পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

এজন পৰম কৃষ্ণভক্ত কৰিলে। এইদৰে পাঁচ দিনমান যাওঁতে ষষ্ঠ দিনৰ দিনা ধনেশ্বৰে বৈষ্ণবীক কলে :— “আই! আৰু দহ দিনৰ মূৰত এই হতভগীয়াৰ জীৱনৰ অন্ত পৰিব। এই দেহৰপৰা মূৰটো সুলকিব। আই! মোক কওকচোন ঈশ্বৰ জনানো কৃষ্ণইনে? আপুনি কৈছিল ঈশ্বৰজনা নিৰাকাৰ নিৰ্গুণ। যদি তেওঁ নিৰাকাৰ নিৰ্গুণেই হল, তেনেহলে আকৌ সগুণ, আকাৰ বিশিষ্ট মনুষ্যৰূপী কৃষ্ণ কেনেকৈ হল? মোৰ এই খুদুৱনিটো মাৰি দিবনে?”

 বৈষ্ণবী — “এৰা বাছা! তই উত্তম প্ৰশ্ন কৰিছ। ঈশ্বৰজনা আচলতে নিৰ্গুণ নিৰাকাৰহে। কেৱল সাধকৰ ভক্তৰ হিতৰ অৰ্থে পুৰণি হিন্দুৰ ঋষি-মুনিসকলে পৰমব্ৰহ্ম ঈশ্বৰক নিৰ্গুণ নিৰাকাৰ বুলি জানিও, তেওঁক সেৱা পূজা কৰিবলৈ, তুতি কৰিবলৈ, তেওঁক ভাল পাবলৈ, তেওঁৰ নাম-কীৰ্ত্তন কৰিবলৈ, তেওঁক ৰামৰূপে বা কৃষ্ণৰূপে বা গোসানীৰূপে বা মহাদেৱৰূপে কল্পনা কৰি লৈছে। মই এই কথা তোমাক আগেয়ে এবেলি কইছোঁ, এতিয়া তুমি মনৰ খুদুৱনি মাৰিবলৈ সুধিলা যেতিয়া মই আকৌ তোমাক কওঁ। দৰাচলতে কৃষ্ণ মনুষ্যৰূপী হওকেই বা নহওকেই দৈৱকী বসুদেৱৰ পুত্ৰ হওকেই বা নহওকেই তেওঁ একপক্ষে আমাৰ হিন্দু ঋষি-মুনিসকলৰ এটি অতি মনমোহা, অতি সৌন্দৰ্য্য পৰিপুষিত হৃদয়-মন হৰণ কৰোতা, আনন্দময় মূৰ্ত্তি অথবা কল্পনা। যি কল্পনা বা মূৰ্ত্তিত ধ্যান, ধাৰণা, নাম-কীৰ্ত্তন কৰি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰি। ভাবি চোৱাচোন তেওঁ সকলোৰে আপোন। তেওঁ দৈৱকী বসুদেৱৰ সুত। নন্দ যশোদাৰ তোলনীয়া পুত্ৰ হলেও তেওঁলোকৰ দুলাল। ৰাখাল বালকসকলৰ লগৰীয়া গৰু ৰখোতা আৰু ৰং-ধেমালিৰ বন্ধু। গোপী- সকলৰ ক্ষীৰ লবনু চোৰ আৰু তাৰ লগে লগে মনোৰঞ্জন। কৈশোৰত গোপীসকলৰ হৃদয়ৰঞ্জনকাৰী দেৱতা। অৰ্জ্জুনৰ সখি, উদ্ধব-বিদুৰৰ প্ৰভু। শিশুপাল, জৰাসন্ধ, দন্তবক্ৰ, কংশ এনেকুৱা অধাৰ্ম্মিকসকলৰ শত্ৰু যমস্বৰূপ। পুণ্যবন্ত পাণ্ডৱসকলৰ সুহৃদ-বন্ধু — দ্বাৰকাৰ ৰজা- ৰাণীৰ বল্লভ, ভক্তৰ ভগৱন্ত। জীৱৰ জীৱন। আত্মাৰ পৰমাত্মা। তেওঁৰ ৰূপ অতুলনীয়, গুণো অনন্ত। আচল ঈশ্বৰ জনা প্ৰকৃতে অনন্ত! নিৰ্গুণ, অথচ গুণ নিয়ন্তা হিন্দুৰ ঋষি-মুনিসকলে অনেক সাধনাৰ পিছত, তপস্যাৰ পিছত ভগৱন্তৰ এনেকুৱা এটা সৰ্ব্ব গুণী, সৰ্বসৌন্দৰ্যাৰে ভৰা, ৰূপ কল্পনা কৰি লৈছে। তেওঁলোকে ইয়াকো