পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
তাম্ৰেশ্বৰীৰ মন্দিৰ

২২

 আহিন মাহ শৰৎ ঋতু। এদিন ভাটিবেলা শদিয়াখোৱা গোঁহাইৰ জীয়াৰী ফুলেশ্বৰী আইদেৱে তেওঁৰ হাতধৰী লিগিৰী দুজনীৰে সৈতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বহি একান্ত মনে নৈৰ ফাললৈ চাই কথা-বতৰা পাতি আছিল; এনেতে সিফালৰপৰা কমলেশ্বৰ গোঁহাইদেৱে ফুলেশ্বৰী আইদেৱক বিচাৰি নৈৰ পাৰ পালেহি। তেওঁক অহা দেখি লিগিৰী দুজনী অলপ আঁতৰত গৈ বহিল। গোঁহাইদেৱে আইদেৱৰ ওচৰতে বহি কলে :— “গাভৰুদেৱ! ইয়াতে বহি তোমালোকেনো কি চাইছিলা কি ভাবিছিলা?”

 ফুলেশ্বৰী — “কি চাম, কি ভাবিম গোঁহাইদেৱ, চাওকচোন নৈ খানৰ পানী কেনে নিৰ্ম্মল হৈছে, নৈ খনেইবা কেনে এটা বিতোপন সৌন্দৰ্য্য ধৰিছে। বাৰু কব পাৰেনে নৈ খানে বাগৰি বাগৰি, সোঁত বই বই কলৈ গইছে?”

 কমলেশ্বৰ — “বুঢ়া, বুৰঞ্জীৰ মুখে শুনিছো নৈখান হেনো গই সাগৰত পৰিছে। ”

 ফুলেশ্বৰী — “কব পাৰানে সাগৰখননো কেনেকুৱা, কিমান দূৰ। ”

 কমলেশ্বৰ — “সাগৰখনতো মই নিজে দেখা নাই। মানুহৰ মুখে শুনিছোঁ। সাগৰখন হেনো অপাৰ, ইপাৰৰ পৰা সিপাৰ নেদেখি। শেহত হেনো ওপৰৰ সৰগে আৰু সাগৰে লগ-লগা যেন দেখি। ”

 ফুলেশ্বৰী — “বাৰু কওকচোন নৈখাননো কৰ পৰা ওলাইছে?”

 কমলেশ্বৰ — “আমাৰ এই ব্ৰহ্মপুত্ৰ নদীটো হেনো সৌ হিমালয় পৰ্ব্বতৰপৰা ওলাই বাগৰি বই বই সাগৰ পাইছেগৈ। ”

 ফুলেশ্বৰী — “বাৰু কওকচোন নদ-টোনো কিয় পৰ্ব্বতৰপৰা ওলাল আৰু কেলেইবা সাগৰত পৰিছেগৈ?”

 কমলেশ্বৰ — “নদটো ওলাইছে সৃষ্টিৰ, আমাৰ এই প্ৰাণীবৰ্গৰ উপকাৰৰ অৰ্থে! এই নদটো নোহোৱা হলে ইয়াৰ দুয়ো পাৰে থকা গছ, বৃক্ষ, মানুহ, গৰু, পশু, পক্ষী এই সকলে পানী কৰপৰা পালেহেতেন। এই নদে সকলোকে পানী দি, ঠাই উৰ্ব্বৰা কৰি সুশীতল বতাহ দি সমস্তকে সজীৱ ৰাখি সুখী কৰিছে। ”