পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ধনেশ্বৰ — “আই! অৱশ্যে তাইৰ বাপেকে তাইক মোলৈ কেতিয়াও বিয়া নিদিয়ে এইটো মই জানো তথাপি তাইক দেখোন মই ভাল নাপাই নোৱাৰোঁ। তাইক বিয়া কৰাবলৈ পাওঁৱেই বা নাপাওঁৱেই, মই এইটো জীৱনত তাইক পাহৰিবও নোৱাৰিম, ভাল নাপাইও নোৱাৰিম। যদি সংসাৰত জীয়াই থাকোঁ তেনেহলে তাইক বিয়া কৰাবলৈ নাপালে এই গোটেইটো জীৱনতে আৰু কাকো নকৰিম এইটোও ধ্ৰুব নিশ্চয়। ”

 বৈষ্ণবী — “তোৰ ইমান কখ্যানে!”

 ধনেশ্বৰ — “আই মোৰ ইমান কথা। পিছত আৰু এটা কথা এই-তাইও যদি সন্মত হয় তেন্তে তাইয়ে মইয়ে দুয়ো যদি আহোম জাতিত সোমাওঁ তেনেহলে আমাৰ দুইৰো বিবাহো হব আৰু আমি এই সুবৃৎ আহোম জাতিৰ ভিতৰত ঠায়ো পাম; কিয়নো আমাৰ আহোম জাতি ইমান উদাৰ যে “আহোম হলু” বুলি কলেই সেই দিনৰেপৰা আহোম হমেই। পিছত যোগ্য অনুসৰি কোনো এখেল আহোম সমাজত আমাক শঃ খোঃ গোঁসাইদেৱেও ঠাই দিব আৰু সেই আহোম খেলে আমি তেখেতসকলক ভালকৈ ভোজ-ভাত দিব নোৱাৰিলেও শৰাই তামোল-পাণ দি উভয়ে সেৱা কৰিলেও আমাক তেওঁবিলাকৰ সমাজত লব। ”

 বৈষ্ণবী — “এজনী তিৰুতাৰ কাৰণে নিজৰ জাতিটো এৰাটো জানো ভাল হব?”

 ধনেশ্বৰ — “আই! জাতি ঈশ্বৰে সৰ্জ্জি পঠোৱা নাই। আমি মানুহেহে জাতি জাতি কৈ বেলেগ বেলেগ হৈছো। পিছত আগৰ আমাৰ চুতীয়া জাতি আৰু আহোম জাতিৰ খোৱা-লোৱা, থকা মেলাত একো ভেদ নায়েই। ধৰ্ম্মতো আগৰ আহোম আৰু চুতীয়া প্ৰায় একেই। এতিয়া আমৰ অনেক চুতীয়া মানুহ আহোম জাতিত সোমাই আহোম চুতীয়া নাম পাইছে আৰু কেতখিনি মানুহ হিন্দু হৈ অৰ্থাৎ গোঁসাই আৰু বামুণৰ শৰণীয়া হৈ হিন্দু চুতীয়া নাম লৈছে। এতিয়া আহোমসকলেও যেতিয়াই আগৰ গৰু, ম'হ ইত্যাদি খাবলৈ এৰি শুদ্ধাচাৰী হৈছে, তেতিয়াই হিন্দু আৰু আহোমৰেই বা প্ৰভেদ কি? বিশেষকৈ মই এইটোও জানো যে আমি সকলোৱে ঈশ্বৰৰ সন্তান। ”