওচৰলৈ মাতি নি সুধিলে — “বৈষ্ণবী? বাৰু কোৱাচো কি যাদু মন্ত্ৰৰ বলত বামাচাৰীয়ে কৰাৰ দৰে তুমিও ইমান আচৰিত কামটো কৰি দেখুৱালা?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! ইয়াত মন্ত্ৰও নাই যাদুও নাই। আছে মাথোন এটা প্ৰবল ইচ্ছা শক্তি। মই লৰা কেইটাৰ গাত হাত বুলাই মই সিহঁতৰ জীউ কেইটাক মোৰ বশ কৰি লইছিলো। তাৰ পিছত মই মোৰ নিজৰ মনত কমলেশ্বৰ গোঁহাইৰ নামটো জপ কৰিছিলো। সেই অনুসৰি লৰা কেইটাৰ জীৱে কমলেশ্বৰৰ নামটোকে তুলি দিছিল। ”

 শঃ খোঃ গোঁঃ — “মইও যদি এটা মানুহৰ নাম সেইদৰে জপি তোমাৰ নিচিনাকৈ পৰীক্ষা কৰোঁ মইও পাৰিমনে?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ যেতিয়াই অতবিলাক প্ৰাণীৰ ওপৰত ৰজা তেতিয়াই মোৰ দেউতা ঈশ্বৰৰ মন বলী। দেউতা ঈশ্বৰে পাৰিলেও পাৰিব পাৰে। ”

 শঃ খোঃ গোঁঃ — “সকলোৱে কৰিব পাৰিবনে?”

 বৈষ্ণবী — “সকলোৱে কৰিব নোৱাৰে। যাৰে যাৰে মন বলী, ইচ্ছা শক্তি বৰ প্ৰবল সেই সকলেহে পাৰিব। ”

 শঃ খোঃ গোঁঃ — “বাৰু মননো কেনেকৈ বলী কৰা যায়?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! মনক একাগ্ৰ কৰিব পাৰিলে, অৰ্থাৎ সময়ত আন সকলো চিন্তা এৰি মনক এটা বিষয়ত লগালে মনে সেই বিষয়টো সিদ্ধি কৰিব পাৰে। সচৰাচৰ, আমাৰ সন্ন্যাসী ফকিৰসকলৰ